< Первая книга Царств 15 >

1 И рече Самуил к Саулу: посла мя Господь помазати тя на царство в людех Его во Израили: и ныне послушай гласа словес Господних:
চমূৱেলে চৌলক ক’লে, “যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ ওপৰত ৰজা হ’বৰ অৰ্থে তোমাক অভিষেক কৰিবলৈ মোক পঠাইছিল; এই হেতুকে এতিয়া তুমি যিহোৱাৰ বাক্য শুনা।
2 сия рече Господь Саваоф: ныне отмщу, яже сотвори Амалик Израилю, егда срете его на пути, восходящу ему от Египта:
বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলসকল, মিচৰৰ পৰা ওলাই অহা সময়ত অমালেকে বাটৰ মাজত তেওঁলোকক কি দৰে বাধা দিছিল, তালৈ মই লক্ষ্য কৰিলোঁ।
3 и ныне ты иди, и поразиши Амалика и Иерима, и вся яже суть его, и не снабдиши от них (ничтоже), и искорениши его: и прокленеши его и вся сущая его, и не пощадиши его: и да убиеши от мужеска полу и до женска и от юнош и до ссущих млеко, и от говяд до овец и от велблюд до ослят.
সেয়ে যোৱা, অমালেকক প্ৰহাৰ কৰা আৰু তেওঁলোকৰ যি সকলো আছিল তাক নষ্ট কৰা, তেওঁলোকলৈ দয়া নকৰিবা; কিন্তু পুৰুষ আৰু নাৰী, শিশু আৰু পিয়াহ খোৱা কেঁচুৱা, গৰু, মেৰ, ছাগলী, উট আৰু গাধ সকলোকে বধ কৰিবা।”
4 И собра люди Саул и сочте я в Галгалех двесте тысящ пеших и десять тысящ от Иуды в полцех:
চৌলে লোকসকলক মাতি আনিলে আৰু টলায়ীমত তেওঁলোকক গণনা কৰিলে; তাতে দুই লাখ পদাতিক আৰু যিহূদাৰ দহ হাজাৰ লোক হ’ল।
5 и прииде Саул до градов Амаликовых и засяде в потоце.
তাৰ পাছত চৌল অমালেকৰ নগৰলৈ গৈ উপত্যকাত অপেক্ষা কৰি থাকিল।
6 И рече Саул ко Кинеови: иди и уклонися от среды Амалика, да не погублю тя с ним, ты бо сотворил еси милость с сынми Израилевыми, егда исхождаху из Египта. И уклонися Киней от среды Амалика.
তেতিয়া চৌলে কেনীয়াসকলক ক’লে, “তোমালোক অমালেকীয়াসকলৰ মাজৰ পৰা ওলাই আঁতৰি যোৱা, তেতিয়া তেওঁলোকৰ লগত তোমালোককো বিনষ্ট নকৰিম। কাৰণ মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহা সময়ত তোমালোকে তেওঁলোকলৈ দয়া কৰিছিলা।” সেয়ে কেনীয়া সকল অমালেকৰ মাজৰ পৰা ওলাই গ’ল।
7 И порази Саул Амалика от Евилы даже до Сура, иже пред лицем Египта:
তাৰ পাছত চৌলে হবীলাৰ পৰা মিচৰৰ পূবফালে থকা চূৰলৈকে অমালেকীয়া সকলক আক্ৰমণ কৰিলে।
8 и ят Агага царя Амаликова жива, и вся люди изби, и Иерима уби мечем.
তেওঁ অমালেকীয়া সকলৰ ৰজা অগাগক জীৱিত অৱস্থাতে ধৰিলে, আৰু আন লোক সকলক তৰোৱালৰ ধাৰেৰে ধ্বংস কৰিলে।
9 И сохрани Саул и вси людие Агага царя жива и благая от стад и буйволов, и снедей (и одежд), и виноградов и от всех благих: и не хотяху искоренити я, точию хуждшее и уничиженое истребиша.
কিন্তু চৌল আৰু লোকসকলে অগাগক আৰু উত্তম উত্তম মেৰ, ছাগলী, গৰু, হৃষ্টপুষ্ট দামুৰি আৰু মেৰ পোৱালিবোৰ আৰু আটাই উত্তম বস্তুবোৰ ধ্বংস নকৰিলে, কিন্তু যিবোৰ ঘিণলগা আৰু মূল্যহীন সেইবোৰক সম্পূৰ্ণ ভাৱে ধংস কৰিলে।
10 И бысть глаголгол Господень к Самуилу, глаголя:
১০তাৰ পাছত চমূৱেললৈ যিহোৱাৰ বাক্য আহিল,
11 раскаяхся, яко помазах Саула на царство, понеже отвратися от Мене и словес Моих не соблюде. И опечалися Самуил и вопияше ко Господу всю нощь.
১১“চৌলক যে মই ৰজা পাতিলোঁ তাৰ বাবে মই দুখিত; কিয়নো তেওঁ মোৰ পৰা বিমুখ হ’ল আৰু মোৰ আজ্ঞাবোৰ পালন নকৰিলে।” তেতিয়া চমূৱেলৰ খং উঠিল, তেওঁ গোটেই ৰাতি যিহোৱাৰ আগত ক্ৰন্দন কৰিলে।
12 И воста рано Самуил, и идяше на сретение Израилтяном рано. И возвестиша Самуилу, глаголюще: идет Саул в Кармил, и се, воздвиже руку себе, и возврати колесницу, и сниде в Галгалы. И прииде Самуил к Саулу, и се, той возношаше всесожжение Господу, первая от корыстей, ихже взя от Амаликов.
১২চমূৱেল ৰাতিপুৱাতে উঠি চৌলৰ লগত সাক্ষাৎ কৰিবলৈ গ’ল। কিন্তু চমূৱেলক এই কথা কোৱা হ’ল, “চৌলে কৰ্মিললৈ আহি নিজৰ কাৰণে এটা জয়স্তম্ভ স্থাপন কৰিলে, আৰু তাৰ পৰা ঘূৰি গিলগললৈ গুচি গ’ল।”
13 И прииде Самуил к Саулу, и рече ему Саул: благословен ты Господу, сотворих бо вся, елика (ми) глагола Господь.
১৩তাৰ পৰা চমূৱেল চৌলৰ ওচৰলৈ আহিল, চৌলে তেওঁক ক’লে, “আপুনি যিহোৱাৰ আশীৰ্ব্বাদ-প্ৰাপ্ত হওঁক; মই যিহোৱাৰ আজ্ঞা পালন কৰিলোঁ।”
14 И рече Самуил: и кий глас стад сих во ушию моею, и глас говяд, егоже аз слышу?
১৪চমূৱেলে ক’লে, “তেন্তে মোৰ কাণত মেৰ আৰু ছাগলীৰ বেবেনি হৈছে কিয়? আৰু গৰুৰ হেম্বেলনি মই শুনিছোঁ, কিয়?”
15 И рече Саул: от Амалика пригнах я, ихже сохраниша людие лучшая от стад и от волов, еже пожрети я Господу Богу твоему, прочая же избих.
১৫চৌলে ক’লে, “সেইবোৰ অমালেকীয়া সকলৰ পৰা অনা হৈছে; কিয়নো নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ কাৰণে লোকসকলে উত্তম উত্তম মেৰ ও ছাগলী, আৰু উত্তম উত্তম গৰু ৰাখিলে; কিন্তু অৱশিষ্টবোৰ আমি ধ্বংস কৰিলোঁ।”
16 И рече Самуил к Саулу: потерпи, и возвещу ти, яже глагола Господь ко мне нощию.
১৬চমূৱেলে চৌলক ক’লে, “ৰ’বা, যোৱা ৰাতি যিহোৱাই মোক যি ক’লে, তাক মই তোমাক কওঁ।” চৌল তেওঁক ক’লে, “কওক!”
17 И рече ему (Саул): глаголи. И рече Самуил к Саулу: еда не мал был еси ты пред Ним, и не властелина ли тя постави хоругви колена Израилева? И помаза тя Господь на царство Израилево:
১৭চমূৱেলে ক’লে, “যদিও তুমি নিজৰ দৃ্ষ্টিত সৰু আছিলা, তথাপি ইস্ৰায়েলৰ ফৈদ সকলৰ মাজত তোমাক মুখ্য কৰা নহ’ল নে?” আৰু যিহোৱাই তোমাক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰিলে।
18 и посла тя Господь путем и рече тебе: иди и искорени Амалика, и погуби согрешших предо Мною, и воюй их, дондеже скончаеши их:
১৮যিহোৱাই তোমাক তোমাৰ পথত পঠাই দি ক’লে, যোৱা পাপী লোকসকলক সম্পূৰ্ণভাৱে ধংস কৰা, আৰু অমালেকীয়াসকল সম্পূৰ্ণ ভাৱে ধ্বংস নোহোৱালৈকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰা।
19 и почто не послушал еси гласа Господня по всему, елико глагола тебе, но устремился еси на корысти и сотворил еси лукавое пред Господем?
১৯তেনেহলে তুমি যিহোৱাৰ বাক্য কিয় পালন কৰা নাছিলা, কিন্তু তাৰ পৰিবৰ্তে কিয় লুট কৰা বস্তু জব্দ কৰি যিহোৱাৰ দৃষ্টিত কিয় পাপ কৰিলা?”
20 И рече Саул к Самуилу: послушах гласа людий и идох путем, имже посла мя Господь, и приведох Агага царя Амаликова, и Амалики искорених:
২০চৌলে চমূৱেলক ক’লে, “মই অৱশ্যে যিহোৱাৰ বাক্যলৈ পালন কৰিলোঁ। আৰু যিহোৱাই মোক যি বাটেদি পঠাইছিল, সেই বাটেদি গ’লো। অমালেকৰ ৰজা অগাগক মই বন্দী কৰিলোঁ, আৰু অমালেকীয়াসকলক সম্পূৰ্ণভাৱে ধ্বংস কৰিলোঁ।
21 и взяша людие корысти от стад и буйволы, первая от истребляемых на пожрение Господу Богу нашему в Галгалех.
২১কিন্তু লোকসকলে গিলগলত আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে সম্পূৰ্ণভাৱে ধংস কৰিবলগীয়া বস্তুৰ মাজৰ পৰা উত্তম যি ভাগ, যেনে মেৰ, ছাগলী, আৰু গৰু আনিলে।”
22 И рече Самуил: еда угодны Господу всесожжения и жертвы, якоже послушати гласа Господня? Се, послушание паче жертвы благи, и покорение паче тука овня:
২২চমূৱেলে ক’লে, “যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম।
23 якоже грех есть чарование, тако (грех есть) противление, и якоже грех есть идолопоклонение, тако непокорение: понеже уничижил еси глаголгол Господень, и уничижит тя Господь не быти тебе царем во Израили.
২৩কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”
24 И рече Саул к Самуилу: согреших, яко преступих слово Господне и глагол твой, убояхся бо людий и послушах гласа их:
২৪তাৰ পাছত চৌলে চমূৱেলক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো যিহোৱাৰ আজ্ঞা আৰু আপোনাৰ বাক্য লঙ্ঘন কৰিলোঁ; কাৰণ মই লোকসকলক ভয় কৰি তেওঁলোকৰ কথা শুনিলোঁ।
25 и ныне возми грех мой и возвратися со мною, да поклонюся Господу Богу твоему.
২৫এতিয়া, মই বিনয় কৰোঁ, মোৰ পাপ ক্ষমা কৰক আৰু আপুনি মোৰ লগত ঘুৰি আহক যাতে মই যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”
26 И рече Самуил к Саулу: не возвращуся с тобою, яко уничижил еси глаголгол Господень, и уничижит тя Господь не быти тебе царем во Израили.
২৬চমূৱেলে চৌলক ক’লে, “মই তোমাৰ লগত ঘুৰি নাযাওঁ; কিয়নো তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, আৰু যিহোৱায়ো তোমাক ইস্ৰায়েলৰ ওপৰত হোৱা ৰজাপদৰ পৰা অগ্ৰাহ্য কৰিলে।”
27 И отврати Самуил лице свое еже отити: и ят Саул за воскрилие ризы его и раздра е.
২৭যেতিয়া চমূৱেলে যাবলৈ মুখ ঘূৰালে, তেতিয়া চৌলে তেওঁৰ কাপোৰৰ আগভাগ ধৰিলে, আৰু সেইয়া ফাতি এৰাই গ’ল।
28 И рече ему Самуил: раздра Господь царство Израилево от руку твоею днесь, и даст е ближнему твоему, лучшему паче тебе,
২৮চমূৱেলে তেওঁক ক’লে, “যিহোৱাই আজি তোমাৰ পৰা ইস্ৰায়েলৰ ৰাজত্ব টানি ফালিলে, আৰু তোমাতকৈয়ো উত্তম তোমাৰ এজন চুবুৰীয়াক দিলে।
29 и разделится Израиль на двое: и не обратится, ниже раскается Святый Израилев, занеже не яко человек есть, еже раскаятися Ему, запретит, и не пребудет.
২৯আৰু ইস্ৰায়েলৰ যিহোৱাই কেতিয়াও মিছা কথা নকয়, বা তেওঁ মন সলনি নকৰে; কাৰণ তেওঁ মানুহ নহয় যে তেওঁ মন সলনি কৰিব।”
30 И рече Саул: согреших, но прослави мя ныне пред старейшины Израилевы и пред людьми моими, и возвратися со мною, и поклонюся Господу Богу твоему.
৩০তেতিয়া চৌলে ক’লে, “মই পাপ কৰিলোঁ; তথাপি মই বিনয় কৰোঁ, বৃদ্ধ লোকসকলৰ আৰু ইস্ৰায়েলৰ আগত মোৰ মান ৰাখক। মোৰ লগত ঘুৰি আহক, তাতে মই যেন আপোনাৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”
31 И возвратися Самуил вслед Саула, и поклонися Саул Господу.
৩১সেয়ে চমূৱেলে চৌলৰ পাছত ঘুৰি গ’ল, আৰু চৌলে যিহোৱাৰ প্ৰশংসা কৰিলে।
32 И рече Самуил: приведите ми Агага царя Амаликова. И прииде к нему Агаг трепеща, и рече Агаг: тако ли горька смерть?
৩২তাৰ পাছত চমূৱেলে ক’লে, “অমালেকৰ ৰজা অগাগক মোৰ ওচৰলৈ আনা।” অগাগে আনন্দ মনেৰে তেওঁৰ ওচৰলৈ আহিল, আৰু ক’লে, “নিশ্চয় মৃত্যু যন্ত্ৰণা দূৰ হ’ল।”
33 И рече Самуил ко агагу: якоже обезчадствова жен оружие твое, тако обезчадится в женах мати твоя. И закла Самуил Агага пред Господем в Галгалех.
৩৩চমূৱেলে উত্তৰ দি ক’লে, “যিদৰে তোমাৰ তৰোৱালে অনেক মহিলাক সন্তানহীনা কৰিলে, সেইদৰে মহিলাসকলৰ মাজত তোমাৰ মাতৃও সন্তানহীনা হ’ব।” এইদৰে কৈ, চমূৱেলে গিলগলত যিহোৱাৰ সন্মুখত অগাগক ডোখৰ ডোখৰ কৰি কাটিলে।
34 И отиде Самуил во Армафем: и Саул отиде в дом свой в Гаваю.
৩৪তাৰ পাছত চমূৱেল ৰামালৈ গ’ল আৰু চৌল গিবিয়াত থকা নিজৰ ঘৰলৈ গ’ল।
35 И не приложи Самуил ктому видети Саула даже до дне смерти своея, понеже плакаше Самуил о Сауле, занеже раскаяся Господь, яко постави Саула царя во Израили.
৩৫কিন্তু তেতিয়াৰে পৰা মৃত্যুলৈকে চমূৱেলে চৌলক পুনৰ দেখা নকৰিলে, কাৰণ চমূৱেলে চৌলৰ বাবে শোক কৰিলে। আৰু যিহোৱাই ইস্ৰায়েলৰ ওপৰত চৌলক যে ৰজা পাতিলে, তাৰ বাবে তেওঁ বেজাৰ কৰিলে।

< Первая книга Царств 15 >