< Четвертая книга Царств 15 >

1 В лето двадесять седмое Иеровоама царя Израилева воцарися Азариа сын Амессии царя Иудина:
ইস্ৰায়েলৰ ৰজা যাৰবিয়ামৰ ৰাজত্ব কালৰ সাতাইশ বছৰত যিহূদাৰ ৰজা অমচিয়াৰ পুত্ৰ অজৰিয়া ৰজা হ’ল।
2 сын шестинадесяти лет бе, егда нача царствовати, и пятьдесят два лета царствова во Иерусалиме. Имя же матере его Иехелиа от Иерусалима.
তেওঁ ষোল্ল বছৰ বয়সত ৰজা হৈ যিৰূচালেমত বাৱন্ন বছৰ ধৰি ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিখলিয়া। তেওঁ যিৰূচালেমৰ বাসিন্দা আছিল।
3 И сотвори правое пред очима Господнима по всему, елика сотвори отец его Амессиа,
পিতৃ অমচিয়াৰ নিদর্শনেৰে তেওঁ যিহোৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল।
4 обаче высоких не разори: еще людие жряху и кадяху на высоких.
কিন্তু, তেওঁ ওখ ঠাইৰ মঠবোৰ হ’লে আঁতৰ নকৰিলে। লোকসকলে তেতিয়াও মঠবোৰত বলি উৎসর্গ কৰি ধূপ জ্বলাইছিল।
5 И коснуся Господь царя, и бысть прокажен до дне смерти своея: и царствова в дому апфусоф. И Иоафам сын царев бе над домом судя людем земли тоя.
পাছত যিহোৱাই ৰজাক আঘাত কৰাত তেওঁ মৃত্যু পর্যন্ত কুষ্ঠ ৰোগত ভুগিছিল আৰু তেওঁ এক পৃথক গৃহত বাস কৰিছিল। তাতে ৰজাৰ পুত্ৰ যোথম ৰাজগৃহৰ অধ্যক্ষ হৈছিল আৰু তেওঁ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।
6 И прочая словес Азарии, и вся елика сотвори, не сия ли написана в книзе словес дний царей Иудиных?
উজ্জিয়াৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ বর্ণনা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
7 И успе Азариа со отцы своими, и погребоша его со отцы его во граде Давидове. И воцарися Иоафам сын его вместо его.
পাছত উজ্জিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষৰে সৈতে তেওঁক মৈদাম দিয়া হ’ল। তেওঁৰ পুত্ৰ যোথম তেওঁৰ পদত ৰজা হ’ল।
8 В лето тридесять осмое Азарии царя Иудина царствова Захариа сын Иеровоамль над Израилем в Самарии шесть месяц.
যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ আঠত্ৰিশ বছৰত যাৰবিয়ামৰ পুত্ৰ জখৰিয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈ ছমাহ ৰাজত্ব কৰিলে।
9 И сотвори лукавое пред очима Господнима, якоже сотвориша отцы его, не отступи от всех грехов Иеровоама сына Наватова, иже в грех введе Израиля.
তেওঁ তেওঁৰ পূর্বপুৰুষসকলৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া কার্য, তাকেই কৰিলে। নবাটৰ পুতেক যাৰবিয়ামে যি পাপবোৰৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেই সকলো পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।
10 И востаста нань Селлум сын Иависов и Кевлаам, и поразиста его, и умертвиста его: и воцарися Селлум вместо его.
১০পাছত জখৰিয়াৰ বিৰুদ্ধে যাবেচৰ পুত্ৰ চল্লুমে চক্ৰান্ত কৰিলে আৰু লোকসকলৰ সন্মুখতে তেওঁক আঘাত কৰি বধ কৰিলে। তাৰ পাছত তেওঁৰ পদত নিজে ৰজা হ’ল।
11 И прочая словес Захариевых, се, суть написана в книзе словес дний царей Израилевых.
১১জখৰিয়াৰ অন্যান্য বৃত্তান্ত “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা আছে।
12 Сие слово Господне, еже глагола ко Ииую, рекий: сынове четвертии сядут тебе и на престоле Израилеве. И бысть тако.
১২যিহোৱাই যেহূৰ আগত যি কৈছিল, “তোমাৰ বংশৰ চাৰি পুৰুষলৈকে ইস্ৰায়েলৰ সিংহাসনত বহিব” সেয়া পূর্ণ হ’ল।
13 И Селлум сын Иависов воцарися во Израили: и в лето тридесять девятое Азарии царя Иудина, царствова Селлум месяц дний в Самарии.
১৩যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত যাবেচৰ পুত্ৰ চল্লুম ৰজা হ’ল আৰু তেওঁ চমৰিয়াত সম্পূৰ্ণ এমাহ ৰাজত্ব কৰিলে।
14 И взыде Манаим сын Гаддиин от Ферсилы, и прииде в Самарию, и уби Селлума сына Иависова в Самарии, и умертви его, и воцарися вместо его.
১৪পাছত গাদীৰ পুত্ৰ মনহেমে তিৰ্চাৰ পৰা চমৰিয়ালৈ গৈ যাবেচৰ পুত্ৰ চল্লুমক আক্রমণ কৰি তেওঁক বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
15 И прочая словес Селлумовых, и совещание его, имже совещася, се, суть писана в книзе словес дний царей Израилевых.
১৫চল্লুমৰ অন্যান্য বৃত্তান্ত আৰু তেওঁৰ ষড়যন্ত্রৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা আছে।
16 Тогда порази Манаим и Ферсу, и вся, яже в ней, и пределы ея от Ферсы, понеже не отверзоша ему, и разби ю и всех, иже в ней, и имущих во чреве разсече.
১৬পাছত মনহেমে টিপহচ নগৰ আৰু তাত থকা সকলো অধিবাসীৰ লগতে তিৰ্চাৰ চাৰিওকাষৰ সীমাবোৰ আক্রমণ কৰিলে; কাৰণ তেওঁলোকে তেওঁলৈ নগৰৰ দুৱাৰ খুলি দিয়া নাছিল। সেইবাবেই তেওঁ টিপহচ আক্রমণ কৰিছিল আৰু নগৰৰ সকলো গর্ভৱতী মহিলাৰ পেট ফালি দিছিল।
17 В лето тридесять девятое Азарии царя Иудина, царствова Манаим сын Гаддиин над Израилем десять лет в Самарии,
১৭যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত গাদীৰ পুত্ৰ মনহেম ইস্রায়েলৰ ৰজা হ’ল। তেওঁ চমৰিয়াত দহ বছৰ ৰাজত্ব কৰিছিল।
18 и сотвори лукавое пред очима Господнима, (во вся дни своя) не отступи от всех грехов Иеровоама сына Наватова, иже в грех введе Израиля.
১৮যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকে কৰিছিল। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিবোৰ পাপ কৰাইছিল, তেওঁৰ জীৱনকালত সেই সকলো পাপ কার্যৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
19 Во дни его взыде Фула царь Ассирийский на землю (Израилеву), и Манаим даде Фуле тысящу талант сребра, да будет рука его с ним, (еже укрепити царство в руку его).
১৯তাৰ পাছত অচুৰৰ ৰজা পুল ইস্রায়েল দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। তেতিয়া ৰজা মনহেমে ইস্রায়েল ৰাজ্য সুস্থিৰ ৰাখিবৰ কাৰণে পুলৰ সহায় যেন তেওঁৰ লগত থাকে, তাৰ বাবে তেওঁ পুলক এক হাজাৰ কিক্কৰ ৰূপ দি নিজৰ পক্ষ কৰি ল’লে।
20 И возложи Манаим дань на Израиля, на всех сильных, дати царю Ассирийску пятьдесят сикль сребра мужу коемуждо: и возвратися царь Ассирийск, и не ста тамо в земли.
২০মনহেমে এই ধন ইস্রায়েলত থকা প্রত্যেক ধনী-প্রতিপত্তিশালী ব্যক্তিসকলৰ পৰা দাবী কৰি আদায় কৰিছিল। অচুৰৰ ৰজাক দিবৰ কাৰণে প্ৰত্যেকে পঞ্চাশ চেকলকৈ ৰূপ মনহেমক দিব লাগিছিল। তাতে অচূৰৰ ৰজাই ইস্রায়েল দেশ এৰি গুছি গ’ল।
21 И прочая словес Манаимовых, и вся елика сотвори, не се ли, сия написана в книзе словес дний царей Израилевых?
২১মনহেমৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
22 И успе Манаим со отцы своими, и воцарися Факиа сын его вместо его.
২২পাছত মনহেম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ পকহিয়া তেওঁৰ পদত ৰজা হ’ল।
23 В лето пятьдесятое Азарии царя Иудина, царствова Факиа сын Манаимль над Израилем в Самарии лета два,
২৩যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ পঞ্চাশ বছৰত মনহেমৰ পুত্ৰ পকহিয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈ দুবছৰ ৰাজত্ব কৰিলে।
24 и сотвори лукавое пред очима Господнима, и отступи от грехов Иеровоама сына Наватова, иже в грех введе Израиля.
২৪যিহোৱাৰ দৃষ্টিত যি বেয়া, পকহিয়াই তাকে কৰিলে। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, সেই সকলো পাপ কার্যৰ পৰা তেওঁ আঁতৰ হোৱা নাছিল।
25 И воста на него Факей сын Ромелиин, тристат его, и уби его в Самарии близ дому царева, со Арговом и со Арием, и с ним (бяху) пятьдесят мужей от Галаадитов, и умертви его, и воцарися вместо его.
২৫পাছত ৰমলিয়াৰ পুত্ৰ পেকহ নামেৰে তেওঁৰ এজন সেনাপতিয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। পেকহে গিলিয়দৰ পঞ্চাশজন লোকক লগত লৈ চমৰিয়াত ৰাজগৃহৰ দুৰ্গত ৰজা পকহিয়াৰ সৈতে অৰ্গোব আৰু অৰিয়ক বধ কৰিলে। সেনাপতিয়ে তেওঁক এইদৰে বধ কৰি তেওঁৰ পদত নিজে ৰজা হ’ল।
26 И прочая словес Факиевых, и вся елика сотвори се, суть, писана в книзе словес дний царей Израилевых.
২৬পকহিয়াৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা আছে।
27 В лето пятьдесят второе Азарии царя Иудина, царствова Факей сын Ромелиин над Израилем в Самарии двадесять лет,
২৭যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ বাৱন্ন বছৰত ৰমলিয়াৰ পুত্ৰ পেকহ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ বিশ বছৰ ৰাজত্ব কৰিছিল।
28 и сотвори лукавое пред очима Господнима, не отступи от всех грехов Иеровоама сына Наватова, иже в грех введе Израиля.
২৮যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকে কৰিছিল। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, পেকহ সেই সকলো পাপ কার্যৰ পৰা আঁতৰ হোৱা নাছিল।
29 Во дни Факеа царя Израилева прииде Фелгаффелласар царь Ассирийский, и взя Аин и Авелвефмааха, и Аоха и Кенезу, и Асора и Галаад и Галилею, всю землю Неффалимлю, и приведе я ко Ассирианом.
২৯ইস্ৰায়েলৰ ৰজা পেকহৰ সময়ত অচুৰৰ ৰজা তিগ্লৎ-পিলেচৰে আহি ইয়োন, আবেল-বৈৎমাখা, যানোহ, কেদচ, হাচোৰ, গিলিয়দ, আৰু গালীল আৰু নপ্তালীৰ সকলো এলেকা অধিকাৰ কৰি ল’লে আৰু লোকসকলক বন্দী কৰি অচূৰলৈ লৈ গ’ল।
30 И воста Осиа сын Илы на Факеа сына Ромелиина, и порази его, и умертви его, и воцарися вместо его в двадесятое лето Иоафама сына Азариина.
৩০পাছত উজ্জিয়াৰ পুত্ৰ যোথমৰ ৰাজত্বৰ বিশ বছৰত এলাৰ পুত্ৰ হোচেয়াই ৰমলিয়াৰ পুত্ৰ পেকহৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে আৰু তেওঁক বধ কৰি তেওঁৰ পদত নিজে ৰজা হ’ল।
31 И прочая словес Факеевых, и вся елика сотвори, се, сия написана в книзе словес дний царей Израилевых.
৩১পেকহৰ আন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাবিলাকৰ ইতিহাস” পুস্তকখনত লিখা আছে।
32 В лето второе Факеа сына Ромелиина царя Израилева воцарися Иоафам, сын Азарии царя Иудина:
৩২ৰমলিয়াৰ পুত্র ইস্ৰায়েলৰ ৰজা পেকহৰ ৰাজত্বৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা উজ্জিয়াৰ পুত্ৰ যোথমে ৰাজত্ব কৰিবলৈ ধৰিলে।
33 сын двадесяти пяти лет бе, егда нача царствовати, и шестьнадесять лет царствова во Иерусалиме. Имя же матере его Иеруса дщи Садокова.
৩৩তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল যিৰূচা। তেওঁ চাদোকৰ জীয়েক আছিল।
34 И сотвори правое пред очима Господнима, по всему елика сотвори отец его Азариа,
৩৪তেওঁৰ পিতৃ উজ্জিয়াৰ নিদর্শনত চলি যিহোৱাৰ দৃষ্টিত যি ন্যায়, যোথমে তাকে কৰিছিল।
35 обаче высоких не разори: еще людие жряху и кадяху на высоких. Той созда двери храму Господню вышния.
৩৫কিন্তু ওখ ঠাইৰ মঠবোৰ তেওঁ দূৰ কৰা নাছিল। লোকসকলে তেতিয়াও মঠবোৰত বলি উৎসর্গ কৰি ধূপ জ্বলাইছিল। যোথমে যিহোৱাৰ গৃহৰ ওপৰৰ দুৱাৰখন নিৰ্ম্মাণ কৰিলে।
36 И прочая словес Иоафамовых, и вся елика сотвори, не сия ли написана в книзе словес дний царей Иудиных?
৩৬যোথমৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
37 Во дни оны начат Господь посылати на Иуду Раассона царя Сирска и Факеа сына Ромелиина.
৩৭সেই কালত, যিহোৱাই যিহূদাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ পেকহক পঠাবলৈ আৰম্ভ কৰিলে।
38 И успе Иоафам со отцы своими, и погребен бысть со отцы своими во граде Давида отца своего. И воцарися Ахаз сын его вместо его.
৩৮পাছত যোথম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল। তেওঁক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল আৰু তেওঁৰ পুত্ৰ আহজ তেওঁৰ পদত ৰজা হ’ল।

< Четвертая книга Царств 15 >