< 5 Мојсијева 29 >
1 Ово су речи завета који заповеди Господ Мојсију да учини са синовима Израиљевим у земљи моавској, осим завета који је учинио с њима на Хориву.
১যিহোৱাই হোৰেব পাহাৰত মোচিৰ যোগেদি ইস্ৰায়েলীয়াসকলৰ কাৰণে এক নিয়ম স্থাপন কৰিছিল। সেই নিয়মৰ উপৰিও যিহোৱাই মোৱাব দেশত ইস্রায়েলীয়াসকলৰ কাৰণে আন কিছুমান নিয়ম স্থাপন কৰিবলৈ মোচিক আজ্ঞা দিলে।
2 И сазва Мојсије све синове Израиљеве и рече им: Видели сте све што учини Господ на ваше очи у земљи мисирској Фараону и свим слугама његовим и свој земљи његовој,
২মোচিয়ে সকলো ইস্ৰায়েলীয়া লোকক মাতি ক’লে, “যিহোৱাই মিচৰ দেশত ফৰৌণ, তেওঁৰ সকলো কর্মচাৰীলৈ আৰু গোটেই দেশখনলৈ যি যি কৰিছিল সেই সকলো কাৰ্য আপোনালোকে নিজেই দেখিলে;
3 Кушања велика, која видеше очи твоје, оне знаке и чудеса велика.
৩তেওঁলোকলৈ হোৱা সেই মহাক্লেশ, নানা চিন আৰু আশ্চর্য কার্যবোৰ আপোনালোকে নিজ চকুৰে দেখিছিল।
4 Али вам не даде Господ срце, да разумете, ни очи, да видите, и уши да чујете до овог дана.
৪কিন্তু আপোনালোকক আজিলৈকে যিহোৱাই সেইবোৰ বুজিবলৈ মন, চাবলৈ চকু আৰু শুনিবলৈ কাণ দিয়া নাই।”
5 И водих вас четрдесет година по пустињи; не оветшаше хаљине ваше на вама, нити обућа твоја оветша на ногама твојим.
৫যিহোৱাই চল্লিশ বছৰ ধৰি আপোনালোকক মৰুভূমিত নেতৃত্ব দি চলাই আনিলে; সেই সময়ত আপোনালোকৰ গাৰ কাপোৰ আৰু জোতা পুৰণি হৈ ফাটি নষ্ট নাছিল।
6 Хлеба не једосте, ни писте вино и силовито пиће, да бисте познали да сам ја Господ Бог ваш.
৬আপোনালোকৰ খাবলৈ কোনো পিঠা নাছিল; দ্রাক্ষাৰস বা আন মদিৰাৰ ৰস পান কৰা নাছিল। কিয়নো যিহোৱাই তেনে কৰিছিল যাতে আপোনালোকে বুজিব পাৰে যে তেৱেঁই আপোনালোকৰ ঈশ্বৰ যিহোৱা।
7 И кад дођосте на ово место, изиђе Сион, цар есевонски и Ог, цар васански пред нас у бој; и побисмо их.
৭আপোনালোকে এই ঠাই পোৱাৰ পাছত, হিচবোনৰ ৰজা চীহোন আৰু বাচানৰ ৰজা ওগে আমাৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই আহিছিল, কিন্তু আমি তেওঁলোকক পৰাজয় কৰিলোঁ;
8 И узесмо земљу њихову, и дадосмо је у наследство племену Рувимовом и племену Гадовом и половини племена Манасијиног.
৮আমি তেওঁলোকৰ দেশ অধিকাৰ কৰি ৰূবেণীয়া ও গাদীয়া, আৰু মনচি গোষ্ঠীৰ আধা লোকক দিলোঁ।
9 Зато држите речи овог завета и творите их, да бисте напредовали у свему што радите.
৯গতিকে আপোনালোকে যি কার্য কৰিব, সেই সকলোতে যেন কৃতকার্য হ’ব পাৰে, সেইবাবে আপোনালোকে এই নিয়মৰ সকলো আজ্ঞা পালন কৰি সেই মতে কার্য কৰিব।
10 Ви стојите данас сви пред Господом Богом својим, главари од племена ваших, старешине ваше и управитељи ваши, сви људи Израиљци,
১০আপোনালোক সকলোৱে আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আহি থিয় হৈছে - আপোনালোকৰ প্রধানসকল, গোষ্ঠীবোৰ, পৰিচাৰকসকল আৰু কর্মচাৰীকে ধৰি গোটেই ইস্ৰায়েলীয়াসকল থিয় হৈছে।
11 Деца ваша, жене ваше, и дошљак који је у вашем логору, и онај који ти дрва сече, и онај који ти воду носи.
১১আপোনালোকৰ লগত সৰু সৰু ল’ৰা-ছোৱালী, ভার্যা আৰু আপোনালোকৰ ছাউনিত বাস কৰা আপোনালোকৰ বিদেশী খৰিকটীয়াৰ পৰা পানী তোলা জনলৈকে সকলো আছে।
12 Да пристанеш на завет Господа Бога свог и на клетву Његову, коју учини с тобом данас Господ Бог твој,
১২আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সৈতে কৰা প্রতিজ্ঞা আৰু নিয়ম স্থাপন কৰিবৰ কাৰণে আজি আপোনালোক সকলো ইয়াত আছে।
13 Да те данас постави себи за народ и да ти Он буде Бог, као што ти је рекао и као што се заклео оцима твојим, Авраму, Исаку и Јакову.
১৩যিহোৱাই আজি ইয়াক স্থাপন কৰিছে যাতে আপোনালোকৰ পূর্বপুৰুষ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত কৰা শপত আৰু আপোনালোকৰ ওচৰত কৰা প্রতিজ্ঞা অনুসাৰে তেওঁ আপোনালোকৰ ঈশ্বৰ হ’ব পাৰে আৰু আজিয়েই আপোনালোকক নিজৰ লোক কৰি ল’ব পাৰে।
14 И не с вама самима чиним овај завет и ову клетву;
১৪কেৱল আপোনালোকৰ সৈতে আমাৰ ঈশ্বৰ যিহোৱাই এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই।
15 Него са сваким који данас стоји овде с нама пред Господом Богом нашим, и са сваким који није данас овде с нама.
১৫আমাৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত আজি এই ঠাইত আমাৰ সৈতে যিসকল থিয় হৈ আছে, কেৱল তেওঁলোক প্রতিজনৰ সৈতে তেওঁ এই নিয়ম আৰু প্রতিজ্ঞা কৰা নাই, কিন্তু আমাৰ উত্তৰপুৰুষ যিসকলৰ আজি জন্ম হোৱা নাই তেওঁলোকৰ সৈতেও কৰিছে।
16 Јер ви знате како смо живели у земљи мисирској, и како смо прошли кроз народе кроз које смо прошли.
১৬আপোনালোকে নিজেই জানে, মিচৰ দেশত আমি কেনেদৰে জীৱন অতিবাহিত কৰিছিলোঁ আৰু বাটত কেনেকৈ আমি বিভিন্ন দেশৰ মাজেদি পাৰ হৈ এই ঠাই পালোহি।
17 И видели сте гадове њихове и идоле њихове од дрвета и од камена, од сребра и од злата, који су код њих.
১৭আপোনালোকে লোকসকলৰ মাজত থকা ঘিণলগীয়া বস্তুবোৰ দেখা পাইছিল; কাঠ আৰু শিলৰ, ৰূপ আৰু সোণৰ মূর্তিবোৰ লোকসকলৰ মাজত দেখিছিল।
18 Нека не буде међу вама човека ни жене ни породице ни племена, коме би се срце одвратило данас од Господа Бога нашег, да иде да служи боговима оних народа; нека не буде међу вама корена на коме би растао отров или пелен.
১৮সেয়ে আপোনালোকৰ মাজত যেন আজি এনে কোনো পুৰুষ বা মহিলা নাইবা কোনো পৰিয়াল বা গোষ্ঠী নাথাকক, যাৰ অন্তৰ আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা দূৰ হৈ সেই জাতিবোৰৰ দেৱতাবোৰৰ পূজা কৰাত আগ্রহী। তেনে কোনো বিষাক্ত তিতা ফল উৎপন্ন কৰা শিপা আপোনালোকৰ মাজত গঢ় লৈ নুঠক।
19 И чувши речи ове клетве да се не похвали у срцу свом говорећи: Бићу миран ако идем за оним што у срцу свом смислим, додајући пијанство жеђи.
১৯এনে ধৰণৰ ব্যক্তিয়ে এই নিয়মৰ কথাবোৰ শুনাৰ সময়ত যদি নিজকে ভাগ্যৱান বুলি ভাৱিছে আৰু নিজে মনতে কয়, ‘মই মোৰ ঠৰডিঙীয়া হৃদয়েৰে ইচ্ছামতে চলি থাকিলেও নিৰাপদ হৈ শান্তিত থাকিম,’ তেন্তে সেই ব্যক্তিয়ে কেৱল নিজৰেই নহয়, কিন্তু আপোনালোক সকলোৰে ওপৰত সর্বনাশ মাতি আনিব; যিহোৱাই দুষ্ট শুকান অৱস্থাৰ লগতে ভাল ভিজা অৱস্থাকো নষ্ট কৰিব।
20 Неће Господ опростити таквоме, него ће се онда распалити гнев Господњи и ревност Његова на таквог човека, и пашће на њ сва клетва која је написана у овој књизи, и истребиће Господ име његово под небом.
২০যিহোৱাই তেওঁক কেতিয়াও ক্ষমা কৰিবলৈ সন্মত নহ’ব, কিন্তু যিহোৱাৰ ক্ৰোধ আৰু বিদ্বেষ সেই ব্যক্তিৰ অহিতে প্রজ্বলিত হ’ব; এই পুস্তকত লিখা সকলো শাও তেওঁৰ ওপৰত পৰিব আৰু আকাশৰ তলৰ পৰা তেওঁৰ নাম যিহোৱাই লুপ্ত কৰিব।
21 И одлучиће га Господ на зло од свих племена Израиљевих по свим клетвама завета написаног у књизи овог закона.
২১যিহোৱাই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ মাজৰ পৰা বিনষ্ট কৰিবৰ কাৰণে তেওঁক পৃথক কৰিব আৰু এই ব্যৱস্থা পুস্তকত লিখা নিয়মৰ মাজেদি যি সকলো শাওৰ কথা আছে, সেই অনুসাৰে বিনষ্ট কৰিব।
22 Тада ће говорити потоњи нараштај, синови ваши који настану иза вас, и дошљак који дође из далеке земље, кад виде зла у земљи овој и болести, које ће Господ пустити на њу,
২২এইদৰে এই দেশৰ ওপৰত যি সকলো বিপদ নামি আহিব আৰু যিহোৱাই যি সকলো ৰোগ দেশৰ ওপৰলৈ পঠাব, সেইবোৰ দেখি ভৱিষ্যতে আপোনালোকৰ উত্তৰপুৰুষসকলে, সন্তান সকলে আৰু দূৰ দেশৰ পৰা অহা বিদেশীসকলে আপোনালোকক সেই বিষয়ে প্রশ্ন কৰিব।
23 Земљу ову опаљену сумпором и сољу, где се не сеје нити шта ниче нити на њој расте каква биљка, као где је пропао Содом и Гомор, Адама и Севојим, које затре Господ у гневу свом и у јарости својој,
২৩তেওঁলোকে দেখা পাব সমগ্র দেশ জ্বলন্ত গন্ধক আৰু লোণেৰে পুৰি গৈছে; দেশত একোকে সিঁচিব নোৱাৰিব আৰু কোনো ফল উৎপন্ন নহ’ব; এনেকি ঘাঁহ-বন, শাক-পাচলিও গজি নুঠিব। এই দেশৰ অৱস্থা চদোম, ঘমোৰা, অদ্মা, আৰু চবোয়ীম নগৰৰ দৰে হ’ব, যি নগৰবোৰক যিহোৱাই খং আৰু ক্রোধত ক্রোধাম্বিত হৈ ধ্বংস কৰি দিছিল।
24 Говориће сви народи: Зашто учини ово Господ од ове земље? Каква је то жестина великог гнева?
২৪তাকে দেখি আন জাতিবোৰে ক’ব এনেকি, আটাই জাতিয়ে সুধিব, ‘যিহোৱাই কিয় এই দেশৰ এনে দশা কৰিলে? এই মহা ক্ৰোধ জ্বলি উঠাৰ কাৰণ কি?’
25 И одговараће се: Јер оставише завет Господа Бога отаца својих, који учини с њима кад их изведе из земље мисирске.
২৫তেতিয়া লোক সকলে ক’ব, ‘কাৰণ এই জাতিয়ে তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ নিয়ম ত্যাগ কৰিলে, যি নিয়ম তেওঁলোকক মিচৰ দেশৰ পৰা উলিয়াই অনাৰ পাছত যিহোৱাই তেওঁলোকৰ বাবে স্থাপন কৰিছিল।
26 Јер идоше и служише другим боговима и поклањаше им се, боговима којих не знаше и који им ништа не дадоше.
২৬তেওঁলোকে ঈশ্বৰ যিহোৱাক এৰি যি দেৱ-দেবীক তেওঁলোকে নাজানে, সেই আন দেৱতাবোৰৰ আগত প্রণিপাত কৰি সেইবোৰৰ সেৱা পূজা কৰিলে, যিসকলক পূজা কৰাৰ আজ্ঞা যিহোৱাই দিয়া নাছিল।
27 Зато се Господ разгневи на ту земљу, и пусти на њу сва проклетства написана у овој књизи.
২৭এই হেতুকে, যিহোৱাৰ খং এই দেশৰ ওপৰত প্রজ্ৱলিত হৈ উঠিছে আৰু তেওঁ এই পুস্তকত লিখা সকলো শাও এই দেশৰ ওপৰত ঢালি দিছে।
28 И истреби их Господ Бог из земље њихове у гневу и јарости и љутини великој, и избаци их у другу земљу, као што се види данас.
২৮অত্যন্ত খং, ভয়ঙ্কৰ ক্রোধ আৰু মহা কোপত যিহোৱাই তেওঁলোকক দেশৰ পৰা উঘালি আনি আন দেশত পেলাই দিলে আৰু সেই ঠাইতে আজি তেওঁলোক আছে।’
29 Шта је тајно оно је Господа Бога нашег, а јавно је наше и синова наших довека, да бисмо извршавали све речи овог закона.
২৯কিছু গোপন বিষয় আছে, যি আমাৰ ঈশ্বৰ যিহোৱাৰ অধিকাৰত আছে; কিন্তু যি প্রকাশিত হৈছে, সেই সকলোৱেই চিৰকালৰ কাৰণে আমাৰ আৰু আমাৰ সন্তান সকলৰ কাৰণে থাকিব যাতে এই নিয়মৰ সকলো আজ্ঞা আমি পালন কৰি চলিব পাৰোঁ।