< Второзаконие 29 >

1 Сия словеса завета, яже завеща Господь Моисею уставити сыном Израилевым в земли Моавли, кроме завета, егоже завеща им в Хориве.
যিহোৱাই হোৰেব পাহাৰত মোচিৰ যোগেদি ইস্ৰায়েলীয়াসকলৰ কাৰণে এক নিয়ম স্থাপন কৰিছিল। সেই নিয়মৰ উপৰিও যিহোৱাই মোৱাব দেশত ইস্রায়েলীয়াসকলৰ কাৰণে আন কিছুমান নিয়ম স্থাপন কৰিবলৈ মোচিক আজ্ঞা দিলে।
2 И призва Моисей вся сыны Израилевы и рече к ним: вы видесте вся, елика сотвори Господь в земли Египетстей пред вами фараону и всем слугам его и всей земли его,
মোচিয়ে সকলো ইস্ৰায়েলীয়া লোকক মাতি ক’লে, “যিহোৱাই মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো কর্মচাৰীলৈ আৰু গোটেই দেশখনলৈ যি যি কৰিছিল সেই সকলো কাৰ্য আপোনালোকে নিজেই দেখিলে;
3 искушения великая, яже видеста очи твои, знамения и чудеса великая оная, руку крепкую и мышцу высокую:
তেওঁলোকলৈ হোৱা সেই মহাক্লেশ, নানা চিন আৰু আশ্চর্য কার্যবোৰ আপোনালোকে নিজ চকুৰে দেখিছিল।
4 и не даде Господь Бог вам сердца разумети и очес видети и ушес слышати, даже до дне сего:
কিন্তু আপোনালোকক আজিলৈকে যিহোৱাই সেইবোৰ বুজিবলৈ মন, চাবলৈ চকু আৰু শুনিবলৈ কাণ দিয়া নাই।”
5 и водил вас четыредесять лет по пустыни: не обетшаша ризы вашя, и сапози ваши не сотрошася на ногах ваших:
যিহোৱাই চল্লিশ বছৰ ধৰি আপোনালোকক মৰুভূমিত নেতৃত্ব দি চলাই আনিলে; সেই সময়ত আপোনালোকৰ গাৰ কাপোৰ আৰু জোতা পুৰণি হৈ ফাটি নষ্ট নাছিল।
6 хлеба не ядосте, вина и сикера не писте, да познаете, яко Сей Господь Бог ваш:
আপোনালোকৰ খাবলৈ কোনো পিঠা নাছিল; দ্রাক্ষাৰস বা আন মদিৰাৰ ৰস পান কৰা নাছিল। কিয়নো যিহোৱাই তেনে কৰিছিল যাতে আপোনালোকে বুজিব পাৰে যে তেৱেঁই আপোনালোকৰ ঈশ্বৰ যিহোৱা।
7 и приидосте до сего места: и изыде Сион царь Есевонский и Ог царь Васанский во сретение нам на брань,
আপোনালোকে এই ঠাই পোৱাৰ পাছত, হিচবোনৰ ৰজা চীহোন আৰু বাচানৰ ৰজা ওগে আমাৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল, কিন্তু আমি তেওঁলোকক পৰাজয় কৰিলোঁ;
8 и поразихом их на брани, и прияхом землю их: и дах ю во жребий Рувиму и Гаду и полуплемени Манассиину.
আমি তেওঁলোকৰ দেশ অধিকাৰ কৰি ৰূবেণীয়া ও গাদীয়া, আৰু মনচি গোষ্ঠীৰ আধা লোকক দিলোঁ।
9 И сохраните творити вся словеса завета сего творити я, да разумеете вся, елика сотворите.
গতিকে আপোনালোকে যি কার্য কৰিব, সেই সকলোতে যেন কৃতকার্য হ’ব পাৰে, সেইবাবে আপোনালোকে এই নিয়মৰ সকলো আজ্ঞা পালন কৰি সেই মতে কার্য কৰিব।
10 Вы стасте вси днесь пред Господем Богом вашим, племеноначалницы ваши и старейшины ваши, и судии ваши и писмовводители ваши, всяк муж Израилтеск,
১০আপোনালোক সকলোৱে আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আহি থিয় হৈছে - আপোনালোকৰ প্রধানসকল, গোষ্ঠীবোৰ, পৰিচাৰকসকল আৰু কর্মচাৰীকে ধৰি গোটেই ইস্ৰায়েলীয়াসকল থিয় হৈছে।
11 и жены вашя и чада ваша, пришлец иже посреде полка вашего, от древосечца вашего даже до водоносца вашего,
১১আপোনালোকৰ লগত সৰু সৰু ল’ৰা-ছোৱালী, ভার্যা আৰু আপোনালোকৰ ছাউনিত বাস কৰা আপোনালোকৰ বিদেশী খৰিকটীয়াৰ পৰা পানী তোলা জনলৈকে সকলো আছে।
12 еже прейти в завет Господа Бога вашего и в клятвы Его, елика завещает Господь Бог твой к тебе днесь:
১২আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সৈতে কৰা প্রতিজ্ঞা আৰু নিয়ম স্থাপন কৰিবৰ কাৰণে আজি আপোনালোক সকলো ইয়াত আছে।
13 да поставит тя Себе в люди, и Той будет тебе Бог, якоже тебе рече и якоже клятся отцем твоим, Аврааму и Исааку и Иакову.
১৩যিহোৱাই আজি ইয়াক স্থাপন কৰিছে যাতে আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত কৰা শপত আৰু আপোনালোকৰ ওচৰত কৰা প্রতিজ্ঞা অনুসাৰে তেওঁ আপোনালোকৰ ঈশ্বৰ হ’ব পাৰে আৰু আজিয়েই আপোনালোকক নিজৰ লোক কৰি ল’ব পাৰে।
14 И не вам единем аз завет сей и клятву сию завещаваю,
১৪কেৱল আপোনালোকৰ সৈতে আমাৰ ঈশ্বৰ যিহোৱাই এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই।
15 но и зде сущым с вами днесь, пред Господем Богом вашим, и не сущым с вами зде днесь.
১৫আমাৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আজি এই ঠাইত আমাৰ সৈতে যিসকল থিয় হৈ আছে, কেৱল তেওঁলোক প্রতিজনৰ সৈতে তেওঁ এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই, কিন্তু আমাৰ উত্তৰপুৰুষ যিসকলৰ আজি জন্ম হোৱা নাই তেওঁলোকৰ সৈতেও কৰিছে।
16 Яко вы весте, како жихом в земли Египетстей и како проидохом посреде языков, ихже преидосте,
১৬আপোনালোকে নিজেই জানে, মিচৰ দেশত আমি কেনেদৰে জীৱন অতিবাহিত কৰিছিলোঁ আৰু বাটত কেনেকৈ আমি বিভিন্ন দেশৰ মাজেদি পাৰ হৈ এই ঠাই পালোহি।
17 и видесте мерзости их и кумиры их, древо и камение, сребро и злато, яже суть у них.
১৭আপোনালোকে লোকসকলৰ মাজত থকা ঘিণলগীয়া বস্তুবোৰ দেখা পাইছিল; কাঠ আৰু শিলৰ, ৰূপ আৰু সোণৰ মূর্তিবোৰ লোকসকলৰ মাজত দেখিছিল।
18 Еда кто есть в вас муж или жена, или отечество или племя, егоже сердце уклонися от Господа Бога вашего, ити еже служити богом языков оных? Еда кий есть в вас корень горе прорастающь в желчи и горести?
১৮সেয়ে আপোনালোকৰ মাজত যেন আজি এনে কোনো পুৰুষ বা মহিলা নাইবা কোনো পৰিয়াল বা গোষ্ঠী নাথাকক, যাৰ অন্তৰ আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা দূৰ হৈ সেই জাতিবোৰৰ দেৱতাবোৰৰ পূজা কৰাত আগ্রহী। তেনে কোনো বিষাক্ত তিতা ফল উৎপন্ন কৰা শিপা আপোনালোকৰ মাজত গঢ় লৈ নুঠক।
19 И будет аще услышит словеса клятвы сея и похвалится в сердцы своем, глаголя: преподобно мне да будет, яко в прельщении сердца моего пойду, да не погубит грешник безгрешнаго (с собою):
১৯এনে ধৰণৰ ব্যক্তিয়ে এই নিয়মৰ কথাবোৰ শুনাৰ সময়ত যদি নিজকে ভাগ্যৱান বুলি ভাৱিছে আৰু নিজে মনতে কয়, ‘মই মোৰ ঠৰডিঙীয়া হৃদয়েৰে ইচ্ছামতে চলি থাকিলেও নিৰাপদ হৈ শান্তিত থাকিম,’ তেন্তে সেই ব্যক্তিয়ে কেৱল নিজৰেই নহয়, কিন্তু আপোনালোক সকলোৰে ওপৰত সর্বনাশ মাতি আনিব; যিহোৱাই দুষ্ট শুকান অৱস্থাৰ লগতে ভাল ভিজা অৱস্থাকো নষ্ট কৰিব।
20 не восхощет Бог милостив быти ему, но тогда разгорится гнев Господень и ревность Его на человека того: и прилепятся ему вся клятвы завета сего, писанныя в книзе закона сего: и потребит Господь имя его от поднебесныя,
২০যিহোৱাই তেওঁক কেতিয়াও ক্ষমা কৰিবলৈ সন্মত নহ’ব, কিন্তু যিহোৱাৰ ক্ৰোধ আৰু বিদ্বেষ সেই ব্যক্তিৰ অহিতে প্রজ্বলিত হ’ব; এই পুস্তকত লিখা সকলো শাও তেওঁৰ ওপৰত পৰিব আৰু আকাশৰ তলৰ পৰা তেওঁৰ নাম যিহোৱাই লুপ্ত কৰিব।
21 и отлучит его Господь на злая от всех сынов Израилевых, по всем клятвам завета написаннаго в книзе закона сего.
২১যিহোৱাই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ মাজৰ পৰা বিনষ্ট কৰিবৰ কাৰণে তেওঁক পৃথক কৰিব আৰু এই ব্যৱস্থা পুস্তকত লিখা নিয়মৰ মাজেদি যি সকলো শাওৰ কথা আছে, সেই অনুসাৰে বিনষ্ট কৰিব।
22 И речет род ин, сынове ваши, иже востанут по вас, и чуждый иже приидет от земли далекия, и узрят язвы земли оныя и недуги ея, яже посла Господь на ню,
২২এইদৰে এই দেশৰ ওপৰত যি সকলো বিপদ নামি আহিব আৰু যিহোৱাই যি সকলো ৰোগ দেশৰ ওপৰলৈ পঠাব, সেইবোৰ দেখি ভৱিষ্যতে আপোনালোকৰ উত্তৰপুৰুষসকলে, সন্তান সকলে আৰু দূৰ দেশৰ পৰা অহা বিদেশীসকলে আপোনালোকক সেই বিষয়ে প্রশ্ন কৰিব।
23 жупел и соль сожженную: вся земля ея не насеется, ни прозябнет, ниже возникнет на ней всяк злак: якоже опровержеся Содом и Гоморр, Адама и Севоим, яже опроверже Господь в ярости и гневе Своем.
২৩তেওঁলোকে দেখা পাব সমগ্র দেশ জ্বলন্ত গন্ধক আৰু লোণেৰে পুৰি গৈছে; দেশত একোকে সিঁচিব নোৱাৰিব আৰু কোনো ফল উৎপন্ন নহ’ব; এনেকি ঘাঁহ-বন, শাক-পাচলিও গজি নুঠিব। এই দেশৰ অৱস্থা চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীম নগৰৰ দৰে হ’ব, যি নগৰবোৰক যিহোৱাই খং আৰু ক্রোধত ক্রোধাম্বিত হৈ ধ্বংস কৰি দিছিল।
24 И рекут вси языцы: почто сотвори Господь сице земли сей? Кая ярость гнева великая сия?
২৪তাকে দেখি আন জাতিবোৰে ক’ব এনেকি, আটাই জাতিয়ে সুধিব, ‘যিহোৱাই কিয় এই দেশৰ এনে দশা কৰিলে? এই মহা ক্ৰোধ জ্বলি উঠাৰ কাৰণ কি?’
25 И рекут: яко оставиша завет Господа Бога отец своих, егоже завеща отцем их, егда изведе их от земли Египетския,
২৫তেতিয়া লোক সকলে ক’ব, ‘কাৰণ এই জাতিয়ে তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম ত্যাগ কৰিলে, যি নিয়ম তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অনাৰ পাছত যিহোৱাই তেওঁলোকৰ বাবে স্থাপন কৰিছিল।
26 и шедше послужиша богом иным, и поклонишася им, ихже не ведяху, и не даде им ничтоже ни един:
২৬তেওঁলোকে ঈশ্বৰ যিহোৱাক এৰি যি দেৱ-দেবীক তেওঁলোকে নাজানে, সেই আন দেৱতাবোৰৰ আগত প্রণিপাত কৰি সেইবোৰৰ সেৱা পূজা কৰিলে, যিসকলক পূজা কৰাৰ আজ্ঞা যিহোৱাই দিয়া নাছিল।
27 и разгневася яростию Господь на землю ту, еже навести на ню по всем клятвам завета, писанным в книгах закона сего:
২৭এই হেতুকে, যিহোৱাৰ খং এই দেশৰ ওপৰত প্রজ্ৱলিত হৈ উঠিছে আৰু তেওঁ এই পুস্তকত লিখা সকলো শাও এই দেশৰ ওপৰত ঢালি দিছে।
28 и изят их Господь от земли их яростию и гневом, и прогневанием великим зело, и изверже их в землю ину якоже ныне.
২৮অত্যন্ত খং, ভয়ঙ্কৰ ক্রোধ আৰু মহা কোপত যিহোৱাই তেওঁলোকক দেশৰ পৰা উঘালি আনি আন দেশত পেলাই দিলে আৰু সেই ঠাইতে আজি তেওঁলোক আছে।’
29 Тайная Господеви Богу нашему, нам же явленная и чадом нашым во веки, творити вся словеса закона сего.
২৯কিছু গোপন বিষয় আছে, যি আমাৰ ঈশ্বৰ যিহোৱাৰ অধিকাৰত আছে; কিন্তু যি প্রকাশিত হৈছে, সেই সকলোৱেই চিৰকালৰ কাৰণে আমাৰ আৰু আমাৰ সন্তান সকলৰ কাৰণে থাকিব যাতে এই নিয়মৰ সকলো আজ্ঞা আমি পালন কৰি চলিব পাৰোঁ।

< Второзаконие 29 >