< Mabasa 3 >
1 Rimwe zuva Petro naJohani vakanga vachikwidza kuenda kutemberi nenguva yokunyengetera, panguva yechitatu yamasikati.
১এদিন প্ৰাৰ্থনাৰ সময়ত, অৰ্থাৎ আবেলি প্ৰায় তিনি মান বজাত পিতৰ আৰু যোহন যিৰূচালেম মন্দিৰলৈ গৈ আছিল।
2 Zvino mumwe murume akanga aberekwa ari chirema, aitakurwa achiendeswa pasuo retemberi rainzi Rakanaka, uye aiiswa ipapo mazuva ose kuti apemhe kuna avo vaipinda mutemberi.
২তেনে সময়ত সেই মন্দিৰলৈ অহা লোক সকলৰ ওচৰত ভিক্ষা মাগিবলৈ সেই মন্দিৰৰ সুন্দৰ নামৰ দুৱাৰমুখত যি জনক সদায় থোৱা হৈছিল, তেনে ওপজাৰে পৰা খোৰা মানুহ এজনক কিছুলোকে কঢ়িয়াই আনিলে।
3 Akati aona Petro naJohani voda kupinda, akavakumbira mari.
৩তেওঁ পিতৰ আৰু যোহনক সেই মন্দিৰত সোমাবলৈ ধৰা দেখি, ভিক্ষা পাবৰ বাবে অনুৰোধ কৰিলে।
4 Petro akamutarisisa, Johani akadarowo. Ipapo Petro akati kwaari, “Titarise!”
৪তেতিয়া পিতৰ আৰু যোহনে তেওঁলৈ একেথৰে চাই কলে, “আমালৈ চোৱা”।
5 Saka murume akavatarira, achifunga kuti achapiwa chinhu navo.
৫তেতিয়া তেওঁ কিছু পোৱাৰ আশাত তেওঁলোকলৈ চাই থাকিল।
6 Ipapo Petro akati, “Sirivha negoridhe handina, asi chandinacho ndinokupa. Muzita raJesu Kristu weNazareta, simuka ufambe.”
৬তেতিয়া পিতৰে কলে, “মোৰ লগত ৰূপ সোণ একো নাই, কিন্তু যি আছে তাকে তোমাক দিওঁ; নাচৰতীয়া যীচু খ্ৰীষ্টৰ নামেৰে উঠি ফুৰা”।
7 Akamubata noruoko rworudyi, akamubatsira kuti asimuke, pakarepo tsoka dzomurume uyu nezviziso zvetsoka dzake zvikasimba.
৭তাকে কৈ তেওঁ তাৰ সোঁ হাতত ধৰি তুলি দিয়াত ভৰি আৰু গাঁঠিয়ে বল পালে।
8 Akakwakuka, akamira, uye akatanga kufamba. Ipapo akapinda navo mutemberi, achifamba uye achisvetuka-svetuka, achirumbidza Mwari.
৮তাতে সেই মগনীয়াই লাফ মাৰি থিয় হৈ খোজকাঢ়ি ফুৰিলে আৰু ডেও দি দি ঈশ্বৰক স্তুতি কৰি তেওঁলোকৰ সৈতে মন্দিৰত সোমাল।
9 Vanhu vose vakati vachimuona achifamba achirumbidza Mwari,
৯তাতে সকলো লোকে তেওঁক খোজকঢ়া আৰু ঈশ্বৰক স্তুতি কৰা দেখিলে।
10 vakamuziva kuti ndiye murume uya aisigara achipemha ari pasuo retemberi rainzi Rakanaka, uye vakakatyamara vakashamiswa kwazvo nezvakanga zvaitika kwaari.
১০পাছত তেওঁলোকে তেওঁক মন্দিৰৰ সুন্দৰ দুৱাৰত বহি ভিক্ষা খোজা মানুহ জন বুলি জানিবলৈ পোৱাত, তেওঁলৈ যি ঘটিল, সেই বিষয়ে বৰ আচৰিত হ’ল আৰু বিস্ময় মানিলে।
11 Mupemhi akati achakabatirira pana Petro naJohani, vanhu vose vakashamiswa vakauya kwavari vachimhanya kunzvimbo yainzi Biravira raSoromoni.
১১সেই সুস্থ হোৱা খোৰা জনে পিতৰ আৰু যোহনক ধৰি থকা দেখি সকলো লোকে বিস্ময় মানিলে আৰু তেওঁলোকৰ ওচৰলৈ বেগাই আহিল; তাতে তেওঁলোক থকা সেই ঠাই চলোমনৰ বাৰাণ্ডা বুলি জনাজাত আছিল।
12 Petro akati aona izvi, akati kwavari, “Imi varume veIsraeri, seiko izvi zvichikushamisai? Munotarisireiko kwatiri sokunge taita kuti murume uyu afambe nokuda kwesimba redu kana nokuda kwokururama kwedu?
১২ইয়াকে দেখি পিতৰে লোক সকলক কলে- “হে ইস্ৰায়েলীয়া লোক সকল, আপোনালোকে কিয় ইয়াত এই কাৰ্য দেখি বিস্ময় মানিছে? আমি আমাৰ শক্তিৰে বা ভক্তিৰে এই মানুহ জনক খোজ কঢ়ালোঁ বুলি ভাবি আমাৰ ফালে কিয় একেথৰে চাই আছে?
13 Mwari waAbhurahama, Isaka naJakobho, Mwari wamadzibaba edu, akudza muranda wake Jesu. Makamuendesa kundourayiwa, uye imi makamuramba pamberi paPirato, kunyange akanga afunga kumuregedza hake.
১৩যি জন যীচুক আপোনালোকে শত্ৰুৰ হাতত শোধাই দিলে আৰু পীলাতে এৰি দিবলৈ কোৱাৰ পাছতো তেওঁক এৰি দিবলৈ অস্বীকাৰ কৰিলে; অব্ৰাহাম, ইচহাক, যাকোবৰ ঈশ্বৰ, অৰ্থাৎ আমাৰ পূর্বপুৰুষ সকলৰ ঈশ্বৰে নিজৰ সেৱক সেই যীচু খ্ৰীষ্টক মহিমাম্বিত কৰিলে।
14 Makaramba iye Mutsvene naiye Akarurama Oga uye mukakumbira kuti mhondi isunungurwe.
১৪কিন্তু সেই পবিত্ৰ আৰু ধাৰ্মিক জনক অস্বীকাৰ কৰি, নৰবধী এটাকহে মোকলাই দিবৰ বাবে আপোনালোকে অনুমতি বিচাৰি নিবেদন কৰিলে;
15 Makauraya muvambi woupenyu, asi Mwari akamumutsa kubva kuvakafa. Isu tiri zvapupu zvezvinhu izvi.
১৫আৰু জীৱনদাতা জনক আপোনালোকে বধ কৰিলে; কিন্তু ঈশ্বৰে মৃত লোকৰ মাজৰ পৰা তেওঁক তুলিলে, তাৰ সাক্ষী আমি আছোঁ
16 Nokutenda muzita raJesu, munhu uyu wamunoona uye wamunoziva, asimbiswa. Izita raJesu uye nokutenda kunouya kubudikidza naye kwauyisa kuporeswa uku kwaari, sezvamunoona imi mose.
১৬আৰু তেওঁৰ নামত বিশ্বাস কৰাৰ কাৰণে, এই যি মানুহ জনক আপোনালোকে চিনি পাইছে, এওঁক তেওঁৰ নামেই বলৱান কৰিলে আৰু তেওঁ জন্মোৱা বিশ্বাসে আপোনালোকৰ সন্মূখত এওঁক সম্পূৰ্ণ সুস্থ কৰি খোজ কঢ়ালে।
17 “Zvino, hama dzangu, ndinoziva kuti makaita nokusaziva sezvakangoitawo vatungamiri venyu.
১৭হে ভাই সকল মই জানিছোঁ, আপোনালোকৰ শাসনকৰ্তা সকলে আৰু আপোনালোকে নুবুজিয়ে সেই কৰ্ম কৰিলে।
18 Asi ndiwo mazadzisiro akaita Mwari zvaakataura kare kubudikidza navaprofita vose, achitaura kuti Kristu wake aizotambudzika.
১৮কিন্তু ঈশ্বৰে পূৰ্বতে ভাববাদী সকলৰ মূখেৰে খ্রীষ্টৰ দূখভোগৰ বিষয়ত যি কথা কোৱাইছিল, সেই বিষয়কে তেওঁ এই ৰূপে সিদ্ধ কৰিলে।
19 Naizvozvo, tendeukai zvino, mudzokere kuna Mwari, kuitira kuti zvivi zvenyu zvidzimwe, kuti nguva dzokuvandudzwa dzinobva kuna She dzisvike
১৯এই কাৰণে মন-পালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
20 uye kuti atume Kristu, iye akagadzwa nokuda kwenyu, iye Jesu.
২০আৰু আপোনালোকৰ কাৰণে নিৰূপিত যি জন খ্রীষ্ট, সেই জন যীচুক যেন তেওঁ পঠিয়াই দিয়ে।
21 Anofanira kumboramba ari kudenga kusvikira nguva yokuti Mwari avandudze zvinhu zvose yasvika, sezvaakavimbisa kare kare kubudikidza navaprofita vake vatsvene. (aiōn )
২১ঈশ্বৰে পবিত্ৰ ভাৱবাদী সকলৰ দ্বাৰা যি যি সময়ৰ কথা পূৰ্বতে কৈছিল, সকলো বিষয়ৰ পুনঃস্থাপনৰ সেই সময়লৈকে স্বৰ্গই এই যীচু খ্রীষ্টক গ্রহণ কৰাৰ আৱশ্যক আছে। (aiōn )
22 Nokuti Mozisi akati, ‘Ishe Mwari wenyu achakumutsirai muprofita akafanana neni kubva pakati pavanhu venyu chaivo; munofanira kuteerera zvose zvaanokuudzai.
২২মোচিয়ে কৈছিল, “প্ৰভু পৰমেশ্বৰে আপোনালোকৰ ভাই সকলৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব আৰু তেওঁ আপোনালোকক যি কথা কব, সেই সকলো কথা আপোনালোকে শুনিব
23 Ani naani zvake asingamuteereri achaparadzwa kwazvo pakati pavanhu vokwake.’
২৩কিন্তু সেই ভাববাদীৰ কথা যি কোনো প্ৰাণীয়ে নুশুনে, তেওঁক নিজৰ লোকৰ মাজৰ পৰা উচ্ছন্ন কৰা হব”।
24 “Zvirokwazvo, vaprofita vose kubva kuna Samueri zvichienda mberi, vazhinji vavo vakataura, vakaprofita nezvamazuva ano.
২৪ইয়াৰ উপৰি চমূৱেল আদি কৰি যিমানবোৰ ভাববাদীয়ে কথা কলে, সকলোৱে এই সময়ৰ বিষয়েই কৈ গ’ল।
25 Imi muri vadyi venhaka yavaprofita neyesungano yakaitwa naMwari namadzibaba enyu. Akati kuna Abhurahama, ‘Marudzi ose apanyika acharopafadzwa kubudikidza navana vako.’
২৫আপোনালোক সেই ভাববাদী সকলৰ সন্তান আৰু আপোনালোকৰ পূর্বপুৰুষ সকলৰ সৈতে ঈশ্বৰে কৰা সেই বিধানৰ উত্তৰাধিকাৰী; তেওঁ অব্রাহামক কৈছিল “তোমাৰ বংশত পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্বাদ পাব।”
26 Mwari akati amutsa muranda wake, akatanga kumutuma kwamuri kuti akuropafadzei nokukutendeutsai mumwe nomumwe wenyu kubva panzira dzenyu dzakaipa.”
২৬আপোনালোকৰ প্রতি জনক নিজ দুষ্টতাৰ পৰা ঘূৰাই আশীর্বাদ দিবলৈ ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক প্রথমতে আপোনালোকৰ ওচৰলৈ পঠালে।