< Вторая книга Паралипоменон 32 >

1 И по словесех сих и по истине сей, прииде Сеннахирим царь Ассирийский, и прииде на Иудею, и ополчися на грады крепкия хотя взяти их.
এই সকলো কাৰ্যৰ আৰু বিশ্ৱস্ত আচৰণৰ পাছত, অচূৰৰ ৰজা চনহেৰীবে আহি যিহূদাৰ দেশত আহিল; তেওঁ সেই ঠাইত ছাউনি পাতিছিল কিয়নো তেওঁ গড়েৰে আবৃত নগৰবোৰ আক্ৰমণ কৰি গড় ভাঙি তাক নিজৰ কৰিবলৈ মন কৰিছিল।
2 И виде Езекиа, яко прииде Сеннахирим, и лице его воевати на Иерусалим:
হিষ্কিয়াই যেতিয়া চনহেৰীব অহা আৰু যিৰূচালেমৰ বিৰুদ্ধে তেওঁৰ যুদ্ধ কৰিবৰ মন থকা দেখিলে,
3 и советова со старейшины своими и с сильными, да заключат воды источников, иже беша вне града: и соизволиша ему.
তেওঁ নগৰৰ বাহিৰত থকা ভুমুকবোৰৰ পানী বন্ধ কৰিবলৈ অধ্যক্ষ আৰু বীৰপুৰুষসকলৰ সৈতে আলোচনা কৰিলে; তাতে তেওঁলোকে তেওঁক সহায় কৰিলে।
4 И собра много людий, и заключи воды источников и поток текущь посреде града, глаголя: да не приидет царь Ассирийский, и обрящет вод много, и укрепится.
তেতিয়া অনেক মানুহ গোট খাই সকলো ভুমুক আৰু দেশৰ মাজেদি বৈ যোৱা জুৰিবোৰ বন্ধ কৰি দিলে। তেওঁলোকে ক’লে, অচূৰৰ ৰজাসকলে আহি কিয় অধিক পৰিমাণে পানী পাব?”
5 И укрепися Езекиа, и созда вся стены, яже быша разсыпаны, и столпы, и отвне предстение ино, и укрепи разрушенная града Давидова, и уготова оружия многа:
এনেতে হিষ্কিয়াই সাহেৰে ভগা চিগা গড়বোৰ মেৰামত কৰি, ওখ ঘৰবোৰ সমান আৰু ওখ কৰিলে; আৰু বাহিৰত আন গড় সাজি দায়ুদৰ নগৰত থকা মিল্লো সুসজ্জিত কৰিলে আৰু বহু পৰিমাণে অস্ত্ৰ-শস্ত্ৰ আৰু ঢাল যুগুত কৰিলে।
6 и постави началники бранем над людьми, и собрашася к нему на площадь врат дебри, и глагола в сердца их глаголя:
তেওঁ লোকসকলৰ ওপৰত সেনাপতিসকল নিযুক্ত কৰিলে৷ নগৰৰ দুৱাৰৰ ওচৰৰ মুকলি ঠাইত নিজৰ ওচৰত তেওঁলোকক গোটাই উৎসাহ দি তেওঁ এই কথা ক’লে,
7 укрепитеся и мужайтеся и не устрашайтеся, ниже ужасайтеся от лица царя Ассирийска и от лица всего множества, еже с ним: яко множайшии с нами суть неже с ним:
“তোমালোকে বলৱন্ত আৰু সাহসিয়াল হোৱা৷ অচুৰৰ ৰজালৈ আৰু তেওঁ লগৰ সেই সৈন্য সমূহলৈ ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কাৰণ তেওঁৰ লগত থকা সকলোতকৈ আমাৰ লগত থকা জন মহান।
8 с ним мышца плотская, с нами же Господь Бог наш, еже спасати и поборати на брани нашей. И укрепишася людие словесы Езекии царя Иудина.
তেওঁৰ লগত মাংসময় বাহুহে আছে, কিন্তু আমাক সহায় কৰিবলৈ আৰু আমাৰ ফলীয়া হৈ যুদ্ধ কৰিবলৈ আমাৰ ঈশ্বৰ যিহোৱা আমাৰ লগত আছে।” তাতে লোকসকল যিহূদাৰ ৰজা হিষ্কিয়াৰ কথাত সান্তনা পালে।
9 И по сих посла Сеннахирим царь Ассирийский рабы своя во Иерусалим, сам же со всеми вои своими обстояше Лахис, и посла ко Езекии царю Иудину и ко всему Иуде, иже во Иерусалиме, глаголя:
তাৰ পাছত অচুৰৰ ৰজা চনহেৰীব যেতিয়া সৈন্য সামন্তই সৈতে লাখীচৰ ওচৰত আছিল, তেতিয়া যিৰূচালেমলৈ যিহূদাৰ ৰজা হিষ্কিয়াৰ আৰু যিৰূচালেমত থকা সকলো যিহূদাৰ লোকসকলৰ ওচৰলৈ তেওঁৰ দাসবোৰৰ দ্বাৰাই তেওঁ এইবোৰ কথা কৈ পঠিয়ালে৷
10 сия глаголет Сеннахирим царь Ассирийский: на что вы уповаете и седите во обстоянии во Иерусалиме?
১০“অচুৰৰ ৰজা চনহেৰীবে এই কথা কৈছে, ‘তোমালোকে কাৰ ওপৰত নির্ভৰ কৰি যিৰূচালেমক দখল কৰিবলৈ সুৰক্ষিত অৱস্থাত আছা বুলি ভাবিছা?
11 Ни ли Езекиа прельщает вас, да предаст вы в смерть и в глад и жажду, глаголя: Господь Бог наш спасет нас от руки царя Ассирийска?
১১আমাৰ ঈশ্বৰ যিহোৱাই আমাক ৰজা অচুৰৰ হাতৰ পৰা উদ্ধাৰ কৰিব, এই কথা কৈ হিষ্কিয়াই ভোকত আৰু পিয়াহত মৰিবলৈ দিবৰ বাবে তোমালোকক ভুলোৱা নাইনে?”
12 Не сей ли есть Езекиа, иже разори олтари Его и вышняя Его, и повеле Иуде и живущым во Иерусалиме, глаголя: олтарем пред олтарем сим покланяйтеся и в нем кадите фимиам?
১২সেই হিষ্কিয়াই জানো তেওঁৰ ওখ ঠাই আৰু যজ্ঞবেদীবোৰ গুচুৱা নাই? “আৰু তোমালোকে একেটা যজ্ঞবেদীৰ আগত সেৱা কৰিব আৰু তাৰে ওপৰত ধূপ জলাব লাগিব এই বুলি জানো যিহূদা আৰু যিৰূচালেমত আজ্ঞা দিয়া নাই?”
13 Или не весте сего, что аз сотворих и отцы мои всем людем земли? Еда могуще возмогоша бози языков всея земли избавити люди своя от руки моея?
১৩মই আৰু মোৰ ওপৰ-পিতৃসকলে দেশবোৰৰ আটাই জাতিক কি কৰিলোঁ, সেই বিষয়ে তোমালোকে জানো নাজানা? সেই নানা দেশীয় জাতিবোৰৰ দেৱতাবোৰে জানো কোনো প্ৰকাৰে মোৰ হাতৰ পৰা নিজ নিজ দেশ ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল?
14 Кто во всех бозех языков сих, ихже искорениша отцы мои? Еда возмогоша избавити люди своя от руки моея, и како может Бог ваш избавити вас от руки моея?
১৪মোৰ ওপৰ পিতৃসকলে যিবোৰ জাতিক নিঃশেষে সংহাৰ কৰিছিল, তেওঁলোকৰ সকলো দেৱতাবোৰৰ মাজত কোনে নিজ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰিছিল যে, তোমালোকৰ ঈশ্বৰে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব পাৰে?
15 Ныне убо да не прельщает вас Езекиа и да не творит вас уповати по сему, и не веруйте ему: аще бо ни един бог всякаго языка и царства возможе избавити люди своя от руки моея и от руку отец моих, то ниже Бог ваш возможет избавити вас от руки моея.
১৫এই হেতুকে হিষ্কিয়াই তোমালোকক নুভুলাওঁক আৰু সেই দৰে তোমালোকৰ প্ৰবৃত্তি নজন্মাওঁক৷ আৰু তোমালোকে তাত প্ৰত্যয় নকৰিবা, কিয়নো মোৰ হাতৰ পৰা আৰু মোৰ ওপৰ পিতৃসকলৰ হাতৰ পৰা নিজ প্ৰজাসকলক উদ্ধাৰ কৰিবলৈ, কোনো জাতি কি ৰাজ্যৰ কোনো দেৱতাৰে সাধ্য নাছিল৷ তেন্তে তোমালোকৰ ঈশ্বৰে যে মোৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব, ই তাতকৈ কিমান কম পৰিমাণে অসম্ভব।
16 И ина (многа) глаголаша раби его противу Господа Бога и противу Езекии раба Его.
১৬চনহেৰীবৰ দাসবোৰে আনকি ঈশ্বৰ যিহোৱাৰ আৰু তেওঁৰ দাস হিষ্কিয়াৰ বিৰুদ্ধে আৰু অধিক কথা ক’লে।
17 И послания написа поношая Господа Бога Израилева, и рече Нань, глаголя: якоже бози язык земли не могоша избавити людий своих от руки моея, тако ниже Бог Езекиин избавит люди Своя от руки моея.
১৭আৰু তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ঠাট্টা কৰিবলৈ আৰু তেওঁৰ বিৰুদ্ধে কথা ক’বলৈ এইদৰে পত্ৰও লিখিছিল৷ তেওঁ কৈছিল যে, “নানা দেশীয় জাতি সমূহৰ দেৱতাবোৰে যেনেকৈ মোৰ হাতৰ পৰা নিজ নিজ প্ৰজাসকলক উদ্ধাৰ কৰিব নোৱাৰিলে তেনেকৈ হিষ্কিয়াৰ ঈশ্বৰেও তেওঁৰ প্ৰজাসকলক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিব।”
18 И возопи воплем великим языком Иудейским к людем, иже седяху на стенах Иерусалимлих, да устрашит их и ужасит, и возмет град:
১৮তাৰ পাছত তেওঁলোকে নগৰ অধিকাৰ কৰি লোৱাৰ ছলেৰে, যিৰূচালেমৰ গড়ৰ ওপৰত থকা লোকসকলক ভয় দেখুৱাবলৈ আৰু বিহ্বল কৰিবলৈ ইব্ৰী ভাষাৰে তেওঁলোকলৈ বুলি বৰকৈ চিঞঁৰিবলৈ ধৰিলে।
19 и глагола на Бога Иерусалимля, якоже и на богов людий земли, дела рук человеческих.
১৯আৰু পৃথিবীত থকা আন জাতি সমূহৰ যি দেৱতাবোৰ মানুহৰ হাতেৰে সজা, সেইবোৰৰ বিষয়ে কোৱাৰ দৰে তেওঁলোকে যিৰূচালেমৰ ঈশ্বৰৰ বিষয়েও কথা ক’লে।
20 И помолися Езекиа царь и Исаиа сын Амосов пророк о сих, и возопиша на небо.
২০পাছত ৰজা হিষ্কিয়া আৰু আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে সেই বিষয়ে প্ৰাৰ্থনা কৰিলে আৰু স্বৰ্গৰ ফাললৈ মুখ কৰি কাতৰোক্তি কৰিলে।
21 И посла Господь Ангела, и порази всех мужей храбрых и бранников, и началников и воевод в полцех царя Ассирийска: и возврати лице его со стыдом на землю его, и прииде в дом бога своего, и сынове его изшедшии из чрева его погубиша его мечем.
২১তাতে যিহোৱাই এজন দূত পঠিয়ালে; তেওঁ অচুৰৰ ৰজাৰ চাউনিৰ আটাই বলৱান বীৰ পুৰুষক, প্ৰধান লোকক আৰু সেনাপতিক সংহাৰ কৰিলে। তেতিয়া চনহেৰীবে লাজত তলমুখ কৰি নিজ দেশলৈ উলটি গ’ল। পাছত তেওঁ নিজ দেৱতাৰ মন্দিৰত সোমালত, তেওঁৰ নিজ ঔৰসত জন্ম পোৱা সকলেই সেই ঠাইতে তৰোৱালেৰে তেওঁক বধ কৰিলে।
22 И спасе Господь Езекию и обитающих во Иерусалиме от руки Сеннахирима царя Ассирийска и от руку всех, и подаде им покой окрест.
২২সেইদৰে যিহোৱাই হিষ্কিয়াক আৰু যিৰূচালেম নিবাসীসকলক অচুৰীয়াৰ ৰজা চনহেৰীবৰ হাতৰ পৰা আৰু আন সকলোৰে হাতৰ পৰা নিস্তাৰ কৰিলে আৰু সকলোতে তেওঁলোকক চলাই নিলে।
23 И мнози приношаху дары Господу во Иерусалим и даяния Езекии царю Иудину, и возвышен бысть пред очесы всех языков по сих.
২৩তেতিয়া অনেক লোকে যিৰূচালেমলৈ বুলি যিহোৱাৰ উদ্দেশ্যে উপহাৰ আৰু যিহূদাৰ ৰজা হিষ্কিয়াৰ ওচৰলৈ বহুমুল্য বস্তু আনিলে যাতে তেতিয়াৰে পৰা এইদৰে তেওঁ সকলো জাতি সমূহৰ দৃষ্টিত মহান হ’ব।
24 Во днех оных разболеся Езекиа даже до смерти и помолися ко Господу: и услыша его и даде ему знамение.
২৪সেই সময়ত হিষ্কিয়া নৰীয়া হৈ মৃত্যুশয্যাত পৰিল৷ তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলে, তাতে যিহোৱাই তেওঁক উত্তৰ দিলে আৰু তেওঁ যেন সুস্থ হয়, তাৰে এটা আচৰিত লক্ষণ দেখুৱালে।
25 И не по воздаянию, еже даде ему, воздаде Езекиа, но вознесеся сердце его, и бысть на него гнев и на Иуду и на Иерусалим.
২৫কিন্তু হিষ্কিয়াই পোৱা উপকাৰ অনুসাৰে যিহোৱাক প্ৰতিদান নিদিলে, কিয়নো তেওঁৰ মন গৰ্ব্বী হ’ল৷ এই হেতুকে তেওঁৰ, যিহূদাৰ আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ হ’ল।
26 И смирися Езекиа от высоты сердца своего сам и живущии во Иерусалиме, и не прииде на них гнев Господень во дни Езекиины.
২৬অৱশ্যে হিষ্কিয়া আৰু যিৰূচালেম-নিবাসীসকলে নিজ নিজ মনৰ গৰ্ব বুজি নিজকে নম্ৰ কৰিলে, সেই বাবে তেওঁলোকলৈ যিহোৱাৰ ক্ৰোধ হিষ্কিয়াৰ ৰাজত্ব কালত সিদ্ধ কৰা নহ’ল।
27 И бысть Езекиеви богатство и слава многа зело: и сокровища себе собра сребра и злата и камения честнаго, и ароматы, и оружия хранилницы, и сосуды драгоценны,
২৭হিষ্কিয়াৰ অধিক ধন আৰু সন্মান আছিল৷ তেওঁ নিজৰ বাবে ৰূপৰ, সোণৰ, বহুমুল্য বাখৰ, সুগন্ধিদ্ৰব্য, ঢালৰ আৰু সকলোবিধ বহুমুল্য পাত্ৰৰ ভঁৰাল ৰাখিছিল৷
28 и житницы жит, пшеницы и вина и елеа, и села, и ясли всякому скоту, и ограды стадом,
২৮আনকি তেওঁৰ শস্যৰ, দ্ৰাক্ষাৰস আৰু তেল আদি বস্তুৰ ভঁৰাল আৰু নানাবিধ পশুৰ ঘৰ আৰু মেৰ-ছাগৰ জাকৰ বাবে গঁৰাল যুগুত কৰিলে।
29 и грады, яже созда себе, и строения овцам и волом множество: зане даде ему Господь собрания многа зело.
২৯লগত আৰু নিজৰ বাবে নানা নগৰ সাজিলে আৰু ষাঁড়-গৰু, মেৰ-ছাগৰ আদিৰ অনেক জাক লাভ কৰিলে, কিয়নো ঈশ্বৰে তেওঁ অতিশয় অধিক সম্পত্তি দিছিল।
30 Той Езекиа загради исход воды Геона вышняго и проведе ю в низ к полудню града Давидова. И преуспе Езекиа во всех делех своих.
৩০এই হিষ্কিয়াই ওপৰৰ ফালে থকা গীহোন ভুমুকৰ মুখ বন্ধ কৰি পোনে পোনে দায়ুদৰ নগৰৰ পশ্চিম ফালেদি সেই পানী নমাই আনিছিল৷ হিষ্কিয়াই তেওঁৰ সকলো কাৰ্যত কৃতকাৰ্য হ’ল।
31 И тако послом князей от Вавилона, иже послани бяху к нему, да вопросят его о чудеси, еже случися на земли, остави его Господь, да искусит его уведати, яже в сердцы его.
৩১কিন্তু দেশত ঘটা অদ্ভুত লক্ষণৰ বিষয়ে সুধিবলৈ বাবিলৰ অধ্যক্ষসকলে পঠোৱা দূতবোৰৰ কথাত হ’লে, ঈশ্বৰে তেওঁৰ মনৰ সকলো ভাব জানিবৰ বাবে পৰীক্ষা কৰিবলৈ তেওঁক ত্যাগ কৰিলে।
32 Прочая же словес Езекииных, и щедроты его, се, писана суть в пророчестве Исаии пророка сына Амосова и в книзе царей Иудиных и Израилевых.
৩২হিষ্কিয়াৰ অৱশিষ্ট বৃত্তান্ত আৰু তেওঁৰ সৎকাৰ্য্যৰ কথা আমোচৰ পুত্ৰ যিচয়া ভাববাদীৰ দৰ্শন-পত্ৰিকাত, যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে।
33 И успе Езекиа со отцы своими, и погребоша его на восходех гробов сынов Давидовых: и славу и честь даша ему в смерти его весь Иуда и живущии во Иерусалиме. И воцарися Манассиа сын его вместо его.
৩৩পাছত হিষ্কিয়া তেওঁৰ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে দায়ুদৰ সন্তান সকলৰ মৈদামনিৰ সকলোতকৈ ওখ ঠাইত তেওঁক মৈদাম দিলে৷ তেওঁৰ মৰণৰ কালত সমুদায় যিহূদা আৰু যিৰূচালেম-নিবাসীসকলে তেওঁক সন্মান কৰিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ মনচি তেওঁৰ পদত ৰজা হ’ল।

< Вторая книга Паралипоменон 32 >