< Књига пророка Агеја 2 >
1 Седмог месеца двадесет првог дана дође реч Господња преко Агеја пророка говорећи:
১ৰজা দাৰিয়াবচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰৰ সপ্তম মাহৰ একৈশ দিনৰ দিনা ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য পুনৰ আহিল,
2 Кажи сада Зоровавељу сину Салатиловом, управитељу јудејском, и Исусу сину Јоседековом, поглавару свештеничком, и остатку народном говорећи:
২“যিহূদাৰ শাসনকৰ্ত্তা চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, যিহোচাদকৰ পুত্ৰ প্ৰধান পুৰোহিত যিহোচূৱা, আৰু জনসাধাৰণৰ মাজৰ অৱশিষ্ট লোকক এই কথা কোৱা,
3 Ко је међу вама остао који је видео овај дом у првој слави његовој? А какав ви сада видите? Није ли према оном као ништа у вашим очима?
৩তোমালোকৰ মাজত কোন আছে? যিজনে এই গৃহৰ পূৰ্বৰ গৌৰৱ দেখিছে; আৰু এতিয়া এই গৃহ কেনে দেখিছা? তোমালোকৰ দৃষ্টিত এয়ে একো নোহোৱাৰ দৰে নহয় নে?
4 Него сада буди храбар, Зоровавељу, говори Господ, и буди храбар Исусе сине Јоседеков, поглавару свештенички, и буди храбар сав народе земаљски, говори Господ, и радите; јер сам ја с вама, говори Господ над војскама.
৪‘হে জৰুব্বাবিল বলৱান হোৱা!’ যিহোৱাই এই কথা ঘোষণা কৰিছে, যিহোচাদকৰ পুত্ৰ হে প্ৰধান পুৰোহিত যিহোচূৱা, তুমিও বলৱান হোৱা; আৰু যিহোৱাই কৈছে, দেশৰ সকলো লোক তোমালোক বলৱান হোৱা, আৰু কাৰ্য কৰা; কাৰণ বাহিনীসকলৰ যিহোৱাই কৈছে, ‘মই তোমালোকৰ লগত আছোঁ!’
5 По речи којом сам учинио завет с вама кад изиђосте из Мисира, дух ће мој стајати међу вама, не бојте се.
৫তোমালোক যেতিয়া মিচৰৰ পৰা ওলাই আহিলা, তেতিয়া প্রতিজ্ঞাবোৰ অন্তৰ্ভুক্ত কৰাৰ দ্বাৰাই, মই তোমালোকৰ সৈতে নিয়ম স্থাপন কৰিলোঁ। আৰু মোৰ আত্মা তোমালোকৰ মাজত স্থিতি ল’লে; সেয়ে তোমালোকে ভয় নকৰিবা।
6 Јер овако вели Господ над војскама: Још једном, до мало, и ја ћу потрести небеса и земљу и море и суву земљу;
৬কাৰণ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘খন্তেক পাছতে, মই আৰু এবাৰ আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ আৰু শুকান ভূমি কঁপাম!
7 И потрешћу све народе, и доћи ће изабрани из свих народа, и напунићу овај дом славе, вели Господ над војскама.
৭আৰু মই প্রত্যেক দেশবোৰক কঁপাম, আৰু প্রত্যেক দেশে মোলৈ বহুমূল্যৱান বস্তু আনিব; বাহিনীসকলৰ যিহোৱাই কৈছে, মই এই গৃহ গৌৰৱেৰে পৰিপূৰ্ণ কৰিম।
8 Моје је сребро и моје је злато, говори Господ над војскама.
৮বাহিনীসকলৰ যিহোৱাই কৈছে, ৰূপ আৰু সোণবোৰ মোৰ।
9 Слава ће овог дома последњег бити већа него оног првог, вели Господ над војскама; и поставићу мир на овом месту, говори Господ над војскама.
৯বাহিনীসকলৰ যিহোৱাই কৈছে, এই গৃহৰ পূৰ্বৰ প্ৰতাপতকৈ ভবিষ্যতৰ প্ৰতাপ অধিক হ’ব, আৰু বাহিনীসকলৰ যিহোৱাই এইদৰে ঘোষণা কৰিছে, এই ঠাইত মই শান্তি দান কৰিম।
10 Двадесет четвртог дана деветог месеца друге године Даријеве дође реч Господња преко Агеја пророка говорећи:
১০ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ নৱম মাহৰ চৌবিশ দিনৰ দিনা, ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল,
11 Овако вели Господ над војскама: Упитај свештенике за закон, и реци:
১১“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘তুমি পুৰোহিতসকলক বিধানৰ বিষয়ে সোধা আৰু কোৱা:
12 Гле, ако би ко носио свето месо у скуту од хаљине своје, или би се скутом својим дотакао хлеба или варива или вина или уља или каквог год јела, би ли се осветио? А свештеници одговорише и рекоше: Не.
১২কোনোৱে যদি নিজৰ বস্ত্রত পবিত্ৰ মাংস বান্ধি লৈ যায়, আৰু যদি পিঠা, সিজোৱা দাইল, দ্ৰাক্ষাৰস, তেল, বা আন কোনো খোৱা বস্তু তেওঁৰ সেই বান্ধি লৈ যোৱা বস্ত্রত লাগে, তেনেহ’লে সেই খোৱা বস্তুবোৰ পবিত্ৰ হ’ব নে’?”” পুৰোহিত সকলে উত্তৰ দি ক’লে, “নহ’ব।”
13 По том рече Агеј: Ако би се ко нечист од мртваца дотакао чега тога, хоће ли бити нечисто? А свештеници одговорише и рекоше: Биће нечисто.
১৩তেতিয়া হগ্গয়ে ক’লে, “মৰা শৱ চুই অশুচি হোৱা কোনো মানুহে যদি সেইবোৰৰ মাজৰ পৰা কোনো বস্তু চোৱে, তেনেহ’লে সেয়ে অশুচি হ’ব নে?” পুৰোহিতসকলে উত্তৰ দি ক’লে, “হয়, সেয়ে অশুচি হ’ব।”
14 Тада Агеј одговори и рече: Такав је тај народ и такви су ти људи преда мном, говори Господ, и такво је све дело руку њихових, и шта год приносе тамо, нечисто је.
১৪তেতিয়া হগ্গয়ে উত্তৰ দি ক’লে, “যিহোৱাই কৈছে, মোৰ আগত এই লোকসকল আৰু এই দেশ তেনেকুৱা, আৰু তেওঁলোকৰ হাতৰ সকলো কাৰ্যও তেনেকুৱা। তেওঁলোকে মোলৈ যি উৎসৰ্গ কৰে, সেইবোৰ অশুচি।
15 А сада узмите на ум, од овог дана назад, пре него се положи камен на камен у цркви Господњој,
১৫সেয়ে এতিয়া যিহোৱাৰ মন্দিৰত শিলৰ ওপৰত শিল স্থাপন নকৰা দিনৰে পৰা আজিলৈকে সেইবোৰ দিন বিবেচনা কৰা।
16 Пре тога кад ко дође ка гомили од двадесет мера, беше десет; кад дође ка каци да добије педесет ведара из каце, беше двадесет;
১৬কোনো মানুহে যেতিয়াই শস্যৰ দ’মৰ পৰা বিশ জোখৰ শস্য ল’বলৈ আহে, তেতিয়া তাত কেৱল দহ জোখৰ শস্য মাথোন পায়, আৰু কোনো মানুহে যেতিয়া পঞ্চাশ কলহ দ্ৰাক্ষাৰস ল’বলৈ দ্ৰাক্ষাকুণ্ডলৈ আহে, তেতিয়া তাত কেৱল বিশ কলহহে পায়।
17 Бих вас сушом и медљиком и градом, свако дело руку ваших; али се ви не обратисте к мени, говори Господ.
১৭যিহোৱাই এই কথা কৈছে, মই তোমালোকক দুৰ্দশাগ্রস্ত কৰিলোঁ, আৰু তোমালোকৰ হাতৰ সকলো উৎপন্ন উদ্ভিদ ৰোগেৰে নষ্ট কৰিলোঁ, তথাপিও তোমালোকে এতিয়ালৈ মোলৈ ঘূৰি অহা নাই।
18 Узмите на ум, од тога дана назад, од дана двадесет четвртог месеца деветог, од дана кад се основа црква Господња, узмите на ум.
১৮‘নৱম মাহৰ চৌবিশ দিনলৈকে যিমান দিন অতীত হৈ গ’ল, আৰু যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰা দিনৰে পৰা আজিলৈকে সকলো দিন বিবেচনা কৰা!
19 Има ли јоште семена у житници? Ни винова лоза ни смоква ни шипак ни маслина још не роди; од овог ћу дана благословити.
১৯ভঁৰালত এতিয়ালৈকে শস্য আছে নে? দ্ৰাক্ষালতা, ডিমৰু গছ, ডালিম, আৰু জিত গছে ফল দিয়া নাছিল; কিন্তু আজিৰ পৰা মই তোমাক আশীৰ্ব্বাদ কৰিম’।”
20 По том дође реч Господња други пут Агеју двадесет четвртог дана деветог месеца говорећи:
২০তাৰ পাছত ৰজা দাৰিয়াবচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰৰ সপ্তম মাহৰ চৌবিশ দিনৰ দিনা যিহোৱাৰ বাক্য দ্বিতীয়বাৰ হগ্গয়লৈ আহিল, আৰু তেওঁ ক’লে,
21 Кажи Зоровавељу управитељу јудејском, и реци: Ја ћу потрести небо и земљу;
২১“যিহূদাৰ শাসনকৰ্ত্তা জৰুব্বাবিলক কোৱা, মই আকাশ-মণ্ডল আৰু পৃথিৱী কঁপাম;
22 И превалићу престо царствима, и сатрћу силу царствима народним, превалићу кола и оне који седе на њима, и попадаће коњи и коњаници, сваки од мача брата свог.
২২মই ৰাজ্যবোৰৰ সিংহাসন লুটিয়াই পেলাম, আৰু দেশৰ ৰাজ্যবোৰৰ শক্তি নাশ কৰিম, আৰু ৰথ আৰু ৰথৰ আৰোহীসকলক লুটিয়াই পেলাম; ঘোঁৰা আৰু ঘোঁৰাৰ আৰোহী প্রতিজনক নিজৰ ভায়েকৰ তৰোৱালেৰে আঘাত কৰি তলত পেলোৱা হ’ব।
23 У то време, говори Господ над војскама, узећу тебе, Зоровавељу, сине Салатилов, слуго мој, говори Господ, и поставићу те као печат; јер сам те изабрао, говори Господ над војскама.
২৩বাহিনীসকলৰ যিহোৱাই এই ঘোষণা কৰিছে, সেই দিনা মোৰ দাস চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিলক মই গ্ৰহণ কৰিম; আৰু মই তোমাক মোৰ আঙঠিত মোহৰৰ দৰে স্থাপন কৰিম; কাৰণ, বাহিনীসকলৰ যিহোৱাই কৈছে, মই তোমাক মনোনীত কৰিলোঁ!’