< Izlazak 3 >

1 A Mojsije pasijaše stado Jotoru tastu svojemu, svešteniku Madijamskomu, i odvede stado preko pustinje, i doðe na goru Božiju Horiv.
মোচিৰ শহুৰ যিথ্ৰো মিদিয়নৰ পুৰোহিত আছিল, মোচিয়ে তেওঁৰ মেৰ-ছাগৰ জাক চৰাইছিল। তেতিয়া মোচিয়ে মৰুপ্রান্তৰ কাষদি মেৰ-ছাগৰ জাক লৈ গৈ আছিল, আৰু তেওঁ গৈ হোৰেব নামৰ ঈশ্বৰৰ পৰ্বত পাইছিল।
2 I javi mu se anðeo Gospodnji u plamenu ognjenom iz kupine. I pogleda, a to kupina ognjem gori a ne sagorijeva.
সেই ঠাইত যিহোৱাৰ দূতে এজোপা জোপোহা গছৰ মাজত অগ্নি শিখাত তেওঁক দেখা দিলে। মোচিয়ে চাই দেখিলে যে, জোপোহাটোত জুই জ্বলি আছে, কিন্তু জোপোহাটো পুৰি যোৱা নাই।
3 I Mojsije reèe: idem da vidim tu utvaru veliku, zašto ne sagorijeva kupina.
তেতিয়া মোচিয়ে ক’লে, “মই এফলীয়া হৈ যাওঁ, আৰু এই আচৰিত বিষয়টো মই চাওঁ, কিয়নো এই জোপোহাটো পুৰি যোৱা নাই?”
4 A Gospod kad ga vidje gdje ide da vidi, viknu ga Bog iz kupine, i reèe: Mojsije! Mojsije! A on odgovori: evo me.
যেতিয়া যিহোৱাই দেখিলে যে, তেওঁক চাবলৈ মোচি এফলীয়া হৈ গৈছে, তেতিয়া জোপোহাটোৰ মাজৰ পৰা ঈশ্বৰে তেওঁক মাতি ক’লে, “হে মোচি, হে মোচি।” তেওঁ ক’লে, “চাওঁক, মই ইয়াতে আছোঁ।”
5 A Bog reèe: ne idi ovamo. Izuj obuæu svoju s nogu svojih, jer je mjesto gdje stojiš sveta zemlja.
যিহোৱাই ক’লে, “তুমি ওচৰ চাপি নাহিবা; তোমাৰ ভৰিৰ পৰা জোতা সোলোকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেয়া পবিত্ৰ ভূমি।”
6 Još reèe: ja sam Bog oca tvojega, Bog Avramov, Bog Isakov i Bog Jakovljev. A Mojsije zakloni lice svoje, jer ga strah bijaše gledati u Boga.
তেওঁ পুনৰ ক’লে, “মই তোমাৰ পূর্বপুৰুসকলৰ ঈশ্বৰ; অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ।” তেতিয়া মোচিয়ে নিজৰ মুখ ঢাকিলে, কিয়নো তেওঁ ঈশ্বৰক চাবলৈ ভয় কৰিলে।
7 I reèe Gospod: dobro vidjeh nevolju naroda svojega u Misiru, i èuh viku njegovu od zla koje mu èine nastojnici, jer poznah muku njegovu.
যিহোৱাই ক’লে, “মই মিচৰত থকা মোৰ লোকসকলৰ যন্ত্রণালৈ নিশ্চয়ে দৃষ্টি কৰিছোঁ। কাৰণ তেওঁলোক অতি কঠোৰ তত্বাৱধায়কৰ তলত আছে, মই তেওঁলোকৰ ক্রন্দন শুনিছোঁ, মই তেওঁলোকৰ যন্ত্রণাৰ বিষয় বুজি পাইছোঁ।
8 I siðoh da ga izbavim iz ruku Misirskih, i da ga izvedem iz one zemlje u zemlju dobru i prostranu, u zemlju gdje mlijeko i med teèe, na mjesto gdje su Hananeji i Heteji i Amoreji i Ferezeji i Jeveji i Jevuseji.
মই তেওঁলোকক মিচৰীয়া লোকৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ নামি আহিলোঁ। সেই দেশৰ পৰা উলিয়াই আনি, গাখীৰ মৌ-জোলবৈ থকা এখন উত্তম আৰু বহল দেশ, য’ত কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, যিবুচীয়া লোক সকলে বাস কৰে, এনে ঠাইলৈ তেওঁলোকক নিবলৈ আহিলোঁ।
9 I sada evo vika sinova Izrailjevijeh doðe preda me, i vidjeh muku, kojom ih muèe Misirci.
এতিয়া ইস্ৰায়েলৰ লোকসকলৰ কাতৰোক্তি মোৰ ওচৰলৈ আহিল। অৱশ্যে মিচৰীয়া সকলে তেওঁলোকৰ ওপৰত কৰা উপদ্ৰবো মই দেখিছোঁ।
10 Sada hajde da te pošljem k Faraonu, da izvedeš narod moj, sinove Izrailjeve, iz Misira.
১০সেয়ে মোৰ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিবলৈ, মই এতিয়া তোমাক ফৰৌণৰ ওচৰলৈ পঠাওঁ।”
11 A Mojsije reèe Bogu: ko sam ja da idem k Faraonu i da izvedem sinove Izrailjeve iz Misira?
১১কিন্তু মোচিয়ে ঈশ্বৰক ক’লে, “মইনো কোন যে, ফৰৌণৰ ওচৰলৈ গৈ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিম?”
12 A Bog mu reèe: ja æu biti s tobom, i ovo neka ti bude znak da sam te ja poslao: kad izvedeš narod iz Misira, služiæete Bogu na ovoj gori.
১২ঈশ্বৰে উত্তৰ দি ক’লে, “অৱশ্যে মই তোমাৰ সঙ্গী হ’ম; আৰু মইয়ে তোমাক পঠালোঁ, ইয়াৰ চিন তোমালৈ এয়ে হ’ব যে, তুমি মিচৰৰ পৰা লোকসকলক উলিয়াই আনি, এই পৰ্ব্বততে তোমালোকে ঈশ্বৰৰ আৰধনা কৰিবা।”
13 A Mojsije reèe Bogu: evo, kad otidem k sinovima Izrailjevijem, pa im reèem: Bog otaca vaših posla me k vama, ako mi reku: kako mu je ime? šta æu im kazati?
১৩মোচিয়ে ঈশ্বৰক ক’লে, “মই যেতিয়া ইস্ৰায়েলী লোকসকলক ক’ম যে, তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰে মোক তোমালোকৰ ওচৰলৈ পঠালে; তেতিয়া তেওঁলোকে মোক ক’ব, ‘তেওঁৰ নাম কি?’ তেতিয়া মই কি উত্তৰ দিম?”
14 A Gospod reèe Mojsiju: ja sam onaj što jest. I reèe: tako æeš kazati sinovima Izrailjevijem: koji jest, on me posla k vama.
১৪ঈশ্বৰে মোচিক ক’লে, “মই যি জন হওঁ, সেই জনেই হওঁ।” ঈশ্বৰে পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক নিশ্চয়কৈ ক’বা যে, ‘মই যি জন হওঁ’ তেৱেঁই মোক তোমালোকৰ ওচৰলৈ পঠালে।”
15 I opet reèe Bog Mojsiju: ovako kaži sinovima Izrailjevijem: Gospod Bog otaca vaših, Bog Avramov, Bog Isakov i Bog Jakovljev posla me k vama; to je ime moje dovijeka, i to je spomen moj od koljena na koljeno.
১৫ঈশ্বৰে মোচিক পুনৰ ক’লে, “তুমি ইস্ৰায়েলী লোকসকলক অৱশ্যে ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ, অব্ৰাহামৰ ঈশ্বৰ, ইচহাকৰ ঈশ্বৰ, আৰু যাকোবৰ ঈশ্বৰ যিহোৱায়ে মোক তোমালোকৰ ওচৰলৈ পঠালে। এয়ে মোৰ চিৰস্থায়ী নাম, আৰু ইয়াৰ দ্বাৰাই পুৰুষানুক্ৰমে মই সোঁৱৰণীয় হম।’
16 Idi, i skupi starješine Izrailjske, pa im reci: Gospod Bog otaca vaših javi mi se, Bog Avramov, Isakov i Jakovljev, govoreæi: doista obidoh vas, i vidjeh kako vam je u Misiru.
১৬তুমি যোৱা, আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলক একত্রিত কৰি সমবেত কৰোঁৱা। তেওঁলোকক ক’বা যে, ‘তোমালোকৰ ওপৰ-পিতৃ অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক দৰ্শন দি ক’লে যে, ‘মই তোমালোকক নিৰীক্ষণ কৰিলোঁ আৰু তোমালোকক মিচৰত কেনে ব্যৱহাৰ কৰিছে, সেয়া মই দেখিলোঁ।
17 Pa rekoh: izvešæu vas iz nevolje Misirske u zemlju Hananejsku i Hetejsku i Amorejsku i Ferezejsku i Jevejsku i Jevusejsku, u zemlju gdje teèe mlijeko i med.
১৭মিচৰ দেশত তোমালোকৰ ওপৰত কৰা উপদ্রৱৰ পৰা তোমালোকক উলিয়াই আনি, গাখীৰ, মৌ-জোল বৈ থকা সেই কনানীয়া, হিত্তীয়া, ইমোৰীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলৰ দেশলৈ মই তোমালোকক লৈ যাবলৈ প্রতিজ্ঞা কৰিছোঁ’।
18 I oni æe poslušati glas tvoj; pa æeš ti i starješine Izrailjske otiæi k caru Misirskom, i reæi æete mu: Gospod Bog Jevrejski srete nas, pa ti se molimo da izidemo tri dana hoda u pustinju da prinesemo žrtvu Gospodu Bogu svojemu.
১৮তেতিয়া তেওঁলোকে তোমাৰ কথা শুনিব। তাৰ পাছত তুমি আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে মিচৰৰ ৰজাৰ ওচৰলৈ গৈ, তেওঁক নিশ্চয়কৈ ক’বা যে, ‘ইব্ৰীয়াসকলৰ ঈশ্বৰ যিহোৱা আমাৰ আগত সাক্ষাৎ হ’ল। সেয়ে আমি তিনি দিন মৰুভূমিৰ মাজেৰে গৈ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বলিদান কৰিবৰ অৰ্থে আমাক যাবলৈ দিয়ক।’
19 A ja znam da vam neæe dopustiti car Misirski da izidete bez ruke krjepke.
১৯কিন্তু মই জানো, যেতিয়ালৈকে মিচৰৰ ৰজাক বাধ্য কৰোঁৱা নহয়, তেতিয়ালৈকে তেওঁ তোমালোকক যাব নিদিব।
20 Ali æu pružiti ruku svoju, i udariæu Misir svijem èudesima svojim, koja æu uèiniti u njemu: i poslije æe vas pustiti.
২০মই নিজ হাত মেলিম, আৰু মিচৰ দেশৰ মাজত সকলো আচৰিত কৰ্মেৰে মই তেওঁলোকক আঘাত কৰিম। তাৰ পাছতহে তেওঁ তোমালোকক যাবলৈ দিব।
21 I uèiniæu da narod naðe ljubav u Misiraca, pa kad poðete, neæete poæi prazni;
২১মই মিচৰীয়াসকলৰ পৰা তোমালোকক অনুগ্ৰহপ্ৰাপ্ত কৰিম। সেয়ে তোমালোকে যোৱা সময়ত শুদা-হাতে যাব লগা নহ’ব।
22 Nego æe svaka žena zaiskati u susjede svoje i u domaæice svoje nakita srebrnoga i nakita zlatnoga i haljina; i metnuæete na sinove svoje i na kæeri svoje, i oplijeniæete Misir.
২২প্ৰতি গৰাকী মহিলাই নিজৰ ওচৰ-চুবুৰীয়া, আৰু নিজৰ ঘৰৰ ওচৰত বাস কৰা মহিলা সকলৰ পৰা ৰূপ আৰু সোণৰ অলঙ্কাৰ আৰু বস্ত্ৰ খুজিবা; আৰু তোমালোকে সেইবোৰ নিজৰ লৰা-ছোৱালীক পিন্ধাবা; এই দৰে তোমালোকে মিচৰীয়া সকলক লুট কৰিবা।”

< Izlazak 3 >