< Книга пророка Иеремии 18 >
1 Слово, еже бысть ко Иеремии от Господа, рекущее:
১যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিল,
2 востани и сниди в дом скудельничь, и тамо услышиши словеса Моя.
২বোলে, “তুমি উঠি কুমাৰৰ ঘৰলৈ নামি যোৱা, আৰু তাতেই মই তোমাক মোৰ বাক্য শুনাম।”
3 И снидох в дом скудельничь, и се, той творяше дело на каменех.
৩তেতিয়া মই কুমাৰৰ ঘৰলৈ নামি গ’লো, আৰু চোৱা! কুমাৰে তাৰ চাকত নিজৰ কাম কৰি আছে।
4 И разбися сосуд, егоже той творяше от глины рукама своима: и паки той сотвори из него иный сосуд, якоже угодно во очию его творити.
৪আৰু তেওঁ মাটিৰে তৈয়াৰ কৰা পাত্ৰ তেওঁৰ হাতত বেয়া হোৱা দেখি, তেওঁ তাক লৈ পুনৰায় নিজ ইচ্ছামতে আন এটা পাত্ৰ বনালে।
5 И бысть слово Господне ко мне, рекущее:
৫তেতিয়া যিহোৱাৰ পৰা মোলৈ বাক্য আহিল আৰু ক’লে,
6 еда, якоже скудельник сей, не возмогу сотворити вас, доме Израилев? Рече Господь: се, якоже брение в руку скудельника, тако вы есте, доме Израилев, в руку Моею:
৬যিহোৱাই কৈছে, “হে ইস্ৰায়েল বংশ, এই কুমাৰৰ দৰে তোমালোকৰ লগত মই জানো ব্যৱহাৰ কৰিব নোৱাৰোঁ?” “হে ইস্ৰায়েল-বংশ, চোৱা! যেনেকৈ কুমাৰৰ হাতত মাটি, তেনেকৈ মোৰ হাতত তোমালোক আছা।
7 наконец возглаголю на язык и на царство, да искореню их и разорю и расточу я:
৭যি মুহুৰ্ত্ততে তুমি কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে উঘলা, ভঙা আৰু তাক বিনষ্ট কৰা কথা কওঁ,
8 и аще обратится язык той от всех лукавств своих, то раскаюся о озлоблениих, яже помыслих сотворити им:
৮মই কোৱা সেই জাতি যদি সেই মুহুৰ্ত্ততে তেওঁলোকৰ দুষ্টতাৰ পৰা ঘূৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম।
9 и наконец реку на язык и царство, да возсозижду и насажду я,
৯আৰু যি মুহুৰ্ত্ততে কোনো এক জাতি আৰু কোনো এক ৰাজ্যৰ বিষয়ে সজা আৰু ৰোৱা কথা কওঁ,
10 и аще сотворят лукавая пред очима Моима, еже не послушати гласа Моего, то раскаюся о благих, яже глаголах сотворити им.
১০সেই মুহুৰ্ত্ততে যদি সেই জাতিয়ে মোৰ বাক্য পালন নকৰি মোৰ সাক্ষাতে কু-আচৰণ কৰে, তেন্তে মই তেওঁলোকলৈ কৰিব খোজা মঙ্গলৰ পৰা মন পালটাম।
11 И ныне рцы ко мужем Иудиным и обитателем Иерусалима, рекий: сия рече Господь: се, Аз творю на вас злая и мышлю на вас умышление: да обратится убо кийждо от пути своего лукаваго, и исправите пути вашя и умышления ваша.
১১এই হেতুকে এতিয়া তুমি যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱাগৈ, যিহোৱাই এইদৰে কৈছে, “চোৱা, মই তোমালোকৰ বিৰুদ্ধে মঙ্গল-চিন্তা কৰিছোঁ। আৰু তোমালোকৰ অহিতে কল্পনা কৰিছোঁ; তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা ওলটা, নিজ নিজ পথ আৰু কাৰ্য শুধৰোৱা।”
12 И рекоша: укрепимся, ибо по развращением нашым пойдем, и кийждо угодное сердца своего лукаваго сотворим.
১২কিন্তু তেওঁলোকে কয়, ‘কি কাম আছে? কিয়নো আমি নিজ নিজ কল্পনা অনুসাৰে চলিম, আৰু প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে কাৰ্য কৰিম’।”
13 Сего ради сия глаголет Господь: вопросите ныне языков, кто слыша сицевая страшная, яже сотвори зело дева Израилева?
১৩এই হেতুকে যিহোৱাই এইদৰে কৈছে: “তোমালোকে এতিয়া জাতি সমূহৰ মাজত সোধা, এনে কথা কোনে শুনিলে? কুমাৰী ইস্ৰায়েলে অতিশয় নোম শিয়ৰি যোৱা কাৰ্য কৰিলে।
14 Еда оскудеют от камене сосцы, или снег от Ливана? Еда уклонится вода зелно ветром носимая?
১৪লিবানোনৰ হিমে জানো দেশৰ মাজত থকা এই পৰ্ব্বতকেইটাক ত্যাগ কৰে? বা দূৰৰ পৰা বৈ অহা শীতল জলৰ জুৰি জানো শুকায়?
15 Понеже забыша Мене людие Мои всуе жруще, и изнемогут на путех своих и на стезях вечных, еже взыти на стези не имущыя пути на хождение,
১৫কিয়নো মোৰ প্ৰজাসকলে মোক পাহৰিলে, তেওঁলোকে অসাৰ দেৱতাবোৰৰ উদ্দেশ্যে ধুপ জ্বলালে; আৰু তেওঁলোকৰ দেশ আচৰিতৰ আৰু সদায় ইচ্ ইচ্ কৰাৰ বিষয় কৰিবৰ বাবে,
16 еже положити землю свою в запустение и во звиздание вечное: всяк, иже прейдет по ней, почудится и покивает главою своею:
১৬নবন্ধা পথ সৰু সৰু বাটত ফুৰাবলৈ সেইবোৰে তেওঁলোকৰ বাটত, প্ৰাচীন পথত উজুটি খুৱালে। যি কোনোৱে সেই দেশেদি যাব, তেওঁ আচৰিত হৈ নিজৰ মূৰ জুকাৰিব।
17 якоже ветр палящь разсею их пред враги их, хребет, а не лице покажу им в день погибели их.
১৭মই পূব ফালৰ বতাহৰ দৰে শত্ৰূবোৰৰ আগত তেওঁলোকক চিন্ন-ভিন্ন কৰিম; তেওঁলোকৰ সঙ্কটৰ কালত মই তেওঁলোকক মুখ নেদেখুৱাই পিঠি দেখুৱাম।
18 И рекоша: приидите и умыслим на Иеремию совет, ибо не погибнет закон от священника, ни совет от премудраго, ни слово от пророка: приидите и поразим его языком, и не вонмем всем словесем его.
১৮তেতিয়া তেওঁলোকে ক’লে, ‘আহাঁ, আমি যিৰিমিয়াৰ অহিতে কু-মন্ত্ৰণা কৰোঁহক; কিয়নো পুৰোহিতৰ পৰা ব্যৱস্থা, জ্ঞানীসকলৰ পৰা মন্ত্ৰণা আৰু ভাববাদীৰ পৰা বাক্য লুপ্ত নহ’ব; আহাঁ, আমি জিভাৰে তাক প্ৰহাৰ কৰোঁ, তাৰ কোনো বাক্যত মন নিদিওঁ।
19 Вонми, Господи, мне и услыши глас оправдания моего.
১৯হে যিহোৱা! মোলৈ মন দিয়া, আৰু মোৰ বিপক্ষবোৰৰ কথা শুনা।
20 Еда воздаются злая за благая? Яко глаголаша словеса на душу мою и мучителство свое сокрыша ми. Помяни стоявшаго мя пред Тобою, еже глаголати за них благая, да отвращу гнев Твой от них.
২০উপকাৰৰ সলনি জানো অপকাৰ কৰা যাব? কিয়নো তেওঁলোকে মোৰ প্ৰাণলৈ গাত খানিলে; মই তেওঁলোকৰ পক্ষে হিত কথা কৈ তেওঁলোকৰ পৰা তোমাৰ ক্ৰোধ থমাবলৈ, তোমাৰ আগত কেনেকৈ থিয় হৈছিলোঁ, তাক সোঁৱৰণ কৰা।
21 Сего ради даждь сыны их в глад и собери их в руце меча: да будут жены их безчадны и вдовы, и мужие их да будут убиени смертию, и юноши их да падут мечем на рати:
২১এই হেতুকে তুমি তেওঁলোকৰ সন্তান সকলক দুৰ্ভিক্ষত সমৰ্পণ কৰা, আৰু তেওঁলোকক তৰোৱালৰ হাতত শোধাই দিয়া; তেওঁলোকৰ স্ত্রীসকল পুত্ৰহীনা আৰু বিধৱা হওঁক, তেওঁলোকৰ পুৰুষবোৰ মহামাৰীত মৰক, আৰু তেওঁলোকৰ ডেকাবোৰ যুদ্ধত তৰোৱালৰ দ্বাৰাই হত হওঁক।
22 да будет вопль в домех их: наведи на них разбойники внезапу, понеже совещаша слово, да имут мя, и сети скрыша на мя.
২২তুমি তেওঁলোকলৈ অকস্মাতে সৈন্য এদল আনিলে তেওঁলোকৰ ঘৰবোৰৰ পৰা এটি চিঞঁৰ শুনা যাওঁক; কিয়নো তেওঁলোকে মোক ধৰিবলৈ এটা গাত খানিলে, আৰু মোৰ ভৰিলৈ ফান্দ পাতিলে!
23 Ты же, Господи, веси весь совет их на мя в смерть: да не очистиши беззакония их и грехов их от лица Твоего да не изгладиши: да будет болезнь их пред Тобою, и во время ярости Твоея сотвори им.
২৩তথাপি হে যিহোৱা, মোক বধ কৰাবলৈ মোৰ অহিতে কৰা তেওঁলোকৰ সকলো মন্ত্ৰণা তুমি জানি আছা। তুমি তেওঁলোকৰ অপৰাধ ক্ষমা নকৰিবা, নাইবা তেওঁলোকৰ পাপ তোমাৰ দৃষ্টিৰ পৰা মচি নেপেলাবা; কিন্তু তেওঁলোকক তোমাৰ আগত উজুটি খুৱাই পেলোৱা হওঁক, তুমি নিজ ক্ৰোধৰ সময়ত তেওঁলোকলৈ কাৰ্য কৰা।