< Приче Соломонове 30 >
1 Речи Агура сина Јакејевог; сабране речи тог човека Итилу, Итилу и Укалу.
১যাকিৰ পুত্ৰ আগুৰে ঈশ্বৰীয় বচন কোৱা: এই মানুহে ঈথীয়েল আৰু উকালত ঘোষণা কৰে:
2 Ја сам луђи од сваког, и разума човечијег нема у мене.
২যি কোনো মনুষ্যতকৈ নিশ্চয় মই বহুত বেছি জন্তুৰ দৰে, আৰু মনুষ্যজাতিৰ বুজা শক্তি মোৰ নাই,
3 Нити сам учио мудрост нити знам свете ствари.
৩আৰু মই প্ৰজ্ঞা শিকা নাই, নাইবা পবিত্ৰ জনাৰ বিষয়েও জ্ঞান পোৱা নাই।
4 Ко је изашао на небо и опет сишао? Ко је скупио ветар у прегршти своје? Ко је свезао воде у плашт свој? Ко је утврдио све крајеве земљи? Како Му је име? И како је име Сину Његовом? Знаш ли?
৪কোন স্বৰ্গলৈ উঠি গৈছিল, আৰু নামি আহিছিল? কোনে নিজৰ হাতৰ মুঠিত বতাহ ধৰিছিল? কোনে জল সমূহক বান্ধি লুকুৱাই ৰাখিছিল? কোনে পৃথিবীৰ সকলো সীমা স্থাপন কৰিছিল? তেওঁৰ নাম কি? আৰু তেওঁৰ পুত্ৰৰ নাম কি? নিশ্চয় তুমি জানা!
5 Све су речи Божије чисте; Он је штит онима који се уздају у Њ.
৫ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত, তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
6 Ништа не додај к речима Његовим, да те не укори и не нађеш се лажа.
৬তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা; নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা।
7 За двоје молим Те; немој ме се оглушити док сам жив:
৭মই তোমাৰ আগত দুটা বস্তু খুজিছোঁ; মোৰ মৃত্যু হোৱাৰ আগতে সেই বস্তু দুটা মোক দিবলৈ অমান্তি নহ’বা।
8 Таштину и реч лажну удаљи од мене; сиромаштва ни богатства не дај ми, храни ме хлебом по оброку мом,
৮অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া।
9 Да не бих наједавши се одрекао се Тебе и рекао: Ко је Господ? Или осиромашивши да не бих крао и узалуд узимао име Бога свог.
৯কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ, তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম।
10 Не опадај слуге господару његовом, да те не би клео и ти био крив.
১০দাসক তেওঁৰ মালিকৰ আগত নিন্দা নকৰিবা; কৰিলে তেওঁ তোমাক শাও দিব, আৰু তুমি দোষী বুলি গণিত হ’ব।
11 Има род који псује оца свог и не благосиља матере своје.
১১এটা বংশ আছে, যি নিজৰ পিতৃক শাও দিয়ে, আৰু নিজৰ মাতৃক মহিমান্বিত নকৰে।
12 Има род који мисли да је чист, а од свог кала није опран.
১২সেই বংশই নিজে নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু তেওঁলোকে নিজৰ কলুষিতা পৰিত্যাগ নকৰে।
13 Има род који држи високо очи своје, и веђе му се дижу увис.
১৩সেই বংশ নিজৰ দৃষ্টিতে নিজে বহুত অহংকাৰী! আৰু তেওঁলোকে চকুৰ পিৰিঠি ওপৰ কৰি ৰাখে!
14 Има род коме су зуби мачеви и кутњаци ножеви, да прождире сиромахе са земље и убоге између људи.
১৪তেওঁলোক এনে বংশ; যিসকলৰ দাঁত তৰোৱালৰ দৰে, আৰু গালৰ হাড় ছুৰিৰ দৰে, সেয়ে তেওঁলোকে দেশৰ পৰা দৰিদ্ৰ সকলক আৰু মানুহৰ মাজৰ পৰা অভাৱী সকলক গ্রাস কৰিব পাৰে।
15 Пијавица има две кћери, које говоре: Дај, дај. Има троје несито, и четврто никад не каже: Доста:
১৫জোকৰ দুজনী জীয়েক আছে; “দিয়া দিয়া” বুলি তেওঁলোকে কান্দে। তিনিটা বিষয় আছে, যি কেতিয়াও সন্তুষ্ট নহয়, চতুৰ্থ বিষয়ে কেতিয়াও নকয় “যথেষ্ট হ’ল”
16 Гроб, материца јалова, земља која не бива сита воде, и огањ, који не говори: Доста. (Sheol )
১৬চিয়োল, বাঁজী তিৰোতাৰ গৰ্ভ, পানীৰ বাবে তৃষ্ণাতুৰ হোৱা মাটি, আৰু জুইয়ে কেতিয়াও নকয়, “যথেষ্ট হ’ল।” (Sheol )
17 Око које се руга оцу и неће да слуша матере, кљуваће га гаврани с потока и јести орлићи.
১৭যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুণে তেওঁক খাব।
18 Троје ми је чудесно, и четвртог не разумем:
১৮ইয়াত তিনিটা বিষয় আছে, যি মোৰ বাবে অতি অদ্ভুত, চতুৰ্থ বিষয় মই বুজি নাপাওঁ:
19 Пут орлов у небо, пут змијин по стени, пут лађин посред мора, и пут човечији к девојци.
১৯ঈগলে আকাশত উৰে; সাপে শিলত বগায়; জাহাজে সমুদ্রৰ মাজত গতি কৰে, আৰু পুৰুষে মহিলাৰ সৈতে জীৱনধাৰণ কৰে।
20 Такав је пут курвин: једе, и убрише уста, па вели: Нисам учинила зла.
২০এইদৰে ব্যভিচৰিণীৰ পথ; তেওঁ খাই আৰু মুখ মঁচে আৰু কয়, “মই কোনো ভুল কৰা নাই।”
21 Од трога се потреса земља, и четвртог не може поднети:
২১তিনিটা বিষয়ত পৃথিৱী কঁপে, আৰু চতুৰ্থ বিষয় সহিব নোৱাৰি:
22 Од слуге, кад постане цар, од безумника, кад се наједе хлеба.
২২যেতিয়া এজন দাস ৰজা হয়; আৰু এজন মুৰ্খই আহাৰ খাই তৃপ্ত হয়;
23 Од пуштенице, кад се уда, од слушкиње кад наследи госпођу своју.
২৩ঘিণলগীয়া মহিলাই যেতিয়া বিবাহ হয়; আৰু এগৰাকী দাসীয়ে যেতিয়া নিজৰ গৃহিনীৰ স্থান লয়।
24 Четворо има малено на земљи, али мудрије од мудраца:
২৪পৃথিবীত চাৰিটা ক্ষুদ্ৰ বস্তু আছে; তথাপিও সেইবোৰ বহুত জ্ঞানী।
25 Мрави, који су слаб народ, али опет приправљају у лето себи храну;
২৫পৰুৱা শক্তিশালী প্রাণী নহয়, তথাপি সিহঁতে গ্রীষ্ম কালত সিহঁতৰ আহাৰ যুগুত কৰে;
26 Питоми зечеви, који су нејак народ, али опет у камену граде себи кућу;
২৬চাফন পশু শক্তিমান জীৱ নহয়, তথাপি সিহঁতে শিলৰ মাজত নিজৰ ঘৰ সাজে;
27 Скакавци, који немају цара, али опет иду сви јатом;
২৭ফৰিংবোৰৰ ৰজা নাথাকে, তথাপি সিহঁত সকলোৱে শ্রেণী অনুসাৰে অতিক্রম কৰে;
28 Паук, који рукама ради и у царским је дворима.
২৮জেঠীক তুমি তোমাৰ দুয়োখন হাতেৰে ধৰি ৰাখিব পাৰা; তথাপি সিহঁত ৰজাৰ অট্টালিকাত বাস কৰে।
29 Троје лепо корача, и четврто лепо ходи:
২৯নিজৰ দীঘল খোজৰ বাবে গৌৰৱ কৰা তিনিটা জীৱ আছে, চতুৰ্থবোৰ নিজৰ খোজ কঢ়াৰ ধৰণৰত গৌৰৱ কৰে।
30 Лав, најјачи између зверова, који не узмиче ни пред ким,
৩০জন্তুৰ মাজত শক্তিশালী সিংহ, আৰু ই কোনো বস্তুৰ পৰা আঁতৰি নাহে;
31 Коњ опасан по бедрима или јарац, и цар на кога нико не устаје.
৩১বুকু ফিন্দাই খোজ কঢ়া মতা কুকুৰা, মতা ছাগলী, আৰু সৈন্যসকলৰ কাষত থকা ৰজা।
32 Ако си лудовао понесавши се или си зло мислио, метни руку на уста.
৩২তুমি যদি অজ্ঞানী হোৱা, তেনেহ’লে তুমি নিজকে প্রশংসা কৰা, বা যদি তুমি কু-কল্পনা কৰা, তেনেহ’লে তোমাৰ মুখত তোমাৰ হাত দিয়া।
33 Кад се разбија млеко, излази масло; и ко јако нос утире, изгони крв; тако ко дражи на гнев, замеће свађу.
৩৩যিদৰে গাখীৰ মন্থন কৰিলে মাখন হয়, আৰু নাক মোহাৰিলে তেজ ওলায়, সেইদৰে ক্ৰোধে বিবাদ সৃষ্টি কৰে।