< Книга пророка Иезекииля 19 >
1 Ты же, сыне человечь, возми плачь на князи Израилевы,
১“আৰু যি তুমি! ইস্ৰায়েলৰ অধিপতিসকলৰ বিষয়ে বিলাপ আৰম্ভ কৰা
2 и речеши: почто мати твоя львица среде львов почи, посреде львов умножи львичища своя?
২আৰু তেওঁলোকক কোৱা, ‘তোমাৰ মাতৃ কোন আছিল? এজনী সিংহী, তাই সিংহৰ পুতেকৰ লগত আছিল? তাই ডেকা সিংহবোৰৰ মাজত পোৱালিবোৰ প্ৰতিপালন কৰিছিল।
3 И отскочи един от львичищ ея и бысть лев, и научися восхищати восхищения и человеки снеде.
৩তাই নিজৰ পোৱালিবোৰৰ মাজত ডেকা সিংহ হৈ উঠিবলৈ এটা পোৱালি তুলি ল’লে আৰু সি চিকাৰ ধৰিবলৈ শিকিলে আৰু মানুহকো খাবলৈ ধৰিলে।
4 И слышаша о нем языцы, и ят бысть в растлении их, и приведоша его во узде во Египет.
৪তেতিয়া জাতি সমূহে তাৰ বিষয়ে শুনিলে। সি তেওঁলোকৰ গাতত ধৰা পৰিল আৰু তেওঁলোকে তাক হাঁকোটা লগাই মিচৰ দেশলৈ আনিলে।
5 И виде, яко отведен бысть от нея, и погибе чаяние ея: и взя инаго от львичищ своих и львом учини его,
৫যেতিয়া তাই দেখিলে যে, তাই তাৰ কাৰণে বাট চাই থাকোঁতে তাইৰ আশা বিফল হ’ল, তেতিয়া তাই নিজৰ আন এটা পোৱালি লৈ তাক ডেকা সিংহ কৰি তুলিলে।
6 и живяше посреде львов, бысть лев и научися восхищати восхищения: человеки изяде,
৬এই ডেকা সিংহই সিংহবোৰৰ মাজত অহা-যোৱা কৰোঁতে, সি ডেকা সিংহ হৈ উঠিল আৰু সি চিকাৰ ধৰিবলৈ শিকিলে; সি মানুহ খাবলৈ ধৰিলে।
7 и пасяшеся в лютости своей, и грады их пусты постави, и погуби землю и исполнение ея гласом рыкания своего.
৭তেতিয়া সি তেওঁলোকৰ বিধৱা নাৰীসকলক ধৰ্ষণ কৰিলে আৰু তেওঁলোকৰ নগৰবোৰ ধ্বংস কৰিলে। তাৰ গৰ্জ্জনৰ শব্দত দেশ আৰু তাৰ সকলো উচ্ছন্ন হ’ল!
8 И даша нань языцы окрест от стран и простроша нань мрежи своя, и в погублении их ят бысть.
৮কিন্তু জাতি সমূহৰ চাৰিওফালে থকা প্ৰদেশবোৰৰ পৰা তাৰ বিৰুদ্ধে আক্ৰমণ কৰিবলৈ আহিল; তেওঁলোকে তাৰ ওপৰত তেওঁলোকৰ জাল মেলিলে। সি তেওঁলোকৰ ফান্দত ধৰা পৰিল।
9 И положиша его во узде и в клети, приведоша его ко царю Вавилонску и ввергоша его в темницу, яко да не слышится глас его ктому на горах Израилевых.
৯তেওঁলোকে তাক হাঁকোটা লগাই পিঞ্জৰাত সোমোৱাই বাবিলৰ ৰজাৰ ওচৰলৈ আনিলে। ইস্ৰায়েলৰ পৰ্ব্বতৰ ওপৰত তাৰ মাত আৰু নুশুনিবলৈ তেওঁলোকে তাক সেই পৰ্ব্বতত ৰাখিলে।
10 Мати твоя яко виноград и яко цвет шипчан на воде насажден, плод его и отрасль его бысть от воды многи.
১০তোমাৰ নিৰাপদৰ সময়ত তোমাৰ মাতৃ জল সমূহৰ গুৰিত ৰোৱা এডালি দ্ৰাক্ষালতাস্বৰূপ আছিল; সেয়ে বহু জল সমূহৰ কাৰণে ফলেৰে আৰু ডালেৰে পূৰ হৈছিল।
11 И бысть ему жезл крепости над племенем старейшин, и вознесеся в величии своем среде лозия: и виде величество свое во множестве лозия своего,
১১তাইৰ শক্তিশালী ডালবোৰ শাসনকৰ্ত্তাসকলৰ ৰাজদণ্ডৰ যোগ্য আছিল, আৰু তাই উচ্চ স্থান ঢুকি পোৱা হ’ল আৰু অধিক ডাল আৰু উচ্চতাৰ কাৰণে তাইক ভালকৈ দেখা গ’ল।
12 и обломися в ярости, и на землю повержен бысть, и ветр знойный изсуши плоды его: увядоша, и изсше жезл крепости его: огнь потреби его.
১২কিন্তু দ্রাক্ষালতাক উঘালি মাটিত পেলোৱা হ’ল আৰু পূবৰ বতাহে তাইৰ ফল শুকুৱালে। তাইৰ শকত ডালবোৰ ভষ্ম হৈ শুকাল, জুয়ে সেইবোৰ ধংস কৰিলে।
13 И ныне насадиша его в пустыни, на земли безводне.
১৩এতিয়া তাইক মৰুভূমিত, খৰাং আৰু শুকান দেশত ৰোৱা হ’ল।
14 И изыде огнь от жезла избранных его и пояде и, и не бе в нем жезла крепости его: племя в притчу плача есть, и будет плачь.
১৪আৰু তাইৰ দণ্ডস্বৰূপ ডালবোৰৰ পৰা জুই ওলাই তাইৰ ফল গ্ৰাস কৰিলে। শাসন কৰিবলৈ দণ্ডৰ উপযুক্ত শকত ডাল তাইৰ মাজত আৰু নাথাকিল।’ এয়ে বিলাপ আৰু বিলাপেৰে গান কৰা হ’ব।”