< Первая книга Царств 21 >
1 И прииде Давид в Номву ко Авимелеху иерею: и ужасеся Авимелех о пришествии его и рече ему: что яко ты един, и никтоже с тобою?
১তাৰ পাছত দায়ুদ নোবত থকা অহীমেলক পুৰোহিতৰ ওচৰলৈ আহিল। তাতে অহীমেলকে কঁপি কঁপি দায়ূদৰ লগত সাক্ষাৎ কৰিবলৈ আহিল, আৰু তেওঁক ক’লে, “কিয় তোমাৰ লগত কোনো নাই আৰু তুমি কিয় অকলে আহিছা?”
2 И рече Давид иерею: царь заповеда ми глагол днесь и рече ко мне: никтоже да уразумеет глагола, егоже ради аз посылаю тя и о немже аз заповедаю ти: и отроки оставих на месте глаголемем еммоним:
২দায়ূদে অহীমেলক পুৰোহিতক ক’লে, “ৰজাই মোক তেওঁৰ কাৰ্যৰ অৰ্থে পঠাইছে, আৰু মোক ক’লে, ‘মই তোমাক যি কাৰ্যৰ উদ্দেশে পঠাইছোঁ আৰু তোমাক কি আদেশ দিছোঁ সেই যিষয়ে যেন কোনেও গম নাপাই।’ মই যুৱক সকলক বিশেষ ঠাইলৈ যাবলৈ নিৰ্দেশ দিছোঁ।
3 и ныне аще суть у тебе пять хлебы, даждь ми елико имаши.
৩এতিয়া তোমাৰ হাতত কি আছে? মোক পাঁচটা পিঠা বা ইয়াত যি আছে তাকে দিয়া।”
4 И отвеща иерей Давиду и рече: не суть хлебы прости у мене, но точию хлебы у мене священнии: аще сохранени отроцы суть токмо от жены, снедят.
৪পুৰোহিতে দায়ূদক উত্তৰ দি ক’লে, “মোৰ হাতত সাধাৰণ পিঠা নাই, কিন্তু পবিত্ৰ পিঠাহে আছে; যদি যুৱকসকলে নিজকে মহিলাৰ পৰা পৃথকে ৰাখে।”
5 И отвеща Давид иерею и рече ему: и (мы) от жен воздержахомся вчера и третияго дне: отнележе изыдох аз на путь, быша вси отроцы очищени, и сей путь нечист, но освятится днесь сосуд ради моих.
৫দায়ূদে পুৰোহিতক উত্তৰ দিলে, “নিশ্চয়কৈ এই তিনি দিন আমাৰ পৰা মহিলাসকলক পৃথকে ৰাখিম। যেতিয়া মই ওলাই আহিলোঁ, যুৱকসকলৰ শৰীৰ পবিত্ৰ আছিল, যদিও বা এই যাত্ৰা সাধাৰণ আছিল। আজি তেওঁলোকৰ শৰীৰ আৰু কিমান পবিত্ৰ হ’ব লাগে?”
6 И даде ему Авимелех иерей хлебы предложения, яко тамо не бе хлеба, но токмо хлебы лица, иже взяты от лица Господня, еже предложитися хлебу теплому, в оньже день взя их.
৬তাতে পুৰোহিতে তেওঁক পবিত্ৰ পিঠা দিলে। কাৰণ তাত আন পিঠা নাছিল, কেৱল তাত থকা পিঠা যি যিহোৱাৰ সন্মুখৰ পৰা আঁতৰোৱা হৈছিল যাতে তাৰ ঠাইত গৰম পিঠা ৰাখিব পৰা যায়।
7 И бе тамо един от отрок Сауловых в день он удержан пред Господем, и имя ему Доик Сирин, (старейшина от пастырь Сауловых, ) пасый мски Сауловы.
৭সেই দিনা চৌলৰ দাসবোৰৰ মাজৰ ইদোমীয়া দোৱেগ নামেৰে এজন লোক যিহোৱাৰ সন্মুখত, তেওঁ চৌলৰ প্ৰধান পশুপালক আছিল।
8 И рече Давид ко Авимелеху: виждь, аще есть зде у тебе копие или мечь, яко меча моего и оружия моего не взях с собою, яко царево повеление внезапу ми бысть.
৮দায়ূদে অহীমেলকক ক’লে, “তোমাৰ এই ঠাইত যাঠি বা তৰোৱাল একো নাই নে? কাৰণ, মই ৰজাৰ জৰুৰী কাৰ্য কৰিব লগা হোৱাত, মই নিজৰ তৰোৱাল বা অস্ত্ৰ লগত অনা নহ’ল।”
9 И рече иерей: се, мечь Голиафа иноплеменника, егоже ты убил еси во юдоли Ила, и той обвит бяше в ризу за ефудом: аще той хощеши взяти, возми себе, несть бо инаго зде кроме сего. И рече Давид: се, несть якоже той: даждь ми его. И даде его ему.
৯পুৰোহিতে ক’লে, “এলা উপত্যকাত তুমি যাক বধ কৰিছিলা সেই পলেষ্টীয়া গলিয়াথৰ তৰোৱাল এফোদৰ পাছফালে কাপোৰেৰে মেৰোৱা আছে। যদি তুমি লব খোজা, লোৱা, কাৰণ তাৰ বাহিৰে আন কোনো অস্ত্ৰ ইয়াত নাই।” তাতে দায়ূদে ক’লে, “তাৰ সমান তৰোৱাল আৰু নাই; তাকে মোক দিয়া।”
10 И воста Давид, и убеже в той день от лица Саулова, и прииде Давид ко Анхусу царю Гефску.
১০তাৰ পাছত দায়ুদ উঠি চৌলৰ ভয়ত পলাল আৰু সেই দিনাই গাতৰ ৰজা আখীচৰ ওচৰলৈ গ’ল।
11 И реша отроцы Анхусовы к нему: не сей ли Давид царь земли? Не сему ли изыдоша (жены) ликующыя, глаголющя: победи Саул с тысящами своими, и Давид со тмами своими?
১১আখীচৰ দাসবোৰে তেওঁক ক’লে, “এই মানুহ জন জানো দেশৰ ৰজা দায়ুদ নহয় নে? তেওঁলোকে নাচি নাচি তেওঁৰ বিষয়ে পৰস্পৰে গান গাই কোৱা নাই নে - “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক?”
12 И положи Давид глаголы сия в сердцы своем, и убояся зело от лица Анхуса царя Гефска.
১২তাতে দায়ূদে সেই কথা হৃদয়ত ৰাখি গাতৰ ৰজা আখীচলৈ অতিশয় ভয় কৰিলে।
13 И измени лице свое пред ним, и притворися в день той, и бияше во врата града, яко в тимпан, и падаше на руки своя, и паде у врат града, и слины своя точаше по браде своей.
১৩তেওঁ নিজৰ আচৰণ সলনি কৰিলে আৰু দুৱাৰত আঁকি-বাকি আৰু নিজৰ ডাঢ়িৰ ওপৰত লালটি বোৱাই তেওঁলোকৰ আগত বলীয়াৰ ভাও ধৰিলে।
14 И рече Анхус ко отроком своим: се, видесте мужа неистова, почто его введосте ко мне?
১৪তাতে আখীচে তেওঁৰ দাসবোৰক ক’লে, “চোৱা, এই মানুহজন বলীয়া। তেওঁক মোৰ ওচৰলৈ কিয় আনিছা?
15 Еда не имею аз неистовых, яко введосте его, да беснуется предо мною? Сей да не внидет в дом мой.
১৫মোৰ জানো বলীয়া মানুহৰ অভাৱ হৈছে, যে, মোৰ ওচৰত বলীয়াৰ দৰে ব্যৱহাৰ কৰিবলৈ তোমালোকে ইয়াক আনিলা, এই মানুহ মোৰ গৃহত সোমাব নে?”