< Књига пророка Јеремије 25 >
1 Реч која дође Јеремији за сав народ Јудин четврте године Јоакима сина Јосијиног цара Јудиног, а то је прва година Навуходоносора цара вавилонског,
১যিহূদাৰ আটাই লোকৰ বিষয়ে যিহোৱাৰ পৰা যিৰিমিয়ালৈ এই বাক্য আহিছিল। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ চতুৰ্থ বছৰত বাবিলৰ নবূখদনেচৰ ৰজাৰ ৰাজত্বৰ প্ৰথম বছৰত এই বাক্য আহিছিল।
2 Коју рече Јеремија пророк свему народу Јудином и свим становницима јерусалимским, говорећи:
২যিৰিমিয়া ভাববাদীয়ে যিহূদাৰ সকলো লোকৰ, আৰু যিৰূচালেম-নিবাসী সকলোৰে আগত সেই বাক্য প্ৰচাৰ কৰি ক’লে।
3 Од тринаесте године Јосије сина Амоновог цара Јудиног до данас, за ове двадесет и три године, долази ми реч Господња и говорих вам зарана једнако, али не послушасте.
৩তেওঁ ক’লে, “আমোনৰ পুত্ৰ যিহূদাৰ ৰজা যোচিয়াৰ ৰাজত্ব কালৰ ত্ৰয়োদশ বছৰৰ পৰা আজিলৈকে এই তেইশ বছৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহি আছে আৰু মই প্ৰতি প্ৰভাতে উঠি তোমালোকক তাক কৈ আছোঁ। মই তোমালোকক ক’বলৈ অতি ইচ্ছুক আছিলোঁ, কিন্তু তোমালোকে কাণ দিয়া নাই।
4 И сла вам Господ све слуге своје пророке зарана једнако, али не послушасте, нити пригнусте уха свог да бисте чули.
৪যিহোৱাই প্ৰতি প্ৰভাতে উঠি তেওঁৰ সকলো দাস ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠাই আছে, কিন্তু তোমালোকে শুনা নাই, আৰু শুনিবলৈ কাণো পতা নাই।
5 И говораху: Вратите се сваки са свог пута злог и од злоће дела својих, па ћете остати у земљи коју даде Господ вама и оцима вашим од века до века.
৫এই ভাববাদীসকলে কৈছিল, ‘বিনয় কৰোঁ, তোমালোক প্ৰতিজনে নিজ নিজ কু-পথৰ পৰা আৰু নিজ নিজ দুষ্টতাৰ পৰা ঘূৰা, আৰু যিহোৱাই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশত যুগে যুগে অনন্ত কাললৈকে বাস কৰা।
6 И не идите за другим боговима да им служите и да им се клањате и не гневите ме делом руку својих, и нећу вам учинити зла.
৬আৰু ইতৰ দেৱতাবোৰক সেৱাপূজা আৰু সেইবোৰ আগত প্ৰণিপাত কৰিবলৈ সেইবোৰৰ অনুগামি নহ’বা, আৰু তেওঁলোকৰ হাতে কৰা কাৰ্যৰ দ্বাৰাই মোক বেজাৰ নিদিবা; তেতিয়া মই তোমালোকৰ কোনো অপকাৰ নকৰিম।’
7 Али ме не послушасте, говори Господ, него ме гневисте делом руку својих на своје зло.
৭তথাপি, যিহোৱাই কৈছে, “তোমালোকে নিজৰ নিজৰ অপকাৰৰ অৰ্থে তোমালোকৰ হাতে কৰা কাৰ্যৰ দ্বাৰাই মোক বেজাৰ দিবলৈ মোলৈ কাণ দিয়া নাই।”
8 За то овако вели Господ над војскама: Што не послушасте моје речи,
৮এই হেতুকে বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “তোমালোকে মোৰ বাক্য নুশুনা, এইবাবে,
9 Ево, ја ћу послати по све народе северне, говори Господ, и по Навуходоносора цара вавилонског слугу свог, и довешћу их на ту земљу и на становнике њене, и на све те народе околне, које ћу затрти, и учинићу да буду чудо и подсмех и пустош вечна.
৯চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।
10 И учинићу да нестане међу њима глас радостан и глас весео, глас жеников и глас невестин, лупа од жрвања и светлост од жишка.
১০ইয়াৰ বাহিৰে মই এওঁলোকৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি, দৰা-কন্যাৰ ধ্বনি, জাঁতৰ শব্দ আৰু চাকিৰ পোহৰ নাইকিয়া কৰিম।
11 И сва ће та земља бити пустош и чудо, и ти ће народи служити цару вавилонском седамдесет година.
১১তেতিয়া এই গোটেই দেশ ধ্বংস আৰু আচৰিতৰ ঠাই হ’ব, আৰু এই জাতিবোৰে সত্তৰ বছৰলৈকে বাবিলৰ ৰজাৰ বন্দী-কাম কৰিব।
12 А кад се наврши седамдесет година, онда ћу походити цара вавилонског и онај народ, говори Господ, за безакоње њихово, и земљу халдејску, и обратићу је у пустош вечну.
১২যিহোৱাই আৰু কৈছে: এই সত্তৰ বছৰ পূৰ হ’লে, মই বাবিলৰ ৰজাক, আৰু সেই জাতিক, আৰু কলদীয়াসকলৰ দেশক তেওঁলোকৰ অপৰাধৰ বাবে দণ্ড দিম; আৰু মই তাক চিৰকালৰ বাবে ধ্বংসস্থান কৰিম।
13 И пустићу на ту земљу све што сам говорио о њој, све што је написано у овој књизи, што пророкова Јеремија за све народе.
১৩আৰু মই সেই দেশৰ বিৰুদ্ধে কোৱা মোৰ সকলো বাক্য, এনে কি, যিৰিমিয়াই সকলো জাতিৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা, এই পুথিখনিত লিখা সকলোকে সেই দেশলৈ ঘটাম।
14 Јер ће велики народи и силни цареви и њих покорити; тада ћу им платити по делима њиховим и по оном што су чинили рукама својим.
১৪কিয়নো অনেক জাতি আৰু মহান ৰজাসকলে তেওঁলোকক বন্দী-কাম কৰোৱাব; আৰু মই তেওঁলোকৰ কৰ্ম আৰু তেওঁলোকৰ হাতৰ কাৰ্য অনুসাৰে তেওঁলোকক প্ৰতিফল দিম।
15 Јер овако ми рече Господ Бог Израиљев: Узми из моје руке чашу вина, овог гнева, и напој из ње све народе ка којима те ја пошаљем.
১৫কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই মোক এইদৰে কৈছে: “তুমি মোৰ ক্ৰোধস্বৰূপ সেই দ্ৰাক্ষাৰসৰ পান-পাত্ৰ মোৰ হাতৰ পৰা লোৱা, আৰু যি যি জাতিৰ ওচৰলৈ মই তোমাক পঠাওঁ, তুমি গৈ সেই সেই জাতিক ইয়াক পান কৰোৱাবা।
16 Нека пију и смету се и полуде од оштрог мача који ћу ја послати међу њих.
১৬তেওঁলোকে পান কৰি ঢলং-পলং কৰিব আৰু মই তেওঁলোকৰ মাজলৈ যি তৰোৱাল পঠিয়াম, তাৰ কাৰণে তেওঁলোক পগলা যেন হ’ব।
17 И узех чашу из руке Господу, и напојих све те народе, ка којима ме посла Господ:
১৭তেতিয়া মই যিহোৱাৰ হাতৰ পৰা সেই পান-পাত্ৰ লৈ, যিহোৱাই যিবোৰ জাতিৰ ওচৰলৈ মোক পঠিয়ালে, তেওঁলোকক পান কৰোৱালোঁ,
18 Јерусалим и градове Јудине и цареве његове и кнезове његове, да буду пустош и чудо и подсмех и уклин, као што је данас,
১৮অৰ্থাৎ আজিৰ দৰেই, তেওঁলোকক ধ্বংসস্থান, আচৰিত, ইচ্ ইচ্, আৰু শাওৰ বিষয় কৰিবলৈ যিৰূচালেমক, যিহূদাৰ নগৰবোৰক তাৰ ৰজাসকলক, আৰু তাৰ প্ৰধান লোকসকলক পান কৰোৱালোঁ।
19 Фараона цара мисирског и слуге његове и кнезове његове и сав народ његов,
১৯আন জাতি সমূহেও ইয়াক পান কৰিব লগীয়া হৈছিল: আৰু মিচৰৰ ৰজা ফৰৌণক আৰু তেওঁৰ মন্ত্ৰীসকলক, তেওঁৰ প্ৰধান লোকসকলক,
20 И сву мешавину, и све цареве земље Уза, све цареве земље филистејске, и Аскалон и Газу и Акарон и остатак од Азота,
২০তেওঁৰ সকলো প্ৰজাক, মিশ্ৰিত জাতি সমূহক, উচ দেশৰ সকলো ৰজাক, পলেষ্টীয়াসকলৰ আটাই ৰজাক বিশেষকৈ অস্কিলোন, গাজা, ইক্ৰোণ, আৰু অচ্দোদৰ অৱশিষ্ট ভাগক,
21 Едомце и Моавце и синове Амонове,
২১ইদোম, মোৱাব, আৰু অম্মোনৰ সন্তান সকলক, তূৰৰ সকলো ৰজাক;
22 И све цареве тирске и све цареве сидонске и цареве на острвима преко мора,
২২চীদোনৰ সকলো ৰজাক, সমুদ্ৰৰ সিপাৰে থকা দ্বীপৰ সকলো ৰজাক,
23 Дедана и Тему и Вуза, и све који се с краја стрижу,
২৩দদান, তেমা, বুজ, আৰু কুমৰ গুৰিত ডাঢ়ি-চুলি কটা সকলোৱে পান কৰিবলগীয়া হৈছিল।
24 И све цареве арапске и све цареве од мешавине који живе у пустињи,
২৪আৰবৰ সকলো ৰজাক, মৰুভূমি-নিবাসী মিশ্ৰিত জাতিৰ সকলো ৰজাক,
25 И све цареве зимријске, и све цареве еламске, и све цареве мидске,
২৫যিম্ৰীৰ সকলো ৰজাক, এলমৰ সকলো ৰজাক, মাদিয়াসকলৰ সকলো ৰজাক,
26 И све цареве северне, који су близу и који су далеко, како једног тако другог, и сва царства земаљска што су по земљи; а цар сисашки пиће после њих.
২৬প্ৰভেদ নৰখাকৈ উত্তৰ দেশৰ ওচৰত কি দূৰত থকা সকলো ৰজাক, পৃথিৱীৰ ওপৰত থকা জগতৰ সকলো ৰাজ্যক পান কৰোৱালোঁ; আৰু তেওঁলোকৰ পাছত চেচক ৰজাই পান কৰিব।”
27 И реци им: Овако вели Господ над војскама Бог Израиљев: Пијте и опијте се, и бљујте и падајте, да не устанете од мача који ћу пустити међу вас.
২৭ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “আৰু তুমি তেওঁলোকক এই কথা ক’বা, তোমালোকে পান কৰি মতলীয়া হৈ বঁতিওৱা, আৰু তোমালোকৰ মাজলৈ মই যি তৰোৱাল পঠিয়াম, তাৰ কাৰণে পতিত হোৱা, আৰু নুঠিবা’।”
28 Ако ли не би хтели узети чашу из руке твоје да пију, тада им реци: Овако вели Господ над војскама: Заиста ћете пити.
২৮আৰু তেতিয়া যদি তেওঁলোকে পান কৰিবলৈ তোমাৰ হাতৰ পৰা পান-পাত্ৰটি লবলৈ অস্বীকাৰ কৰে, তোতিয়া তেওঁলোকক ক’বা, বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে, তোমালোকে অৱশ্যে পান কৰিবই লাগে।
29 Јер ево почињем пуштати зло на град који се назива мојим именом, а ви ли ћете остати без кара? Нећете остати без кара, јер ћу дозвати мач на све становнике земаљске, говори Господ над војскама.
২৯কাৰণ, চোৱা, মোৰ নামেৰে প্ৰখ্যাত হোৱা নগৰখনতেই অমঙ্গল আনিবলৈ ধৰিছোঁ, এনে স্থলত, তোমালোকে একেবাৰে দণ্ড নোপোৱাকৈ থাকিবা নে? তোমালোকে দণ্ড নোপোৱাকৈ নাথাকিবা; কিয়নো বাহিনীসকলৰ যিহোৱাই কৈছে, মই পৃথিৱী-নিবাসী সকলোৰে অহিতে তৰোৱাল মাতিম।
30 Ти дакле пророкуј им све ове речи и реци им: Господ ће с висине рикнути, и из стана светиње своје пустиће глас свој, силно ће рикнути из стана свог, као они што газе грожђе подигнуће вику на све становнике земаљске.
৩০এই হেতুকে তুমি তেওঁলোকৰ বিৰুদ্ধে এই সকলো ভাববাণী প্ৰচাৰ কৰা, আৰু তেওঁলোকক কোৱা, ‘যিহোৱাই উচ্চস্থানৰ পৰা গৰ্জ্জন কৰিব, আৰু তেওঁ নিজৰ পবিত্ৰ নিবাসৰ পৰা উচ্চ-ধ্বনি শুনাব, তেওঁৰ মেৰ-ছাগ চৰোৱা ঠাইৰ বিৰুদ্ধে বৰকৈ গৰ্জ্জিব, আৰু পৃথিৱী-নিবাসী সকলোৰে বিৰুদ্ধে দ্ৰাক্ষাগুটি গচকোঁতাসকলৰ দৰেই উচ্চ-ধ্বনি কৰিব।
31 Проћи ће граја до краја земље, јер распру има Господ с народима, суди се са сваким телом, безбожнике ће дати под мач, говори Господ.
৩১পৃথিৱীৰ সীমালৈকে ধ্বনিয়ে ব্যাপিব; কিয়নো জাতি সমূহে সৈতে যিহোৱাৰ বিবাদ আছে, তেওঁ মৰ্ত্ত্যসকলে সৈতে প্ৰতিবাদ কৰিব; দুষ্টহঁতক হ’লে, তেওঁ তৰোৱালত শোধাই দিব।” এয়ে যিহোৱাৰ বচন।
32 Овако вели Господ над војскама: Ево, невоља ће поћи од народа до народа, и велик ће се вихор подигнути од крајева земаљских.
৩২বাহিনীসকলৰ যিহোৱাই এইদৰে কৈছে: “চোৱা, এক জাতিৰ পৰা আন জাতিলৈ অমঙ্গল ওলাব, আৰু পৃথিৱীৰ অন্ত ভাগৰ পৰা বৰ ধুমুহা আহিব।
33 И у онај ће дан бити од краја до краја земље побијени од Господа, неће бити оплакани, нити ће се покупити и погрепсти, биће гној по земљи.
৩৩সেই দিনা পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ যিহোৱাৰ হত লোক হ’ব; কোনেও তেওঁলোকৰ বাবে বিলাপ নকৰিব, আৰু তেওঁলোকক গোটোৱা কি পোতা নহ’ব, তেওঁলোক মাটিৰ ওপৰত সাৰস্বৰূপ হ’ব।
34 Ридајте, пастири, и вичите и ваљајте се по праху, главари стаду, јер се навршише ваши дани да будете поклани, и да се разаспете, и пашћете као скупоцен суд.
৩৪হে মেৰ-ছাগ ৰখীয়াবোৰ, তোমালোকে হাহাঁকাৰ আৰু কাতৰোক্তি কৰা; আৰু হে মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকল, তোমালোক ছাইত বাগৰা। কিয়নো তোমালোকৰ হত্যাৰ দিন আহি পৰিল; মই তোমালোকক ছিন্ন-ভিন্ন কৰিম, তাতে তোমালোক মনোহৰ পাত্ৰৰ দৰে পতিত হবা।
35 И неће бити уточишта пастирима, ни избављења главарима од стада.
৩৫মেৰ-ছাগ ৰখীয়াবোৰে পলাবলৈ, বা মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকলে ৰক্ষা পাবলৈ বাট নাপাব।
36 Викаће пастири и ридаће главари од стада, јер ће потрти Господ пашу њихову.
৩৬মেৰ-ছাগ ৰখীয়াবোৰৰ কাতৰোক্তি আৰু মেৰ-ছাগৰ জাকৰ প্ৰধান লোকসকলৰ হাহাঁকাৰৰ শব্দ শুনা গৈছে; কিয়নো যিহোৱাই তেওঁলোকৰ চৰণীয়া ঠাই উচ্ছন্ন কৰিছে।
37 И развалиће се мирни торови од жестоког гнева Господњег.
৩৭আৰু যিহোৱাৰ ক্ৰোধৰ কাৰণে শান্তিপূৰ্ণ মেৰ-ছাগৰ গঁৰালবোৰ নিস্তব্ধ হ’ল।
38 Као лавић оставио је шатор свој, јер ће земља њихова опустети од жестине насилникове и од љутог гнева његовог.
৩৮তেওঁ সিংহৰ নিচিনাকৈ নিজৰ গহবৰ এৰি আহিছে; কিয়নো অত্যাচাৰকাৰী তৰোৱালৰ ভয়ানকতা আৰু তেওঁৰ প্ৰচণ্ড ক্ৰোধৰ কাৰণে তেওঁলোকৰ দেশ আচৰিতৰ বিষয় হৈছে, কাৰণ তেওঁৰ খয়াল ক্রোধৰ বাবে।”