< Книга Иова 4 >

1 Отвеща же Елифаз Феманитин, глаголя:
তেতিয়া তৈমনীয়া ইলীফজে উত্তৰ কৰি ক’লে,
2 еда множицею глаголано ти бысть в труде? Тяжести же глагол твоих кто стерпит?
কোনোৱে তোমাৰ লগত কথা ক’বলৈ আগবাঢ়িলে, তুমি বেজাৰ পাবা নে? কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে?
3 Аще бо ты научил еси многи и руце немощных утешил еси,
চোৱা, তুমি অনেকক শিক্ষা দিছিলা, দুৰ্ব্বল হাতক সবল কৰিছিলা;
4 немощныя же воздвигл еси словесы, коленом же немощным силу обложил еси.
তোমাৰ বাক্যই উজুটি খাই পৰিব খোজালোককো ধৰি ৰাখিছিল, আৰু তুমি দুৰ্ব্বল আঁঠুক সবল কৰি ৰাখিছিলা।
5 Ныне же прииде на тя болезнь и коснуся тебе, ты же возмутился еси.
কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা, আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা।
6 Еда страх твой есть не в безумии, и надежда твоя и злоба пути твоего?
ঈশ্বৰৰ প্ৰতি থকা ভয়েই জানো তোমাৰ বিশ্বাসভূমি নহয়? আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই?
7 Помяни убо, кто чист сый погибе? Или когда истиннии вси из корене погибоша?
ভাবি চোৱাচোন, নিৰ্দ্দোষী হৈ কোনে কেতিয়া বিনষ্ট হৈছিল? আৰু সৰল আচৰণ কৰা সকলৰ ক’ত সংহাৰ হৈছিল?
8 Якоже видех орющих неподобная, сеющии же я болезни пожнут себе,
মই দেখাত হ’লে, যিসকলে অধৰ্মৰ খেতি কৰে, আৰু ক্লেশৰূপ কঠিয়া সিচে, সিহঁতে সেইৰূপ শস্য দায়;
9 от повеления Господня погибнут, от духа же гнева Его изчезнут.
ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়, আৰু তেওঁৰ কোপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সংহাৰ হয়।
10 Сила львова, глас же львицы, веселие же змиев угасе:
১০সিংহৰ গৰ্জ্জন আৰু মৃগৰাজৰ গোঁজৰণি বন্ধ কৰা হয়, আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়।
11 мраволев погибе, занеже не имеяше брашна, скимни же львовы оставиша друг другу.
১১আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে; সিংহিনীৰ পোৱালিবোৰ ঠান-বান হয়।
12 Аще же глагол кий истинен бе во словесех твоих, ни коеже бы от сих тя сретило зло. Не приимет ли ухо мое предивных от него?
১২এটা কথা মোলৈ গুপ্তৰূপে আহিল; মোৰ কাণত তাৰ ফুচফুচনি পৰিল।
13 Страхом же и гласом нощным, нападающь страх на человеки,
১৩ৰাতি সপোন দেখোতে যেতিয়া ভাবনা আহে, যেতিয়া সকলো মানুহ ঘোৰ নিদ্ৰা যায়,
14 ужас же мя срете и трепет, и зело кости моя стрясе:
১৪তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল; সেয়ে মোৰ হাড়বোৰ জোকাৰ খুৱালে।
15 и дух на лице ми найде: устрашишася же ми власи и плоти,
১৫যেতিয়া মোৰ আগেদি এক ছাঁ পাৰ হৈ গ’ল; তেতিয়া মোৰ গাৰ নোমবোৰ সিয়ৰি উঠিল।
16 востах и не разумех, видех, и не бе обличия пред очима моима, но токмо дух тих и глас слышах:
১৬সেয়ে ৰৈ থাকিল, কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ; এটা মূৰ্ত্তি মোৰ চকুৰ আগত আছিল; মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ।
17 что бо? Еда чист будет человек пред Богом? Или в делех своих без порока муж?
১৭“ঈশ্বৰৰ সাক্ষাতে মৰ্ত্য জানো ধাৰ্মিক হ’ব পাৰে? বা নিজ সৃষ্টিকৰ্ত্তাৰ সাক্ষাতে মনুষ্য জানো শুচি হ’ব পাৰে?
18 Аще рабом Своим не верует, и во Ангелех Своих стропотно что усмотре,
১৮চোৱা, ঈশ্বৰে নিজৰ দাসবোৰকো বিশ্বাস নকৰে, নিজ দূতবোৰৰো ক্রুটিৰ দোষ ধৰে;
19 живущих же в бренных храминах, от нихже и мы сами от тогожде брения есмы, порази, якоже молие,
১৯তেনেহলে যিসকলে মাটিৰ ঘৰত বাস কৰে, যিসকলৰ উৎপত্তি ধূলিত, যিসকল পোকৰ সম্মুখত চুৰ্ণীকৃত হয়, সেই সকলক তেওঁ আৰু কিমান অধিক ক্রুটিৰ দোষ ধৰিব!
20 и от утра даже до вечера ктому не суть: занеже не могоша себе помощи, погибоша:
২০প্ৰভাত আৰু সন্ধিয়া কালৰ মাজত সিহঁতক গুড়ি কৰা যায়; সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হৈ যায়।
21 дхну бо на ня, и изсхоша, и понеже не имеяху премудрости, погибоша.
২১সিহঁতৰ অন্তৰিক তম্বু-জৰী জানো সোলোকোৱা নাযায়? সিহঁত মৰে, এনে কি অজ্ঞান অৱস্থাতেই সিহঁত মৰে।”

< Книга Иова 4 >