< Книга пророка Исаии 2 >
1 Слово бывшее от Господа ко Исаии сыну Амосову о Иудеи и о Иерусалиме.
১আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন।
2 Яко будет в последния дни явлена гора Господня, и дом Божий на версе гор, и возвысится превыше холмов: и приидут к ней вси языцы.
২ভবিষ্যতৰ দিনবোৰত, যিহোৱাৰ পৰ্ব্বতত গৃহ স্থাপন কৰা হ’ব পৰ্ব্বতবোৰৰ দৰে ওখ আৰু পাহাৰবোৰতকৈয়ো উচ্চ কৰা হ’ব; আৰু সকলো জাতি তালৈ সোঁত বোৱাৰ দৰে বৈ যাব।
3 И пойдут языцы мнози и рекут: приидите, и взыдем на гору Господню и в дом Бога Иаковля, и возвестит нам путь Свой, и пойдем по нему. От Сиона бо изыдет закон, и слово Господне из Иерусалима:
৩অনেক লোক আহিব আৰু ক’ব, “আহাঁ, আমি যিহোৱাৰ পৰ্ব্বতলৈ, আৰু যাকোবৰ ঈশ্বৰৰ গৃহলৈ উঠি যাওহঁক; সেয়ে তেওঁ আমাক তেওঁৰ কিছুমান পথৰ বিষয়ে শিক্ষা দিব; তাতে আমি তেওঁৰ পথত গমন কৰিব পাৰিম।” কিয়নো চিয়োনৰ পৰা বিধান আৰু যিৰূচালেমৰ পৰা যিহোৱাৰ বাক্য ওলাই যাব।
4 и судити будет посреде язык и изобличит люди многи: и раскуют мечы своя на орала и копия своя на серпы, и не возмет язык на язык меча, и не навыкнут ктому ратоватися.
৪তেওঁ দেশবোৰৰ মাজত বিচাৰ কৰিব, আৰু অনেক লোকৰ বাবে সিদ্ধান্ত ল’ব; তেওঁলোকে নিজৰ তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াব, আৰু যাঠি ভাঙি কলম দিয়া কটাৰী গঢ়াব; এখন দেশে আনখন দেশৰ বিৰুদ্ধে তৰোৱাল নাদাঙিব, নাইবা তেওঁলোকে যুদ্ধ-বিদ্যা আৰু নিশিকিব।
5 И ныне, доме Иаковль, приидите, пойдем светом Господним.
৫হে যাকোবৰ বংশ আহাঁ, যিহোৱাৰ পোহৰত চলি যাওঁহঁক।
6 Остави бо люди Своя, дом Иаковль: зане якоже из начала наполнися страна их волхвований, якоже иноплеменников, и чада многа иноплеменнича родишася им.
৬কিয়নো তুমি তোমাৰ যাকোবৰ বংশৰ লোকসকলক ত্যাগ কৰিলা; কাৰণ তেওঁলোক পূবদেশৰ ৰীতি নীতিৰে পৰিপূৰ্ণ, আৰু পলেষ্টীয়াসকলৰ দৰে ভৱিষ্যত পঢ়ালোক সকলে, বিদেশীৰ সন্তানসকলৰ লগত মিত্রতা কৰে।
7 Наполнися бо страна их сребра и злата, и не бяше числа сокровищ их: и наполнися земля их коней, и не бяше числа колесниц их:
৭তেওঁলোকৰ দেশ ৰূপেৰে আৰু সোণেৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ধনসম্পত্তি সীমাহীন; তেওঁলোকৰ দেশ ঘোঁৰাৰে পৰিপূৰ্ণ, আৰু তেওঁলোকৰ ৰথৰ সীমাহীন।
8 и наполнися земля мерзостей дел рук их, и поклонишася тем, яже сотвориша персты их:
৮মূৰ্ত্তিৰে তেওঁলোকৰ দেশ পৰিপূৰ্ণ, তেওঁলোকে নিজৰ হাতেৰে গঢ়া, আৰু নিজৰ আঙুলিৰে সজা মূর্তিক সেৱা কৰে।
9 и преклонися человек и смирися муж, и не претерплю им.
৯লোকসকলে আঠুকাঢ়ি প্রণিপাত কৰিব, আৰু ব্যক্তিগতভাৱে তলত পৰিব, সেই কাৰণে তেওঁলোকক ক্ষমা কৰা নহ’ব।
10 И ныне внидите в камение и скрыйтеся в землю от лица страха Господня и от славы крепости Его, егда востанет сокрушити землю.
১০যিহোৱাৰ ভয়ৰ পৰা, আৰু তেওঁ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা তোমালোক শিলাময় ঠাইলৈ যোৱা আৰু মাটিত লুকুৱা।
11 Очи бо Господни высоцы, человек же смирен: и смирится высота человеческая, и возиесется Господь един в день оный.
১১মানুহৰ উৰ্দ্ধদৃষ্টি অৱনত হ’ব; আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; আৰু ভবিষ্যতৰ সেই সোধবিচাৰ দিনা কেৱল যিহোৱাই উন্নত হ’ব।
12 День бо Господа Саваофа на всякаго досадителя и горделиваго, и на всякаго высокаго и величаваго, и смирятся:
১২কিয়নো গৰ্ব্বী, অহংকাৰী, আৰু উন্নত হোৱা সকলোৰে বিৰুদ্ধে বাহিনীসকলৰ যিহোৱা এদিন আহিব, আৰু সকলোকে নত কৰিব;
13 и на всяк кедр Ливанский высоких и превознесенных и на всяко древо желудя Васанска,
১৩আৰু লিবানোনৰ সকলো ওখ আৰু উন্নত এৰচ গছ, আৰু বাচানৰ সকলো ওক গছৰ বিৰুদ্ধে
14 и на всякую гору высокую и на всякий холм высокий,
১৪সকলো ওখ পৰ্ব্বত, সকলো ওখ পাহাৰ,
15 и на всякий столп высок и на всякую стену высокую,
১৫সকলো ওখ স্তম্ভ, সকলো দৃঢ় দেৱাল,
16 и на всякий корабль морский и на всяко видение доброты кораблей.
১৬তৰ্চীচৰ সকলো জাহাজ, আৰু সকলো ধুনীয়া নাওৰ বিৰুদ্ধে,
17 И смирится всякий человек, и падется высота человеча, и вознесется Господь един в день оный.
১৭মানুহৰ অহংকাৰ নত কৰা হ’ব, আৰু লোকসকলৰ গৰ্ব্ব নাশ কৰা হ’ব; সেইদিনা কেৱল যিহোৱাই উন্নত হ’ব।
18 И рукотвореная вся скрыют,
১৮মূৰ্ত্তিবোৰ সম্পূৰ্ণকৈ আঁতৰোৱা হ’ব।
19 внесше в пещеры и в разселины камений и в вертепы земныя, от лица страха Господня и от славы крепости Его, егда востанет сокрушити землю.
১৯যিহোৱাৰ ভয়, আৰু তেওঁৰ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা বাচিবলৈ, লোকসকল শিলৰ গুহাত আৰু মাটিৰ গাতত সোমাব।
20 В день бо оный изринет человек мерзости своя златыя и сребряныя, яже сотвориша, да покланяются суетным и нетопырем,
২০সেইদিনা লোকসকলে ৰূপ আৰু সোণৰ মূৰ্ত্তিবোৰ পেলাব, আৰাধনা কৰিবলৈ নিজৰ বাবে তেওঁলোকে সাজি লোৱা মুৰ্ত্তিবোৰ তেওঁলোকে এন্দুৰ আৰু বাদুলীৰ আগত পেলাই দিব।
21 еже внити в вертепы твердаго камене и в разселины камений, от лица страха Господня и от славы крепости Его, егда востанет сокрушити землю.
২১যিহোৱাই যেতিয়া পৃথিৱী কঁপাব তেতিয়া তেওঁৰ ভয়ৰ পৰা আৰু তেওঁৰ ঐশ্বৰ্যৰ প্রতাপৰ পৰা, বাচিবলৈ লোকসকল শিলৰ গুহা, আৰু অসমান শিলৰ গাতৰ ভিতৰত সোমাব।
22 Оставите (убо) вам человека, емуже есть дыхание в ноздрех его: яко в чем вменися сей?
২২নাকেৰে নিশ্বাস লোৱা মানুহক বিশ্বাস কৰিবলৈ এৰা; কিহৰ বাবে তেওঁ গণ্য হ’ব পাৰে?