< Књига о судијама 11 >

1 А Јефтај од Галада беше храбар јунак, али син једне курве, с којом Галад роди Јефтаја.
সেই কালত গিলিয়দীয়া যিপ্তহ এজন শক্তিশালী যোদ্ধা আছিল; তেওঁৰ মাক এগৰাকী বেশ্যা আছিল আৰু তেওঁৰ পিতৃৰ নাম গিলিয়দ আছিল।
2 Али Галаду и жена његова роди синове, па кад дорастоше синови те жене, отераше Јефтаја рекавши му: Нећеш имати наследство у дому оца нашег, јер си син друге жене.
গিলিয়দৰ ভাৰ্যাই তেওঁলৈ আন কেইবাজনো পুত্রৰ জন্ম দিছিল। তেওঁৰ ভাৰ্যাৰ পুত্রসকল যেতিয়া ডাঙৰ হ’ল, তেওঁলোকে যিপ্তহক ঘৰৰ পৰা খেদি দি ক’লে, “তুমি আমাৰ পৰিয়ালৰ সম্পত্তিৰ কোনো অধিকাৰ নাপাবা; কিয়নো তুমি আন এগৰাকী মহিলাৰ সন্তান।”
3 Зато побеже Јефтај од браће своје, и настани се у земљи Тову; и стекоше се к њему људи празнови, и иђаху с њим.
সেয়ে যিপ্তহ নিজৰ ভাইসকলৰ কাষৰ পৰা পলাই গৈ টোব দেশত বাস কৰিবলৈ ধৰিলে। তাত কেইজনমান উদণ্ড লোকে আহি যিপ্তহেৰে সৈতে যোগ দিলে আৰু তেওঁৰ লগত চলা-ফুৰা কৰিলে।
4 А после неког времена завојштише синови Амонови на Израиља;
কিছু কালৰ পাছত অম্মোনীয়াসকলে ইস্ৰায়েলৰ সৈতে যুদ্ধ কৰিবলৈ ধৰিলে।
5 И кад завојштише синови Амонови на Израиља, отидоше старешине галадске да доведу Јефтаја из земље Това.
যেতিয়া অম্মোনীয়াসকলে ইস্ৰায়েলীসকলৰ সৈতে যুদ্ধ কৰিছিল, তেতিয়া গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক টোব দেশৰ পৰা আনিবলৈ গ’ল।
6 И рекоше Јефтају: Ходи и буди нам војвода, да војујемо са синовима Амоновим.
তেওঁলোকে যিপ্তহক ক’লে, “আমি অম্মোনীয়াসকলৰ লগত যুদ্ধ কৰিম, সেয়ে তুমি আহি আমাৰ সেনাপতি হোৱা।”
7 А Јефтај рече старешинама галадским: Не мрзите ли ви на ме, и не истерасте ли ме из дома оца мог? Што сте дакле дошли к мени сада кад сте у невољи?
যিপ্তহে গিলিয়দৰ নেতাসকলক ক’লে, “তোমালোকেই ঘিণ কৰি পিতৃ-বংশৰ মাজৰ পৰা মোক খেদি দিছিলা। এতিয়া সঙ্কটত পৰি কিয় মোৰ ওচৰলৈ আহিছা?”
8 А старешине галадске рекоше Јефтају: Зато смо сада дошли опет к теби да пођеш с нама и да војујеш са синовима Амоновим и да нам будеш поглавар свима који живимо у Галаду.
গিলিয়দৰ বৃদ্ধ নেতাসকলে যিপ্তহক ক’লে, “সেই কাৰণেই আমি এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ; তুমি আমাৰ লগত গৈ অম্মোনীয়াসকলৰ সৈতে যুদ্ধ কৰা আৰু তুমিয়েই গিলিয়দনিবাসী সকলো লোকৰ ওপৰত নেতা হবা।”
9 А Јефтај рече старешинама галадским: Кад хоћете да ме одведете натраг да војујем са синовима Амоновим, ако ми их да Господ, хоћу ли вам бити поглавар?
তেতিয়া যিপ্তহে গিলিয়দৰ বৃদ্ধসকলক ক’লে, “আপোনালোকে যদি অম্মোনৰ সৈন্যবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ মোক ঘৰলৈ পুনৰ ওলোটাই নিয়ে আৰু যিহোৱায়ো যদি তেওঁলোকৰ ওপৰত আমাক বিজয়ী কৰে, তেন্তে মইয়ে আপোনালোকৰ নেতা হ’ম।”
10 А старешине галадске рекоше Јефтају: Господ нека буде сведок међу нама, ако не учинимо како си казао.
১০গিলিয়দৰ বৃদ্ধসকলে ক’লে, “আমি যদি আমাৰ কথামতে কাম নকৰোঁ, তেন্তে যিহোৱা আমাৰ মাজত সাক্ষী হৈ থাকক!”
11 Тада отиде Јефтај са старешинама галадским, и народ га постави поглаварем и војводом над собом: и Јефтај изговори пред Господом у Миспи све речи које беше рекао.
১১তেতিয়া যিপ্তহ গিলিয়দৰ বৃদ্ধ নেতাসকলৰ সৈতে গ’ল আৰু লোক সকলে তেওঁকে তেওঁলোকৰ নেতা আৰু সেনাপতি পাতিলে; তাৰ পাছত যিপ্তহে মিস্পাত গৈ যিহোৱাৰ সন্মুখত তেওঁৰ প্রতিজ্ঞাবোৰৰ কথা জনালে।
12 Потом посла Јефтај посланике к цару синова Амонових, и поручи: Шта имаш ти са мном, те си допао к мени да ратујеш по мојој земљи?
১২তাৰ পাছত যিপ্তহে মানুহ পঠাই অম্মোনীয়াসকলৰ ৰজালৈ এই কথা সুধিলে, “আপোনাৰ আৰু আমাৰ মাজত কি সমস্যা হৈছে? কিয় আমাৰ দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিছে?”
13 А цар синова Амонових рече посланицима Јефтајевим: Што је узео Израиљ моју земљу кад дође из Мисира, од Ариона до Јавока и до Јордана; сада дакле врати ми је с миром.
১৩অম্মোনীয়াসকলৰ ৰজাই যিপ্তহে পঠোৱা লোকসকলক কৈ পঠালে, “ইস্ৰায়েলীয়াসকলে মিচৰ দেশৰ পৰা বাহিৰ হৈ আহি অৰ্ণোন নদীৰ পৰা যব্বোকলৈ আৰু যৰ্দ্দনলৈকে মোৰ মাটি কাঢ়ি ল’লে; গতিকে এতিয়া অশান্তি নকৰাকৈ তাক ওলোটাই দিয়ক।”
14 Али Јефтај посла опет посланике к цару синова Амонових.
১৪পুনৰ যিপ্তহে অম্মোনীয়াসকলৰ ৰজাৰ ওচৰলৈ লোক পঠালে।
15 И поручи му: Овако вели Јефтај: Није узео Израиљ земље моавске ни земље синова Амонових.
১৫তেওঁ এই বাৰ্তা দিলে, যিপ্তহে কৈছে: ইস্রায়েলে মোৱাব আৰু অম্মোনৰ লোকসকলৰ মাটি কাঢ়ি লোৱা নাছিল।
16 Него изашавши из Мисира пређе Израиљ преко пустиње до Црвеног Мора и дође до Кадиса.
১৬কিন্তু মিচৰ দেশৰ পৰা ওলাই অহাৰ পাছত ইস্ৰায়েলী লোকসকলে মৰুপ্রান্তৰৰ মাজেদি ভ্ৰমণ কৰি চূফ সাগৰলৈকে গৈছিল আৰু তাৰ পাছতে কাদেচলৈ গৈছিল।
17 И посла Израиљ посланике к цару едомском и рече: Пусти да прођем кроз твоју земљу. Али не послуша цар едомски. Посла такође к цару моавском: , али ни он не хте. И тако стаја Израиљ у Кадису.
১৭তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইদোমৰ ৰজাৰ ওচৰলৈ লোক পঠিয়াই বিনয় কৰি কৈছিল, ‘আপোনালোকৰ ভূমিৰ মাজেদি আমাক যাবলৈ অনুমতি দিয়ক।’ কিন্তু ইদোমৰ ৰজাই সেই কথা নুশুনিলে। পাছত তেওঁলোকে মোৱাবৰ ৰজাৰ ওচৰলৈকো লোক পঠিয়াইছিল, কিন্তু তেৱোঁ সন্মত নহ’ল। সেয়ে ইস্ৰায়েলী লোকসকল কাদেচতে থাকিল।
18 Потом идући преко пустиње обиђе земљу едомску и земљу моавску, и дошавши с Истока земљи моавској стаде у логор с оне стране Ариона; али не пређоше преко међе моавске, јер Арион беше међа моавска.
১৮তাৰ পাছত তেওঁলোকে মৰুপ্রান্তৰৰ মাজেদি গৈ ইদোম আৰু মোৱাব দেশৰ পৰা ঘূৰি মোৱাব দেশৰ পূৱ ফালেদি আহি অৰ্ণোন নদীৰ সিপাৰে ছাউনি পাতিলে; তেওঁলোকে মোৱাবৰ সীমাৰ ভিতৰত নোসোমাল, কিয়নো অৰ্ণোন নদী মোৱাবৰ সীমা আছিল।
19 Него посла Израиљ посланике к Сиону цару аморејском, цару есевонском, и рече му Израиљ; допусти нам да прођемо кроз твоју земљу до свог места.
১৯তাৰ পাছত ইস্ৰায়েলী লোকসকলে ইমোৰীয়াসকলৰ ৰজা চীহোন, যিজনে হিচবোনত ৰাজত্ব কৰিছিল, তেওঁৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে “অনুগ্রহ কৰি আপোনালোকৰ দেশৰ মাজেদি আমাক আমি যাব লগা ঠাইলৈ যাব দিয়ক।”
20 Али Сион не верова Израиљу да га пусти да пређе преко међе његове, него Сион скупи сав свој народ и стадоше у логор у Јаси, и поби се са Израиљем.
২০কিন্তু চীহোনেও তেওঁলোকক বিশ্বাস নকৰিলে আৰু নিজৰ অঞ্চলৰ মাজেদি যোৱাৰ অনুমতি নিদিলে। তেওঁ নিজৰ সৈন্যসকলক গোট খুৱাই যহচত ছাউনি পাতিলে আৰু তাত ইস্ৰায়েলী লোকসকলৰ সৈতে যুদ্ধ কৰিলে।
21 А Господ Бог Израиљев предаде Сиона и сав народ његов у руке синовима Израиљевим, те их побише; и зароби Израиљ сву земљу Амореја, који живљаху у оној земљи.
২১তেতিয়া ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই চীহোন আৰু তেওঁৰ সকলো লোকক ইস্রায়েলী লোকসকলৰ হাতত তুলি দি তেওঁলোকৰ অধীন কৰিলে। এইদৰে ইস্ৰায়েলে সেই দেশত নিবাস কৰা ইমোৰীয়াসকলৰ গোটেই দেশ অধিকাৰ কৰিলে।
22 Задобише сву земљу аморејску од Ариона до Јавока, и од пустиње до Јордана.
২২তেওঁলোকে অৰ্ণোনৰ পৰা যব্বোক পর্যন্ত আৰু মৰুপ্রান্তৰ পৰা যৰ্দ্দনলৈকে ইমোৰীয়াসকলৰ সীমাৰ ভিতৰৰ সমগ্র অঞ্চল অধিকাৰ কৰিলে।
23 Тако је дакле Господ Бог Израиљев отерао Амореје испред народа свог Израиља, па ти ли хоћеш да је земља њихова твоја?
২৩এইদৰে ইস্ৰায়েল জাতিৰ ঈশ্বৰ যিহোৱাই যেতিয়া নিজে ইস্ৰায়েলৰ সন্মুখত ইমোৰীয়াসকলক খেদাই পঠালে, তেন্তে এতিয়া সেই লোকসকলৰ ভূমি জানো আপুনি অধিকাৰ কৰা উচিত?
24 Није ли твоје оно што ти да да је твоје Хемос бог твој? Тако кога год Господ Бог наш отера испред нас, оног је земља наша.
২৪আপোনাৰ কমোচ দেৱতাই আপোনাক যি ভূমিৰ অধিকাৰ দিছে, আপুনি জানো তাক অধিকাৰ নকৰিব? ঠিক সেইদৰে আমাৰ ঈশ্বৰ যিহোৱাই যি ঠাইৰ অধিকাৰ আমাক দিছে, আমি সেই ঠাইকে অধিকাৰ কৰিম।
25 Или си ти по чем бољи од Валака сина Сефоровог цара моавског? Је ли се он кад свађао с Израиљем? Је ли кад војевао с нама?
২৫এতিয়া আপুনি কি মোৱাবৰ ৰজা চিপ্পোৰৰ পুতেক বালাকতকৈও উত্তম? তেওঁ ইস্ৰায়েলৰ অহিতে বিবাদ কৰিবলৈ জানো সাহস কৰিছিল? তেওঁলোকৰ বিৰুদ্ধে তেওঁ জানো কেতিয়াবা যুদ্ধ কৰিছিল?
26 Израиљ живи у Есевону и у селима његовим и у Ароиру и селима његовим и по свим градовима дуж Арнона три стотине година; зашто не отесте за толико времена.
২৬তিনিশ বছৰ কাল ইস্রায়েলী লোকসকলে হিচবোন আৰু অৰোয়েৰ চহৰত, তাৰ গাওঁবোৰত আৰু অৰ্ণোনৰ নদীৰ পাৰৰ ওচৰত থকা সকলো চহৰত বাস কৰিছিল; সেই সময়তে আপোনালোকে কিয় সেইবোৰ ঠাই দখল কৰি নললে?
27 И тако нисам ја теби скривио, него ти мени чиниш зло ратујући на ме. Господ судија нек суди данас између синова Израиљевих и синова Амонових.
২৭এই বিষয়ত মই আপোনাৰ প্রতি কোনো অন্যায় কৰা নাই; বৰং মোৰ বিৰুদ্ধে যুদ্ধ কৰি আপুনিহে মোলৈ অন্যায় কৰিছে; বিচাৰকৰ্ত্তা যিহোৱায়ে এতিয়া ইস্ৰায়েলীয়া আৰু অম্মোনীয়াসকলৰ মাজত বিচাৰ কৰক’।
28 Али цар синова Амонових не послуша речи које му поручи Јефтај.
২৮তথাপি যিপ্তহে কৈ পঠোৱা এই সকলো বার্তাক অম্মোনীয়াসকলৰ ৰজাই অগ্রাহ্য কৰিলে।
29 И сиђе на Јефтаја дух Господњи, те прође кроз Галад и кроз Манасију, прође и Миспу галадску, и од Миспе галадске дође о синова Амонових.
২৯তেতিয়া যিহোৱাৰ আত্মা যিপ্তহৰ ওপৰত আছিল। তাতে তেওঁ গিলিয়দ আৰু মনচিৰ মাজেদি গৈ গিলিয়দৰ মিস্পালৈ আহিল আৰু তাৰ পৰা অম্মোনীয়াসকলৰ ওচৰলৈ গ’ল।
30 И заветова Јефтај завет Господу и рече: Ако ми даш синове Амонове у руке,
৩০যিপ্তহে যিহোৱাৰ ওচৰত সঙ্কল্প কৰি ক’লে, “তুমি যদি মোক অম্মোনীয়াসকলৰ বিৰুদ্ধে বিজয়ী কৰোঁৱা,
31 Шта год изиђе на врата из куће моје на сусрет мени, кад се вратим здрав од синова Амонових, биће Господње, и принећу на жртву паљеницу.
৩১তেন্তে অম্মোনীয়াসকলৰ সৈতে যুদ্ধত জয়লাভ কৰি ঘূৰি যোৱাৰ সময়ত মোক আগবঢ়াই নিবৰ কাৰণে যেয়ে দুৱাৰ মেলি ঘৰৰ বাহিৰলৈ আহিব, সেয়ে যিহোৱাৰ হ’ব আৰু মই তাক হোমবলিৰূপে উৎসৰ্গ কৰিম।”
32 И тако дође Јефтај до синова Амонових да се бије с њима; и Господ му их даде у руке.
৩২তাৰ পাছত যিপ্তহে অম্মোনিয়াসকলৰ লগত যুদ্ধ কৰিবলৈ মিস্পাৰ পৰা গ’ল আৰু যিহোৱাই তেওঁৰ হাতত অম্মোনিয়াসকলক তুলি দিলে।
33 И поби их од Ароира па до Минита у двадесет градова и до равнице виноградске у боју врло великом; и синови Амонови бише покорени пред синовима Израиљевим.
৩৩তেওঁ অৰোয়েৰৰ পৰা মিন্নীতৰ ওচৰত নগৰবোৰত আক্রমণ কৰি হত্যা কৰিলে আৰু আবেল-কৰামীমলৈকে বিশখন নগৰ জয় কৰিলে। এইদৰে অম্মোনীয়াসকলক ইস্ৰায়েলৰ অধীন কৰা হ’ল।
34 А кад се враћаше Јефтај кући својој у Миспу, гле, кћи његова изиђе му на сусрет с бубњевима и свиралама; она му беше јединица, и осим ње не имаше ни сина ни кћери.
৩৪যিপ্তহে যেতিয়া মিস্পাত নিজৰ ঘৰলৈ উলটি আহিল, তেতিয়া তেওঁক আগবঢ়াই নিবলৈ তেওঁৰ জীয়েক ওলাই আহিল। তাই খঞ্জৰী বজাই তালে তালে নাচি নাচি ওলাই আহিল; তাই যিপ্তহৰ একেজনী মাথোন জীয়েক আছিল আৰু তাইৰ বাহিৰে তেওঁৰ কোনো পুতেক বা জীয়েক নাছিল।
35 Па кад је угледа, раздре хаљине своје и рече: Ах кћери моја! Веле ли ме обори! Ти си од оних што ме цвеле; јер сам отворио уста своја ка Господу и не могу порећи.
৩৫যিপ্তহে নিজৰ জীয়েকক দেখা পোৱা মাত্ৰে নিজৰ কাপোৰ ফালি ক’লে, “হায়, মোৰ মাজনী! তুমি মোলৈ এয়া কি সর্বনাশ কৰিলা! তুমি যে মোক অতিশয় বেজাৰ দিলা! কিয়নো মই যিহোৱাৰ উদ্দেশ্যে যি শপত খালো, মই তাৰ পৰা ঘূৰিব নোৱাৰোঁ।”
36 А она му рече: Оче мој, кад си отворио уста своја ка Господу, учини ми, како је изашло из уста твојих, кад те је Господ осветио од непријатеља твојих, синова Амонових.
৩৬তাই বাপেকক ক’লে, “পিতা, তুমি যিহোৱাক কথা দিলা, সেয়ে তোমাৰ কথা অনুসাৰে মোৰ প্রতি সকলো কৰা। কিয়নো যিহোৱাই তোমাৰ শত্ৰু অম্মোনীয়াসকলৰ ওপৰত তোমাৰ হৈ প্ৰতিকাৰ সাধিলে।”
37 Још рече оцу свом: Учини ми ово: остави ме до два месеца да отидем да се попнем на горе да оплачем своје девојаштво с другама својим.
৩৭তাৰ পাছত তাই ক’লে, “মোৰ বাবে এটা অনুৰোধ ৰাখক। মোক দুমাহৰ বাবে অকলে থাকিবলৈ দিয়ক; মোক পাহাৰে পাহাৰে ঘূৰি মোৰ কুমাৰীত্বৰ অৰ্থে সখীবোৰেৰে সৈতে বিলাপ কৰিবলৈ দিয়ক।”
38 А он јој рече: Иди. И пусти је на два месеца, и она отиде с другама својим и оплакива девојаштво своје по горама.
৩৮যিপ্তহে ক’লে, “যোৱা।” এইবুলি তেওঁ তাইক দুমাহলৈ বিদায় দিলে; তেতিয়া তাই নিজ সখীসকলৰ সৈতে গৈ পাহাৰবোৰৰ ওপৰত নিজ কুমাৰীত্বৰ অৰ্থে বিলাপ কৰিবলৈ ধৰিলে।
39 А кад прођоше два месеца, врати се к оцу свом; и он сврши на њој завет свој који беше заветовао. А она не позна човека. И поста обичај у Израиљу
৩৯দুমাহৰ মূৰত তাই বাপেকৰ ওচৰলৈ উলটি আহিল; তাইৰ বাপেকে নিজে কৰা সঙ্কল্পৰ দৰে তাইলৈ কৰিলে; তাই কেতিয়াও কোনো পুৰুষৰ সৈতে সম্বন্ধ নকৰিলে। এই ঘটনাৰ পৰা ইস্ৰায়েলৰ মাজত এটা ৰীতি প্ৰচলিত হ’বলৈ ধৰিলে।
40 Да од године до године иду кћери Израиљеве да плачу за кћерју Јефтаја од Галада, четири дана у години.
৪০ইস্ৰায়েলীয়া যুৱতীসকলে প্রত্যেক বছৰে চাৰি দিনৰ বাবে গিলিয়দীয়া যিপ্তহৰ জীয়েকৰ কথা কৈ বিলাপ কৰে।

< Књига о судијама 11 >