< 2 Књига о царевима 9 >
1 А Јелисије пророк дозва једног између синова пророчких, и рече му: Опаши се и узми ову уљаницу, па иди у Рамот галадски.
১ইলীচা ভাৱবাদীয়ে শিষ্য ভাববাদীসকলৰ মাজৰ এজনক মাতি ক’লে, “যাত্রাৰ বাবে সাজু হোৱা আৰু ৰামোৎ-গিলিয়দলৈ যোৱা। তেলৰ এই সৰু বটলটো তোমাৰ লগত লোৱা।”
2 И кад дођеш онамо, видећеш онде Јуја, сина Јосафата сина Нимсијиног, и ушавши изведи га између браће његове и одведи га у најтајнију клет.
২সেই ঠাই পালে তুমি নিমচীৰ নাতি অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূক বিচাৰিবা; তেওঁৰ ওচৰলৈ গৈ তেওঁক তেওঁৰ সঙ্গীসকলৰ মাজৰ পৰা আঁতৰাই এটা ভিতৰৰ কোঁঠালিলৈ লৈ যাবা।
3 И узми уљаницу и излиј му на главу, и реци: Овако вели Господ: Помазах те за цара над Израиљем. Затим отвори врата и бежи, и не забављај се.
৩তাৰ পাছত এই বটলটোৰ পৰা অলপমান তেল লৈ তেওঁৰ মূৰত ঢালি দি ক’বা যে, “যিহোৱাই এই কথা কৈছে, ‘ইস্ৰায়েলৰ ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।’ তাৰ পাছত তুমি দুৱাৰখন মেলি দৌৰ মাৰিবা, পলম নকৰিবা।”
4 И отиде младић, момак пророков, у Рамот галадски.
৪সেইদৰেই সেই যুৱক ভাববাদীজন ৰামোৎ-গিলিয়দলৈ গ’ল।
5 И кад уђе, гле, сеђаху војводе; а он рече: Војводо, имам нешто да ти кажем. А Јуј му рече: Коме између свих нас? А он рече: Теби, војводо.
৫সেই ঠাই পাই তেওঁ দেখিলে সেনাবাহিনীৰ সেনাপতিসকল এঠাইত বহি আছে। যুৱক ভাৱবাদীজনে ক’লে, “সেনাপতি মহাশয়, মই আপোনাৰ বাবে এটা খবৰ লৈ আহিছোঁ।” যেহূৱে উত্তৰ দি সুধিলে, “সেই খবৰ আমাৰ মাজৰ কোনজনৰ কাৰণে?” তেওঁ ক’লে, “সেনাপতি মহাশয়, আপোনাৰ কাৰণেই।”
6 Тада уста, и уђе у кућу, а он му изли на главу уље, и рече му: Овако вели Господ Бог Израиљев: Помазах те за цара над народом Господњим, Израиљем.
৬তাতে যেহূ উঠি ঘৰৰ ভিতৰলৈ গ’ল। তেতিয়া সেই ভাৱবাদীয়ে যেহূৰ মূৰত তেল ঢালি দি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: ‘যিহোৱাৰ লোকসকলৰ ওপৰত অর্থাৎ ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিলোঁ।
7 И побиј дом Ахава господара свог, јер хоћу да покајем крв слуга својих пророка, и крв свих слуга Господњих од руке Језавељине.
৭তোমাৰ প্ৰভু আহাবৰ বংশক তুমি বিনষ্ট কৰিবা। ঈজেবলৰ হাতেৰে মোৰ দাসবোৰৰ অর্থাৎ ভাববাদীসকলৰ আৰু যিহোৱাৰ আন সকলো দাসবোৰৰ যি ৰক্তপাত কৰা হ’ল, তাৰ প্ৰতিশোধ মই যেন লব পাৰোঁ।
8 И тако ће изгинути сав дом Ахавов, и истребићу Ахаву и оно што уза зид мокри, и ухваћеног и остављеног у Израиљу.
৮আহাবৰ বংশৰ সকলোৱেই বিনষ্ট হ’ব; দাস হওঁক বা স্বাধীন হওঁক, আহাবৰ বংশৰ প্ৰতিজন ল’ৰা শিশুক মই বিনষ্ট কৰিম।
9 И учинићу с домом Ахавовим као с домом Јеровоама сина Наватовог и као с домом Васе сина Ахијиног.
৯মই তেওঁৰ বংশক নবাটৰ পুতেক যাৰবিয়ামৰ বংশৰ নিচিনা আৰু অহিয়াৰ পুতেক বাচাৰ বংশৰ নিচিনা কৰিম।
10 И Језавељу ће изјести пси у пољу језраелском и неће бити никога да је погребе. Потом отвори врата и побеже.
১০কুকুৰবোৰে ঈজেবলক যিজ্ৰিয়েলৰ এলেকাত খাই পেলাব আৰু তাইক মৈদাম দিবলৈ কোনো নহ’ব।’” এইবুলি কৈ যুবক ভাৱবাদীজনে দুৱাৰ খুলি দৌৰি পলাল।
11 А Јуј изађе к слугама господара свог, и запиташе га: Је ли добро? Што је дошао тај безумник к теби? А он им рече: Знате човека и беседу његову.
১১যেহূৱে বাহিৰলৈ আহি যেতিয়া তেওঁৰ সঙ্গী প্ৰভুৰ সেনাপতিসকলৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁলোকৰ এজনে তেওঁক সুধিলে, “সকলো ঠিকেই আছে নে? সেই বলীয়াটো আপোনাৰ ওচৰলৈ কিয় আহিছিল?” যেহূৱে ক’লে, “আপোনালোকেতো সেই মানুহক চিনি পায় আৰু তেওঁ কেনে ধৰণৰ প্রলাপ বকে, তাকো জানে।”
12 А они рекоше: Није истина; кажи нам. А он им рече: Тако и тако рече ми говорећи: Овако вели Господ: Помазах те за цара над Израиљем.
১২তেওঁলোকে ক’লে, “নহয়, আমি সেইবোৰ একো নাজানো। আমাক সকলো কথা খুলি কওঁক।” যিহূৱে তেতিয়া ক’লে, “তেওঁ মোক এই কথা ক’লে যে, যিহোৱাই এইদৰে কৈছে: “ইস্ৰায়েলৰ ওপৰত ৰজা হিচাবে মই তোমাক অভিষেক কৰিছোঁ।”
13 Тада брже узеше свак своју хаљину, и метнуше пода њ на највишем басамаку, и затрубише у трубу и рекоше: Јуј поста цар.
১৩তেতিয়া সেই সেনাপতিসকলৰ প্রত্যেকেই লগে লগে নিজৰ গাৰ পৰা ওপৰৰ কাপোৰখন লৈ খটখটিৰ ওপৰত যেহূৰ ভৰিৰ তলত পাৰি দিলে। তাৰ পাছত তেওঁলোকে শিঙা বজাই চিঞঁৰি ক’বলৈ ধৰিলে, “যেহূ ৰজা হ’ল।”
14 Тако се побуни Јуј, син Јосафата сина Нимсијиног, на Јорама; а Јорам чуваше Рамот галадски са свим Израиљем од Азаила, цара сирског.
১৪এইদৰে নিমচীৰ নাতি, অর্থাৎ যিহোচাফটৰ পুত্ৰ যেহূৱে যোৰামৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। সেই সময়তে ৰজা যোৰাম আৰু সমগ্র ইস্ৰায়েলবাসীয়ে অৰামৰ ৰজা হজায়েলৰ হাতৰ পৰা ৰামোৎ-গিলিয়দ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল।
15 А беше се вратио цар Јорам да се лечи у Језраелу од рана које му задаше Сирци, кад се бијаше с Азаилом, царем сирским. И рече Јуј: Ако вам је воља, нека нико не излази из града да отиде и јави у Језраел.
১৫কিন্তু অৰামৰ ৰজা হজায়েলৰ সৈতে যুদ্ধ কৰাৰ সময়ত অৰামীয়াসকলে যোৰামক যি আঘাত কৰিছিল, তাৰ পৰা সুস্থ হ’বলৈ ৰজা যোৰাম যিজ্ৰিয়েললৈ উভটি আহিছিল। তাৰ পাছত যেহূৱে যোৰামৰ দাস, সঙ্গী সেনাপতি সকলক ক’লে, “আপোনালোকৰো যদি এয়ে মত হয়, তেন্তে যিজ্ৰিয়েলত এই কথা জনাবলৈ কোনো লোকক নগৰৰ পৰা ওলাই যাব নিদিব।”
16 И Јуј седе на кола и отиде у Језраел, јер Јорам лежаше онде; и Охозија, цар Јудин беше дошао да види Јорама.
১৬তাৰ পাছত যেহূৱে এখন ৰথত উঠি যিজ্ৰিয়েললৈ গ’ল; কিয়নো সেই ঠাইত যোৰাম শয্যাত পৰি আছিল। সেই সময়ত যিহূদাৰ ৰজা অহজিয়াও যোৰামক চাবৰ কাৰণে তালৈ নামি গৈছিল।
17 А стражар који стајаше на кули у Језраелу, кад угледа људство Јујево где иде, рече: Неко људство видим. Тада рече Јорам: Узми коњика и пошљи га пред њих, и нека запита: Је ли мир?
১৭যেহূৰ সৈন্য দলক অহা দেখি যিজ্ৰিয়েলৰ ওখ দুৰ্গৰ ওপৰত থিয় হৈ পহৰা দিয়া প্রহৰীজনে চিঞঁৰি উঠিল, “মই এদল মানুহ অহা দেখিছোঁ।” তেতিয়া যোৰামে ক’লে, “এজন অশ্বাৰোহীক তেওঁলোকৰ ওচৰলৈ পঠাই দিয়া আৰু তেওঁ গৈ তেওঁলোকক সুধিবলৈ ক’বা, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?”
18 И отиде коњик преда њ, и рече: Овако вели цар: Је ли мир? А Јуј рече: Шта је теби до мира? Хајде за мном. А стражар јави говорећи: Гласник дође до њих, али се не враћа.
১৮পাছত সেইদৰে এজন অশ্বাৰোহী যেহূৰ সাক্ষাৎ হ’বলৈ ওলাই গ’ল আৰু তেওঁক ক’লে, “ৰজাই সুধিছে, আপোনালোক শান্তিভাৱেৰে আহিছে নে?” তাতে যেহূৱে ক’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহাঁ।” সেই প্রহৰীজনে তেতিয়া ৰজাক খবৰ দিলে, “সেই বার্তাবাহকজন গৈ তেওঁলোকৰ ওচৰ পালে, কিন্তু তেওঁ এতিয়ালৈকে উভটি অহা নাই।”
19 И посла другог коњика, који кад дође к њима рече: Овако вели цар: Је ли мир? А Јуј рече: Шта је теби до мира? Хајде за мном.
১৯তেতিয়া ৰজাই দ্বিতীয় আন এজন অশ্বাৰোহীক পঠালে; তেওঁ সেই সৈন্য দলৰ ওচৰলৈ গৈ ক’লে, “ৰজাই এই কথা কৈছে, ‘আপোনালোক শান্তিভাৱেৰে আহিছে নে’?” যেহূৱে উত্তৰ দি’লে, “শান্তিৰে অহাটো তোমাক কিয় লাগে? তুমি ঘূৰি মোৰ পাছে পাছে আহা।”
20 Опет јави стражар говорећи: Дође до њих, али се не враћа; а ход као да је ход Јујев, јер иде помамно.
২০সেই প্রহৰীজনে পুনৰায় খবৰ দিলে, “সেই বার্তাবাহক জনেও গৈ তেওঁলোকক লগ পালে, কিন্তু তেৱোঁতো এতিয়ালৈকে উভটি অহা নাই। ৰথ চলোৱাটো দেখি ভাব হৈছে নিমচীৰ নাতিয়েক যেহূৱে ৰথ চলাইছে। কিয়নো তেওঁ বলিয়াৰ দৰে ৰথ চলাইছে।”
21 Тада рече Јорам: Прежи. И упрегоше у кола његова. Тако изађе Јорам цар Израиљев и Охозија цар Јудин, сваки на својим колима, и отидоше на сусрет Јују, и сретоше га на њиви Навутеја Језраељанина.
২১তেতিয়া যোৰামে ক’লে, “মোৰ ৰথ যুগুত কৰা।” তেওঁলোকে তেওঁৰ ৰথ যুগুত কৰাৰ পাছত ইস্ৰায়েলৰ ৰজা যোৰাম আৰু যিহূদাৰ ৰজা অহজিয়াই নিজৰ নিজৰ ৰথত উঠি যেহূক লগ পাবলৈ ওলাই গ’ল। তেওঁলোকে যেহূক যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত লগ পালে।
22 И кад Јорам угледа Јуја, рече му: Је ли мир, Јују? А он одговори: Какав мир? Док је толиког курвања Језавеље, матере твоје и чарања њених.
২২যোৰামে যেহূক দেখামাত্ৰকে সুধিলে, “যেহূ, তুমি শান্তিভাৱেৰে আহিছা নে?” তেওঁ ক’লে, “আপোনাৰ মা ঈজেবলৰ ব্যভিচাৰী কার্যৰ প্রতিমাপূজা আৰু মায়াকর্মৰ কাম যেতিয়া ইমান বেছিকৈ হৈছে তেন্তে তাত আৰু কি শান্তি থাকিব পাৰে?”
23 Тада Јорам окрете се и побеже говорећи Охозији: Издаја, Охозија!
২৩এই কথা শুনি যোৰামে নিজৰ ৰথ ঘূৰাই পলাবলৈ ধৰিলে আৰু অহজিয়াক ক’লে, “অহজিয়া, ই বিশ্বাসঘাতক।”
24 Али Јуј зграби лук свој и устрели Јорама међу плећа да му стрела прође кроз срце, те паде у колима својим.
২৪তেতিয়া যেহূৱে নিজৰ সমস্ত বলেৰে সৈতে ধনুৰ জোঁৰ টানি, যোৰামৰ দুই কান্ধৰ মাজত কাঁড়ডাল মাৰি পঠালে। সেই কাঁড় গৈ ৰজা যোৰামৰ হৃদপিণ্ডৰ মাজেদি সৰকি গ’ল আৰু তেওঁ কুঁজা হৈ ৰথতে পৰি গ’ল।
25 Тада рече Јуј Вадекару, војводи свом: Узми га, и баци га на њиву Навутеја Језраељанина; јер опомени се кад ја и ти заједно јахасмо за Ахавом оцем његовим, како Господ изрече за њ ово зло:
২৫তেতিয়া যেহূৱে তেওঁৰ সেনাপতি বিদকৰক ক’লে, “তেওঁক তুলি নি যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত পেলাই দিয়া। মনত পেলোৱাছোন! মই আৰু তুমি যেতিয়া একেলগে তেওঁৰ পিতৃ আহাবৰ পিছত ৰথেৰে গৈছিলোঁ, তেতিয়া যিহোৱাই আহাবৰ বিৰুদ্ধে এই ভাৱবাণী কৈছিল:
26 Заиста, крв Навутејеву и крв синова његових видех синоћ, рече Господ, и платићу ти на овој њиви, рече Господ. Зато узми га сад и баци на ту њиву по речи Господњој.
২৬‘মই যিহোৱাই কৈছো, যোৱাকালি মই নাবোতৰ আৰু তেওঁৰ পুতেকসকলৰ তেজ দেখিলোঁ আৰু এই মাটিতেই মই নিশ্চয়কৈ তোমাক তাৰ প্ৰতিফল দিম।’ এই হেতুকে তুমি এতিয়া যিহোৱাৰ কথা অনুসাৰে তেওঁক তুলি লৈ সেই মাটিত পেলাই দিয়া।”
27 А Охозија, цар Јудин видевши то побеже к дому у врту; али га потера Јуј, и рече: Убијте и тога на његовим колима. И ранише га на брду Гуру, које је код Ивлеама. И утече у Мегидон, и онде умре.
২৭যি ঘটিল, তাকে দেখি যিহূদাৰ ৰজা অহজিয়াই বৈৎ-হাগগানৰ পথেদি পলাই গ’ল। যেহূৱে তেওঁৰ পাছে পাছে খেদি গৈ চিঞৰিলে, “তেওঁকো ৰথৰ ভিতৰত বধ কৰা।” তেতিয়া তেওঁলোকে যিব্লিয়ামৰ ওচৰৰ গূৰলৈ উঠি যোৱা পথত তেওঁক আঘাত কৰিলে। অহজিয়াই মগিদ্দোলৈ পলাই গ’ল আৰু তাতে তেওঁ মৰিল।
28 И слуге га његове метнуше на кола и одвезоше у Јерусалим, и погребоше га у гробу његовом код отаца његових у граду Давидовом.
২৮তেওঁৰ দাসবোৰে তেওঁক ৰথত তুলি যিৰূচালেমলৈ লৈ গ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ ওপৰ-পিতৃসকলৰ লগত তেওঁৰ মৈদামত তেওঁক মৈদাম দিলে।
29 А једанаесте године царовања Јорама, сина Ахавовог поче царовати Охозија над Јудом.
২৯আহাবৰ পুত্ৰ যোৰামৰ ৰাজত্ব কালৰ একাদশ বছৰত অহজিয়া যিহূদাৰ ৰজা হৈছিল।
30 Иза тога Јуј дође у Језраел. А Језавеља кад чу, намаза лице своје и накити главу своју, па гледаше с прозора.
৩০তাৰ পাছত যেহূ যিজ্ৰিয়েললৈ গ’ল। ঈজেবলে এই বাতৰি পাই চকুত কাজল লগালে আৰু কেশ-বিন্যাসেৰে নিজক শোভিত কৰি খিড়িকিয়েদি চালে।
31 И кад Јуј улажаше на врата, рече она: Је ли мир, Зимрије, крвниче господара свог?
৩১যেহূ যেতিয়া দুৱাৰেদি সোমাই আহিল, তেতিয়া ঈজেবলে তেওঁক ক’লে, “তুমি শান্তিৰে আহিলা নে জিম্ৰী, নিজৰ প্রভুৰ হত্যাকাৰী?”
32 А он погледа на прозор и рече: Ко је са мном? Ко? Тада погледаше у њ два три дворанина.
৩২তেতিয়া যেহূৱে ওপৰলৈ খিড়িকিৰ ফালে চাই ক’লে, “মোৰ পক্ষত কোন আছে? কোন কোন আছে?” তাতে দুই তিনিজন নপুংসকে ওপৰৰ পৰা বাহিৰলৈ চালে।
33 А он им рече: Баците је доле. И бацише је, и прште крв њена по зиду и по коњима, и погази је.
৩৩যেহূৱে ক’লে, “তেওঁক তললৈ পেলাই দিয়া।” তেতিয়া তেওঁলোকে ঈজেবলক তললৈ পেলাই দিলে; তাতে ঈজেবলৰ কিছু তেজ দেৱালত আৰু ঘোঁৰাবোৰৰ গাত ছিটিকি পৰিল আৰু যেহূৰ ৰথৰ ঘোঁৰাবোৰে তেওঁক ভৰিৰে গচকিলে;
34 Потом ушавши једе и пи, па рече: Видите ону проклетницу и погребите је, јер је царска кћи.
৩৪তাৰ পাছত যেহূ ৰাজগৃহৰ ভিতৰলৈ গৈ ভোজন-পান কৰিলে; তেতিয়া তেওঁ ক’লে, “এই শাও পোৱা মহিলাগৰাকীক এতিয়া চোৱা; তাইক লৈ মৈদাম দিয়াগৈ; কিয়নো তাই ৰজাৰ জীয়েক।”
35 И отидоше да је погребу, и не нађоше од ње ништа до лобању и стопала и шаке.
৩৫লোকসকলে যেতিয়া ঈজেবলক মৈদাম দিবৰ কাৰণে ওলাই গ’ল, তেতিয়া মূৰৰ লাউখোলা, ভৰি আৰু হাতৰ বাহিৰে তেওঁৰ একোকে নাপালে।
36 И дођоше натраг и јавише, а он рече: То је реч Господња, коју је рекао преко слуге свог Илије Тесвићанина говорећи: У пољу језраелском изјешће пси тело Језавељино.
৩৬সেয়ে তেওঁলোকে উভটি গৈ যেহূক এই বাতৰি দিলে; তাতে তেওঁ ক’লে, “যিহোৱাই তেওঁৰ দাস তিচবীয়া এলিয়াৰ দ্বাৰাই ঠিক এই কথাই কৈছিল যে, ‘যিজ্ৰিয়েলৰ মাটিত কুকুৰবোৰে ঈজেবলৰ মঙহ খাব,
37 Нека буде тело Језавељино као гној на њиви у пољу језраелском да се не може казати: Ово је Језавеља.
৩৭আৰু সেই মাটিত ঈজেবলৰ শৱ গোবৰৰ দৰে পৰি থাকিব; তাতে কোনেও ক’ব নোৱাৰিব যে, ‘এইটো ঈজেবলৰ দেহ’।”