< Ezekieri 39 >
1 “Mwanakomana womunhu, profita pamusoro paGogi, uti, ‘Zvanzi naIshe Jehovha: Ndine mhaka newe, iwe Gogi, muchinda mukuru weMesheki neTubhari.
১“এতিয়া তুমি, হে মনুষ্য সন্তান, তুমি গোগৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰি কোৱা, প্ৰভু যিহোৱাই এই দৰে কৈছে: ৰোচ, মেচেক, আৰু তুবলৰ অধিপতি হে গোগ চোৱা! মই তোমাৰ বিপক্ষ।
2 Ndichakutendeutsa ndigokukwekweredza. Ndichakubvisa kumusoro ndigokutumira kundorwisa pamakomo eIsraeri.
২আৰু মই তোমাক ওলোটাম, তোমাক চলাই লৈ আহিম, আৰু উত্তৰৰ অন্তভাগৰ পৰা তোমাক উলিয়াই ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰলৈ তোমাক আনিম।
3 Ipapo ndicharova museve wako nechokuruboshwe rwako ndigowisira miseve yako pasi ichibva muruoko rwako rworudyi.
৩আৰু মই প্ৰহাৰ কৰি তোমাৰ ধনু তোমাৰ বাওঁ হাতৰ পৰা পেলাই দিম আৰু তোমাৰ সোঁ-হাতৰ পৰা তোমাৰ কাঁড়বোৰ পৰি যোৱা কৰিম।
4 Uchawa pamakomo aIsraeri, iwe namauto ako ose uye nendudzi dzaunadzo. Ndichakupa iwe sechokudya chemhando dzose dzeshiri dzinodya nyama uye nokumhuka dzesango.
৪তুমি ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ আটাই দলসমূহ আৰু তোমাৰ লগত থকা জাতিবোৰে সৈতে পৰি থাকিবা; তোমাক খাবলৈ মই সকলো বিধৰ হিংসক পক্ষী আৰু বনৰীয়া জন্তু তোমাক দিম।
5 Uchawira pamhene, nokuti ndazvitaura, ndizvo zvinotaura Ishe Jehovha.
৫প্ৰভু যিহোৱাই কৈছে, তুমি মুকলি পথাৰত পৰি থাকিবা; কাৰণ ময়েই ইয়াক কলোঁ।
6 Ndichatuma moto pamusoro paMagogi uye napamusoro pavagere zvakanaka muzviwi, uye vachaziva kuti ndini Jehovha.
৬‘আৰু মই মাগোগৰ মাজলৈ, আৰু দ্বীপবোৰত নিৰাপদে বাস কৰাবোৰৰ মাজলৈ অগ্নি পঠিয়াম; তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব।
7 “‘Ndichazivisa zita rangu dzvene pakati pavanhu vangu vaIsraeri. Handichazobvumiri kuti zita rangu dzvene risvibiswe, uye ndudzi dzichaziva kuti ini Jehovha ndini mutsvene woga waIsraeri.
৭আৰু মই মোৰ পবিত্ৰ নাম মোৰ প্ৰজা ইস্ৰায়েলৰ মাজত জনাম আৰু মোৰ পবিত্ৰ নাম অপবিত্ৰীকৃত হ’বলৈ আৰু নিদিম; তেতিয়া, মই যে যিহোৱা, ইস্ৰায়েলৰ পবিত্ৰ জনা তাক জাতিবোৰে জানিব।
8 Zviri kuuya! Zvirokwazvo zvichaitika, ndizvo zvinotaura Ishe Jehovha. Iri ndiro zuva randakareva.
৮প্ৰভু যিহোৱাই কৈছে, চোৱা! সেয়ে আহিছে, সেয়ে সিদ্ধ হ’ব, মই নিজে কোৱা দিন এয়ে।
9 “‘Ipapo vaya vanogara mumaguta aIsraeri vachabuda kunze vagoshandisa zvombo sehuni vagozvipisa, senhoo duku nehuru, uta nemiseve, tsvimbo dzehondo namapfumo. Vachazvishandisa sehuni kwamakore manomwe.
৯সেই সময়ত ইস্ৰায়েলৰ নগৰ নিবাসীসকলে ওলাই গৈ, ফৰ আৰু ঢাল, ধনু আৰু কাঁড়, হাতৰ লাঠি আৰু যাঠী আদি অস্ত্ৰবোৰ খৰি কৰি পুৰিব; তেওঁলোকে সাত বছৰলৈকে সেইবোৰ খৰি কৰি পুৰি থাকিব।
10 Havachazounganidzi huni kubva musango kana kudzitema kumatondo, nokuti vachashandisa zvombo sehuni. Uye vachapamba vaya vakambovapamba uye vachatorera nechisimba vaya vakambovatorera nechisimba, ndizvo zvinotaura Ishe Jehovha.
১০তেওঁলোকে পথাৰৰ পৰা খৰি নানিব আৰু কাঠনিত কোনো গছ নাকাটিব; কিয়নো তেওঁলোকে অস্ত্ৰবোৰকে খৰি কৰি পুৰিব। প্ৰভু যিহোৱাই কৈছে, তেওঁলোকক লুট কৰাবোৰক তেওঁলোকে লুট কৰিব আৰু তেওঁলোকক অপহৰণ কৰাসকলক তেওঁলোকে অপহৰণ কৰিব।
11 “‘Pazuva iro, ndichapa Gogi nzvimbo yamakuva muIsraeri, mumupata wavaya vanoshanya vachienda kumabvazuva vakananga kugungwa. Ichadzivirira nzira yavashanyi, nokuti Gogi navanhu vake vachavigwapo. Saka ichatumidzwa kunzi Mupata waHamoni Gogi.
১১তেতিয়া আৰু মই সেই দিনা ইস্ৰায়েলৰ মাজত সমুদ্ৰৰ পূৱ ফালৰ বাটৰুৱাসকলৰ উপত্যকাটোত গোগক পুতিবলৈ ঠাই দিম; সেয়ে বাটৰুৱাৰ বাট বন্ধ কৰিব; সেই ঠাইতে তেওঁলোকে গোগ আৰু তাৰ আটাই লোক সমূহক পুতিব; আৰু তেওঁলোকে তাৰ নাম হামোন-গোগৰ [গোগৰ লোক সমূহৰ] উপত্যকা থ’ব।
12 “‘Imba yaIsraeri ichapedza mwedzi minomwe ichivaviga kuitira kuti nyika inatswe.
১২আৰু দেশ শুচি কৰিবৰ কাৰণে ইস্ৰায়েল বংশই সাত মাহলৈকে তেওঁলোকক পুতি থাকিব।
13 Vanhu vose vomunyika vachavaviga, uye zuva rokukudzwa kwangu richava zuva ravacharangarira, ndizvo zvinotaura Ishe Jehovha.
১৩এনে কি, দেশৰ সকলো লোকে তেওঁলোকক পুতিব; প্ৰভু যিহোৱাই কৈছে, মই গৌৰৱান্বিত হ’বৰ দিনা সেয়ে তেওঁলোকলৈ যশস্যাৰ কাৰণ হ’ব।
14 “‘Vachapa vanhu basa rokuchenesa nyika nguva dzose. Vamwe vachapota nenyika yose uye, kubatanidza naivavo vamwe vachaviga vaya vakasiyiwa vachingova pachena. Mushure memwedzi vachazotanga kutsvaga.
১৪তেতিয়া লোকসকলে কামত লাগি থাকিব পৰা মানুহক বাচি ল’ব; তেওঁলোকে দেশ ভ্ৰমণ কৰি কৰি দেশ শুচি কৰিবৰ অৰ্থে মাটিত পৰি থকা অৱশিষ্টসকলক বাটৰুৱাৰ সহায়ত পুতি থ’ব; সাত মাহৰ মুৰত তেওঁলোকে বিচাৰি ফুৰিব।
15 Pavachange vachipota nenyika, kana mumwe akaona bvupa romunhu, achaisapo chiratidzo parutivi rwaro kusvikira vacheri vamarinda variviga muMupata waHamoni Gogi.
১৫আৰু কোনো বাটৰুৱাই দেশৰ মাজেদি যাওঁতে যদি মানুহৰ হাড় দেখে, তেন্তে, পোঁতোতা মানহি হামোন গোগৰ উপত্যকাত তাক পোতক বুলি তেওঁ তাৰ ওপৰত এটা চিন দিব।
16 Uyezve, pachava neguta rinonzi Hamona ipapo. Nokudaro vachanatsa nyika.’
১৬আৰু হামোনা [লোক সমূহ] বুলি এখন নগৰৰ নামো হ’ব। এইদৰে তেওঁলোকে দেশ শুচি কৰিব।
17 “Mwanakomana womunhu, zvanzi naIshe Jehovha: Danidzira kumarudzi ose eshiri uye nemhuka dzose dzesango uti, ‘Unganai uye muve pamwe chete muchibva kwose kwose muuye kuchibayiro chandiri kukugadzirirai, chibayiro chikuru pamusoro pamakomo eIsraeri. Muchadya nyama uye muchanwa ropa ipapo.
১৭আৰু হে মনুষ্য সন্তান, প্ৰভু যিহোৱাই এই দৰে কৈছে: আটাই বিধৰ পক্ষীক আৰু আটাই বনৰীয়া জন্তুক তুমি কোৱা, “তোমালোকে গোট খাই আহা! তোমালোকে মাংস খাবলৈ আৰু ৰক্তপান কৰিবলৈ, মোৰ যজ্ঞলৈ, ইস্ৰায়েলৰ পৰ্ব্বতবোৰৰ ওপৰত মই যি যজ্ঞ কৰিম, তালৈকে চাৰিওফালৰ পৰা আহি একত্রিত হোৱা।
18 Muchadya nyama yavarume vane simba nokunwa ropa ramachinda enyika kunge ramakondobwe, neremakwayana, nerembudzi uye rehando, mhuka dzose dzakakodzwa dzinobva kuBhashani.
১৮তোমালোকে বীৰসকলৰ মাংস খাবা আৰু মতা মেৰ-ছাগ, মেৰ-ছাগ পোৱালি, ছাগ আৰু ভতৰাস্বৰূপ পৃথিৱীৰ অধিপতিসকলৰ ৰক্ত পান কৰিবা; তেওঁলোক সকলোৱে বাচানৰ হৃষ্টপুষ্ট পশুস্বৰূপ।
19 Pachibayiro chandinokugadzirirai, muchadya mafuta kusvikira makorwa nawo, uye muchanwa ropa kusvikira madhakwa.
১৯তেতিয়া তোমালোকৰ কাৰণে মই যি যজ্ঞ কৰিম, তাৰ তেল তোমালোকে তৃপ্ত নোহোৱালৈকে ভোজন কৰিবা আৰু তোমালোকে মতলীয়া নোহোৱালৈকে তাৰ তেজ পান কৰিবা।
20 Patafura yangu muchadya mukaguta mabhiza navatasvi vavo, varume vane simba navarwi vemhando dzose,’ ndizvo zvinotaura Ishe Jehovha.
২০আৰু প্ৰভু যিহোৱাই কৈছে, তোমালোকে মোৰ মেজত বহি ঘোঁৰা আৰু ৰথ, বীৰ আৰু আটাই ৰণুৱাক খাই পেট ভৰাবা’।”
21 “Ndicharatidza kubwinya kwangu pakati pendudzi, uye ndudzi dzose dzichaona kuranga kwandinoita noruoko rwandinoisa pamusoro pavo.
২১তেতিয়া এইদৰে মই জাতিবোৰৰ মাজত মোৰ গৌৰৱ স্থাপন কৰিম, আৰু মোৰ যি দণ্ড মই সিদ্ধ কৰিম, আৰু তেওঁলোকৰ ওপৰত মোৰ যি হাত অৰ্পণ কৰিম, তাক আটাই জাতিয়ে দেখিব।
22 Kubva pazuva iro zvichienda mberi, imba yaIsraeri ichaziva kuti ndini Jehovha Mwari wavo.
২২ইস্ৰায়েল বংশই সেই দিনাৰ পৰা আগলৈ মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা ইয়াক জানিব।
23 Uye ndudzi dzichaziva kuti vanhu vaIsraeri vakaenda kuutapwa nokuda kwechivi chavo, nokuti vakanga vasina kutendeka kwandiri. Saka ndakavavanzira chiso changu ndikavaisa mumaoko avavengi vavo, uye vose vakaurayiwa nomunondo.
২৩আৰু জাতিবোৰে জানিব, যে, ইস্ৰায়েল বংশই নিজ অপৰাধতে দেশান্তৰলৈ গৈছিল; কাৰণ তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ কৰাত, মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকি তেওঁলোকৰ শত্ৰুৰ হাতত তেওঁলোকক শোধাই দিছিলোঁ, আৰু তেওঁলোক সকলোৱে তৰোৱালৰ দ্বাৰাই পতিত হৈছিল।
24 Ndakavaitira zvakafanira kusachena kwavo nokudarika kwavo, uye ndakavavanzira chiso changu.
২৪তেওঁলোকৰ অশৌচ আৰু নানা অপৰাধ অনুসাৰে, মই তেওঁলোকলৈ কাৰ্য কৰিছিলোঁ, আৰু তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিছিলোঁ।
25 “Naizvozvo, zvanzi naIshe Jehovha: Zvino ndichabvisa Jakobho kubva mukutapwa uye ndichanzwira tsitsi vanhu vose veIsraeri, uye ndichashingairira zita rangu dzvene.
২৫কিন্তু প্ৰভু যিহোৱাই কৈছে, এতিয়া মই যাকোবৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু গোটেই ইস্ৰায়েল বংশক দয়া কৰিম আৰু মোৰ পবিত্ৰ নামৰ অৰ্থে মই উৎসাহী হ’ম।
26 Vachakanganwa kunyadziswa kwavo nokusatendeka kwavo kwose kwavakaratidza kwandiri pavakagara zvakanaka munyika yavo pasina aivavhundusa.
২৬আৰু এতিয়া তেওঁলোকে নিজ দেশত নিৰাপদে বাস কৰিব, আৰু কোনেও তেওঁলোকক ভয় নেদেখুৱাব,
27 Pandichavadzosa kubva kundudzi uye ndikavaunganidza vachibva kunyika dzavavengi vavo, ndicharatidza utsvene hwangu kubudikidza navo pamberi pendudzi zhinji.
২৭যেতিয়া মই তেওঁলোকক জাতিবোৰৰ মাজৰ পৰা ওলোটাই আনি, তেওঁলোকৰ শত্ৰুৰ দেশবোৰৰ পৰা গোটাই অনেক জাতিৰ সাক্ষাতে তেওঁলোকৰ মাজত পবিত্ৰীকৃত হ’ম, তেতিয়া তেওঁলোকে নিজৰ লাজৰ আৰু তেওঁলোকে মোৰ বিৰুদ্ধে কৰা নিজৰ আটাই অপৰাধৰ ভাৰ বব।
28 Ipapo vachaziva kuti ndini Jehovha Mwari wavo, nokuti kunyange ndakavadzingira kuutapwa pakati pendudzi, ndichavaunganidza munyika yavo, pasina wandinosiya.
২৮আৰু মই তেওঁলোকক জাতিবোৰৰ মাজলৈ দেশান্তৰ কৰাৰ পাছত তেওঁলোকৰ দেশলৈ আনি তেওঁলোকক গোটালে, মই যে তেওঁলোকৰ ঈশ্বৰ যিহোৱা, তাক তেওঁলোকে জানিব আৰু মই তাত তেওঁলোকৰ কাকো আৰু অৱশিষ্ট নাৰাখিম।
29 Handingazovavanzirizve chiso changu, nokuti ndichadurura Mweya wangu pamusoro peimba yaIsraeri, ndizvo zvinotaura Ishe Jehovha.”
২৯আৰু মই তেওঁলোকৰ পৰা মোৰ মুখ আৰু নাঢাকিম; কিয়নো প্ৰভু যিহোৱাই কৈছে, মই ইস্ৰায়েল-বংশৰ ওপৰত মোৰ আত্মা বাকি দিম।”