< 1 Мојсијева 33 >
1 А Јаков подигавши очи своје погледа, а то Исав иде, и четири стотине људи с њим. И раздели децу уз Лију и уз Рахиљу и уз две робиње.
১তাৰ পাছত যাকোবে দেখিলে যে, এচৌৱে চাৰিশ মানুহ লগত লৈ আগুৱাই আহি আছে। তেওঁ তেতিয়া লেয়া, ৰাহেল, আৰু দুজনী দাসীৰ মাজত সন্তান সকলক ভাগ কৰি দিলে।
2 И намести напред робиње и њихову децу, па Лију и њену децу за њима, а најпосле Рахиљу и Јосифа.
২দুয়োজনী দাসী আৰু তেওঁলোকৰ সন্তান সকলক তেওঁ প্রথমতে ৰাখিলে, তাৰ পাছত ৰাখিলে লেয়া আৰু তেওঁৰ সন্তান সকলক। অৱশেষত ৰাহেল আৰু যোচেফক ৰাখিলে।
3 А сам прође напред, и поклони се до земље седам пута докле дође до брата свог.
৩তেওঁ নিজে সকলোৰে আগে আগে গ’ল। ককায়েকৰ ওচৰ নোপোৱালৈকে তেওঁ মাটিত উবুৰি হৈ সাতবাৰ প্ৰণিপাত কৰিলে।
4 А Исав притрча преда њ и загрли га и паде му око врата и целива га, и обојица се заплакаше,
৪তেতিয়া এচৌৱে তেওঁৰ ওচৰলৈ দৌৰি আহি তেওঁক সাৱটি ধৰিলে; ডিঙিত ধৰি সাৱটি চুমা খালে আৰু তাৰ পাছত দুয়োৱে কান্দিবলৈ ধৰিলে।
5 И Исав подигавши очи угледа жене и децу, па рече: Ко су ти оно? А Јаков рече: Деца, коју Бог милостиво дарова слузи твом.
৫পাছত এচৌৱে চকু তুলি মহিলা আৰু সন্তান সকলক দেখি সুধিলে, “তোমাৰ লগত এওঁলোক কোন?” যাকোবে ক’লে “ঈশ্বৰে অনুগ্ৰহ কৰি আপোনাৰ দাসক এই সকলো সন্তান দিলে।”
6 И приступише робиње с децом својом, и поклонише се.
৬তেতিয়া দাসী দুজনীয়ে নিজৰ সন্তান সকলৰ সৈতে আগবাঢ়ি গৈ প্ৰণিপাত কৰিলে।
7 Потом приступи и Лија и деца њена, и поклонише се; а најпосле приступи Јосиф и Рахиља, и поклонише се.
৭তাৰ পাছত লেয়াই তেওঁৰ সন্তান সকলক লৈ আগবাঢ়ি আহি প্ৰণিপাত কৰিলে; শেষত যোচেফ আৰু ৰাহেলেও আগুৱাই গৈ প্ৰণিপাত কৰিলে।
8 А Исав рече: Шта ће ти читава војска она коју сретох? А он рече: Да нађем милост пред господарем својим.
৮এচৌৱে ক’লে, “মই যি দলবোৰক লগ পালোঁ, সেই সকলো কিহৰ বাবে?” যাকোবে ক’লে, “সেইবোৰ মোৰ মালিকৰ দৃষ্টিত অনুগ্ৰহ পাবৰ বাবে।”
9 А Исав рече: Има, брате, у мене доста; нека теби шта је твоје.
৯তেতিয়া এচৌৱে ক’লে, “ভাই, মোৰ যথেষ্ট আছে; তোমাৰ যি আছে, সেয়া তোমালৈকো থাকক।”
10 А Јаков рече: Не; ако сам сада нашао милост пред тобом, прими дар из моје руке, јер видех лице твоје као да видех лице Божје, тако си ме лепо дочекао.
১০যাকোবে ক’লে, “নহয় নহয়, মই মিনতি কৰি কৈছো, যদি আপোনাৰ দৃষ্টিত মই অনুগ্ৰহ পাইছোঁ, তেন্তে মোৰ হাতৰ পৰা উপহাৰ গ্ৰহণ কৰক। কিয়নো, আপুনি মোক গ্রহণ কৰিছে আৰু অৱশ্যেই মোৰ বাবে অাপোনাৰ মুখ দেখা ঈশ্বৰৰ মুখ দেখাৰ দৰে।
11 Прими дар мој, који ти је доведен; јер ме је обилато обдарио Бог, и имам свега. И навали на њ, те прими.
১১বিনয় কৰোঁ, আপোনালৈ অনা মোৰ উপহাৰ গ্ৰহণ কৰক; কিয়নো ঈশ্বৰে মোক প্রচুৰ দয়া কৰিছে আৰু মোৰ যথেষ্ট আছে।” যাকোবে এইদৰে কাবৌকাকুতি কৰাত এচৌৱে তাক গ্রহণ কৰিলে।
12 После рече Исав: Хајде да идемо, ићи ћу и ја с тобом.
১২পাছত এচৌৱে ক’লে, “আহাঁ, আমি আমাৰ পথত যাওঁহঁক। মই তোমাৰ আগে আগে যাম।”
13 А Јаков му рече: Зна господар мој да су ова деца нејака, и имам оваца и крава дојилица, па ако их устерам један дан, погинуће ми све стадо.
১৩যাকোবে তেওঁক ক’লে, “মোৰ মালিকেতো জানেই যে, এই ল’ৰা-ছোৱালীবোৰৰ বয়স বেচি নহয় আৰু মোৰ লগত থকা মেৰ-ছাগ গৰুৰ জাকবোৰৰ পিয়াহ খোৱা পোৱালিও আছে। যদি ততাতৈয়া কৰি সিহঁতক এটা দিনো লৈ যোৱা হয়, তেন্তে আটাইবোৰেই মৰি যাব।
14 Него господар мој нека иде пред слугом својим, а ја ћу полако ићи, колико могу деца и стока, докле дођем ка господару свом у Сир.
১৪তাতোকৈ বৰং মোৰ মালিকে তেওঁৰ এই দাসৰ আগেয়ে যাওঁক; মই চেয়ীৰত মোৰ প্ৰভুৰ ওচৰলৈ গৈ নাপাওঁমানে, মোৰ আগত থকা পশুধন আৰু ল’ৰা-ছোৱালীবোৰে যাব পৰাকৈ মই অধিক ধীৰে ধীৰে যাব লাগিব।”
15 А Исав рече: А оно да ти оставим неколико људи што су са мном. А он рече: На шта? Дај да нађем милост пред господарем својим.
১৫এচৌৱে ক’লে, “তেন্তে মোৰ লগৰ কিছুমান মানুহ তোমাৰ লগত থৈ যাওঁ।” কিন্তু যাকোবে ক’লে, “তাৰ কি প্রয়োজন? মোৰ মালিকৰ পৰা মই যি দয়া পাইছো, সেয়ে মোলৈ যথেষ্ট।”
16 И тако Исав врати се исти дан својим путем у Сир.
১৬পাছত এচৌৱে সেই দিনাই চেয়ীৰৰ ফাললৈ নিজ বাটেদি উভটি গ’ল;
17 А Јаков отиде у Сокот, и онде начини себи кућу а стоци својој начини стаје; зато назва оно место Сокот.
১৭যাকোবে যাত্রা কৰি চুক্কোতলৈ গ’ল। তেওঁ নিজৰ কাৰণে তাত এটা ঘৰ সাজিলে আৰু তেওঁৰ পশুবোৰৰ কাৰণে আশ্রয়ৰ চালিঘৰ সাজিলে; এই নিমিত্তে সেই ঠাইৰ নাম চুক্কোৎ [চালিঘৰ] হ’ল।
18 После дође Јаков здраво у град Сихем у земљи хананској, вративши се из Падан-Арама, и намести се према граду.
১৮পদ্দন-অৰামৰ পৰা যাকোবে কুশলে আহি কনান দেশৰ চিখিম নগৰ পালে। তাত তেওঁ নগৰৰ ওচৰত নিজৰ তম্বু তৰিলে।
19 И купи комад земље, где разапе шатор свој, од синова Емора оца Сихемовог за сто новаца.
১৯পাছত তেওঁ নিজৰ তম্বু তৰা মাতি ডোখৰ চিখিমৰ বাপেক হমোৰৰ সন্তান সকলৰ পৰা কিনি ললে।
20 И начини онде жртвеник, и назва га: Силни Бог Израиљев.
২০সেই ঠাইত তেওঁ এটা যজ্ঞবেদি স্থাপন কৰি তাৰ নাম এল-এলোহে ইস্ৰায়েল ৰাখিলে।