< Izlazak 1 >

1 Ovo su imena sinova Izrailjevijeh koji doðoše u Misir, doðoše s Jakovom, svaki sa svojom porodicom:
যাকোবৰ লগত ইস্ৰায়েলৰ যিসকল পুত্ৰই নিজৰ পৰিয়ালৰ সৈতে মিচৰ দেশলৈ আহিছিল, তেওঁলোকৰ নাম:
2 Ruvim, Simeun, Levije i Juda,
ৰূবেণ, চিমিয়োন, লেবী আৰু যিহূদা;
3 Isahar, Zavulon i Venijamin,
ইচাখৰ, জবূলূন, আৰু বিন্যামীন;
4 Dan i Neftalim, Gad i Asir.
দান আৰু নপ্তালী; গাদ আৰু আচেৰ।
5 A svega bijaše ih od bedara Jakovljevijeh sedamdeset duša s Josifom, koji bješe u Misiru.
যাকোবৰ বংশধৰ সৰ্ব্বমুঠ সত্তৰ জন আছিল। ইতিমধ্যে যোচেফ মিচৰত আছিল।
6 A Josif umrije i sva braæa njegova i sav onaj naraštaj.
তাৰ পাছত যোচেফ, তেওঁৰ ভায়েক-ককায়েক সকল আৰু সেই প্রজন্মৰ সকলোৰেই মৃত্যু হ’ল।
7 I sinovi Izrailjevi narodiše se i umnožiše se, i napredovaše i osiliše veoma, da ih se zemlja napuni.
ইস্ৰায়েলৰ সন্তান সকল বহু বংশ হৈ সংখ্যাত বৃদ্ধি পালে; আৰু বাঢ়ি বাঢ়ি অতিশয় বলৱন্ত হ’ল। তেওঁলোকৰ দ্বাৰাই দেশ পৰিপূৰ্ণ হ’ল।
8 Tada nasta nov car u Misiru, koji ne znadijaše za Josifa;
তাৰ পাছত মিচৰত যোচেফক সোঁৱৰণ কৰা কথাত গুৰুত্ব নিদিয়া এজন নতুন ৰজাৰ উত্থান হ’ল।
9 I reèe narodu svojemu: gle, narod sinova Izrailjevijeh veæi je i silniji od nas.
তেওঁৰ প্ৰজা সকলক তেওঁ ক’লে, “সেই ইস্ৰায়েল জাতিক চোৱা; তেওঁলোক সংখ্যাত অধিক আৰু আমাতকৈ বলৱন্ত।
10 Nego hajde mudro da postupamo s njima, da se ne množe, i kad nastane rat da ne pristanu s neprijateljima našim i ne udare na nas i ne otidu iz zemlje.
১০আহাঁ, আমি তেওঁলোকৰ লগত জ্ঞানেৰে লেনদেন কৰোঁহক। নহলে তেওঁলোক অবিৰত ভাৱে বৃদ্ধি পাব, আৰু কোনো যুদ্ধ হ’লে, তেওঁলোকে আমাৰ শত্ৰুবোৰৰ লগত যোগ হৈ আমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, আৰু দেশ ত্যাগ কৰি যাব।”
11 I postaviše nad njima nastojnike da ih muèe teškim poslovima; i graðaše narod Izrailjev Faraonu gradove Pitom i Ramesu.
১১সেয়ে তেওঁলোকক কঠিন পৰিশ্রমৰ দ্বাৰাই অত্যাচাৰ কৰিবলৈ তেওঁলোকৰ ওপৰত কঠোৰ তত্ত্বাবধায়ক নিযুক্ত কৰিলে। ইস্রায়েলী লোক সকলে পিথোম আৰু ৰামিচেচ নামেৰে ফৰৌণৰ অৰ্থে ভঁৰাল ঘৰৰ নগৰ নিৰ্মাণ কৰিলে।
12 Ali što ga više muèahu to se više množaše i napredovaše, da se grožahu od sinova Izrailjevijeh.
১২কিন্তু মিচৰীয়া সকলে যিমান বেছিকৈ ইস্রায়েলী সকলক অত্যাচাৰ কৰিলে, সিমান বেছিকৈ তেওঁলোক সংখ্যাত বৃদ্ধি পালে আৰু বিস্তাৰ লাভ কৰিবলৈ ধৰিলে। সেয়ে মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক ভয় কৰিবলৈ আৰম্ভ কৰিলে।
13 I žestoko nagonjahu Misirci sinove Izrailjeve na poslove,
১৩মিচৰীয়া সকলে ইস্ৰায়েলী লোক সকলক অব্যাহতি নিদিয়াকৈ কাম কৰাইছিল।
14 I zagrèivahu im život teškim poslovima, blatom i opekama i svakim radom u polju, i svakim drugim poslom, na koji ih žestoko nagonjahu.
১৪চূণ, বালি আৰু পানী মিহলাই তৈয়াৰ কৰোঁৱা বোকাৰে ইটা প্রস্তুত কৰা, আৰু পথাৰৰ সকলো বিধৰ কামৰ দ্বাৰাই তেওঁলোকৰ জীৱন তিক্ত কৰিছিল। তেওঁলোকে কৰিব লগা সকলো কামেই কঠিন আছিল।
15 I još zapovjedi car Misirski babicama Jevrejskim, od kojih jednoj bješe ime Sefora a drugoj Fuva,
১৫তাৰ পাছত মিচৰৰ ৰজাই চিফ্ৰা আৰু পুৱা নামৰ দুজনী ইব্ৰীয়া ধাত্ৰীৰ লগত কথা পাতিলে।
16 I reèe: kad babièite Jevrejke, i u poroðaju vidite da je muško, ubijte ga, a kad bude žensko, nek ostane živo.
১৬ৰজাই ক’লে, “যি সময়ত তোমালোকে ইব্ৰীয়া মহিলা সকলক প্রসৱ আসনত সন্তান প্ৰসৱ কৰাত সহায় কৰিবা, সেই সময়ত তেওঁলোকে জন্ম দিয়া সন্তান লক্ষ্য কৰিবা; যদি সেই সন্তান ল’ৰা হয় তেনেহ’লে তাক অৱশ্যে বধ কৰিবা, আৰু যদি ছোৱালী হয়, তেনেহ’লে তাইক জীয়াই থাকিবলৈ দিবা।”
17 Ali se babice bojahu Boga, i ne èinjahu kako im reèe car Misirski, nego ostavljahu djecu u životu.
১৭কিন্তু ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে মিচৰৰ ৰজাই তেওঁলোকক দিয়া আজ্ঞা পালন নকৰি, তাৰ পৰিৱৰ্তে ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলে।
18 A car Misirski dozva babice, i reèe im: zašto to èinite, te ostavljate u životu mušku djecu?
১৮মিচৰৰ ৰজাই ধাত্ৰী দুজনীক মাতি অনালে আৰু তেওঁলোকক ক’লে, “তোমালোকে কিয় ল’ৰা শিশু বিলাকক জীয়াই ৰাখিলা?”
19 A babice rekoše Faraonu: Jevrejke nisu kao žene Misirke; jaèe su; dok im doðe babica, one veæ rode.
১৯তেতিয়া ধাত্ৰী দুজনীয়ে ফৰৌণক ক’লে, “ইব্ৰীয়া মহিলা সকল মিচৰীয়া মহিলা সকলৰ দৰে নহয়; তেওঁলোক সবল, আৰু তেওঁলোকৰ ওচৰলৈ ধাত্ৰী অহাৰ আগতে, তেওঁলোকে নিজে সন্তান প্ৰসৱ কৰে।”
20 I Bog uèini dobro babicama; i narod se umnoži i osili veoma;
২০ঈশ্বৰে সেই ধাত্ৰী দুজনীক ৰক্ষা কৰিলে। লোক সকল সংখ্যাত বৃদ্ধি পালে আৰু অধিক বলৱন্ত হ’ল।
21 I što se babice bojahu Boga, naèini im kuæe.
২১ধাত্ৰী দুজনীয়ে ঈশ্বৰলৈ ভয় কৰিছিল, সেয়ে ঈশ্বৰে তেওঁলোকৰ বাবে পৰিয়াল গঠন কৰিলে।
22 Tada zapovjedi Faraon svemu narodu svojemu govoreæi: svakoga sina koji se rodi bacite u vodu, a kæeri sve ostavljajte u životu.
২২পাছত ফৰৌণে নিজৰ সকলো প্ৰজাকে এই আজ্ঞা দিলে যে, “তোমালোকে নতুন কৈ জন্ম হোৱা প্ৰত্যেক ল’ৰা শিশুক নীল নদীত পেলাই দিব লাগিব, কিন্তু প্ৰতিজনী ছোৱালীক হ’লে জীয়াই ৰাখিব পাৰিবা।”

< Izlazak 1 >