< Ezekieri 8 >
1 Mugore rechitanhatu, mumwedzi wechitanhatu pazuva reshanu, pandakanga ndirere mumba mangu uye vakuru veJudha vagere pamberi pangu, ruoko rwaIshe Jehovha rwakauya pamusoro pangu ipapo.
১আমাৰ নিৰ্বাসনৰ ষষ্ঠ বছৰৰ ষষ্ঠ মাহৰ পঞ্চম দিনা, মোৰ ঘৰত মই বহি থাকোঁতে আৰু যিহূদাৰ পৰিচাৰকসকল মোৰ আগত বহি থাকোঁতে, সেই ঠাইত প্ৰভু যিহোৱাৰ হাত পুনৰায় মোৰ ওপৰত অৰ্পিত হ’ল।
2 Ndakatarisa, ndikaona chimiro chakaita sechomunhu. Kubva ipapo zvichikwira kumusoro, kuratidzika kwake kwainge kuchibwinya sedare rinopisa.
২তেতিয়া চোৱা! মই মনুষ্যৰূপে এক মূৰ্ত্তি যেন দেখা পালোঁ; আৰু তেওঁৰ কঁকালৰ তলৰ পৰা যেন অগ্নিৰ দৰে আৰু তেওঁৰ কঁকালৰ পৰা ওপৰ অংশ উজ্বল ধাতুৰ দৰে দেখা গ’ল!
3 Akatambanudza chakanga chakaita soruoko akandibata nebvudzi romusoro wangu. Mweya akandisimudza pakati penyika nedenga uye muzviratidzo zvaMwari akanditora akandiendesa kuJerusarema, kumukova wokusuo rokumusoro roruvazhe rwomukati, pakanga pamire chifananidzo chinomutsa godo.
৩তেতিয়া তেওঁ হাত এখনৰ আকৃতিৰে মোৰ মূৰৰ চুলি ঢুকি পোৱাকৈ ধৰিলে; সেই আত্মাই মোক ওপৰলৈ দাঙি নিলে আৰু ঈশ্বৰীয় দৰ্শনত যিৰূচালেমত, যি ঠাইত অন্তৰ্জ্বালাজনক অহঙ্কাৰী-মূৰ্ত্তিটো স্থাপিত হৈ আছিল, সেই ঠাইৰ উত্তৰ দিশে থকা ভিতৰ-চোতালৰ প্রৱেশ কৰা পথত, পৃথিৱী আৰু আকাশৰ মাজেদি মোক লৈ আহিল।
4 Uye ipapo pamberi pangu pakanga pane kubwinya kwaMwari waIsraeri, sapachiratidzo chandakanga ndaona mubani.
৪মই সেই উপত্যকাত যি অৱস্থাত সেই দৰ্শন দেখিছিলোঁ, সেইদৰে ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱো সেই ঠাইত আছিল।
5 Ipapo akati kwandiri, “Mwanakomana womunhu, tarira kumusoro.” Naizvozvo ndakatarisa, uye pamukova wokumusoro kwesuo rearitari ndakaona chifananidzo ichi chegodo.
৫তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি চকু তুলি উত্তৰ ফালে চোৱা।” সেই কাৰণে মই উত্তৰ ফালে চকু তুলি চালোঁ আৰু যজ্ঞবেদীৰ উত্তৰফালে প্ৰৱেশ কৰা স্থানটোৰ ঠাইত সেই অহংকাৰী মূৰ্ত্তিটো আছিল।
6 Uye akati kwandiri, “Mwanakomana womunhu, unoona zvavari kuita here, izvo zvinhu zvinonyangadza chose zvinoitwa neimba yaIsraeri pano, zvinhu zvichandiisa kure neimba yangu tsvene? Asika, uchaona zvimwe zvinhu zvinonyangadza kwazvo.”
৬পাছত তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, লোকসকলে কি কৰি আছে সেয়া তুমি দেখিছা নে? মোৰ পবিত্ৰ স্থানৰ পৰা মই আঁতৰ হ’বলৈ ইস্ৰায়েল-বংশই যিবোৰ বৰ বৰ ঘিণলগীয়া কাৰ্য কৰিছে, সেইবোৰ তুমি দেখিছা নে? কিন্তু তুমি ইয়াতকৈয়ো অধিক ঘিণলগীয়া কাৰ্য দেখিবলৈ পাবা!”
7 Ipapo akaenda neni kumukova wokuruvazhe. Ndakatarisa ndikaona buri pamadziro.
৭এই বুলি তেওঁ মোক চোতালৰ বাট-চৰাৰ দুৱাৰৰ ভিতৰলৈ লৈ গ’ল আৰু তাত মই চাই দেৱালত এটা বিন্ধা দেখিলোঁ।
8 Iye akati kwandiri, “Mwanakomana womunhu, chichera zvino mumadziro.” Saka ndakachera mumadziro ndikaona mukova imomo.
৮তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, এই দেৱালখন খান্দি পেলোৱা।” তেতিয়া মই দেৱালখন খান্দোতে এখন দুৱাৰ দেখা পালোঁ!
9 Ipapo akati kwandiri, “Pinda mukati undoona zvinhu zvakaipa uye zvinonyangadza zvavanoita pano.”
৯তেতিয়া তেওঁ মোক পুনৰ ক’লে, “তুমি ভিতৰলৈ গৈ তেওঁলোকে তাত কৰি থকা ঘিণলগীয়া দুষ্কৰ্মবোৰ চোৱা।”
10 Saka ndakapinda mukati ndikatarisa, ndikaona mifananidzo pamadziro ose yezvinhu zvose zvinokambaira uye nemhuka dzinonyangadza nezvifananidzo zvose zveimba yaIsraeri.
১০তেতিয়া মই ভিতৰলৈ গৈ চাই দেখিলোঁ যে, সকলোবিধ উৰগ জন্তুৰ আৰু ঘিণলগীয়া পশুৰ প্ৰতিমূৰ্ত্তি আৰু ইস্ৰায়েল বংশৰ প্ৰতিমাবোৰ চাৰিওফালে দেৱালত খোদাই কৰি থোৱা আছিল।
11 Pamberi pazvo pakanga pamire vakuru makumi manomwe veimba yaIsraeri, uye Jaazania mwanakomana waShafani akanga akamira pakati pavo. Mumwe nomumwe akanga akabata hadyana yezvinonhuhwira muruoko rwake, uye munhuwi wegore rezvinonhuhwira wakanga uchienda kumusoro.
১১আৰু সেইবোৰৰ আগত ইস্ৰায়েল বংশৰ পৰিচাৰকসকলৰ সত্তৰজন পুৰুষ আৰু তেওঁলোকৰ মাজত চাফনৰ পুত্র যাজনিয়া থিয় হৈ আছিল। তেওঁলোক প্রতিজনে প্রতিমাবোৰৰ সন্মুখত থিয় হৈ হাতত এটা এটা ধূপৰ পাত্ৰ ল’লে যাতে সেই ধূপৰ সুগন্ধযুক্ত ধোঁৱা ওপৰলৈ উঠে।
12 Iye akati kwandiri, “Mwanakomana womunhu, waona here zvinoitwa navakuru veimba yaIsraeri murima, mumwe nomumwe pashongwe yechifananidzo chake? Vanoti, ‘Jehovha haationi, Jehovha akaramba nyika.’”
১২তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, ইস্ৰায়েল-বংশৰ পৰিচাৰকসকলে অন্ধকাৰত কি কৰিছে সেই বিষয়ে তুমি দেখিছা নে? এইদৰে প্রতিজনে নিজ নিজ গুপ্ত কোঁঠালিত প্রতিমাবোৰৰ সৈতে তেওঁলোকে কয়, ‘যিহোৱাই আমাক দেখা নাপায়! যিহোৱাই দেশখন ত্যাগ কৰিলে’!”
13 Akatizve, “Uchavaona vachiita zvinhu zvinonyangadza kupfuura izvi.”
১৩তেওঁ মোক পুনৰ ক’লে, “তুমি আকৌ ঘূৰি চোৱা, তেওঁলোকে কৰি থকা ঘিণলগীয়া কাৰ্যবোৰতকৈয়ো অতি বেছি দেখিবলৈ পাবা।”
14 Ipapo akaenda neni kumukova wokusuo rokumusoro weimba yaJehovha, ndikaona vakadzi vagerepo, vachichema Tamuzi.
১৪তাৰ পিছত তেওঁ যিহোৱাৰ গৃহৰ উত্তৰফালৰ বাট-চৰাৰ দুৱাৰমুখলৈ মোক লৈ যাওঁতে মই দেখিলোঁ, আৰু চোৱা! সেই ঠাইত মহিলাসকলে বহি তম্মুজৰ বাবে কান্দি আছিল।
15 Akati kwandiri, “Unoona here izvi, mwanakomana womunhu? Uchaona zvinhu zvakatonyanya kuipa kupfuura izvi.”
১৫তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি দেখিছা নে? তুমি ইয়াতকৈয়ো অধিক ঘিণলগীয়া কাৰ্য দেখিবলৈ পাবা।”
16 Zvino akaenda neni kuruvazhe rwomukati meimba yaJehovha, uye ipapo pamukova wetemberi, pakati pebiravira nearitari, pakanga pana varume vaikarosvika makumi maviri navashanu. Vakafuratira temberi yaJehovha uye zviso zvavo zvakatarisa kumabvazuva, vakanga vachipfugamira zuva kurutivi rwamabvazuva.
১৬আৰু তেওঁ মোক যিহোৱাৰ গৃহৰ ভিতৰ চোতাললৈ লৈ গ’ল, আৰু চোৱা! মই দেখিলোঁ, যিহোৱাৰ মন্দিৰৰ দুৱাৰমুখত, বাৰাণ্ডা আৰু যজ্ঞবেদীৰ মাজ ভাগত যিহোৱাৰ মন্দিৰৰ ফাললৈ পিঠি দি পূৱফালে মুখ কৰি প্রায় পঞ্চাশজনমান লোকে সূৰ্যৰ আগত প্ৰণিপাত কৰি আছিল।
17 Akati kwandiri, “Wazviona here izvi, iwe mwanakomana womunhu? Chinhu chiduku here kuimba yaJudha kuti vaite zvinhu zvinonyangadza zvavari kuita pano? Vanofanira here kuzadzazve nyika nechisimba uye nokuramba vachinditsamwisa? Vatarise vachiisa davi kumhuno dzavo.
১৭তেতিয়া তেওঁ মোক ক’লে, “হে মনুষ্য সন্তান, তুমি ইয়াক দেখিছা নে? ইয়াত যিহূদা বংশই যি যি ঘিণলগীয়া কাৰ্য কৰিছে, সেই সকলো কাৰ্য জানো তেওঁলোকলৈ লঘূ বিষয়? কিয়নো তেওঁলোকে দেশ অত্যাচাৰেৰে পূৰ কৰিলে আৰু মোক বেজাৰ দিবলৈ পুনৰায় ঘূৰিছে; আৰু চোৱা, তেওঁলোকে ডালবোৰ নাকত লগাইছে।
18 Naizvozvo ndichavaranga nehasha; handingavanzwiri tsitsi kana kuvaponesa. Kunyange vakaridza mhere munzeve dzangu, handingavanzwi.”
১৮এই হেতুকে ময়ো কোপেৰে কাৰ্য কৰিম; কৃপাদৃষ্টি নকৰিম; আৰু দয়াও নকৰিম; আৰু তেওঁলোকে বৰ মাতেৰে মোৰ কাণত কাতৰোক্তি কৰিলেও মই তেওঁলোকৰ কথা নুশুনিম।”