< 2 Књига Самуилова 16 >

1 А кад Давид пређе мало преко врха, гле, Сива, Мефивостејев, срете га, са два магарца натоварена, на којима беше двеста хлебова и сто гроздова сувих и сто груда смокава и мех вина.
যেতিয়া দায়ূদে পৰ্ব্বতৰ টিঙত পাছ পেলাই অলপ আগ হ’ল, তেতিয়া চোৱা, মফিবোচতৰ দাস চীবাই সজোৱা দুটা গাধ লগত লৈ গৈ তেওঁৰ গুৰিত উপস্থিত হ’ল; সেই গাধৰ ওপৰত দুশ পিঠা, এশ থোপা শুকান দ্ৰাক্ষা গুটি, এশ লদা খেজুৰ গুটি আৰু এক মোট দ্ৰাক্ষাৰস আছিল।
2 И рече цар Сиви: Шта ће ти то? А Сива му рече: Магарци су за чељад цареву, да јашу, а хлебови и воће да једу момци, а вино да пије ко се умори у пустињи.
পাছে ৰজাই চীবাক সুধিলে, “তুমি এইবোৰ অনাৰ অভিপ্ৰায় কি?” তাতে চীবাই ক’লে, “এই গাধ দুটা ৰজাৰ পৰিয়াল উঠি যাবৰ বাবে, এই পিঠা আৰু খেজুৰ গুটি ডেকাসকলৰ আহাৰৰ বাবে আৰু দ্ৰাক্ষাৰস অৰণ্যত ক্লান্ত হোৱা লোকসকলে পান কৰিবৰ বাবে।”
3 А цар му рече: А где је син твог господара? Рече Сива цару: Ено га, остао је у Јерусалиму, јер рече: Данас ће ми дом Израиљев вратити царство оца мог.
পাছে ৰজাই ক’লে, “তোমাৰ প্ৰভুৰ নাতি ল’ৰাটি ক’ত?” তাতে চীবাই ৰজাক ক’লে, “চাওক, তেওঁ যিৰূচালেমত আছে; কিয়নো তেওঁ ক’লে, ‘ইস্ৰায়েল বংশই আজি মোৰ পৈতৃক ৰাজ্য মোক ওলোটাই দিব।’”
4 Тада рече цар Сиви: Ево, твоје је све што је било Мефивостејево. А Сива рече: Клањам ти се, да нађем милост пред тобом, царе господару!
তাতে ৰজাই চীবাক ক’লে, “চোৱা, মফিবোচতৰ সৰ্ব্বস্ব তোমাৰেই।” চীবোই ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, মই প্ৰণিপাত কৰিছোঁ৷ বিনয় কৰোঁ, মোক আপোনাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত কৰক।”
5 И дође цар Давид до Ваурима; а гле, изиђе оданде један од рода дома Сауловог, по имену Симеј, син Гирин, и идући псоваше.
যেতিয়া দায়ুদ ৰজাই বহূৰীম পালে, চৌলৰ বংশৰ ভিতৰৰ গেৰাৰ পুতেক চিমিয়ী নামেৰে এটা মানুহ তাৰ পৰা ওলাল; সি ওলাই যাওঁতে যাওঁতে শাও দি দি গ’ল।
6 И бацаше се камењем на Давида и на слуге цара Давида, коме и с десне и с леве стране беше сав народ и сви јунаци.
সি দায়ূদলৈ আৰু দায়ুদ ৰজাৰ সকলো দাসলৈ শিল দলিয়ালে; যদিওঁবা সকলো লোক আৰু সকলো বীৰ তেওঁৰ সোঁ আৰু বাওঁ ফালে আছিল।
7 А Симеј овако говораше псујући: Одлази, одлази, крвопијо и зликовче!
চিমিয়ীয়ে শাও দি দি কৈছিল, “হেৰৌ ৰক্তপাতি পাষণ্ড, যা, গুচি যা!
8 Обрати Господ на тебе сву крв дома Сауловог, на чије си се место зацарио, и предаде Господ царство у руке Авесалому сину твом; ето те сада у твом злу, јер си крвопија.
তই যাৰ পদত ৰজা হ’লি, সেই চৌলৰ বংশৰ সকলো ৰক্তপাতৰ প্ৰতিফল যিহোৱাই তোক দিছে৷ যিহোৱাই তোৰ পুতেক অবচালোমৰ হাতত ৰাজ্য সমৰ্পণ কৰিলে৷ চা, তই নিজেই ধ্বংস হ’লি, কিয়নো তই ৰক্তপাতি মানুহ।”
9 Тада рече цару Ависај син Серујин: Зашто да псује овај мртви пас цара господара мог? Идем да му скинем главу.
তেতিয়া চৰূয়াৰ পুত্ৰ অবীচয়ে ৰজাক ক’লে, “সেই মৰা কুকুৰে মোৰ প্ৰভু মহাৰাজক কিয় শাও দিয়ে? আপুনি অনুমতি দিয়ে যদি, মই পাৰ হৈ গৈ তাৰ মূৰটো কাটি পেলাওঁ।”
10 Али цар рече: Шта је вама до мене, синови Серујини? Нека псује; јер му је Господ рекао: Псуј Давида. Па ко сме казати: Зашто тако чиниш?
১০কিন্তু ৰজাই ক’লে, “হে চৰূয়াৰ পুত্ৰসকল, তোমালোকৰ লগত মোৰ কি সম্পৰ্ক? যি স্থলত যিহোৱাই দায়ূদক শাও দে বুলি তাক কৈছে, ‘এনে স্থলত, সি শাও দিয়াত, তই এনে কিয় কৰিছ বুলি কোনে ক’ব’?”
11 Још рече Давид Ависају и свим слугама својим: Ето, мој син, који је изашао од бедара мојих, тражи душу моју, а како неће овај син Венијаминов? Оставите га нека псује, јер му је Господ заповедио.
১১দায়ূদে অবীচয়ক আৰু নিজৰ সকলো দাসক ক’লে, “চোৱা, মোৰ ঔৰসত জন্মা মোৰ পুত্ৰই মোৰ প্ৰাণ ল’বলৈ বিচাৰিছে৷ তেন্তে সেই বিন্যামীনীয়াটোৱে কিমান অধিক পৰিমাণে মোৰ ধ্বংস হোৱাতো বিচাৰিব! তাক থাকিব দিয়া, সি শাও দিয়ক; কিয়নো যিহোৱাই তাক অনুমতি দিছে।
12 Да ако Господ погледа на невољу моју, и врати ми Господ добро за псовку његову данашњу.
১২কিজানি মোলৈ কৰা অন্যায়লৈ যিহোৱাই দৃষ্টি কৰিব আৰু সি আজি মোক দিয়া শাওৰ সলনি যিহোৱাই মোৰ মঙ্গল কৰিব।”
13 И тако Давид са својим људима иђаше својим путем; а Симеј иђаше покрај горе према њему једнако псујући и бацајући се камењем на њ, и подижући прах.
১৩এইদৰে দায়ুদ আৰু তেওঁৰ লোকসকল বাটেদি গৈ আছিল আৰু সেই চিমিয়ীয়েও তেওঁৰ সন্মুখৰ পৰ্ব্বতৰ কাষেদি, শাও দি দি তেওঁলৈ শিল মাৰি মাৰি আৰু মাটি দলিয়াই গৈ আছিল।
14 И дође цар и сав народ што беше с њим, уморни, и одморише се онде.
১৪তেতিয়া ৰজাই তেওঁৰ লগৰ লোকসকলে সৈতে অয়েফীমলৈ আহি সেই ঠাইতে জিৰণি ল’লে।
15 А Авесалом и сав народ Израиљев дођоше у Јерусалим, и Ахитофел с њим.
১৫এনেতে অবচালোম আৰু তেওঁৰ লগত অহীথোফল আৰু ইস্ৰায়েলৰ সকলোলোক যিৰূচালেমলৈ আহিল।
16 А кад Хусај Архијанин пријатељ Давидов дође к Авесалому, рече Хусај Авесалому: Да живи цар! Да живи цар!
১৬পাছে যেতিয়া দায়ূদৰ বন্ধু অৰ্কীয়া হূচয় অবচালোমৰ ওচৰলৈ আহিল, তেতিয়া হূচয়ে অবচালোমক ক’লে, “মহাৰাজ চিৰজীৱি হওক, মহাৰাজ চিৰজীৱি হওক!”
17 А Авесалом рече Хусају: Таква ли је љубав твоја према пријатељу твом? Зашто ниси отишао с пријатељем својим?
১৭তাতে অবচালোমে হূচয়ক ক’লে, “তোমাৰ বন্ধুলৈ এনেকুৱাহে মৰম নে? তুমি নিজৰ বন্ধুৰ লগত কিয় নগ’লা?
18 А Хусај рече Авесалому: Не; него кога је изабрао Господ и овај народ и сви Израиљци, његов ћу бити и код њега ћу остати.
১৮তাতে হূচয়ে অবচালোমক ক’লে, “নহয়! কিন্তু যি জনক যিহোৱাই এই লোকসকল আৰু ইস্ৰায়েলৰ সকলো লোকক মনোনীত কৰিলে, মই তেওঁৰ ফলীয়াহে, তেওঁৰ লগতহে মই থাকিম।
19 Сврх тога, коме бих служио? Еда ли не сину његовом? Како сам служио оцу твом, тако ћу и теби.
১৯আৰু কওঁ, মই কাৰ সেৱাকৰ্ম কৰিম? তেওঁৰ পুত্ৰৰ সাক্ষাতে দাস্য কৰ্ম কৰা উচিত নহব নে? যিদৰে তোমাৰ পিতৃৰ উপস্হিতিত দাস্য কৰ্ম কৰিলোঁ, তেনেকৈ আপোনাৰ আগতো কৰিম।
20 А Авесалом рече Ахитофелу: Саветуј шта ћемо чинити.
২০পাছে অবচালোমে অহীথোফলক ক’লে, “এতিয়া আমি কি কৰা উচিত, সেই বিষয়ে তোমালোকে দিহা দিয়া।
21 А Ахитофел рече Авесалому: Лези с иночама оца свог, које је оставио да му чувају кућу, па кад чује сав Израиљ како си се омразио с оцем својим, осилиће рука свима који су с тобом.
২১তেতিয়া অহীথোফলে অবচালোমক ক’লে, “আপোনাৰ পিতৃয়ে নিজ ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে যি উপপত্নীসকল থৈ গৈছে, আপুনি তেওঁলোকলৈ গমণ কৰকগৈ; তাতে আপুনি যে নিজ পিতৃৰ দৃষ্টিত ঘিণলগীয়া হৈছে, তাক গোটেই ইস্ৰায়েলে শুনিব৷ তেতিয়া আপোনাৰ লগত থকা সকলো লোকৰ হাত বলৱান হ’ব।”
22 Тада разапеше Авесалому шатор на крову, и Авесалом леже с иночама оца свог на видику свему Израиљу.
২২পাছে অবচালোমৰ বাবে গৃহৰ শীৰ্ষ স্হানত এটা তম্বু তৰি দিয়া হ’ল আৰু অবচালোমে সকলো ইস্ৰায়েলৰ সাক্ষাতে নিজ পিতৃৰ উপপত্নীবোৰত গমণ কৰিলে।
23 И савет који даваше Ахитофел у оно време беше као да би ко Бога упитао; такав беше сваки савет Ахитофелов и у Давида и у Авесалома.
২৩সেই কালত অহীথোফলে যি যি দিহা দিছিল, সেইবোৰ ঈশ্বৰৰ মুখৰ বাক্যৰ দ্বাৰাই উত্তৰ পোৱাৰ দৰে আছিল৷ দায়ূদক দিয়া আৰু অবচালোমক দিয়া অহীথোফলৰ সকলো দিহা তেনেদৰেই আছিল।

< 2 Књига Самуилова 16 >