< Книга пророка Иеремии 38 >

1 И слыша Сафаниа сын Нафань и Годолиа сын Пасхоров, и Иоахал сын Селемиин и Фасхор сын Мелхиев словеса, яже Иеремиа глагола ко всем людем, глаголя:
তাৰ পাছত মত্তনৰ পুত্ৰ চফটিয়া আৰু পচহুৰৰ পুত্ৰ গদলিয়া আৰু মল্কীয়াৰ পুত্ৰ পচ্হুৰে, আটাই লোকৰ আগত যিৰিমিয়াই কোৱা এই বাক্য শুনিলে, বোলে,
2 тако рече Господь: седяй во граде сем умрет мечем и гладом и мором, исходяй же ко Халдеем жив будет, и будет душа его на обретение, и жив будет.
“যিহোৱাই এই কথা কৈছে: যি কোনো লোক এই নগৰত থাকিব, তেওঁ তৰোৱালত, আকালত, আৰু মহামাৰীত মৰিব; কিন্তু যি জনে কলদীয়াসকলৰ ওচৰলৈ ওলাই যাব, তেওঁ জীয়াই থকিব, আৰু লুটদ্ৰব্যৰ নিচিনাকৈ নিজ প্ৰাণ লাভ কৰি জীয়াই থকিব।
3 Яко тако рече Господь: преданием предастся град сей в руце силы царя Вавилонска, и возмет его.
যিহোৱাই এই কথা কৈছে: যে, এই নগৰ অৱশ্যে বাবিলৰ ৰজাৰ সৈন্য-সামন্তৰ হাতত সমৰ্পণ কৰা হ’ব আৰু তেওঁ তাক হাত কৰি ল’ব।”
4 И рекоша царю: да умрет человек той, яко сей разслабляет руце мужей воюющих оставшихся во граде и руки всех людий, глаголя к ним по словесем сим: яко человек сей не проповедает людем сим мира, но токмо злая.
তাতে প্ৰধান লোকসকলে ৰজাক ক’লে, “আমি মিনতি কৰোঁ, এই মানুহৰ প্ৰাণ দণ্ড কৰিবলৈ আজ্ঞা দিয়ক; কিয়নো তেওঁ লোকসকলক এনেকুৱা কথা কৈ, এই নগৰৰ অৱশিষ্ট যুদ্ধাৰুসকলৰ আৰু আটাই প্ৰজাসকলৰ হাত দুৰ্ব্বল কৰিছে, কাৰণ এই মানুহে এই জাতিৰ মঙ্গললৈ চেষ্টা নকৰি, কেৱল অমঙ্গললৈ চেষ্টা কৰে।”
5 И рече царь Седекиа: се, той в руках ваших. Понеже не можаше царь противу им.
তেতিয়া চিদিকিয়া ৰজাই ক’লে, “চোৱা, তেওঁ তোমালোকৰ হাততে আছে; কাৰণ তোমালোকৰ অহিতে কৰিবলৈ ৰজাৰ একো সাধ্য নাই।
6 И взяша Иеремию и ввергоша его в ров Мелхиин, сына царева, иже бяше во дворе темничнем: и свесиша его ужами в ров, в рове же не бяше воды, но тина, и бяше в тине Иеремиа.
তাতে তেওঁলোকে যিৰিমিয়াক ধৰি প্ৰহৰীৰ চোতালত থকা মল্কিয়া, ৰাজকোঁৱৰৰ কূপত পেলালে। ৰছীৰে যিৰিমিয়াক নমাই দিলে। সেই কূপত পানী নাছিল, কেৱল বোকা আছিল; তাতে যিৰিমিয়া বোকাত প্ৰায় পোত গৈছিল।
7 И слыша Авдемелех Мурин, и той бяше во дворе цареве, яко ввергоша Иеремию в ров: царь же (в той час) седяше во вратех Вениаминих.
এনেতে যিৰিমিয়াক কূপত পেলোৱা কথা ৰাজগৃহত থকা এবদ-মেলক নামেৰে এজন কুচদেশীয় নপুংসকে শুনিলে। তেতিয়া ৰজা বিন্যামীনৰ দুৱাৰত বহি আছিল।
8 И изыде Авдемелех от дому царева и рече ко царю глаголя:
এবদ-মেলকে ৰাজগৃহৰ পৰা ওলাই গৈ ৰজাক ক’লে,
9 злосотворил еси, яже сотворил еси, убивая человека сего от лица глада, яко несть хлеба во граде ктому.
“হে মোৰ প্ৰভু মহাৰাজ, সেই লোকসকলে যিৰিমিয়া ভাববাদীক কূপত পেলাই দি তেওঁলৈ নিতান্ত মন্দ ব্যৱহাৰ কৰিছে; তেওঁ যি ঠাইত আছে, সেই ঠাইত তেওঁ ভোকত মৰিব লগীয়া হৈছে, কিয়নো নগৰত আৰু ৰুটী নাই।”
10 И повеле царь Авдемелеху, глаголя: поими с собою отсюду тридесять мужей и извлецы Иеремию из рова, да не умрет.
১০তেতিয়া ৰজাই কুচীয়া এবদ-মেলকক আজ্ঞা কৰিলে, বোলে, “তুমি এই ঠাইৰ পৰা ত্ৰিশ জন মানুহ লগত লৈ গৈ যিৰিমিয়া ভাববাদী নৌ মৰোঁতেই তেওঁক কূপৰ পৰা তোলা।”
11 И поят Авдемелех мужы, и прииде в дом царев подземный, и взя оттуду ветхи порты и ветхия ужы, и вверже я ко Иеремии в ров, и рече к нему:
১১তেতিয়া এবদ-মেলকে সেই ত্ৰিশ জন মানুহক লগত লৈ ৰাজগৃহৰ ভঁৰালৰ তলৰ ঠাইলৈ গৈ তাৰ পৰা পেলনীয়া পুৰণি কাপোৰ আৰু পুৰণি পচা ফতাকানি উলিয়াই, যিৰিমিয়াৰ ওচৰলৈ কূপলৈ ৰছীৰে সেইবোৰ নমাই দিলে।
12 положи сия под ужы. И сотвори Иеремиа сице.
১২আৰু কুচীয়া এবদ-মেলকে যিৰিমিয়াক ক’লে, “এই পুৰণি পেলনীয়া কাপোৰ আৰু পচা ফতাকানি তোমাৰ কাষলতিত ৰছীৰ তলত দিয়া।” তাতে তেওঁ তাকে কৰিলে।
13 И извлекоша его ужами и изяша его из рова. И седе Иеремиа во дворе темничнем.
১৩তেওঁলোকে সেই ৰছীত ধৰি টানি কূপৰ পৰা যিৰিমিয়াক তুলিলে। তেতিয়াৰে পৰা যিৰিমিয়া প্ৰহৰীৰ চোতালত থাকিল।
14 И посла царь, и призва к себе Иеремию в дом Аселисиль, иже в дому Господни. И рече ему царь: вопрошаю тя словесе (единаго), и не утай от мене словесе.
১৪পাছে চিদিকিয়া ৰজাই মানুহ পঠিয়াই যিৰিমিয়া ভাববাদীক যিহোৱাৰ গৃহৰ তৃতীয় প্ৰৱেশস্থানলৈ নিজৰ ওচৰলৈ অনোৱালে। আৰু ৰজাই যিৰিমিয়াক ক’লে, “মই তোমাক এটি কথা সোধোঁ, তুমি মোৰ পৰা কোনো কথা গুপুতে নাৰাখিবা।”
15 И рече Иеремиа царю: аще повем ти, то не смертию ли умориши мя? И аще совещаю ти, то не послушаеши мене.
১৫তেতিয়া যিৰিমিয়াই চিদিকিয়াক ক’লে, “মই যদি আপোনাক জনাওঁ, তেন্তে আপুনি মোক অৱশ্যে বধ নকৰিব নে? আৰু যদি আপোনাক পৰামৰ্শ দিওঁ, তেন্তে আপুনি মোৰ কথা নুশুনিব।”
16 И клятся ему царь, глаголя: жив Господь, иже сотвори нам душу сию, аще убию тя и аще предам тя в руце человек сих ищущих души твоея (на смерть).
১৬তাতে চিদিকিয়া ৰজাই গুপুতে যিৰিমিয়াৰ আগত শপত খাই ক’লে, “আমাৰ এই জীৱান্মাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ জীৱনৰ শপত, মই তোমাক বধ নকৰোঁ, আৰু তোমাৰ প্ৰাণ লবলৈ বিচাৰি ফুৰা এই লোকসকলৰ হাততো তোমাক সমৰ্পণ নকৰোঁ।”
17 И рече ему Иеремиа: тако рече Господь Сил, Бог Израилев: аще изыдый изыдеши к воеводам царя Вавилонска, жива будет душа твоя, и град сей не пожжется огнем, и жив будеши ты и дом твой:
১৭তেতিয়া যিৰিমিয়াই চিদিকিয়াক ক’লে, “বাহিনীসকলৰ ঈশ্বৰ, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: যে, তুমি যদি বাহিৰ ওলাই বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ ওচৰলৈ যোৱা, তেন্তে তোমাৰ প্ৰাণ থাকিব, আৰু এই নগৰ জুইৰে পোৰা নহ’ব আৰু তুমি সপৰিবাৰে জীয়াই থাকিবা।
18 аще же не изыдеши ко князем царя Вавилонска, предастся град сей в руце Халдейсте, и пожгут его огнем, и ты не спасешися от руки их.
১৮কিন্তু যদি বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নোযোৱা, তেন্তে এই নগৰ কলদীয়াসকলৰ হাতত সমৰ্পণ কৰা হ’ব আৰু তেওঁলোকে ইয়াক জুইৰে পুৰি পেলাব আৰু তুমিও তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ নাপাবা।
19 И рече царь Иеремии: аз опасение имам от Иудеев избежавших ко Халдеем, да не предадут мя (Халдее) в руце их, и поругаются ми.
১৯তেতিয়া চিদিকিয়া ৰজাই যিৰিমিয়াক ক’লে, “যি যিহুদী লোকসকল কলদীয়াসকলৰ ফলিয়া হৈ গ’ল, তেওঁলোকলৈ মই ভয় ক’ৰোঁ, যে, কিজানি তেওঁলোকে মোক তেওঁলোকৰ হাতত সমৰ্পণ কৰিব, তাতে তেওঁলোকে মোক বিদ্ৰূপ কৰিব।”
20 И рече Иеремиа: не предадят тебе: послушай убо словесе Господня, еже аз глаголю тебе, и лучше ти будет, и жива будет душа твоя:
২০কিন্তু যিৰিমিয়াই ক’লে, “তেওঁলোকে আপোনাক সমৰ্পণ নকৰিব। বিনয় কৰোঁ, যি বিষয়ে মই আপোনাক কৈছোঁ, সেই বিষয়ে আপুনি যিহোৱাৰ বাক্যলৈ কাণ দিয়ক; তাতে আপোনাৰ মঙ্গল হ’ব, আৰু আপোনাৰ প্ৰাণ বাচিব।
21 и аще не восхощеши ты изыти, сие слово, еже сказа мне Господь:
২১কিন্তু যদি আপুনি তেওঁলোকৰ ওচৰলৈ যাবলৈ অসন্মত হয়, তেন্তে শুনক, যিহোৱাই মোক জনোৱা কথাতো এই:
22 и се, вся жены, оставшыяся в дому царя Иудина, изведутся ко князем царя Вавилонска: и тыя глаголаху: прельстиша тя и премогоша тя мужие мирницы твои, и ослабиша во поползновениих ногу твою и отвратишася от тебе:
২২চোৱা, যিহূদাৰ ৰাজগৃহত অৱশিষ্ট থকা সকলো মহিলাক বাবিলৰ ৰজাৰ প্ৰধান লোকসকলৰ গুৰিলৈ নিয়া হ’ব; আৰু চোৱা!, সেই মহিলাসকলে ক’ব, ‘তোমাৰ প্ৰণয়ৰ বন্ধুসকলে তোমাক ভুলাই তোমাৰ প্ৰবৃত্তি জন্মালে। এতিয়া তোমাৰ ভৰি বোকাত পোত যোৱা দেখি তোমাৰ পৰা বিমুখ হৈছে।
23 и жены твоя и чада твоя изведут ко Халдеем, и ты не уцелееши, яко рукою царя Вавилонска ят будеши, и град сей пожжется.
২৩আৰু আপোনাৰ আটাই মহিলাৰ, আৰু আপোনাৰ সন্তান সকলক উলিয়াই কলদীয়াসকলৰ গুৰিলৈ নিয়া হ’ব; আপুনি তেওঁলোকৰ হাতৰ পৰা সাৰিব নোৱাৰিব, কিন্তু বাবিলৰ ৰজাৰ হাতত ধৰা পৰিব, আৰু আপুনি এই নগৰক জুইৰে পুৰি পেলাব।”
24 И рече ему царь: человек да не увесть словес сих, и да не умреши ты.
২৪পাছে চিদিকিয়াই যিৰিমিয়াক ক’লে, “এইবোৰ কথা কোনেও বুজ নাপাওঁক; তাতে তুমি নমৰিবা।
25 И аще услышат князи, яко глаголах с тобою, и приидут к тебе и рекут ти: повеждь нам, что глагола к тебе царь? Не утай от нас, и не убием тебе: и что глагола к тебе царь?
২৫কিন্তু যদি প্ৰধান লোকসকলে মই তোমাৰে সৈতে কথা হোৱা বাৰ্ত্তা পাই তোমাৰ গুৰিলৈ আহি কয়, যে, ‘তুমি ৰজাক কি ক’লা, তাক আমাক কোৱা। আমাৰ পৰা তাক গুপুতে নাৰাখিবা, তেতিয়া আমি তোমাক বধ নকৰিম, আৰু ৰজাই তোমাক কি কলে, তাকো কোৱা;
26 И речеши им: повергох аз моление мое пред лицем царевым, яко да не возвратит мене в дом Ионафань, умрети ми тамо.
২৬তেতিয়া তুমি তেওঁলোকক এই কথা ক’বা, ‘যোনাথনৰ ঘৰত মৰিবৰ কাৰণে মোক আকৌ তালৈ নপঠাবলৈ মই ৰজাৰ আগত মিনতি জনাইছিলোঁ’।”
27 И приидоша вси князи ко Иеремии и вопросиша его. И поведа им по всем словесем сим, яже заповеда ему царь. И умолкнуша, яко несть слышано слово господне.
২৭তেতিয়া সকলো প্ৰধান লোকে যিৰিমিয়াৰ ওচৰলৈ আহি তেওঁক সুধিলে; আৰু তেওঁ, ৰজাই আজ্ঞা দিয়া সেই সকলো কথা অনুসাৰে তেওঁলোকক ক’লে। এই হেতুকে তেওঁলোকে তেওঁৰ লগত কথা হ’বলৈ এৰিলে; কিয়নো তেওঁলোকে সেই কথাটো বুজ নাপালে।
28 И седяше Иеремиа во дворе темничнем, дондеже взяша Иерусалим.
২৮তেতিয়াৰে পৰা যিৰূচালেম শত্রুৰ হাতত পৰা দিন নোহোৱালৈকে যিৰিমিয়া সেই প্ৰহৰীৰ চোতালত থকিল।

< Книга пророка Иеремии 38 >