< 1 Samueri 28 >
1 Mumazuva iwayo vaFiristia vakaunganidza varwi vavo kuti vazorwa navaIsraeri. Akishi akati kuna Dhavhidhi, “Unofanira kunzwisisa kuti iwe navanhu vako muchaenda neni kuhondo.”
১সেই সময়ত পলেষ্টীয়া লোকসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰাৰ অভিপ্ৰায়েৰে তেওঁলোকে সৈন্য-সামন্ত গোটাবলৈ ধৰিলে। তাতে আখীচে দায়ূদক ক’লে, “তুমি আৰু তোমাৰ লোকসকলে সৈন্যসামন্তৰ মাজত মোৰ লগত যাব লাগিব, ইয়াকে নিশ্চয়ে জানিবা।”
2 Dhavhidhi akati, “Ipapo muchazvionera pachenyu zvinogona kuitwa nomuranda wenyu.” Akishi akapindura akati, “Zvakanaka chaizvo, ndichakuita muchengeti wangu kwoupenyu hwose.”
২তেতিয়া দায়ূদে আখীচক ক’লে, “ভাল, আপোনাৰ এই দাসে কি কৰিব পাৰে, সেয়া আপুনি জানিব পাৰিব।” তেতিয়া আখীচে দায়ূদক ক’লে, “বাৰু, জীয়াই থকালৈকে মইও তোমাক মোৰ ৰখীয়া পাতিম।”
3 Zvino Samueri akanga afa, uye vaIsraeri vose vakanga vamuchema, vakamuviga muguta rake reRama. Sauro akanga adzinga panyika masvikiro navavuki.
৩চমূৱেলৰ মৃত্যু হ’ল। তেওঁৰ মৃত্যুত ইস্রায়েলীসকলে গভীৰ শোক প্ৰকাশ কৰিলে। পাছত তেওঁলোকে তেওঁক নিজ নগৰ ৰামাত মৈদাম দিলে। পাছত ভূত পোহা আৰু গুণমন্ত্ৰ জনা লোকসকলক চৌলে দেশৰ পৰা আতৰ কৰিলে।
4 VaFiristia vakaungana vakauya vakadzika musasa paShunemi, uye Sauro akaunganidza vaIsraeri vose akadzika musasa paGiribhoa.
৪পলেষ্টীয়াসকল নিজৰ মাজত গোট খালে আৰু তেওঁলোকে আহি চুনেমত ছাউনি পাতিলে; আৰু চৌলেও আটাই ইস্ৰায়েলী লোকক গোট খুৱালে আৰু গিলবোৱাত ছাউনি পাতিলে।
5 Sauro akati aona varwi vavaFiristia, akatya; kutya kwakazadza mwoyo wake.
৫চৌলে যেতিয়া পলেষ্টীয়াসকলৰ সৈন্য-সামন্ত দেখিলে, তেতিয়া তেওঁ ভয় কৰিলে, আৰু তেওঁৰ হৃদয় বৰকৈ কঁপিবলৈ ধৰিলে।
6 Akabvunza kuna Jehovha, asi Jehovha haana kumupindura nezviroto kana neUrimi kana navaprofita.
৬তেতিয়া চৌলে সহায় বিচাৰি যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে, কিন্তু যিহোৱাই সপোনৰ দ্বাৰাই, বা উৰীমৰ দ্বাৰাই, বা ভাববাদীসকলৰ দ্বাৰায়ে হওক, কোনো প্ৰকাৰেই তেওঁক একো উত্তৰ নিদিলে।
7 Ipapo Sauro akati kuvaranda vake, “Nditsvakirei mukadzi anosvikirwa, kuti ndiende kundobvunza kwaari.” Ivo vakati, “Kuno mumwe ari paEndori.”
৭তেতিয়া চৌলে তেওঁৰ দাসবোৰক ক’লে, “তোমালোকে মোৰ অৰ্থে কোনো প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা এজনী বিচাৰা; তাতে মই তাইৰ ওচৰলৈ গৈ তাইক সুধিম।” পাছত তেওঁৰ দাসবোৰে তেওঁক ক’লে, “চাওক, অয়িন-দোৰত এজনী প্ৰেতাত্মাৰ সৈতে কথা কোৱা মহিলা আছে।”
8 Saka Sauro akazvivanza akafuka dzimwe nguo, akaenda iye navamwe varume vaviri kumukadzi uyu usiku. Akati kwaari, “Ndibvunzire mweya, ugondimutsirawo uyo wandichakuudza.”
৮তেতিয়া চৌলে বেলেগ কাপোৰ পিন্ধি ছদ্ম-বেশ ধৰিলে আৰু দুজন মানুহ লগত লৈ সেই ঠাইলৈ যাত্ৰা কৰিলে। পাছত তেওঁলোকে গৈ ৰাতিয়েই সেই মহিলাৰ ওচৰ পালে। তাতে তেওঁ সেই মহিলাক ক’লে, “মই বিনয় কৰোঁ, তুমি মোৰ কাৰণে এবাৰ ভৌতিক বিদ্যাৰে কাৰ্য কৰা, তাতে মই যাৰ নাম ক’ম, তেওঁক তুলি আনা।”
9 Asi mukadzi akati kwaari, “Zvirokwazvo unoziva iwe zvakaitwa naSauro. Akauraya masvikiro navavuki kubva panyika. Ko, waisirei musungo muupenyu hwangu kuti undiurayise?”
৯তেতিয়া সেই মহিলাই তেওঁক ক’লে, “চাওক, চৌলে কি কৰিলে, সেই বিষয়ে আপুনি জানে। তেখেতে প্ৰেতাত্মাৰ সৈতে কথা কোৱা বা ভূত পোহাবোৰক দেশত নিষিদ্ধ কৰিলে। এই হেতুকে মোক বধ কৰিবলৈ মোৰ প্ৰাণৰ বিৰুদ্ধে কিয় ফান্দ পাতিছে?
10 Sauro akamupikira naJehovha akati, “Zvirokwazvo naJehovha mupenyu, haungazorangwi pamusoro paizvozvi.”
১০তাতে চৌলে যিহোৱাৰ নামেৰে তাইৰ আগত শপত খাই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, ইয়াতে তোমালৈ কোনো দণ্ড নঘটিব।”
11 Ipapo mukadzi akabvunza akati, “Ndianiko wandichakumutsira?” Iye akati, “Ndimutsire Samueri.”
১১তেতিয়া সেই মহিলাই তেওঁক সুধিলে, “মই আপোনাৰ ওচৰলৈ কাক তুলি আনিম?” তেতিয়া তেওঁ ক’লে, “চমূৱেলক তুলি আনা।”
12 Mukadzi akati achiona Samueri, akadanidzira nenzwi guru akati kuna Sauro, “Seiko mandinyengera? Ndimi Sauro!”
১২তেতিয়া সেই মহিলাই চমূৱেলক দেখা পালে আৰু বৰকৈ চিঞৰিলে। পাছত তাই চৌলক ক’লে, “আপুনি মোক কিয় প্ৰতাৰণা কৰিলে? আপুনিয়েই চৌল।”
13 Mambo akati kwaari, “Usatya. Uri kuoneiko?” Mukadzi akati, “Ndinoona mweya uchikwira uchibuda pasi.”
১৩তেতিয়া ৰজাই তাইক ক’লে, “ভয় নকৰিবা; তুমি কি দেখি আছা?” তাতে সেই মহিলাই চৌলক ক’লে, “এজন দেৱতা ভূমিৰ পৰা উঠি অহা দেখি আছোঁ।”
14 Iye akati, “Akaita seiko?” Akati, “Murume mutana akafuka nguo ari kuuya.” Ipapo Sauro akaziva kuti akanga ari Samueri, akakotamira pasi nechiso chake.
১৪চৌলে তাইক সুধিলে, “তেওঁ দেখাত কেনেকুৱা?” তাই ক’লে, “এজন বৃদ্ধ লোক উঠি আহিছে; তেওঁ দীঘল চোলাৰে ঢকা আছে।” তেতিয়া চৌলে তেওঁক চমূৱেল বুলি বুজি পালে আৰু আঁঠুকাঢ়ি মাটিত মুখ লগাই প্ৰণিপাত কৰিলে।
15 Samueri akati kuna Sauro, “Seiko wanditambudza nokundimutsa?” Sauro akati, “Ndiri kutambudzika zvikuru. VaFiristia vari kurwa neni, uye Mwari abva kwandiri. Haachandipinduri, navaprofita kana nokurota. Saka ndakudanai imi kuti muzondiudza zvokuita.”
১৫পাছত চমূৱেলে চৌলক সুধিলে, “তুমি মোক কিয় উঠাই আনি আমনি কৰিছা?” তাতে চৌলে উত্তৰ দিলে, “মই অতি সঙ্কটত আছোঁ; পলেষ্টীয়াসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰিছে, আৰু যিহোৱাই মোক ত্যাগ কৰিলে, ভাববাদীৰ দ্বাৰাই, বা সপোনৰ দ্বাৰাই মোক কোনো উত্তৰ দিয়া নাই; সেয়ে মই কি কৰা উচিত, সেই বিষয়ে মোক জনাবৰ বাবে আপোনাক মাতি আনিলো।”
16 Samueri akati, “Unondibvunzireiko ini, sezvo zvino Jehovha akabva kwauri akava muvengi wako?
১৬তেতিয়া চমূৱেলে চৌলক ক’লে, “এই বিষয়ে তুমি মোক কিয় সুধিছা? কিয়নো যিহোৱাই তোমাক ত্যাগ কৰিলে আৰু তোমাৰ শত্ৰু হ’ল।
17 Jehovha akaita zvaakataura kare kubudikidza neni. Jehovha akabvarura umambo akahubvisa mumaoko ako akahupa kuno mumwe wavavakidzani vako, kuna Dhavhidhi.
১৭যিহোৱাই যেনেদৰে মোৰ যোগেদি কৈছিল, তেওঁ তেনেকৈ কৰিলে; আৰু তেওঁ তোমাৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ দায়ূদক দিলে।
18 Nokuti hauna kuteerera Jehovha, kana kuratidza hasha dzake dzinotyisa pamusoro peAmareki, Jehovha azviita izvi nhasi kwauri.
১৮কিয়নো তুমি যিহোৱাৰ বাক্য পালন কৰা নাই, আৰু অমালেকলৈ তেওঁৰ প্ৰচণ্ড ক্রোধ সিদ্ধ কৰা নাই; এই কাৰণে যিহোৱাই আজি তোমালৈ এই কৰ্ম কৰিলে।
19 Jehovha achaisa vaIsraeri pamwe chete newe kuvaFiristia, uye mangwana iwe navanakomana vako muchava neni. Jehovha achaisazve hondo yavaIsraeri kuvaFiristia.”
১৯যিহোৱাই তোমাক আৰু ইস্ৰায়েলকো পলেষ্টীয়াসকলৰ হাতত শোধাই দিব। কাইলৈ তুমি আৰু তোমাৰ পুত্ৰসকলো মোৰ লগ হ’বা; যিহোৱাই ইস্ৰায়েলৰ সৈন্য-সামন্ত সকলকো ফিলিষ্টীয়া সকলৰ হাতত সমৰ্পণ কৰিব।”
20 Pakarepo Sauro akawira pasi akazvambarara, azara nokutya nokuda kwamashoko aSamueri. Simba rake rakapera, nokuti akanga asina chaakanga adya zuva rose nousiku hwose.
২০তেতিয়া চৌলে চমূৱেলৰ বাক্য শুনি ভয় পালে আৰু মাটিত দীঘল হৈ পৰিল। আনহাতে গোটেই দিন গোটেই ৰাতি অনাহাৰে থকা বাবে তেওঁৰ গাত একো শক্তি নাছিল।
21 Mukadzi paakaenda pana Sauro akaona kuti akanga avhundutswa kwazvo, akati kwaari, “Tarirai, murandakadzi wenyu akakuteererai. Ndakaisa upenyu hwangu mumaoko angu ndikaita zvamakandiudza kuti ndiite.
২১পাছত সেই মহিলাই চৌলৰ ওচৰলৈ আহিল আৰু তেওঁক অতিশয় ব্যাকুল হোৱা দেখিলে, তাতে তাই তেওঁক ক’লে, “চাওক, আপোনাৰ দাসীয়ে আপোনাৰ বাক্য মানিলে আৰু নিজৰ হাতত আপোন প্ৰাণ লৈ আপুনি মোক কোৱাৰ দৰে কৰিলোঁ।
22 Zvino, ndapota teererai muranda wenyu, regai ndikupei zvokudya kuti mudye mugowana simba rokufamba parwendo rwenyu.”
২২এই হেতুকে বিনয় কৰোঁ, এতিয়া আপুনিও এই দাসীৰ কথা শুনক। মই আপোনাৰ আগত কিছুমান খোৱা বস্তু আনি দিওঁ, তাতে আপুনি সেইবোৰ ভোজন কৰক; তেতিয়া নিজ বাটত যাবলৈ আপুনি কিছু শক্তি পাব।”
23 Iye akaramba akati, “Handidi kudya.” Asi vanhu vake vakabatsirana nomukadzi pakumugombedzera, uye akavanzwa. Akasimuka akagara panhoo.
২৩কিন্তু চৌলে অমান্তি হ’ল আৰু ক’লে, “মই ভোজন নকৰোঁ।” তথাপি তেওঁৰ দাস সকলে আৰু সেই মহিলাই বৰকৈ মিনতি কৰিবলৈ ধৰিলে, তাতে তেওঁ সিহঁতৰ কথা শুনি মাটিৰ পৰা উঠি বিচনাত বহিল।
24 Mukadzi akanga ane mhuru yakakodzwa pamba pake, uye akaiuraya pakarepo. Akatora upfu hwegorosi akahukanya akabika chingwa chisina mbiriso.
২৪সেই মহিলাৰ ঘৰত এটা দামুৰি আছিল। তাতে তাই সেই দামুৰিটো সোনকালে লৈ আহিল আৰু তাক মাৰিলে। পাছত আটা লৈ খচি খমীৰ নিদিয়া পিঠা তাও দি তৈয়াৰ কৰিলে।
25 Ipapo akazviisa pamberi paSauro navanhu vake, ivo vakadya. Usiku ihwohwo vakasimuka vakaenda.
২৫তাৰ পাছত চৌল আৰু তেওঁৰ দাস সকলৰ আগত সেইবোৰ আনি দিলে, আৰু তেওঁলোকে সেইবোৰ ভোজন কৰিলে। পাছত সেই ৰাতিয়েই তেওঁলোক উঠি গুচি গ’ল।