< Книга Иова 8 >

1 Отвещав же Валдад Савхейский, рече: доколе глаголати будеши сия?
তেতিয়া চুহীয়া বিল্দাদে উত্তৰ দিলে আৰু ক’লে,
2 Дух многоглаголив во устех твоих.
তুমি নো কিমান সময় এনেবোৰ কথা কৈ থাকিবা? তোমাৰ মুখৰ বাক্য কিমান সময়লৈ প্ৰচণ্ড বায়ুস্বৰূপ হ’ব?
3 Еда Господь обидит судяй? Или вся сотворивый возмятет правду?
ঈশ্বৰে জানো বিচাৰ বিকৃত কৰে? সৰ্ব্বশক্তিমান জনাই জানো ন্যায়ৰ বিকৃত কাৰ্য কৰে?
4 Аще сынове твои согрешиша пред Ним, посла руку на беззакония их:
তোমাৰ সন্তান সকলে তেওঁৰ বিৰুদ্ধে পাপ কৰিলে। আমি এইটো জানো যে, তেওঁলোকক নিজৰ অধৰ্মৰ ফল ভোগ কৰিবলৈ তেওঁ এৰি দিলে,
5 ты же утренюй ко Господу Вседержителю моляся:
তথাপি তুমি যদি যত্নেৰে ঈশ্বৰক বিচাৰা, আৰু সৰ্ব্বশক্তিমান জনাৰ আগত নিবেদন কৰা,
6 аще чист еси и истинен, молитву твою услышит, устроит же ти паки житие правды:
তুমি যদি নিৰ্ম্মল আৰু সৰল হোৱা, তেন্তে তেওঁ অৱশ্যে এতিয়াও তোমাৰ কাৰণে কাৰ্য কৰিব, আৰু তোমাৰ ধৰ্মনিবাস পুনৰায় কুশলযুক্ত কৰিব;
7 будут убо первая твоя мала, последняя же твоя без числа.
আৰু যদি তোমাৰ পূৰ্বৰ অৱস্থা সামান্য আছিল, তথাপি তোমাৰ শেষ অৱস্থা অতিশয় ঐশ্বৰ্য্যশালী হ’ব।
8 Вопроси бо рода перваго, изследи же по роду отцев:
কিয়নো পূৰ্বকালৰ লোকৰ কথা বিচাৰ কৰি চোৱা, আৰু তেওঁলোকৰ পিতৃসকলে মিমাংসা কৰি নিশ্চয় কৰা কথাত মনোযোগ দিয়া;
9 вчерашни бо есмы и не вемы, сень бо есть наше житие на земли:
কিয়নো আমি কালিৰ লোক, একোকে নাজানো; কাৰণ পৃথিবীত আমাৰ দিন কেইটা ছাঁস্বৰূপ।
10 не сии ли научат тя и возвестят ти и от сердца изнесут словеса?
১০তেওঁলোকেই তোমাক শিক্ষা দি নক’ব নে? আৰু তেওঁলোকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে?
11 Еда произничет рогоз без воды, или растет ситник без напаяния?
১১জলাশয় নোহোৱাকৈ জানো প্যাপিৰাচ বাঢ়িব পাৰে? কুঁহিলা জানো পানী নোহোৱাকৈ বাঢ়ে?
12 Еще сущу на корени, и не пожнется ли? Прежде напаяния всякое былие не изсыхает ли?
১২সি জকমকাই উঠি আহোঁতে, কাটিবৰ সময় নৌ হওঁতেই, আনবোৰ তৃণতকৈ আগেয়ে শুকাই যায়।
13 Тако убо будут последняя всех забывающих Господа: надежда бо нечестиваго погибнет:
১৩ঈশ্বৰক পাহৰা সকলোৰে তেনেকুৱা গতি হয়, আৰু অধৰ্মি জনৰ আশা সেইদৰে নষ্ট হয়।
14 не населен бо будет дом его, паучина же сбудется селение его.
১৪তাৰ ভাৰসা উচ্ছন্ন হয়, আৰু তাৰ আশ্ৰয় মকৰাৰ জালস্বৰূপ হয়।
15 Аще подпрет храмину свою, не станет: емшуся же ему за ню, не пребудет.
১৫সি নিজৰ ঘৰত আউজিব, কিন্তু সেয়ে থিৰে নৰব; সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব।
16 Влажный бо есть под солнцем, и от тления его леторасль его изыдет:
১৬যি লতা সূৰ্যৰ আগত ৰসাল হয়, যাৰ ঠালবোৰ বাৰীত বিয়পি যায়,
17 на собрании камения спит, посреде же кремения поживет:
১৭যাৰ শিপাবোৰে শিলৰ দ’মত মেৰাই ধৰে, যি লতাই শিলৰ ভিতৰলৈকে দেখিবলৈ পায়,
18 аще поглотит место, солжет ему, не видел еси таковая,
১৮কিন্তু সেই ব্যক্তিক নিজ ঠাইৰ পৰা উঘালি পেলোৱা হ’লে, সেই ঠায়ে অস্বীকাৰ কৰিব আৰু ক’ব, ‘মই তোমাক কেতিয়াও দিখা নাই’।
19 яко превращение нечестиваго таково, из земли же инаго произрастит.
১৯চোৱা, তেনেলোকৰ ব্যৱহাৰৰ এয়ে আমোদ; পাছত সেই ঠাইৰ পৰাই আন গছবোৰ উৎপন্ন হ’ব।
20 Господь бо не отринет незлобиваго: всякаго же дара от нечестиваго не приимет.
২০চোৱা, ঈশ্বৰে সিদ্ধলোকক দলিয়াই নেপেলাব, আৰু দুৰাচাৰীহঁতৰ হাতত নধৰিব।
21 Истинным же уста исполнит смеха, устне же их исповедания.
২১তেওঁ যি কালত তোমাৰ মুখ হাঁহিৰে, আৰু তোমাৰ ওঁঠ আনন্দ-ধ্বনিৰে পুৰ কৰিব,
22 Врази же их облекутся в студ: жилище же нечестиваго не будет.
২২সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব; আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।”

< Книга Иова 8 >