< Joshua 11 >
1 Zvino Jabhini mambo weHazori akati anzwa pamusoro paizvozvi, akatumira shoko kuna Jobhabhi mambo weMadhoni, nokuna madzimambo eShimuroni neAkishafi,
১যেতিয়া হাচোৰৰ ৰজা যাবীনে ইস্ৰায়েলীসকলৰ বিজয়ৰ কথা শুনিলে, তেতিয়া তেওঁ এই বিষয়ে মাদোনৰ ৰজা যোবাব, চিম্ৰোনৰ ৰজা, অক্চফৰ ৰজা,
2 uye nokumadzimambo okumusoro aigara mumakomo, muArabha zasi kweKinereti, kumadokero kwamajinga ezvikomo uye nokuzvikomo zveNafoti Dhori kumadokero;
২আৰু যিসকল ৰজা উত্তৰ অঞ্চলৰ পাৰ্বত্যভূমিত, যৰ্দ্দন নদীৰ কিন্নেৰতৰ দক্ষিণ উপত্যকা অঞ্চলত, নিম্নভূমি অঞ্চলত, আৰু পশ্চিম অঞ্চলৰ দোৰৰ উচ্চভূমিত বসতি কৰি আছিল, সেই সকলো ৰজাৰ ওচৰলৈ সংবাদ পঠিয়ালে।
3 NokuvaKenani kumabudazuva nokumadokero, nokuvaAmori, vaHiti, vaPerizi navaJebhusi munyika yamakomo; uye nokuvaHivhi muzasi meHemoni mudunhu reMizipa.
৩তেওঁ পূব আৰু পশ্চিমে থকা কনানীয়া, ইমোৰীয়া, হিত্তীয়া, পৰিজ্জীয়াসকলৰ লগতে পৰ্ব্বতীয়া অঞ্চল নিবাসী যিবুচীয়া আৰু হৰ্মোণৰ তলত থকা মিস্পা দেশীয় হিব্বীয়া সকলৰ ওচৰলৈও মানুহ পঠিয়াই এই সংবাদ দিলে।
4 Vakauya nehondo dzavo dzose namabhiza nengoro zhinji zhinji, navanhu vazhinji kwazvo, vakanga vakawanda sejecha rapamahombekombe egungwa.
৪তেতিয়া তেওঁলোকে সৈন্য-সামন্ত লগত লৈ সমুদ্ৰৰ পাৰৰ বালিৰ নিচিনা অসংখ্য লোকৰ সৈতে অধিক ঘোঁৰা আৰু ৰথ লৈ ওলাই আহিল।
5 Madzimambo ose aya akaungana vakavaka musasa pamwe chete paMvura yeMeromi, kuti vazorwa navaIsraeri.
৫আৰু এইদৰে সকলো ৰজা একগোট হ’ল আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ আহি মেৰোম নামেৰে সৰোবৰৰ ওচৰত একেলগে ছাউনি পাতিলে।
6 Jehovha akati kuna Joshua, “Usavatya nokuti mangwana nguva ino ndichavaisa vose vakatofa mumaoko avaIsraeri. Munofanira kutema marunda amakumbo amabhiza avo nokupisa ngoro dzavo.”
৬যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো কাইলৈ এনে সময়তে মই ইস্ৰায়েলৰ আগত তেওঁলোকৰ সকলোকে বধ কৰি সমৰ্পণ কৰিম৷ তুমি তেওঁলোকৰ ঘোঁৰাৰ ভৰিৰ সিৰ্ কাটিবা আৰু ৰথবোৰ জুইৰে পুৰি পেলাবা।”
7 Naizvozvo Joshua nehondo yake vakavavinga pakarepo paMvura yeMeromi vakavarwisa,
৭পাছত যিহোচূৱাই সকলো যুজাৰু লোকক লগত লৈ ওলাই আহিল৷ তেওঁলোকৰ বিৰুদ্ধে মেৰোম সৰোবৰৰ ওচৰত আকস্মাতে ওলাই তেওঁলোকক আক্ৰমণ কৰিলে।
8 uye Jehovha akavaisa mumaoko avaIsraeri. Vakavakunda vakavadzinganisa kusvikira kuGuta reSidhoni, nokuMisirefoti Maimi, nokuMupata weMizipa kumabvazuva, kusvikira pasisina mupenyu akasara.
৮যিহোৱাই শত্ৰুসকলক ইস্ৰায়েলৰ হাতত সমৰ্পণ কৰাৰ পাছত তেওঁলোকে তেওঁলোকক তৰোৱালৰে আঘাত কৰি বধ কৰিলে আৰু মহাচীদোন ও মিষ্ৰফোৎ-ময়িমলৈকে, আৰু পূব ফালৰ মিস্পাৰ উপত্যকালৈকে তেওঁলোকক খেদি পঠিয়াই তেওঁলোকক সংহাৰ কৰিলে আৰু তেওঁলোকৰ কোনো এজনকো অৱশিষ্ট নাৰাখিলে।
9 Joshua akaita kwavari zvakanga zvarayirwa naJehovha: Akatema marunda amabhiza akapisa ngoro dzavo.
৯যিহোৱাই আজ্ঞা দিয়াৰ দৰেই যিহোচূৱাই তেওঁলোকৰ প্ৰতি কাৰ্য কৰিলে৷ তেওঁ তেওঁলোকৰ ঘোঁৰাৰ সিৰ্ কাটিলে আৰু ৰথবোৰ জুইৰে পুৰি পেলালে।
10 Panguva iyoyo, Joshua akadzokera akatora Hazori ndokuuraya mambo waro. (Hazori waiva muzinda woumambo hwose uhu.)
১০সেই সময়ত যিহোচূৱাই ঘূৰি আহি, হাচোৰ জয় কৰি ল’লে, আৰু তাৰ ৰজাক তেওঁ তৰোৱালেৰে বধ কৰিলে৷ কিয়নো হাচোৰ পূৰ্বৰে পৰা সেই সকলো ৰাজ্যৰ মাজত প্ৰধান আছিল।
11 Vakauraya nomunondo munhu wose aivamo. Vakavaparadza zvachose, vakasasiya chipi nechipi chaifema, uye akapisa Hazori pacharo nomoto.
১১তাত বাস কৰা সকলো জীৱিত প্ৰাণীক তেওঁলোকে তৰোৱালেৰে আক্ৰমণ কৰি নিঃশেষে বিনষ্ট কৰিলে, আৰু বিনষ্ট হ’বলৈ তেওঁ সেই লোকসকলক নিলগাই ৰাখিলে, গতিকে তাত কোনো এটা প্ৰাণীও জীৱিত নাথাকিল৷ পাছত তেওঁ হাচোৰ অর্থাৎ সেই ঠাই পুৰি পেলালে।
12 Joshua akakunda maguta oumambo ose aya namadzimambo awo ndokuvauraya nomunondo. Akavaparadza zvachose, sezvakanga zvarayirwa naMozisi muranda waJehovha.
১২যিহোচূৱাই সেই ৰজাসকলৰ গোটেই নগৰ দখল কৰিলে৷ তেওঁ আনকি তেওঁলোকৰ সকলো ৰজাক আটক কৰিলে আৰু আক্ৰমণ কৰি তৰোৱালেৰে বধ কৰিলে৷ যিহোৱাৰ দাস মোচিৰ আজ্ঞা অনুসাৰে তেওঁলোকক তৰোৱালেৰে বধ কৰি নিঃশেষে বিনষ্ট কৰিলে।
13 Asi vaIsraeri havana kupisa kana rimwe ramaguta akanga akavakwa pazvikomo zvavo, kusara kweHazori chete, rakapiswa naJoshua.
১৩কিন্তু যি যি নগৰ নিজ নিজ পৰ্ব্বতত সঁজা আছিল, ইস্ৰায়েলে হাচোৰৰ বাহিৰে সেইবোৰ পুৰি নেপেলালে; কেৱল এই নগৰখনহে যিহোচূৱাই পুৰিলে।
14 VaIsraeri vakatakura zvose zvavakapamba nezvipfuwo zvamaguta iwaya, asi vakaparadza zvachose vanhu vose, vakasasiya kana mumwe aifema.
১৪ইস্ৰায়েলৰ সৈন্যসকলে সেই নগৰবোৰৰ লুটদ্ৰব্য আৰু পশুধনবোৰ নিজৰ নিজৰ বাবে লুট কৰি ল’লে৷ কিন্তু সকলো নিঃশেষে বিনষ্ট হোৱালৈকে তেওঁ সকলো লোকক তৰোৱালেৰে বধ কৰিলে৷ তেওঁলোকে কোনো লোকক জীয়াই নাৰাখিলে।
15 Sezvakanga zvarayirwa Mozisi muranda wake naJehovha, saizvozvo Mozisi akarayira Joshua, uye Joshua akazviita; hapana chaakasiya chisina kuitwa pane zvose zvakanga zvarayirwa Mozisi naJehovha.
১৫যিহোৱাই নিজৰ দাস মোচিক যেনে আজ্ঞা দিছিল, মোচিয়েও যিহোচূৱাক তেনে আজ্ঞা কৰিছিল৷ আৰু যিহোৱাই মোচিক কাৰ্য কৰিবলৈ দিয়া সকলো আদেশৰ দৰে যিহোচূৱাই কাৰ্য কৰিলে, আৰু এটা কথাও তেওঁ নকৰাকৈ নাথাকিল।
16 Naizvozvo Joshua akatora nyika yose iyi nyika yamakomo, neNegevhi, dunhu rose reGosheni, majinga ezvikomo zvokumavirira, neArabha namakomo eIsraeri namajinga awo,
১৬এইদৰে যিহোচূৱাই সেই গোটেই দেশ ল’লে, তেওঁ পৰ্বতীয়া অঞ্চল, সমস্ত নেভেগ, গোচনৰ সমগ্র অঞ্চল, পৰ্বতমালাৰ পাদদেশ অঞ্চল, যৰ্দ্দন নদীৰ উপত্যকা অঞ্চল, ইস্ৰায়েলৰ পৰ্ব্বতীয়া অঞ্চল, আৰু নিম্নভূমি অঞ্চল দখল কৰিলে।
17 kubvira kuGomo reHaraki, rinokwidza rakananga kuSeiri, kuBhaari Gadhi muMupata weRebhanoni, zasi kweGomo reHemoni. Akabata madzimambo avo ose akavaparadza, akavauraya.
১৭চেয়ীৰলৈ বিস্তৃত হোৱা হালক পৰ্ব্বতৰ পৰা যিমান দূৰ সম্ভৱ হৰ্মোণ পৰ্বতৰ উত্তৰ ফালে থকা লিবানোনৰ বাল্গাদ উপত্যকালৈ থকা সকলো ৰাজ্যৰ ৰজাক বন্দী কৰিলে আৰু তেওঁলোকক বধ কৰিলে। সেই ৰজাবোৰক ধৰিলে আৰু আঘাত কৰি বধ কৰিলে।
18 Joshua akarwa namadzimambo ose aya kwenguva refu.
১৮যিহোচূৱাই সেই ৰজাসকলৰে সৈতে বহু কাল যুদ্ধ কৰি আছিল।
19 Hakuna guta kana rimwe rakaita sungano yorugare navaIsraeri kunze kwavaHivhi vaigara muGibheoni, vavakatora vose pakurwa.
১৯গিবিয়োন-নিবাসী হিব্বীয়াসকলৰ বাহিৰে আন কোনো নগৰৰ লোকে ইস্ৰায়েলৰ সন্তান সকলৰে সৈতে সন্ধি স্থাপন নকৰিলে৷ ইস্ৰায়েলে আনসকলো নগৰৰ সকলোকেই যুদ্ধ কৰি দখল কৰি ল’লে।
20 Nokuti Jehovha ndiye akaomesa mwoyo yavo kuti varwe navaIsraeri, kuti vavaparadze zvachose, vavaparadze pasina kunzwira tsitsi, sezvakanga zvarayirwa Mozisi naJehovha.
২০কিয়নো তেওঁলোকক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ বাবে যিহোৱাই তেওঁলোকৰ হৃদয় কঠিন কৰিছিল; সেই বাবে তেওঁলোকে আহি ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকৰ দয়াৰ নিবেদন শুনা নগ’ল; বৰং তেওঁলোক সম্পূর্ণৰূপে উচ্ছন্ন হ’ল৷
21 Panguva iyoyo Joshua akaenda akandoparadza vaAnaki munyika yamakomo: kubva kuHebhuroni, nokuDhebhiri nokuAnabhi, nokubva munyika yose yamakomo yeJudha, uye nokubva munyika yose yamakomo yavaIsraeri. Joshua akavaparadza zvachose namaguta avo.
২১সেই কালত যিহোচূৱাই আহি পৰ্ব্বতীয়া অঞ্চল, হিব্ৰোণ, দবীৰ, অনাব আৰু যিহূদা তথা ইস্ৰায়েলৰ আটাই পৰ্ব্বতীয়া অঞ্চলৰ পৰা অনাকীয়া সকলক উচ্ছন্ন কৰিলে৷ যিহোচূৱাই সম্পূর্ণৰূপে তেওঁলোকক নিজ নগৰবোৰৰ সৈতে বিনষ্ট কৰিলে।
22 Hakuna vaAnaki vakasara munyika yeIsraeri: kusara kwomuGaza, nomuGati nomuAshidhodhi makasara vamwe.
২২ইস্ৰায়েলৰ সন্তান সকলৰ দেশত অনাকীয়া সকলৰ কোনো অৱশিষ্ট নাথাকিল, কেৱল গাজাত, গাতত আৰু অচ্দোদত্হে কোনো অৱশিষ্ট থাকিল।
23 Naizvozvo Joshua akatora nyika yose, sezvakanga zvarayirwa Mozisi naJehovha, uye akaipa kuvaIsraeri kuti ive nhaka yavo zvichienderana namarudzi avo. Ipapo nyika yakazorora pakurwa.
২৩এইদৰে যিহোৱাই মোচিক কোৱাৰ দৰেই সেই সকলো দেশ যিহোচূৱাই দখল কৰি লৈছিল৷ পাছত যিহোচূৱাই এই দেশবোৰ ইস্ৰায়েলৰ প্ৰত্যেক ফৈদক ভাগ অনুসাৰে অধিকাৰ কৰিবলৈ দিলে। তেতিয়াৰে পৰা যুদ্ধ আতৰি গ’ল আৰু দেশ সুস্থিৰ হ’ল।