< Jeremija 40 >
1 Rijeè koja doðe Jeremiji od Gospoda kad ga Nevuzardan zapovjednik stražarski pusti iz Rame uzevši ga pošto bješe okovan u verige meðu svijem robljem Jerusalimskim i Judinijem, koje se voðaše u Vavilon.
১বাবিললৈ বন্দী কৰি লৈ যোৱা যিৰূচালেমৰ আৰু যিহূদাৰ লোকসকলৰ মাজত যিৰিমিয়াক নবুজৰদান ৰক্ষক-সেনাপতিয়ে শিকলিৰে বন্ধা পাই তেওঁক ৰামাৰ পৰা পঠাই দিয়াৰ পাছত যিহোৱাৰ পৰা যি বাক্য আহিছিল, সেই বাক্য।
2 I uzevši zapovjednik stražarski Jeremiju reèe mu: Gospod Bog tvoj izreèe ovo zlo za ovo mjesto;
২ৰক্ষক-সেনাপতিয়ে যিৰিমিয়াক গ্ৰহণ কৰি ক’লে, “তোমাৰ ঈশ্বৰ যিহোৱাই এই ঠাইৰ বিষয়ে এই অমঙ্গলৰ কথা কৈছিল,
3 I nanese i uèini kako reèe, jer zgriješiste Gospodu i ne slušaste glasa njegova, zato vas snaðe ovo.
৩আৰু যিহোৱাই তাক ঘটালে। আৰু নিজ বাক্য অনুসাৰে কাৰ্য কৰিলে; তোমালোকে যিহোৱাৰ অহিতে পাপ কৰিলা আৰু তেওঁৰ বাক্য পালন নকৰিলা, এই কাৰণে তোমালোকলৈ এই ঘটনা ঘটিল।
4 Ali sada, evo, ja te opraštam danas veriga što su ti na ruku; ako ti je volja poæi sa mnom u Vavilon, hodi, ja æu se brinuti za te; ako li ti nije volja poæi sa mnom u Vavilon, a ti nemoj; evo, sva ti je zemlja otvorena, idi kuda god hoæeš i kuda ti je drago.
৪এতিয়া চোৱা! আজি মই তোমাক, তোমাৰ হাতত থকা শিকলিৰ পৰা মুক্ত কৰিলোঁ; তুমি যদি মোৰ লগত বাবিললৈ যাবলৈ ভাল দেখা, তেন্তে আহাঁ, মই তোমালৈ দৃষ্টি ৰাখিম; আৰু যদি মোৰ লগত বাবিললৈ যাবলৈ বেয়া দেখা, তেন্তে নালাগে। চোৱা, গোটেই দেশ তোমাৰ আগত আছে, যি ঠাইলৈ যোৱা তোমাৰ পক্ষে ভাল আৰু সুবিধাজনক, তালৈকে যোৱা।”
5 Ili kad se on još ne vraæa, otidi k njemu, Godoliji sinu Ahikama sina Safanova, kojega je postavio car Vavilonski nad gradovima Judinijem, i ostani s njim meðu narodom, ili idi kuda ti je drago. I dade mu zapovjednik stražarski brašnjenice i dar, i otpusti ga.
৫যিৰিমিয়াই উত্তৰ নিদিয়া দেখি তেওঁ আকৌ ক’লে, “তেন্তে যি জনক বাবিলৰ ৰজাই যিহূদাৰ নগৰবোৰৰ ওপৰত শাসনকৰ্ত্তা নিযুক্ত কৰিলে, চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ সেই গদলিয়াৰ ওচৰলৈ উলটি যোৱা আৰু লোকসকলৰ মাজত তেওঁৰ লগত বাস কৰাগৈ, বা যি ঠাইলৈ যোৱা তোমাৰ পক্ষে সুবিধাজনক তালৈকে যোৱা; এই বুলি ৰক্ষক-সেনাপতিয়ে তেওঁৰ বাটৰ সমল আৰু উপহাৰ দি বিদায় কৰিলে।
6 I tako doðe Jeremija ka Godoliji sinu Ahikamovu u Mispu, i osta s njim u narodu, koji još osta u zemlji.
৬পাছত যিৰিমিয়াই মিস্পালৈ অহীকামৰ পুত্ৰ গদলিয়াৰ ওচৰলৈ আহিল আৰু দেশত অৱশিষ্ট থকা লোকসকলৰ মাজত তেওঁৰে সৈতে বাস কৰিলে।
7 A sve vojvode što bjehu u polju i ljudi njihovi kad èuše da je car Vavilonski postavio Godoliju sina Ahikamova nad zemljom, i da je na njemu ostavio ljude i žene i djecu izmeðu siromašnoga naroda u zemlji, koji ne bi odveden u Vavilon,
৭পাছত, বাবিলৰ ৰজাই অহীকামৰ পুত্ৰ গদলিয়াক দেশৰ শাসনকৰ্ত্তা পতা কথা, আৰু পুৰুষ, মহিলা, লৰা, ছোৱালী আদি বাবিললৈ বন্দী কৰি লৈ নোযোৱা দেশৰ কেতবোৰ দুখীয়া মানুহক তেওঁৰ হাতত গতাই দিয়া কথা যেতিয়া নগৰৰ বাহিৰত থকা ফৌজৰ সেনাপতিসকলে আৰু তেওঁলোকৰ লোকসকলে শুনিবলৈ পালে,
8 Doðoše u Mispu ka Godoliji Ismailo sin Netanijin i Joanan i Jonatan sinovi Karijini, i Seraja sin Tanumetov, i sinovi Jofije Netofaæanina, i Jezanija sin nekoga Mahaæanina, oni i ljudi njihovi.
৮তেতিয়া তেওঁলোকে, অৰ্থাৎ নথনিয়াৰ পুতেক ইশ্মায়েল, কাৰেহৰ দুজন পুতেক যোহানন আৰু যোনাথন, তনহূমতৰ পুতেক চৰায়া, নটোফাতীয়া এফয়ৰ পুতেক কেইজন আৰু মাখাথীয়াৰ পুতেক যাজনিয়া নিজ নিজ লোকসকলে সৈতে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহিল।
9 I zakle se Godolija sin Ahikama sina Safanova njima i ljudima njihovijem govoreæi: ne bojte se službe Haldejcima; ostanite u zemlji, i služite caru Vavilonskom, i dobro æe vam biti.
৯তেতিয়া চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ আৰু তেওঁলোকৰ লোকসকলৰ আগত শপত খাই ক’লে, “তোমালোকে কলদীয়াসকলৰ অধীন হ’বলৈ ভয় নকৰিবা; দেশত বাস কৰি বাবিলৰ ৰজাৰ অধীন হোৱা, তেতিয়া তোমালোকৰ মঙ্গল হ’ব।”
10 A ja evo æu stajati u Mispi da doèekujem Haldejce koji æe dolaziti k nama; a vi berite vinograde i voæe i ulje, i ostavljajte u sudove svoje, i stojte u gradovima svojim koje držite.
১০আৰু চোৱা, মই হ’লে যি কলদীয়াসকল আমাৰ ওচৰলৈ আহিব, তেওঁলোকৰ আগত থিয় হ’বলৈ মিস্পাত বাস কৰিম; কিন্তু তোমালোকে দ্ৰাক্ষাৰস, ফল আৰু তেল গোটাই নিজ নিজ পাত্ৰত ৰাখা আৰু তোমালোকে লোৱা নিজ নিজ নগৰত বাস কৰা।”
11 Tako i svi Judejci, koji bijahu meðu Moavcima i sinovima Amonovijem i Edomcima i po svijem zemljama, èuvši da je car Vavilonski ostavio ostatak u Judeji i postavio nad njima Godoliju sina Ahikama sina Safanova,
১১তেতিয়া বাবিলৰ ৰজাই যিহূদাৰ এটি অৱশিষ্ট ভাগ এৰি যোৱা কথা আৰু তেওঁলোকৰ ওপৰত চাফনৰ নাতিয়েক অহীকামৰ পুত্ৰ গদলিয়াক শাসনকৰ্ত্তা পতা কথা যেতিয়া মোৱাবত, অম্মোনৰ সন্তান সকলৰ মাজত আৰু ইদোম আদি সকলো দেশত থকা আটাই যিহূদীসকলে শুনিবলৈ পালে,
12 Vratiše se svi Judejci iz svijeh mjesta kuda bijahu razagnani, i doðoše u zemlju Judinu ka Godoliji u Mispu, i nabraše vina i voæa vrlo mnogo.
১২তেতিয়া, যি যি ঠাইলৈ সেই যিহূদীসকলক খেদাই দিয়া হৈছিল, সেই সকলো ঠাইৰ পৰা তেওঁলোক সকলোৱেই যিহূদা দেশৰ মিস্পালৈ গদলিয়াৰ ওচৰলৈ উলটি আহিল আৰু অধিক পৰিমাণে দ্ৰাক্ষাৰস আৰু ফল গোটালে।
13 A Joanan sin Karijin i sve vojvode što bjehu u polju doðoše ka Godoliji u Mispu,
১৩পাছে কাৰেহৰ পুতেক যোহানন আদি নগৰৰ বাহিৰত থকা ফৌজন সকলোৱে সেনাপতিয়ে মিস্পালৈ গদলিয়াৰ ওচৰলৈ আহি তেওঁক ক’লে,
14 I rekoše mu: znaš li da je Valis car sinova Amonovijeh poslao Ismaila sina Netanijina da te ubije? Ali im ne povjerova Godolija sin Ahikamov.
১৪“অম্মোনৰ সন্তান সকলৰ ৰজা বালীচে তোমাৰ প্ৰাণ লবলৈ নথনিয়াৰ পুতেক ইশ্মায়েলক পঠিয়াইছে, তুমি তাক জানা নে?” কিন্তু অহীকামৰ পুত্ৰ গদলিয়াই তেওঁলোকৰ কথা বিশ্বাস নকৰিলে।
15 Tada Joanan sin Karijin reèe Godoliji nasamo u Mispi govoreæi: idem da ubijem Ismaila sina Netanijina, niko neæe doznati. Zašto da te ubije i da se rasiju svi Judejci koji su se skupili oko tebe i da propadne ostatak Judin?
১৫পাছে কাৰেহৰ পুতেক যোহাননে মিস্পাত গদলিয়াক গুপুতে ক’লে, “মই মিনতি কৰোঁ, মোক যাবলৈ দিয়া, কোনো মানুহে নজনাকৈ মই নথনিয়াৰ পুতেক ইশ্মায়েলক বধ কৰোঁগৈ; তেওঁ কিয় তোমাৰ প্ৰাণ ল’ব আৰু তোমাৰ ওচৰত গোট খোৱা সকলো যিহূদী লোক ছিন্ন-ভিন্ন হ’ব আৰু যিহূদাৰ অৱশিষ্ট ভাগ নষ্ট হ’ব?
16 Ali Godolija sin Ahikamov reèe Joananu sinu Karijinu: nemoj to èiniti, jer nije istina što kažeš za Ismaila.
১৬কিন্তু অহীকামৰ পুত্ৰ গদলিয়াই কাৰেহৰ পুতেক যোহাননক ক’লে, “তুমি এনে কাম নকৰিবা; কিয়নো তুমি ইশ্মায়েলৰ বিষয়ে মিছা কথা কৈছা।”