< 2 Samuelova 24 >

1 A Gospod se opet razgnjevi na Izrailja, i nadraži Davida na njih govoreæi: hajde izbroj Izrailja i Judu.
পাছত ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ পুনৰায় জ্বলি উঠিল আৰু তেওঁলোকৰ বিৰুদ্ধে দায়ূদৰ প্ৰবৃত্তি জন্মাই তেওঁ ক’লে, “ইস্ৰায়েল আৰু যিহূদাক গৈ গণনা কৰা”।
2 I reèe car Joavu, vojvodi svom: proði po svijem plemenima Izrailjevijem od Dana do Virsaveje, i izbrojte narod, da znam koliko ima naroda.
তাতে ৰজাই তেওঁৰ ওচৰত থকা প্ৰধান সেনাপতি যোৱাবক ক’লে, “মই ইস্ৰায়েলৰ লোকসকলৰ সংখ্যা জানিবৰ বাবে, তুমি দানৰে পৰা বেৰ-চেবালৈকে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজত যোৱা আৰু তোমালোকে লোকসকলক গণনা কৰা।”
3 A Joav reèe caru: neka doda Gospod Bog tvoj k narodu koliko ga je sad još sto puta toliko, i da car gospodar moj vidi svojim oèima; ali zašto car gospodar moj hoæe to?
তেতিয়া যোৱাবে ৰজাক ক’লে, “এতিয়া যিমান লোক আছে, আপোনাৰ ঈশ্বৰ যিহোৱাই তাৰ এশ গুণ বৃদ্ধি কৰক আৰু মোৰ প্ৰভু মহাৰাজে তাক চকুৰে চাওক; কিন্তু মোৰ প্ৰভু মহাৰাজে এনে কাৰ্যত কিয় সন্তোষ পাইছে?”
4 Ali rijeè careva bi jaèa od Joava i vojvoda; i otide Joav i vojvode od cara da prebroje narod Izrailjev.
তথাপি যোৱাব আৰু সেনাপতিসকলৰ আগত ৰজাৰ বাক্য প্ৰবল হ’ল; তাতে যোৱাব আৰু সেনাপতিসকলে ইস্ৰায়েলৰ লোকসকলক গণনা কৰিবলৈ ৰজাৰ আগৰ পৰা গ’ল।
5 I prešavši preko Jordana stadoše u oko u Aroiru, s desne strane grada, koji je na sredini potoka Gadova, i kod Jazira.
পাছত তেওঁলোকে যৰ্দ্দন পাৰ হৈ অৰোয়েৰৰ মাজত থকা নগৰ খনৰ সোঁফালে ছাউনি পাতিলে; আৰু তেওঁলোকে গাদ ও যাজেৰলৈকে গ’ল।
6 Potom doðoše u Galad, i u donju zemlju Odsiju, a odatle otidoše u Dan-Jan i u okolinu Sidonsku.
তাৰ পাছত তেওঁলোকে গিলিয়দ আৰু দানযানলৈ গৈ ঘুৰি আহি চীদোনলৈ গ’ল।
7 Potom doðoše do grada Tira i u sve gradove Jevejske i Hananejske; i otidoše na južnu stranu Judinu u Virsaveju.
তেওঁলোকে তূৰ দুৰ্গলৈ গ’ল আৰু হিব্বীয়া ও কনানীয়াসকলৰ সকলো নগৰলৈও গ’ল; আৰু শেষত তেওঁলোকে আহি যিহূদাৰ দক্ষিণ অঞ্চল বেৰ-চেবাত উপস্থিত হ’ল।
8 I obišavši svu zemlju vratiše se u Jerusalim poslije devet mjeseci i dvadeset dana.
এইদৰে তেওঁলোকে দেশৰ সকলো ঠাইতে ফুৰি ন মাহ বিশ দিনৰ মুৰত যিৰূচালেমলৈ উভটি আহিল।
9 I Joav dade caru broj prepisanoga naroda; i bješe od Izrailja osam stotina tisuæa ljudi za vojsku koji mahahu maèem, a ljudi od Jude pet stotina tisuæa.
পাছত যোৱাবে গণনা কৰা লোকসকলৰ সংখ্যা ৰজাৰ ওচৰত আনি দিলে; তাৰ মুঠ, ইস্ৰায়েলৰ তৰোৱাল ধৰোঁতা আঠ লাখ বলৱান লোক, আৰু যিহূদাৰ পাঁচ লাখ লোক।
10 Tada Davida taknu u srce, pošto prebroji narod, i reèe David Gospodu: sagriješih veoma što to uradih. Ali, Gospode, uzmi bezakonje sluge svojega, jer veoma ludo radih.
১০এইদৰে দায়ূদে লোকসকলক গণনা কৰোঁৱাৰ পাছত, তেওঁৰ মনে তেওঁক দোষী কৰিলে। তেতিয়া দায়ূদে যিহোৱাক ক’লে, “এই কৰ্ম কৰি মই মহা পাপ কৰিলোঁ; কিন্তু হে যিহোৱা বিনয় কৰোঁ, নিজ দাসৰ অপৰাধ ক্ষমা কৰা, কিয়নো মই অতিশয় অজ্ঞানৰ কৰ্ম কৰিলোঁ।”
11 A kad David usta ujutru, doðe rijeè Gospodnja Gadu proroku, koji bijaše Davidu vidjelac, i reèe:
১১দায়ুদ ৰাতিপুৱাতে উঠিল, দায়ূদৰ দৰ্শক গাদ ভাববাদী ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
12 Idi i kaži Davidu: ovako veli Gospod: troje ti dajem, izberi jedno da ti uèinim.
১২“তুমি গৈ দায়ূদক কোৱা: ‘যিহোৱাই এই কথা কৈছে, মই তোমাৰ আগত তিনিটা দণ্ড ৰাখিছো; তাৰ মাজৰ এটা বাচি লোৱা, মই তাকেই তোমালৈ কৰিম’।”
13 I doðe Gad k Davidu, i kaza mu govoreæi: hoæeš li da bude sedam gladnijeh godina u zemlji tvojoj, ili da bježiš tri mjeseca od neprijatelja svojih i oni da te gone, ili da bude tri dana pomor u tvojoj zemlji? Sad promisli i gledaj šta æu odgovoriti onome koji me je poslao.
১৩তাতে গাদে দায়ূদৰ ওচৰলৈ গৈ তেওঁক ক’লে, “তোমাৰ দেশত সাত বছৰ আকাল হ’ব লাগে নে? বা তোমাৰ শত্ৰুবোৰ পাছে পাছে খেদি যাওঁতে, তুমি সিহঁতৰ আগে আগে তিনি মাহলৈকে পলাই থাকিবা? নাইবা দেশত তিনি দিনলৈকে মহামাৰী হ’ব? এতিয়া মোক পঠোৱা জনাক মই কি উত্তৰ দিম, তাক এতিয়াই বিবেচনা কৰি চোৱা।”
14 A David reèe Gadu: u tjeskobi sam ljutoj; ali neka zapadnemo Gospodu u ruke, jer je milost njegova velika; a ljudima da ne zapadnem u ruke.
১৪তাতে দায়ূদে গাদক ক’লে, “মই বৰ ঠেকত পৰিছোঁ৷ আমি যিহোৱাৰ হাতত পৰা ভাল, কিয়নো তেওঁৰ দয়া প্ৰচুৰ, কিন্তু মোক মানুহৰ হাতত পৰিবলৈ নিদিয়ক।”
15 I tako pusti Gospod pomor na Izrailja od jutra do odreðenoga vremena, i pomrije naroda od Dana do Virsaveje sedamdeset tisuæa ljudi.
১৫গতিকে সেই ৰাতিপুৱাৰে পৰা নিৰূপিত সময়লৈকে যিহোৱাই ইস্ৰায়েললৈ মহামাৰী পঠিয়ালে; তাতে দানৰে পৰা বেৰ-চেবালৈকে সত্তৰ হাজাৰ লোকৰ মৃত্যু হ’ল।
16 A kad anðeo pruži ruku svoju na Jerusalim da ga ubija, sažali se Gospodu sa zla, i reèe anðelu koji ubijaše narod: dosta, spusti ruku. A anðeo Gospodnji bijaše kod gumna Orne Jevusejina.
১৬পাছত যেতিয়া দূতে যিৰূচালেমক বিনষ্ট কৰিবলৈ তাৰ ফাললৈ হাত মেলিলে, তেতিয়া যিহোৱাই সেই আপদৰ বাবে খেদ কৰি সংহাৰক দূতক ক’লে, “এয়ে জুৰিছে! এতিয়া তোমাৰ হাত কোঁচোৱা।” সেই সময়ত যিহোৱা সেই দূত যিবুচীয়া অৰৌণাৰ মৰণা মৰা খলাৰ ওচৰত আছিল।
17 A David kad vidje anðela gdje bije narod, progovori i reèe Gospodu: evo, ja sam zgriješio, ja sam zlo uèinio, a te ovce što su uèinile? neka se ruka tvoja obrati na mene i na dom oca mojega.
১৭পাছত যি দূতে সংহাৰ কৰিছিল, দায়ূদে সেই দূতক দেখি যিহোৱাক ক’লে “মইহে পাপ কৰিলোঁ, মইহে অপৰাধী হলোঁ; কিন্তু এই মেৰ-ছাগবোৰে কি কৰিলে? মই বিনয় কৰোঁ, তোমাৰ হাত মোৰেই বিৰুদ্ধে আৰু মোৰ পিতৃ-বংশৰ বিৰুদ্ধে হওক!”
18 Potom opet doðe Gad k Davidu isti dan, i reèe mu: idi, naèini Gospodu oltar na gumnu Orne Jevusejina.
১৮সেই দিনা গাদে দায়ূদৰ ওচৰলৈ আহি তেওঁক ক’লে, “তুমি উঠি গৈ যিবুচীয়া অৰৌণাত মৰণা মৰা খলাত যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী স্থাপন কৰাগৈ।”
19 I otide David po rijeèi Gadovoj, kako Gospod zapovjedi.
১৯তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে গাদৰ নিৰ্দেশ মানি দায়ুদ উঠি গ’ল।
20 Tada Orna obazrevši se ugleda cara i sluge njegove gdje idu k njemu; i otide Orna i pokloni se caru licem do zemlje,
২০পাছত অৰৌণাই চাই দেখিলে যে, তেওঁৰ ফালে ৰজা আৰু তেওঁৰ দাসবোৰ আহি আছে, তাতে অৰৌণাই আহি ৰজাৰ আগত মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।
21 I reèe: što je došao car gospodar moj sluzi svojemu? A David reèe: da kupim od tebe to gumno, da naèinim na njemu oltar Gospodu da bi prestao pomor u narodu.
২১আৰু অৰৌণাই ক’লে, “মোৰ প্ৰভু মহাৰাজৰ নিজৰ দাসৰ ওচৰলৈ কি কাৰণে আহিল?” দায়ূদে ক’লে, “লোকসকলৰ মাজৰ পৰা মহামাৰী গুচিবৰ বাবে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিবৰ অৰ্থে মই তোমাৰ পৰা এই মৰণা মৰা খলা কিনিবলৈ আহিছোঁ।”
22 A Orna reèe Davidu: neka uzme car gospodar moj i prinese na žrtvu što mu je volja; evo volova za žrtvu paljenicu, i kola i jarmova volujskih za drva.
২২তেতিয়া অৰৌণাই দায়ূদক ক’লে, “মোৰ প্ৰভু মহাৰাজৰ দৃষ্টিত যি ভাল হয়, তাকে লৈ উৎসৰ্গ কৰক; চাওঁক, হোম-বলিৰ বাবে এই গৰুবোৰ আৰু খৰিৰ বাবে মৰণা মৰা যন্ত্ৰ আৰু গৰুবোৰৰ যুৱঁলি আছে৷
23 Sve to davaše caru Orna kao car, i reèe Orna caru: Gospod Bog tvoj neka te milostivo primi.
২৩হে মহাৰাজ অৰৌণাই মহাৰাজক এই সকলোকে দিছে।” অৰৌণাই ৰজাক পুনৰ ক’লে, “আপোনাৰ ঈশ্বৰ যিহোৱাই আপোনাক গ্ৰহণ কৰক।”
24 A car reèe Orni: ne; nego æu kupiti od tebe po cijeni, niti æu prinijeti Gospodu Bogu svojemu žrtve paljenice poklonjene. I tako kupi David gumno i volove za pedeset sikala srebra.
২৪ৰজাই অৰৌণাক ক’লে, “সেয়ে হ’ব নোৱাৰে, মই মূল্য দি তোমাৰ পৰা সকলো কিনিহে লম; মই নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বিনামূল্যে হোম-বলি উৎসৰ্গ নকৰোঁ।” এই বুলি দায়ূদে পঞ্চাশ চেকল ৰূপ দি, সেই মৰণা মৰা খলা আৰু গৰুবোৰ কিনি ল’লে।
25 I ondje naèini David oltar Gospodu, i prinese žrtve paljenice i žrtve zahvalne. I Gospod se umilostivi zemlji, i presta pomor u Izrailju.
২৫আৰু দায়ূদে সেই ঠাইতে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰি, হোম-বলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। তাতে যিহোৱাই দেশৰ পক্ষে প্ৰাৰ্থনা শুনিলে আৰু ইস্ৰায়েলৰ পৰা মহামাৰী গুচিল।

< 2 Samuelova 24 >