< Второзаконие 23 >

1 Да не входит каженик и скопец в сонм Господень.
যি পুৰুষৰ অণ্ডকোষ চূর্ণ বা গুপুত অঙ্গ কটা হৈছে, তেওঁ যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
2 Ниже да внидет блудородный во храм Господень до десятаго рода.
কোনো জাৰজ সন্তান যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
3 Да не внидет Амманитин и Моавитин в храм Господень: и даже до десятаго рода да не входит в храм Господень, и даже до века,
কোনো অম্মোনীয়া বা মোৱাবীয়া লোক যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
4 понеже не сретоша они вас с хлебы и водою на пути, исходящым вам из земли Египетския, и яко наяша на тя Валаама сына Веорова от Месопотамии, да тя прокленет:
কিয়নো মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত আপোনালোকৰ যাত্রা পথত তেওঁলোকে অন্ন আৰু জল লৈ অহা নাছিল, বৰং আপোনালোকক শাও দিবলৈ তেওঁলোকে অৰাম-নহৰয়িম দেশৰ পথোৰ নগৰৰ পৰা বিয়োৰৰ পুতেক বিলিয়মক ধন দি আনিছিল।
5 и не восхоте Господь Бог твой послушати Валаама, и обрати Господь Бог твой клятвы в благословение, зане возлюби тя Господь Бог твой:
কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই বিলিয়মৰ কথা নুশুনিলে; আপোনালোকক প্ৰেম কৰাৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনালোকৰ পক্ষে সেই শাও আশীৰ্ব্বাদত পৰিণত কৰিলে।
6 да не совещаеши мирная им и полезная им во вся дни твоя во веки.
আপোনালোক জীয়াই থাকেমানে কেতিয়াও তেওঁলোকৰ মঙ্গল কি উন্নতিৰ চেষ্টা নকৰিব।
7 Да не возгнушаешися Идумеанином, яко брат твой есть: да не возгнушаешися Египтянином, яко пришлец был еси в земли его:
কোনো ইদোমীয়া লোকক আপোনালোকে ঘৃণা নকৰিব; কিয়নো তেওঁ আপোনালোকৰ ইস্রায়েলীয়া ভাই। কোনো মিচৰীয়া লোকক আপোনালোকে ঘৃণা নকৰিব, কাৰণ আপোনালোক তেওঁৰ দেশত বিদেশী হৈ আছিল।
8 сынове аще родятся им, в роде третием да внидут в храм Господень.
আপোনালোকৰ মাজত বাস কৰাৰ পাছত তৃতীয় পুৰুষৰ পৰা তেওঁলোক যিহোৱাৰ সমাজত সোমাব পাৰিব।
9 Аще же изыдеши ополчитися на враги твоя, и да сохранишися от всякаго слова зла.
শত্রুসকলৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি ওলাই যোৱা সময়ত, সকলো মন্দৰ পৰা আপোনালোকে নিজক দূৰৈত ৰাখিব।
10 Аще будет у тебе человек, иже не будет чист от излияния его нощию, и да изыдет вне полка, и да не внидет в полк:
১০আপোনালোকৰ মাজত যদি কোনো পুৰুষ ৰাতি ঘটা ঘটনাৰ কাৰণে অশুচি হয়, তেন্তে সি ছাউনিৰ বাহিৰলৈ যাব লাগিব; ছাউনিৰ ভিতৰলৈ ঘূৰি নাহিব।
11 и егда будет к вечеру, да омыет тело свое водою, и зашедшу солнцу да внидет в полк.
১১সন্ধিয়া হৈ আহিলে তেওঁ নিজে পানীত গা ধুব। সূৰ্য মাৰ যোৱাৰ পাছত তেওঁ ছাউনিলৈ ঘূৰি যাব পাৰিব।
12 И место тебе да будет вне полка, и изыдеши тамо вон:
১২পায়খানাৰ কাৰণে আপোনালোকে ছাউনিৰ বাহিৰত এটা ঠাই ঠিক কৰি ল’ব লাগিব।
13 и рылец да будет тебе за поясом твоим, и будет егда сядеши вне, и да ископаеши им (яму), и навратив покрыеши стыдение твое в ней:
১৩আপোনালোৰ সা-সামগ্রীৰ মাজত মাটি খান্দিবলৈ এখন খন্তি থাকিব। পায়খানা কৰাৰ আগতে আপোনালোকে তাৰে গাত কৰি মলখিনি আকৌ মাটিৰে ঢাকি দিব।
14 яко Господь Бог твой ходит в полце твоем избавляти тя и предати враги твоя в руце твои пред лицем твоим: и да будет полк твой свят, и да не явится у тебе стыдение вещи, и отвратится от тебе.
১৪আপোনালোকক ৰক্ষা কৰিবলৈ, আৰু আপোনালোকৰ শত্রুবোৰক আপোনালোকৰ হাতত তুলি দিবলৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ছাউনিৰ মাজত অহা-যোৱা কৰে। সেই কাৰণে, আপোনালোকে ছাউনি পবিত্ৰ কৰি ৰাখিব লাগিব যাতে আপোনালোকৰ মাজত কোনো অশুচি বস্তু দেখি তেওঁ আপোনালোকৰ পৰা বিমুখ হৈ নাযায়।
15 Да не предаси раба господину его, иже прииде к тебе от господина своего:
১৫কোনো দাসে যদি নিজৰ গৰাকীৰ পৰা পলাই আহি আপোনালোকৰ ওচৰত আশ্রয় লয়, আপোনালোকে তাক তাৰ গৰাকীৰ হাতত শোধাই নিদিব।
16 с тобою да обитает, с вами да живет во всяком месте, идеже угодно будет ему: да не оскорбиши его.
১৬সেই দাসে যি কোনো এখন নগৰত আপোনালোকৰ মাজত, য’তে বাস কৰিব বিচাৰে, তাতে বাস কৰিবলৈ দিব। তাক উপদ্ৰৱ নকৰিব।
17 Да не будет блудница от дщерей Израилевых, и да не будет блудник от сынов Израилевым.
১৭ইস্ৰায়েলৰ যুৱতীসকলৰ মাজত যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়; ইস্ৰায়েলীয়া পুৰুষৰ মাজতো যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়।
18 Да не принесеши мзды блудничи, ниже цене песии в дом Господа Бога твоего на всяк обет, яко мерзость суть Господеви Богу твоему и обоя.
১৮পুৰষ হওঁক বা মহিলাই হওঁক, যি জনে বেশ্যাৰ জীৱন কটায়, তেওঁৰ উপার্জনৰ ধন কোনো সঙ্কল্প-সিদ্ধিৰ অৰ্থে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ নানিব; কাৰণ সেই ধৰণৰ পুৰুষ আৰু মহিলাক আপোনালোকৰ ঈশ্বৰ যিহোৱাই ঘৃণা কৰে।
19 Да не даси брату твоему в лихву сребра и в лихву пищей и в лихву всякия вещи, емуже аще взаим даси:
১৯আপোনালোকে কোনো ইস্রায়েলীয়া ভাইক সুদ লৈ ধাৰ নিদিব - সেই সুদ ধনৰ ওপৰতে হওঁক বা খোৱা-বস্তুৰ ওপৰতে হওঁক নাইবা অন্য যি কোনো বস্তুৰ ওপৰতে হওঁক।
20 чуждему да даси в лихву, брату же твоему да не даси в лихву, да благословит тя Господь Бог твой во всех делех твоих на земли, в нюже входиши тамо наследити ю.
২০অন্য জাতিৰ লোকসকলৰ পৰা আপোনালোকে ধাৰ দি সুদ ল’ব পাৰে, কিন্তু, কোনো ইস্রায়েলীয়া ভাইৰ পৰা নোৱাৰে। এইদৰে চলিলে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, সেই দেশত আপোনালোকে যিহতে হাত দিব, সকলো কাৰ্যতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।
21 Аще же обещаеши обет Господеви Богу твоему, да не умедлиши воздати его, яко взыская взыщет Господь Бог твой от тебе, и будет на тебе грех:
২১আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যদি আপোনালোকে কোনো সঙ্কল্প কৰে, তেন্তে তাক পূৰণ কৰিবলৈ পলম নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পৰা তাক নিশ্চয়ে আদায় কৰিব; তাক পূৰণ নকৰিলে আপোনালোকৰ পাপ হ’ব।
22 аще же не восхощеши обещати, несть ти греха.
২২কিন্তু সঙ্কল্প নকৰিলে, তাত কোনো পাপ নহ’ব।
23 Исходящая на уст твоих сохрани и сотвори, имже образом обещал еси Господеви Богу твоему дар, егоже глаголал еси устами твоими.
২৩আপোনালোকৰ মুখৰ পৰা যি সঙ্কল্পৰ কথা ক’ব, তাক আপোনালোকে পূৰণ কৰিবই লাগিব, কাৰণ আপোনালোকে স্ব-ইচ্ছাৰে নিজ মুখেৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত সেই প্ৰতিজ্ঞা কৰিছে।
24 Аще же внидеши на ниву ближняго своего, и собереши в руце свои класы, а серпа да не возложиши на ниву ближняго.
২৪আনৰ দ্ৰাক্ষাবাৰীলৈ গৈ আপোনালোকে ইচ্ছামতে হেঁপাহ পলুৱাই আঙুৰ খাব পাৰিব, কিন্তু লৈ যোৱাৰ বাবে আপোনালোকৰ পাত্ৰত অলপো নল’ব।
25 Аще же внидеши в виноград ближняго своего, да яси гроздие, елико души твоей насытитися, в сосуд же да не вложиши.
২৫অন্যৰ শস্যক্ষেত্রত গৈ আপোনালোকে নিজ হাতেৰে থোক ছিঙিব পাৰিব, কিন্তু শস্যত কাচি লগাব নোৱাৰিব।

< Второзаконие 23 >