< Книга пророка Иеремии 48 >
1 О Моаве тако рече Господь Вседержитель, Бог Израилев: о, люте Нававу, яко погибе, взяся Кариафаим, посрамися Масигаф и побежден есть.
১মোৱাবলৈ, ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “হায় হায় নবো! কিয়নো সেয়ে উচ্ছন্ন হ’ল; কিৰিয়াথয়িমে লাজ পালে, ধৰা পৰিল; মিচগবে লাজ পালে আৰু ব্যাকুল হ’ল।
2 Несть ктому целение в Моаве, веселие во Есевоне, помыслиша нань злая: приидите и потребим я от язык: (сего ради) молчя умолкнеши, пойдет за тобою мечь.
২মোৱাবৰ গৌৰৱ আৰু নাই। শত্ৰুৱে তাৰ বিৰুদ্ধে হিচবোনত অমঙ্গলৰ মন্ত্ৰণা কৰিছে। তেওঁলোকে কৈছে, ‘আহাঁ, আমি তাক এক জাতি হোৱাৰ পৰা উচ্ছন্ন কৰোঁহক”। হে মদমেন, তোমাকো নিস্তাৰ কৰা হ’ব; তৰোৱাল তোমাৰ পাছে পাছে যাব।’
3 Глас вопля от Оронаима, погубление и сотрение велико.
৩শুনা হোৰোণয়িমত চিঞৰ-বাখৰ শুনা গৈছে, লুট আৰু মহাসংহাৰ হৈছে।
4 Сотреся Моав, возвестите вопль малых его.
৪মোৱাব নষ্ট হ’ল। তাৰ সন্তান সকলে চিঞৰৰ শব্দ শুনাইছে।
5 Яко исполнися Алаоф плача: взыдет рыдая путем Оронаима, врази, вопль сотрения слышасте.
৫কিয়নো লুহীতলৈ উঠি যোৱা বাটেদি তেওঁলোকে ক্ৰন্দনেৰে উঠি যাব, কাৰণ হোৰোণয়িমলৈ নামি যোৱা বাটত সংহাৰৰ দুখৰ চিঞঁৰ শুনা গৈছে।
6 Бежите и спасите душы вашя, и будете яко осел дивий в пустыни.
৬তোমালোকে পলোৱা! নিজ নিজ প্ৰাণ ৰক্ষা কৰা, অৰণ্যত থকা ঝাও গছৰ নিচিনা হোৱা।
7 Понеже имел еси надежду во оградах твоих и в сокровищих твоих, и ты ят будеши: и пойдет Хамос во преселение, и священницы его и князи его вкупе.
৭কিয়নো তুমি তোমাৰ কাৰ্যত আৰু তোমাৰ বহুমূল্য বস্তুত নির্ভৰ কৰাৰ কাৰণে তুমিও ধৰা পৰিবা। আৰু তেতিয়া কমোচ, তাৰ পুৰোহিতসকল আৰু তাৰ প্ৰধান লোকসকল বন্দী-অৱস্থালৈ একেলগে ওলাই যাব।
8 И приидет губитель на всяк град, и не избавится ни един град, и погибнут удолия, и погубятся поля, якоже рече Господь.
৮প্ৰত্যেক নগৰলৈ বিনাশক আহিব আৰু কোনো নগৰ ৰক্ষা নাপাব; যিহোৱাৰ বাক্য অনুসাৰে তলভূমি বিনষ্ট হ’ব, সমতলো বিনষ্ট হ’ব।
9 Дайте знамение Моаву, яко прикосновением прикосновен будет, и вси гради его будут пусти и без живущих.
৯তোমালোকে মোৱাবক আপোন বাটে উড়ি যাবৰ বাবে ডেউকা দিয়া। তাৰ নগৰবোৰ ধ্বংস কৰা হ’ব, তাত বাস কৰোঁতা কোনো নহ’ব।
10 Проклят (человек) творяй дело Господне с небрежением, и проклят возбраняяй мечу своему от крове.
১০যি জনে যিহোৱাৰ কাৰ্য এলাহেৰে কৰে, তেওঁ শাপগ্ৰস্ত হওঁক আৰু যি জনে ৰক্তপাতৰ পৰা নিজ তৰোৱাল কোঁচাই ৰাখে তেওঁ শাপগ্ৰস্থ হওঁক।
11 Почиваше Моав от младости своея и бе уповая на славу свою: не прелияся от сосуда в сосуд и во преселение не отиде: сего ради пребысть вкус его в нем, и воня его несть пременена.
১১মোৱাব সৰু কালৰে পৰা নিশ্চিন্তভাৱে আছে, আৰু সি নিজৰ গেদৰ ওপৰত সুস্থিৰে আছে, এক পাত্ৰৰ পৰা আন পাত্ৰত ঢলা হোৱা নাই, আৰু সি বন্দী-অৱস্থালৈ যোৱাও নাই; এই কাৰণে তাৰ সুস্বাদ তাতে আছে আৰু তাৰ দগ্ধ পৰিৱৰ্ত্তন হোৱা নাই।
12 Сего ради, се, дние грядут, глаголет Господь, и послю ему преселители, и преселят его, и сосуды его истощат и роги его сокрушат:
১২এই হেতুকে, যিহোৱাই কৈছে, “গতিকে চোৱা, এই দিনবোৰ আহি আছে, যি দিনা মই ঢালিবলৈ মানুহ পঠিয়াম সেই দিন আহিছে সেই দিনা তেওঁলোকে তাক ঢালিব, তাৰ পাত্ৰবোৰ শুদা কৰিব আৰু তাৰ ঘটবোৰ ডোখৰ ডোখৰ কৰিব।
13 и посрамится Моав от Хамоса, якоже посрамлен есть дом Израилев от Вефиля, в немже имяху надежду.
১৩ইস্ৰায়েল বংশই নিজ বিশ্বাসৰ ভূমি বৈৎএলৰ বিষয়ে লাজ পোৱাৰ দৰে মোৱাবেও কমোচৰ বিষয়ে লাজ পাব।
14 Како глаголете: сильни есмы и мужие крепцы во бранех?
১৪‘আমি বীৰ আৰু যুদ্ধৰ বাবে পৰাক্ৰমী মানুহ, বুলি তোমালোকে কেনেকৈ ক’ব পাৰা?
15 Погибе Моав, град его, и избраннии юноши его снидоша под мечь, глаголет Царь, Господь Вседержитель имя Его.
১৫মোৱাব উচ্ছন্ন হ’ল, আৰু তাৰ নগৰবোৰ ধুঁৱা হৈ উড়ি গ’ল আৰু তাৰ মনোনীত ডেকা লোকসকল বধৰ ঠাইলৈ নামি গ’ল, বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই ইয়াক কৈছে।
16 Близ день Моавль, еже приити, и зло его скоро зело.
১৬মোৱাবৰ আপদ ওচৰ পালেহি আৰু তাৰ অমঙ্গল অতিশয় বেগেৰে আহিছে।
17 Утешайте его вси, иже окрест его, и вси ведящии имя его: рцыте, како сокрушися жезл крепости, палица славна?
১৭মোৱাবৰ চাৰিওফালে থকা তাৰ নাম জনা তোমালোক সকলোৱে তাৰ নিমিত্তে বিলাপ কৰি কোৱা, এই শকত লাখুটি আৰু সুন্দৰ দণ্ডডালি কেনেৰূপে ভাগিল!
18 Сниди от славы и сяди, во влаге живущая, дщи Дивоня, яко губитель Моавский взыдет на тя разрушаяй ограды твоя.
১৮হে দীবোন-নিবাসিনী জীয়াৰী, তুমি তোমাৰ প্ৰতাপৰ পৰা নামি তৃষ্ণাতুৰা হৈ মাটিত বহা; কিয়নো মোৱাবৰ সংহাৰক তোমাৰ বিৰুদ্ধে উঠি আহিলে, তেওঁ তোমাৰ দুৰ্গবোৰ বিনষ্ট কৰিলে।
19 На пути стани и воззри, живущая во Ароире, и вопроси бежащаго и избегшаго, и рцы: что се бысть?
১৯হে অৰোয়েৰ-নিবাসিনী, তুমি বাটৰ কাষত থিয় হৈ চোৱা। পলাই যোৱা লোকক আৰু ৰক্ষা পোৱা মহিলাক কি হ’ল বুলি সোধা।
20 Посрамися Моав, зане побежден есть: рыдайте и вопийте, возвестите во Арноне, яко погибе Моав,
২০মোৱাবে লাজ পালে, কিয়নো সেই নগৰ ভগ্ন হ’ল; তোমালোকে হাহাকাৰ কৰা আৰু চিঞৰি কান্দা; মোৱাব যে উচ্ছন্ন হ’ল, তাক অৰ্ণোনত প্ৰচাৰ কৰা।
21 и суд прииде на землю напольную, на Хелон и на Рефас и на Мофаф,
২১আৰু শাস্তি আহিল সমথলৰ দেশলৈ, হোলোন, যহচা, মেফাৎ,
22 и на Девон и на Наво и на дом Девлафаим,
২২দীবোন, নবো, বৈৎ-দিব্লাথয়িম,
23 и на Кариафаим и на Вефгамул и на дом Маонов,
২৩কিৰিয়াথয়িম, বৈৎ-গামূল, বৈৎ-মিয়োন,
24 и на Кариоф и на Восора и на вся грады Моавли, иже далече и иже близ суть.
২৪কৰিয়োৎ আৰু বস্ৰা দূৰত কি ওচৰত থকা মোৱাবদেশীয় সকলো নগৰৰ ওপৰলৈ দণ্ড আহিল।
25 Отсечен есть рог Моавль, и мышца его сокрушися, глаголет Господь:
২৫যিহোৱাই কৈছে, মোৱাবৰ শিংটি কটা হ’ল আৰু বাহু ভঙা হ’ল।
26 упойте его, яко на Господа возвеличися, и приразит Моав руку свою (о блевотину), и будет в посмех и сам.
২৬তোমালোকে তাক মতোৱাল কৰা, কাৰণ তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে গৰ্ব্ব কৰিলে আৰু মোৱাবে নিজ বঁতিওৱা ঠাইত বাগৰিব আৰু বিদ্ৰূপৰ বিষয়ো হ’ব।
27 И аще не в посмех бысть тебе Израиль, аще в татстве твоем обретеся, яко воевал еси его: преселишися инамо.
২৭কিয়নো ইস্ৰায়েল জানো তোমাৰ আগত বিদ্ৰূপৰ বিষয় নাছিল? তাক জানো চোৰৰ মাজত পোৱা নগৈছিল? কাৰণ তুমি যিমানবাৰ তাৰ বিষয়ে কোৱা, সিমানবাৰ তুমি তোমাৰ মূৰ জোকাৰা।
28 Оставите грады и пребывайте на камени, живущии в Моаве, и будите якоже голуби гнездящиися в каменех, во устех скважни.
২৮হে মোৱাব-নিবাসীসকল, তোমালোকে নগৰবোৰ এৰি শিলত বাস কৰা আৰু গাতৰ মুখৰ কিনাৰত বাহ সজা কপৌটিৰ দৰে হোৱা।
29 Слышахом гордость Моавлю, горд бе зело: презорство его и кичение его, возношение и воздвижение сердца его.
২৯আমি মোৱাবৰ অহঙ্কাৰৰ বিষয়ে শুনিলোঁ, যে সি বৰ গৰ্ব্বী; তাৰ অভিমান, অহংকাৰ, দৰ্প আৰু মনৰ গৰ্ব্বৰ কথা আমি শুনিলোঁ।
30 Аз же вем дела его, глаголет Господь: не доволство ли его тако сотвори?
৩০যিহোৱাই কৈছে, “মই জানো; তাৰ ক্ৰোধ মিছা, তাৰ বৰ বৰ কথা নিস্ফল।
31 Сего ради над Моавом возрыдайте всюду, возопийте над мужи Кирады смущения.
৩১এই কাৰণে মই মোৱাবৰ বিষয়ে হাহাকাৰ কৰিম, এনেকি, গোটেই মোৱাবৰ বাবে চিঞৰি কান্দিম; কীৰ-হেৰচৰ লোকসকলৰ বিষয়ে বিলাপ কৰা যাব।
32 Яко плачем Иазировым восплачуся о тебе, винограде Асеримль! Леторасли твоя проидоша море, градов Иазировых коснушася, на жатву твою и на винное собирание твое хищник нападе.
৩২হে চিবমাৰ দ্ৰাক্ষালতা, মই যাজেৰৰ ক্ৰন্দনতকৈয়ো তোমাৰ বিষয়ে অধিক কৈ ক্ৰন্দন কৰিম তোমাৰ ডালবোৰ সমুদ্ৰৰ সিপাৰলৈকে গৈছিল সেয়ে যাজেৰৰ সমুদ্ৰলৈকেও ফেৰ মেলিছিল; তোমাৰ ঘামকালিৰ ফলৰ বাবে আৰু তোমাৰ চপাবলগীয়া দ্ৰাক্ষা গুটিৰ বাবে বিনাশক আহিল।
33 Отята есть радость и веселие от Кармила и от земли Моавли, и вино от точил отях: никакоже изгнетаяй винну ягоду по обычаю песни воспоет.
৩৩মোৱাব দেশৰ ফলৱতী বাৰীৰ পৰা আনন্দ আৰু হৰ্ষ দূৰ কৰা হ’ল, আৰু “মই দ্ৰাক্ষাকুণ্ডত দ্ৰাক্ষাৰস নাইকিয়া কৰিলোঁ; কোনেও আনন্দৰ ধ্বনিৰে নগচকিব; সেই ধ্বনি আনন্দৰ ধ্বনি নহ’ব।
34 От вопля Есевонска даже до Елеала и Иаса грады их даша глас свой, от Сигора даже до Оронаима, и юница трилетная, понеже и воды Немрим во сожжение будут.
৩৪হিচবোনত এনে চিঞঁৰ বাগৰ হৈছে, যে, তাৰ শব্দ ইলিয়ালিলৈকে আৰু যহচলৈকে গৈছে আৰু চোৱৰৰ পৰা চিঞৰ-বাখৰৰ শব্দ হোৰোণয়িমলৈকে আৰু ইগ্লৎ-চলিচিয়ালৈকে গৈছে; কিয়নো নিম্ৰীমৰ জল সমূহো মৰুভূমি হ’ব।
35 И отиму Моава, глаголет Господь, жрущаго на горах и кадящаго богом своим.
৩৫ইয়াত বাজে, উচ্ছস্থানত উৎসৰ্গ কৰোঁতা, আৰু নিজ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাওঁতা লোক মোৱাবত নাইকিয়া কৰিম।” ইয়াকে যিহোৱাই কৈছে।”
36 Того ради сердце Моава, яко цевницы звяцати будут, и сердце мое к мужем Кирады яко цевница звяцати будет: сего ради, яже пристяжа, погибоша от человек.
৩৬এই কাৰণে মোৰ অন্তৰ মোৱাবৰ বাবে বাঁহীৰ নিচিনাকৈ বাজিছে আৰু মোৰ হৃদয় কীৰ-হেৰচৰ লোকসকলৰ বাবে বাঁহীৰ দৰে বাজিছে; কাৰণ সি অৰ্জ্জা অধিক বস্তু নষ্ট হ’ল।
37 Всяка бо глава на всяцем месте острижена будет, и всяка брада оброснется, и всяка рука посечена будет, и на всяцем чресле вретище,
৩৭কিয়নো প্ৰত্যেকৰ মূৰ টকলা কৰা হ’ল আৰু প্ৰত্যেকৰ ডাঢ়ি কটা হ’ল, সকলোৰে হাতত কাটকূট আৰু কঁকালত চট আছে।
38 и на всех храминах Моавских и на стогнах его всяк плачь, понеже сокруших Моава, якоже сосуд непотребен, глаголет Господь.
৩৮মোৱাবৰ সকলো ঘৰৰ চালত, আৰু তাৰ চকবোৰৰ সকলোফালে বিলাপ শুনা গৈছে; কিয়নো যিহোৱাই কৈছে ভাল নোপোৱা কোনো পাত্ৰৰ নিচিনাকৈ মই মোৱাবক ভাঙি পেলালোঁ।
39 Како изменися? Возрыдаша, како обрати хребет Моав и посрамися? И бысть Моав в посмех и в ненависть всем окрест себе.
৩৯“সি কেনে ভগ্ন হ’ল! তেওঁলোকে কেনে হাহাকাৰ কৰিছে! মোৱাবে লাজতে কেনেৰূপে মুখ ঘূৰালে! এইদৰে মোৱাব নিজৰ চাৰিওফালে থকা সকলোৰে আগত বিদ্ৰূপৰ আৰু ত্ৰাসৰ বিষয় হ’ব।”
40 Яко тако глаголет Господь: се, якоже орел полетит и распрострет криле свои на Моава,
৪০কিয়নো যিহোৱাই এইদৰে কৈছে, “চোৱা, তেওঁ কুৰৰ পখীৰ দৰে উড়ি আহি, মোৱাবৰ বিৰুদ্ধে নিজ ডেউকা মেলিব।
41 взят есть Кариоф, и ограды его обстоимы суть: и будет сердце сильных Моавских в той день, яко сердце жены родящия.
৪১কৰিয়োতক হাত কৰি লোৱা হ’ল, দুৰ্গবোৰ হঠাৎ আক্ৰমণ কৰা হ’ল; আৰু মোৱাবৰ বীৰসকলৰ হৃদয় সেইদিনা প্ৰসৱ বেদনা পোৱা মহিলাৰ হৃদয়ৰ দৰে হ’ব।
42 И погибнет Моав от людий, яко на Господа возвеличися.
৪২মোৱাবে যিহোৱাৰ বিৰুদ্ধে অভিমান কৰাৰ বাবে, সি এটি জাতি হোৱাৰ পৰা উচ্ছন্ন হ’ব।
43 Страх и пропасть и сеть на тя, о, живущий в Моаве, глаголет Господь.
৪৩যিহোৱাই কৈছে, হে মোৱাব নিবাসী লোক, তোমাৰ বাবে আপদ, গাত আৰু ফান্দ নিৰূপিত আছে।”
44 Иже убежит от лица страха, впадет в пропасть: и излазяй из пропасти имется сетию: понеже наведу сия на Моава в лето посещения их, глаголет Господь.
৪৪“যি কোনোৱে সেই আপদৰ পৰা পলাব, তেওঁ সেই গাতত পৰিব আৰু যি কোনোৱে সেই গাতৰ পৰা উঠিব, তেওঁ সেই ফান্দত ধৰা পৰিব; কিয়নো যিহোৱাই কৈছে, মই তেওঁৰ ওপৰত, মোৱাবৰেই ওপৰত প্ৰতিফল দিয়াৰ বছৰ আনিম।”
45 Во стени Есевонстей сташа от силы избегше, огнь бо изыде от Есевона и пламень от среды Сеона, и пожже часть Моава и верх сынов смятения.
৪৫পলৰীয়াসকল হিচবোনৰ ছাঁত শক্তিবিহীন হৈ থিয় দি আছে; কাৰণ হিচবোনৰ পৰা অগ্নি আৰু চীহোনৰ মাজৰ পৰা জুইৰ শিখা ওলাই মোৱাবৰ ডাঢ়িৰ কাষ আৰু কোলাহলকাৰীসকলৰ তালু টকলা কৰিলে।
46 Горе тебе, Моаве! Погибоша людие Хамоса, яко отведошася сынове твои и дщери твоя в плен.
৪৬হায় হায় মোৱাব! কমোচৰ প্ৰজাসকলৰ সৰ্ব্বনাশ হ’ল, কাৰণ তোমাৰ পুত্রসকলক বন্দী কৰি নিয়া হ’ল; আৰু তোমাৰ জীয়ৰিসকলক বন্দী অৱস্থালৈ নিয়া হ’ল।
47 И возвращу плен Моавль в последния дни, глаголет Господь. До зде суд Моавль.
৪৭তথাপি, যিহোৱাই কৈছে, “মই শেষকালত মোৱাবৰ বন্দী অৱস্থা পৰিবৰ্ত্তন কৰিম।” মোৱাবৰ দণ্ড ইমানলৈকে।