< Вторая книга Паралипоменон 15 >
1 Азариа же сын Ададов, бысть на нем Дух Божий:
১পাছত ওদেদ’ৰ পুত্ৰ অজৰিয়াত ঈশ্বৰৰ আত্মা স্থিতি হ’ল৷
2 и изыде во сретение Асе и всему Иуде и Вениамину и рече ему: услышите мя, Аса и весь Иуда и Вениамин: Господь с вами, яко бысте с Ним: и аще взыщете Его, обрящется вам, аще же оставите Его, оставит вас:
২তেওঁ ওলাই গৈ আচা’ৰ লগত সাক্ষাৎ কৰি তেওঁক ক’লে, “হে আচা, আৰু হে যিহূদাৰ আৰু বিন্যামীনৰ আটাই লোকসকল, তোমালোকে মোৰ কথা শুনা: তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকিবা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত আছে৷ যদি তোমালোকে তেওঁক বিচাৰা, তোমালোকে তেওঁক পাবা; কিন্তু যদি তোমালোকে তেওঁক ত্যাগ কৰা, তেন্তে তেৱোঁ তোমালোকক ত্যাগ কৰিব।
3 мнози дние (будут) во Израили без Бога истиннаго и без священника учащаго и без закона:
৩এতেকে বহু কাললৈকে ইস্ৰায়েলে সত্যময় ঈশ্বৰ-বিহীন, শিক্ষা দিওঁতা পুৰোহিত বিহীন আৰু ব্যৱস্থা-বিহীন হৈ আছিল৷
4 егда же обратятся в печали ко Господу Богу Израилеву и взыщут Его, и обрящется им:
৪কিন্তু সঙ্কটৰ সময়ত যেতিয়া তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি তেওঁক বিচাৰিলে, তেতিয়া তেওঁ নিজকে তেওঁলোকক পাবলৈ দিছিল।
5 и во время оно не будет мир исходящему и входящему, яко ужас Господень на всех обитающих на земли
৫সেই সময়ত যি লোক বাহিৰলৈ গৈছিল বা ভিতৰলৈ আহিছিল, সেই লোকৰ কোনো শান্তি নাছিল; কিন্তু দেশ নিবাসী সকলো লোকলৈ বৰ ক্লেশ ঘটিছিল।
6 и ополчится язык на язык и град противу града, яко Господь смутит их во всяцей печали:
৬এক জাতিয়ে আন জাতিৰে সৈতে আৰু এখন নগৰে আন এখন নগৰে সৈতে খণ্ড খণ্ড হৈ ভগ্ন হৈছিল, কিয়নো ঈশ্বৰে তেওঁলোকক সকলো প্ৰকাৰ সঙ্কটত পেলাই ক্লেশ দিছিল।
7 и вы укрепитеся, и да не ослабеют руки вашя, есть бо мзда делу вашему.
৭কিন্তু এতিয়া তোমালোকে সাহিয়াল হোৱা আৰু তোমালোকৰ হাত শিথিল নহওঁক, কিয়নো তোমালোকক তোমালোকৰ কাৰ্যৰ পুৰস্কাৰ দিয়া যাব।”
8 И егда услыша Аса словеса сия и пророчество Азарии пророка, укрепися и отя вся идолы от всея земли Иудины и Вениамини и от градов, ихже содержаше Иеровоам в горе Ефремли, и освяти олтарь Господень, иже бе пред храмом Господним:
৮যেতিয়া আচা’ই এই সকলো বাক্য শুনিলে, অৰ্থাৎ ওদেদ ভাববাদীৰ ভাববাণী শুনি সাহস পালে, যিহূদাৰ আৰু বিন্যামীনৰ গোটেই দেশৰ পৰা আৰু ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত তেওঁ হাত কৰি লোৱা নগৰবোৰৰ পৰাও ঘিণলগা বস্তুবোৰ দূৰ কৰিলে; আৰু যিহোৱাৰ গৃহৰ বাৰাণ্ডাৰ আগত থকা যিহোৱাৰ যজ্ঞবেদীটো নতুনকৈ সাজিলে।
9 собра же (всего) Иуду и Вениамина и пришелцев обитающих с ним от Ефрема и от Манассии и от Симеона, мнози бо к нему прибегоша от Израиля, егда увидеша, яко Господь Бог его с ним.
৯পাছত তেওঁ আটাই যিহূদা আৰু বিন্যামীনক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা ইফ্ৰয়িম, মনচি আৰু চিমিয়োনৰ পৰা অহা লোকসকলক গোটালে৷ কিয়নো তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থকা দেখি, ইস্ৰায়েলৰ মাজৰ পৰা অহা অনেক লোক আহি তেওঁৰ ফলীয়া হৈছিল।
10 И собрашася во Иерусалим в месяц третий, в лето пятоенадесять царства Асы,
১০এইদৰে আচা’ৰ ৰাজত্বৰ তৃতীয় মাহত তেওঁলোকে যিৰূচালেমত গোট খালে।
11 и пожроша Господу в день той от корыстей, ихже приведоша, волов седмь сот и овец седмь тысящ,
১১আৰু সেই সময়ত তেওঁলোকে লুটি অনা বস্তুৰ পৰা সাতশ ষাঁড়-গৰু আৰু সাত হাজাৰ ভেড়া ও ছাগলী যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে।
12 и поидоша в завете, еже искати Господа Бога отец своих всем сердцем и всею душею своею:
১২আৰু তেওঁলোকে নিজৰ সকলো চিত্তেৰে সকলো মনেৰে নিজৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰিবলৈ এটি নিয়ম কৰিলে৷
13 и (рече): всяк, иже аще не взыщет Господа Бога Израилева, да умрет от юнаго даже до старейшаго, от мужа даже до жены.
১৩সৰু বা বৰ, পুৰুষ বা মহিলাই হওঁক, যি কোনোৱে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক বিচাৰ নকৰিব, তেওঁৰ প্ৰাণদণ্ড হ’ব, ইয়াকে তেওঁলোকে থিৰ কৰিলে।
14 И кляшася Господу гласом великим в восклицании и в трубах и в рожаных.
১৪তেওঁলোকে বৰ মাতেৰে জয়ধ্বনি কৰি, তুৰী আৰু শিঙা বজাই যিহোৱাৰ সাক্ষাতে শপত ল’লে।
15 И возрадовася весь Иуда о клятве, яко от всея души кляшася, и всею волею взыскаша Его, и обретеся им, и даде им Господь покой окрест.
১৫এই শপত লওঁতে আটাই যিহূদাই আনন্দ কৰিলে কিয়নো তেওঁলোকে নিজৰ সকলো মনেৰে সৈতে শপত ল’লে আৰু সম্পূৰ্ণকৈ নিজ ইচ্ছাৰে তেওঁক বিচাৰিলে; তেতিয়া তেওঁলোকে তেওঁক বিচাৰি পালে৷ আৰু যিহোৱাই তেওঁলোকৰ ওপৰত শান্তি প্ৰদান কৰিলে৷
16 И Мааху матерь свою отлучи, да не служит Астарту, и сокруши идола и сожже в потоце Кедрстем.
১৬ৰজা আচাই তেওঁৰ বুঢ়ীমাক মাখাকো ৰাজমাও পদৰ পৰা আঁতৰাইছিল, কিয়নো তেওঁৰ বুঢ়ীমাক মাখাই আচেৰা মূৰ্তি বুলি এটা ঘিণলগীয়া প্রতিমা স্থাপন কৰিছিল। স্থাপন কৰা সেই মূর্তিটো আচাই কাটি, সেইটো গুৰি কৰি কিদ্ৰোণ জুৰিৰ ওচৰত পুৰি পেলাইছিল। আৰু তাক গুৰি কৰি কিদ্ৰোণ জুৰিৰ কাষত পুৰি পেলালে।
17 Токмо высоких не отстави, еще бо бяху во Израили, но сердце Асы бе совершенно во всех днех его:
১৭কিন্তু ইস্ৰায়েলৰ মাজৰ পৰা ওখ ঠাইবোৰ গুচুউৱা নহ’ল৷ তথাপিও আচা’ৰ মন নিজ আয়ুসৰ সকলো কালত সমৰ্পিত আছিল।
18 и внесе святая Давида отца своего и святая своя в дом Божий, сребро и злато и сосуды.
১৮তেওঁ নিজ পিতৃৰ দ্বাৰাই পবিত্ৰ কৰা আৰু নিজেও পবিত্ৰ কৰা বস্তু, অৰ্থাৎ ৰূপ, সোণ আৰু পাত্ৰবোৰ ঈশ্বৰৰ গৃহলৈ আনিছিল।
19 И брань не бысть ему даже до тридесять пятаго лета царства Асина.
১৯আচা’ৰ ৰাজত্বৰ পঁয়ত্ৰিশ বছৰলৈকে কোনো যুদ্ধ হোৱা নাছিল৷