< Бытие 32 >
1 И Иаков иде в путь свой. И воззрев виде полк Божий воополчившийся: и сретоша его Ангели Божии.
১পাছত যাকোবেও নিজৰ পথত যাত্রা কৰিলে। বাটত ঈশ্বৰৰ দূতবোৰে তেওঁৰ লগত সাক্ষাৎ কৰিলে।
2 Рече же Иаков, егда виде их: полк Божий сей. И прозва имя месту тому Полки.
২তেওঁলোকক দেখি যাকোবে ক’লে, “এইয়া ঈশ্বৰৰ শিবিৰ।” সেই কাৰণে তেওঁ সেই ঠাইৰ নাম মহনয়িম ৰাখিলে।
3 Посла же Иаков послы пред собою ко Исаву брату своему в землю Сиир, в страну Едом,
৩যাকোবে তেওঁৰ আগে আগে চেয়ীৰ, অর্থাৎ ইদোমৰ অঞ্চললৈ তেওঁৰ ককায়েক এচৌৰ ওচৰলৈ কেইজনমান বার্তাবাহকক পঠালে,
4 и заповеда им глаголя: тако рцыте господину моему Исаву: тако глаголет раб твой Иаков: у Лавана обитах и умедлих даже до ныне:
৪তেওঁ তেওঁলোকক এই বুলি আজ্ঞা দিলে, “তোমালোকে মোৰ মালিক এচৌক জনাবা যে তেওঁৰ দাস যাকোবে এই দৰে কৈ পঠাইছে, মই আজিলৈকে লাবনৰ সৈতে আছিলোঁ।।
5 и быша ми волове и ослы и овцы, и раби и рабыни: и послах поведати господину моему Исаву, дабы обрел раб твой благодать пред тобою.
৫মোৰ গৰু, গাধ, মেৰ-ছাগ আৰু ছাগলী আদি পশু আৰু দাস-দাসী সকলো আছে। সেয়ে মই মোৰ প্ৰভুৰ ওচৰলৈ আগতীয়াকৈ সংবাদ পঠাইছো মই যেন আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাওঁ।”
6 И возвратишася послы ко Иакову, глаголюще: ходихом ко брату твоему Исаву, и се, сам идет во сретение тебе, и четыриста мужей с ним.
৬বার্তাবাহকসকলে যাকোবৰ ওচৰলৈ উলটি আহি ক’লে, “আমি আপোনাৰ ককাই এচৌৰ তালৈ গৈছিলোঁ। তেওঁ চাৰিশ মানুহ লগত লৈ আপোনাৰে সৈতে সাক্ষাৎ কৰিবলৈ আহিছে।”
7 Убояся же Иаков зело и в недоумении бе: и раздели люди сущыя с собою, и волы и велблюды и овцы на два полка,
৭তাতে যাকোবে অতিশয় ভয় খালে আৰু তেওঁৰ মন অস্থিৰ হৈ পৰিল। সেয়ে তেওঁ তেওঁৰ লগত থকা লোকসকলক, গৰু, গাধ, মেৰ-ছাগ আৰু ছাগলী, উট আদি পশুৰ জাকবোৰক দুটা দলত ভাগ কৰিলে।
8 и рече Иаков: аще приидет Исав на един полк и изсечет и, будет вторый полк во спасении.
৮তেওঁ ক’লে, “এচৌৱে যদি আহি এটা দলক আক্রমণ কৰে, তেন্তে আনটো দলে পলাব পাৰিব।”
9 Рече же Иаков: Бог отца моего Авраама и Бог отца моего Исаака, Господи Боже, Ты рекий ми: иди в землю рождения твоего, и благо тебе сотворю:
৯যাকোবে এইবুলি প্রার্থনা কৰিলে, “হে যিহোৱা, মোৰ পূর্বপুৰুষ অব্ৰাহামৰ ঈশ্বৰ আৰু মোৰ পিতৃ ইচহাকৰো ঈশ্বৰ, তুমি মোক কৈছিলা, ‘তোমাৰ দেশ আৰু তোমাৰ লোকসকলৰ ওচৰলৈ উভতি যোৱা। মই তোমাৰ মঙ্গল কৰিম।
10 довлеет ми от всея правды и от всея истины, юже сотворил еси рабу Твоему: с жезлом бо сим преидох Иордан сей, ныне же бех в два полка:
১০আপোনাৰ এই দাসক আপুনি যে সকলো কৰুণা আৰু বিশ্বস্ততা দেখুৱাইছে, মই তাৰ এফেৰিও যোগ্য নহওঁ; কিয়নো মই কেৱল এডাল লাখুটি লৈয়েই এই যৰ্দ্দন নদী পাৰ হৈ গৈছিলোঁ; কিন্তু এতিয়া মোৰ দুটা দল হৈ গ’ল।
11 изми мя от руки брата моего, от руки Исава: яко боюся аз его, да не когда пришед убиет мя и матерь с чады:
১১মই মিনতি কৰোঁ, মোৰ ককাই এচৌৰ হাতৰ পৰা মোক ৰক্ষা কৰক। কিয়নো মোৰ ভয় লাগিছে যে তেওঁ আহি মোৰ লগতে মাক আৰু সন্তান সকলকো বধ কৰিব।
12 ты же рекл еси: благо тебе сотворю и положу семя твое яко песок морский, иже не изочтется от множества.
১২কিন্তু আপুনি কৈছিলে, ‘মই নিশ্চয়ে তোমাৰ মঙ্গল কৰিম; তোমাৰ বংশ সাগৰৰ তীৰৰ বালিৰ দৰে কৰিম যাক গণি শেষ কৰিব নোৱাৰিব।’”
13 И спа тамо нощи тоя, и взя, яже имяше дары, и посла Исаву брату своему:
১৩যাকোবে সেই ঠাইতে ৰাতিটো কটালে। তেওঁৰ যি আছিল তাৰ পৰাই কিছু লৈ ককায়েক এচৌৰ কাৰণে এক উপহাৰ স্বৰূপে ঠিক কৰি ৰাখিলে।
14 коз двести, козлов двадесять, овец двести, овнов двадесять,
১৪দুশ মাইকী ছাগলী আৰু বিশটা মতা ছাগলী, দুশ মাইকী মেৰ-ছাগ আৰু বিশটা মতা মেৰ-ছাগ,
15 велблюдов дойных, и жребят их тридесять, волов четыредесять, юнцов десять, ослов двадесять и жребят десять:
১৫পোৱালিয়ে সৈতে ত্ৰিশ জনী খিৰতী উট, চল্লিশ জনী গাই গৰু আৰু দহোটা ভতৰা গৰু, বিশ জনী গাধী আৰু দহোটা গাধ এই সকলোকে ৰাখিলে।
16 и даде их рабом своим, (коеждо) стадо особо, и рече рабом своим: идите предо мною, и разстояние творите между стадом и стадом.
১৬সেইবোৰক জাক জাক কৰি দাসবোৰৰ হাতত শোধাই দি এই আজ্ঞা দিলে, “তোমালোক মোৰ আগেয়ে যোৱা আৰু প্রত্যেকটো জাকৰ মাজত কিছু ঠাই ৰাখি ৰাখি যাবা।”
17 И заповеда первому глаголя: аще тя срящет Исав брат мой и вопросит тя глаголя: чий еси, и камо идеши, и чия сия, яже пред тобою идут?
১৭তেওঁ প্ৰথমটো দলৰ দাসক এই আজ্ঞা দিলে, “মোৰ ককাই এচৌৰ লগত দেখা হ’লে তেওঁ তোমাক যেতিয়া সুধিব, ‘তুমি ক’ৰ মানুহ? তুমি কলৈ গৈ আছা? তোমাৰ আগত থকা সেই পশুবোৰ কাৰ?’
18 Речеши: раба твоего Иакова: дары посла господину моему Исаву: и се, сам за нами (идет).
১৮তেতিয়া তুমি ক’বা, ‘সেইবোৰ আপোনাৰ দাস যাকোবৰ; তেওঁ মোৰ মালিক এচৌলৈ এই উপহাৰ পঠাইছে। তেৱোঁ আমাৰ পাছে পাছে আহি আছে।’”
19 И заповеда первому, и второму, и третиему, и всем предидущым вслед стад сих глаголя: по словеси сему глаголите Исаву, егда обрящете его вы,
১৯এইদৰে যাকোবে দ্বিতীয়, তৃতীয় আৰু জাকবোৰৰ পাছত যোৱা আন আন সকলোকে এই আজ্ঞা দিলে, “তোমালোকেও এচৌক ল’গ পালে ঠিক এই কথাকে কবা।
20 и рцыте: се, раб твой Иаков идет за нами: рече бо: укрощу лице его дарами предидущими его, и посем узрю лице его: негли бо приимет лице мое?
২০তোমালোকেও কবা, ‘আপোনাৰ দাস যাকোবও আমাৰ পাছত আহি আছে।’” কিয়নো যাকোবে ভাবিলে, “মোৰ আগে আগে যি উপহাৰবোৰ গৈছে, তাৰ দ্বাৰাই মই তেওঁক শান্ত কৰিম। পাছত যেতিয়া মোৰ তেওঁৰে সৈতে দেখাদেখি হব, তেতিয়া হয়তো তেওঁ মোক গ্রহণ কৰি লব।”
21 И предидяху дары пред лицем его, сам же преспа тоя нощи в полце.
২১এইদৰে তেওঁৰ আগে আগে উপহাৰবোৰ গ’ল; কিন্তু তেওঁ নিজে সেই ৰাতি তেওঁৰ ছাউনিতে থাকিল।
22 Востав же тоя нощи, поя обе жены (своя) и обе рабыни и единонадесять сынов своих, и прейде брод Иавок:
২২সেই ৰাতিয়েই যাকোবে উঠি তেওঁৰ দুজনী ভাৰ্যা, দুজনী দাসী আৰু তেওঁৰ এঘাৰজন পুত্রক লৈ খোজকাঢ়ি পাৰ হব পৰা এনে এক খৰাং ঠাইয়েদি যব্বোক নদীৰ সিপাৰে পঠালে।
23 и взя их, и прейде поток, и преведе вся своя.
২৩এইদৰে তেওঁৰ যি যি আছিল সেই সকলো বস্তুও তেওঁলোকৰ লগত সিপাৰলৈ পঠাই দিলে।
24 Остася же Иаков един. И боряшеся с ним Человек даже до утра.
২৪তাতে যাকোব সেই ঠাইত অকলে থাকিল। তেতিয়া এজন পুৰুষে আহি ৰাতিপুৱা নোহোৱা পর্যন্ত তেওঁৰ সৈতে মল্লযুদ্ধ কৰিলে।
25 Виде же, яко не может противу ему: и прикоснуся широте стегна его: и отерпе широта стегна Иаковля, егда боряшеся с Ним.
২৫সেই পুৰুষে যেতিয়া দেখিলে যে তেওঁ যাকোবক পৰাজয় কৰিব পৰা নাই, তেতিয়া তেওঁ যাকোবৰ কৰঙনৰ জোৰাত আঘাত কৰিলে; তাতে তেওঁৰ কৰঙনৰ হাড়ৰ জোৰা লৰিল।
26 И рече ему: пусти Мя: взыде бо заря. Он же рече: не пущу Тебе, аще не благословиши мене.
২৬পুৰুষ জনে ক’লে, “ৰাতিপুৱা হৈ আহিছে, মোক এৰি দিয়া।” যাকোবে ক’লে, “আপুনি মোক আশীৰ্ব্বাদ নকৰা পর্যন্ত মই আপোনাক এৰি নিদিওঁ।”
27 Рече же ему: что ти имя есть? Он же рече: Иаков.
২৭পুৰুষজনে তেওঁক ক’লে, “তোমাৰ নাম কি?” তেওঁ ক’লে, “যাকোব।”
28 И рече ему: не прозовется ктому имя твое Иаков, но Исраиль будет имя твое: понеже укрепился еси с Богом и с человеки силен будеши.
২৮পুৰুষজনে ক’লে, “তুমি ঈশ্বৰ আৰু মানুহৰ সৈতে যুদ্ধ কৰি বিজয়ী হলা; সেয়ে তোমাক আৰু যাকোব নামেৰে মতা নহ’ব, কিন্তু ইস্ৰায়েল বুলিহে মতা হ’ব।”
29 Вопроси же Иаков и рече: повеждь ми имя Твое. И рече: вскую сие вопрошаеши ты имене Моего? Еже чудно есть. И благослови его тамо.
২৯যাকোবে তেওঁক সুধিলে, “আপোনাৰ নামটোনো কি অনুগ্রহ কৰি মোক কওঁক।” তাতে তেওঁ ক’লে, “তুমি মোৰ নাম কিয় সুধিছা?” এই কথা কৈয়ে তেওঁ যাকোবক সেই ঠাইতে আশীৰ্ব্বাদ কৰিলে।
30 И прозва Иаков имя месту тому Вид Божий: видех бо Бога лицем к лицу, и спасеся душа моя.
৩০তেতিয়া যাকোবে সেই ঠাইৰ নাম পনীয়েল ৰাখিলে। তেওঁ ক’লে, “মই ঈশ্বৰক সন্মুখা-সন্মুখিকৈ দেখা পালতো, মই জীয়াই আছোঁ।”
31 Возсия же ему солнце, егда прейде Вид Божий: он же хромаше стегном своим.
৩১যাকোবে পনুৱেল পাৰ হৈ যাওঁতে সূর্য উদয় হ’ল; কৰঙনৰ হাড়ৰ জোৰা লৰাৰ কাৰণে তেওঁ লেকেচিয়াবলৈ ধৰিলে।
32 Сего ради не ядят сынове Израилевы жилы, яже отерпе, яже есть в широте стегна, даже до дне сего: понеже прикоснуся широте стегна Иаковли жилы, яже отерпе.
৩২সেই কাৰণে ইস্ৰায়েলৰ লোকসকলে আজিও কৰঙনৰ জোৰাৰ পেশীৰ মাংস নাখায়, কাৰণ সেই পুৰুষে যাকোবৰ কৰঙনৰ জোৰা লৰাই পেশীবোৰ আঘাত কৰিছিল।