< 2 Dnevnika 20 >
1 A poslije toga sinovi Moavovi i sinovi Amonovi i s njima koji žive meðu sinovima Amonovijem, doðoše da vojuju na Josafata.
১তাৰ পাছত মোৱাবৰ সন্তান সকল, অম্মোনীয়াৰ সন্তান সকল আৰু তেওঁলোকৰ লগত কিছুমান মায়োনীয়া লোকে যিহোচাফটৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল৷
2 I doðoše te javiše Josafatu govoreæi: ide na te veliko mnoštvo ispreko mora, iz Sirije; i eno ih u Asason-Tamaru, a to je En-Gad.
২তেতিয়া কিছুমান লোক আহি যিহোচাফটক এই সম্বাদ দিলে বোলে, “সাগৰৰ সিপাৰে থকা অৰামৰ পৰা অতিশয় অধিক লোক আপোনাৰ বিৰুদ্ধে উঠি আহিছে৷ চাওঁক, তেওঁলোক হচচোন-তামৰত অৰ্থাৎ অয়িন-গদীত আছে।”
3 A Josafat se uplaši, i obrati lice svoje da traži Gospoda, i oglasi post po svoj zemlji Judinoj.
৩তেতিয়া যিহোচাফটে ভয় কৰি যিহোৱাক বিচাৰিবলৈ ঠাৱৰ কৰিলে৷ তেওঁ যিহূদাৰ সকলো ফালে উপবাস ঘোষণা কৰিলে।
4 I skupiše se svi sinovi Judini da traže Gospoda, i iz svijeh gradova Judinijeh doðoše da traže Gospoda.
৪যিহূদাৰ লোকসকলে যিহোৱাৰ আগত সাহায্য যাচ্না কৰিবলৈ গোট খালে; যিহূদাৰ আটাই নগৰৰ পৰা লোকসকলে যিহোৱাক বিচাৰ কৰিবলৈ আহিল।
5 Tada stade Josafat u zboru Judinu i Jerusalimskom u domu Gospodnjem pred trijemom novijem,
৫যিহোচাফটে যিহোৱাৰ গৃহৰ নতুন চোতালখনৰ আগত যিহূদাৰ আৰু যিৰূচালেমৰ সমাজৰ আগত থিয় হ’ল।
6 I reèe: Gospode Bože otaca naših! nijesi li ti Bog na nebu i vladaš svijem carstvima narodnijem? nije li u tvojoj ruci moæ i sila da ti niko ne može odoljeti?
৬তেওঁ ক’লে, “হে আমাৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱা, আপুনি জানো স্বৰ্গৰ ঈশ্বৰ নহয় নে? আৰু আপুনিয়েই জানো জাতি সমূহৰ সকলো ৰাজ্যৰ ওপৰত শাসনকৰ্ত্তা নহয়? আপোনাৰেই হাতত শক্তি আৰু পৰাক্ৰম থকাত আপোনাৰ অহিতে কোনেও থিয় হ’ব নোৱাৰে।
7 Nijesi li ti, Bože naš, odagnao stanovnike ove zemlje ispred naroda svojega Izrailja, i dao je navijek sjemenu Avrama prijatelja svojega?
৭হে আমাৰ ঈশ্বৰ, আপুনিয়েই জানো আপোনাৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ আগৰ পৰা এই দেশ নিবাসীসকলক দূৰ কৰি অব্ৰাহামৰ বংশক চিৰকালৰ বাবে এই দেশ দিয়া নাই?
8 Te se naseliše u njoj, i sagradiše ti u njoj svetinju za ime tvoje govoreæi:
৮তেওঁলোকে এই দেশত বাস কৰিছিল আৰু এই ঠাইত আপোনাৰ নামৰ বাবে এক ধৰ্মধাম সাজি লৈ কৈছিল,
9 Kad nas zadesi kako zlo, maè osvetni ili pomor ili glad, staæemo pred ovijem domom i pred tobom, jer je ime tvoje u ovom domu, i vapiæemo tebi u nevolji svojoj, usliši i izbavi.
৯‘আমালৈ যদি অমঙ্গল ঘটে - তৰোৱাল বা বিচাৰ, সিদ্ধ দণ্ড বা মহামাৰী বা আকালে হওঁক তেতিয়া আমি এই গৃহৰ আগত আৰু আপোনাৰ আগত (কিয়নো এই গৃহত আপোনাৰ নাম আছে) থিয় হৈ, সঙ্কতৰ কালত আপোনাৰ আগত কাতৰোক্তি কৰিম; তাতে আপুনি সেই বিষয়ে শুনি আমাক উদ্ধাৰ কৰিব।’
10 A sad evo, sinovi Amonovi i Moavovi i oni iz gore Sira, kroz koje nijesi dao sinovima Izrailjevijem proæi kad iðahu iz zemlje Misirske, nego ih obidoše i ne istrijebiše;
১০এতিয়া চাওঁক, সেই অম্মোনৰ আৰু মোৱাবৰ সন্তান সকল আৰু চেয়ীৰ পৰ্ব্বতীয়া লোকসকলে যেতিয়া মিচৰ দেশৰ পৰা ওলাই অাহিছিল তেতিয়া আপুনি তেওঁলোকৰ দেশত ইস্ৰায়েলক সোমাবলৈ নিদিলে; তেতিয়া ইস্ৰায়েলে তেওঁলোকৰ পৰা এফলীয়া হ’ল আৰু তেওঁলোকক বিনষ্ট নকৰিলে৷
11 A evo, oni nam vraæaju došavši da nas istjeraju iz našljedstva tvojega, koje si nam predao.
১১এতিয়া চাওঁক, তেওঁলোকে উপকাৰৰ সলনি আমাৰ কেনে অপকাৰ কৰিছে; আপুনি যি উত্তৰাধীকাৰ আমাক দিলে, আপোনাৰ সেই উত্তৰাধিকাৰৰ পৰা তেওঁলোকে আমাক খেদাই দিবলৈ আহিছে৷
12 Bože naš, zar im neæeš suditi? jer u nama nema snage da se opremo tome mnoštvu velikom, koje ide na nas, niti mi znamo što bismo èinili, nego su oèi naše uprte u te.
১২হে আমাৰ ঈশ্বৰ, আপুনি তেওঁলোকৰ বিচাৰ নকৰিবা নে? কিয়নো আমাৰ অহিতে সেই যি অধিক অতিশয় লোক সমূহ আহিছে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ নিজৰ কোনো সামর্থ নাই৷ আমি যি কৰিব লাগিব, সেই বিষয়ে নাজানো, কেৱল আপোনালৈ চাই আছোঁ।”
13 A svi sinovi Judini stajahu pred Gospodom i djeca njihova, žene njihove i sinovi njihovi.
১৩এইদৰে শিশুসকল, মহিলাসকল আৰু তেওঁলোকৰ সন্তান সকলে সৈতে গোটেই যিহূদা যিহোৱাৰ সাক্ষাতে থিয় হ’ল।
14 Tada siðe duh Gospodnji usred zbora na Jazila sina Zaharije sina Venaje sina Jeila sina Matanijina, Levita izmeðu sinova Asafovijeh,
১৪তেতিয়া সেই সমাজৰ মাজৰ মত্তনীয়াৰ বৃদ্ধ পৰিনাতি, যিয়ীয়েলৰ পৰিনাতি বনায়াৰ নাতি, জখৰিয়ৰ পুত্ৰ জহজীয়েল নামেৰে আচফৰ বংশৰ এজন লেবীয়া লোকৰ ওপৰত যিহোৱাৰ আত্মা স্থিতি হ’ল।
15 I reèe: slušajte, svi sinovi Judini i Jerusalimljani, i ti care Josafate, ovako vam veli Gospod: ne bojte se i ne plašite se toga mnoštva velikoga, jer nije vaš rat nego Božji.
১৫জহজীয়েলে ক’লে, “হে যিহূদা, যিৰূচালেমৰ নিবাসীসকল আৰু হে মহাৰাজ যিহোচাফট; তোমালোকে কাণ দিয়া: যিহোৱাই তোমালোকক এই কথা কৈছে: ‘তোমালোকে সেই অতিশয় অধিক লোক সমূহক দেখি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কিয়নো এই যুদ্ধ তোমালোকৰ নহয়, কিন্তু ঈশ্বৰৰহে।
16 Sjutra izidite na njih; oni æe poæi uz brdo Zis, i naæi æete ih nakraj potoka prema pustinji Jeruilu.
১৬তোমালোকে কাইলৈ তেওঁলোকৰ বিৰুদ্ধে নামি যাব লাগিব৷ চোৱা, তেওঁলোকে চীচলৈ যোৱা বাটেদি উঠি আহিছে৷ তোমালোকে যিৰুৱেল মৰুপ্ৰান্তৰ আগত উপত্যকাৰ শেষ ভাগত তেওঁলোকক পাবা।
17 Ne treba vi da se bijete u ovom boju; postavite se, stojte pa gledajte kako æe vas izbaviti Gospod, Judo i Jerusalime! ne bojte se i ne plašite se, sjutra izidite pred njih, i Gospod æe biti s vama.
১৭এই যুদ্ধত তোমালোকে যুদ্ধ কৰিবলৈ প্ৰয়োজন নহ’ব৷ হে যিহূদা আৰু যিৰূচালেম, তোমালোকে শাৰী পাতি থিয় দি থাকা আৰু তোমালোকে যিহোৱাৰ সৈতে, যিহোৱাই কৰা নিস্তাৰ দেখিবা৷ তোমালোকে ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা৷ কাইলৈ তেওঁলোকৰ বিৰুদ্ধে ওলাই যোৱা, কিয়নো যিহোৱা তোমালোকৰ লগত আছে’৷”
18 Tada se Josafat savi licem k zemlji, i svi Judejci i Jerusalimljani padoše pred Gospodom, i pokloniše se Gospodu.
১৮তেতিয়া যিহোচাফটে মূৰ দোঁৱাই মাটিলৈ মুখ কৰি প্ৰণিপাত কৰিলে৷ তেতিয়া যিহূদাৰ সকলো লোক অাৰু যিৰূচালেম নিবাসীসকলে যিহোৱাৰ আগত উবুৰি হৈ পৰি তেওঁৰ প্ৰণিপাত কৰিলে।
19 A Leviti od sinova Katovijeh i sinova Korejevijeh ustaše, te hvališe Gospoda Boga Izrailjeva glasom veoma visokim.
১৯কহাতৰ বংশৰ আৰু কোৰহৰ বংশৰ লেবীয়াসকলে তেতিয়া উঠি থিয় হ’ল আৰু অতিশয় বৰ মাতেৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিলে৷
20 A ujutru ustavši rano izidoše u pustinju Tekujsku; a kad izlažahu, stade Josafat i reèe: èujte me, Judejci i Jerusalimljani: vjerujte Gospodu Bogu svojemu i biæete jaki, vjerujte prorocima njegovijem i biæete sreæni.
২০পাছত তেওঁলোকে ৰাতিপুৱাতে উঠি তকোৱাৰ মৰুপ্ৰান্তলৈ ওলাই গ’ল৷ ওলাই যোৱা সময়ত, যিহোচাফটে থিয় হৈ ক’লে, “হে যিহূদা আৰু যিৰূচালেম নিবাসীসকল, মোলৈ কাণ দিয়া! তোমালোকে নিজ ঈশ্বৰ যিহোৱাত বিশ্বাস কৰা, তাতে তোমালোক সমর্থন পাবা আৰু তেওঁৰ ভাববাদীসকলত বিশ্বাস কৰা, তাতে তোমালোক কৃতকাৰ্য হ’বা।”
21 I tako dogovoriv se s narodom postavi pjevaèe Gospodnje da hvale svetu krasotu iduæi pred vojskom i govoreæi: hvalite Gospoda, jer je dovijeka milost njegova.
২১তাৰ পাছত তেওঁ লোকসকলৰ সৈতে মন্ত্ৰণা কৰি ৰণলৈ সাজু হোৱাসকলৰ আগে আগে “যিহোৱাৰ স্তুতি গান কৰা; কিয়নো তেওঁৰ দয়া চিৰকাললৈকে থাকে”, এই কথা কৈ কৈ, যিহোৱাৰ উদ্দেশ্যে গীত গাবলৈ আৰু পবিত্ৰ শোভাৰে যিহোৱাৰ প্ৰশংসা কৰিবলৈ কিছুমান লোকক নিযুক্ত কৰিলে।
22 A kad poèeše pjesmu i hvalu, obrati Gospod zasjedu na sinove Amonove i sinove Moavove i na one iz gore Sira, koji izidoše na Judu, te se razbiše.
২২যেতিয়া তেওঁলোকে গীত গাবলৈ আৰু প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া যিহূদাৰ বিৰুদ্ধে অহা অম্মোনৰ আৰু মোৱাবৰ সন্তান সকলৰ বিৰুদ্ধে যিহোৱাই গুপুত ঠাইত খাপ দি থকা শত্ৰুৰ সেনাসকলক নিযুক্ত কৰিলে; তাতে তেওঁলোক পৰাস্ত হ’ল।
23 Jer sinovi Amonovi i sinovi Moavovi ustaše na one iz gore Sira da ih pobiju i potru; i kad pobiše one iz gore Sira, udariše jedni na druge, te se potrše.
২৩কিয়নো অম্মোনৰ আৰু মোৱাবৰ সন্তান সকলে নিঃশেষে বিনষ্ট আৰু সংহাৰ কৰিবলৈ, চেয়ীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠি আহিছিল৷ যেতিয়া তেওঁলোকে চেয়ীৰ নিবাসীসকলক সংহাৰ কৰি উঠিছিল, তেতিয়া তেওঁলোকে নিজৰ মাজতে ইজনে সিজনক বিনষ্ট কৰিলে।
24 A kad Juda doðe do stražare prema pustinji, i pogleda na mnoštvo, a to mrtva tjelesa leže po zemlji, i nijedan ne bješe ostao živ.
২৪যিহূদাৰ লোকসকলে যেতিয়া মৰুপ্ৰান্তৰ প্ৰহৰী-দুৰ্গলৈ আহিল, তেতিয়া তেওঁলোকে সেই ঠাইৰ পৰা সেই অতিশয় লোক সকলৰ সৈন্যদললৈ মুখ ঘূৰাই চাই দেখিলে যে, তেওঁলোক মৰা শ হৈ মাটিত পৰি আছে; ৰক্ষা পোৱা এজনো নাই।
25 Zato doðe Josafat sa narodom svojim da pokupe plijen; i naðoše kod njih mnogo blaga i dragocjenijeh nakita na mrtvacima, i naplijeniše da veæ ne mogoše nositi; tri dana kupiše plijen, jer ga bješe mnogo.
২৫তেতিয়া যিহোচাফট আৰু তেওঁৰ লোকসকলে তেওঁলোকৰ লুটদ্ৰব্য আনিবলৈ গৈ শৱৰ লগত বহুত সম্পত্তি আৰু বহুমূল্য বাখৰ পালে৷ তেওঁলোকে সেইবোৰ নিজৰ বাবে তেওঁলোকৰ গাৰ পৰা উলিয়াই আনিলে৷ তাতে ইমান ধন হ’ল যে তেওঁলোকৰ যিমান ধন কঢ়িয়াব পৰা ক্ষমতা আছিল তাতোকৈয়ো অধিক ধন তেওঁলোকে বৈ নিলে৷ সেই লুটদ্ৰব্য ইমান অধিক আছিল যে সেইবোৰ লৈ যাবলৈ তেওঁলোকৰ তিনি দিন লাগিল।
26 A èetvrti dan skupiše se u dolini blagoslovnoj, jer ondje blagosloviše Gospoda; zato se prozva mjesto dolina blagoslovna do danas.
২৬তাৰ পাছত চতুৰ্থ দিনা তেওঁলোকে বৰাখা উপত্যকাত গোট খালে৷ সেই ঠাইত তেওঁলোকে যিহোৱাৰ ধন্যবাদ কৰিলে আৰু সেই কাৰণে আজিলৈকে সেই ঠাই বৰাখা উপত্যকা বুলি প্ৰখ্যাত আছে।
27 Potom okrenuše svi Judejci i Jerusalimljani i Josafat pred njima da se vrate u Jerusalim s veseljem, jer ih oveseli Gospod neprijateljima njihovijem.
২৭তাৰ পাছত যিহূদা আৰু যিৰূচালেমৰ প্ৰতিজন লোকে আৰু তেওঁলোকৰ অগ্ৰগামী যিহোচাফটে আনন্দেৰে যিৰূচালেমলৈ ঘূৰি আহিবলৈ নিশ্চিত কৰিলে; কিয়নো যিহোৱাই তেওঁলোকৰ শত্ৰুবোৰৰ ওপৰত তেওঁলোকক আনন্দিত কৰিছিল।
28 I doðoše u Jerusalim sa psaltirima i guslama i trubama u dom Gospodnji.
২৮তাতে তেওঁলোকে নেবল, বীণা আৰু তুৰী বজাই যিৰূচালেমলৈ যিহোৱাৰ গৃহলৈ আহিল।
29 I strah Božji doðe na sva carstva zemaljska kad èuše da je Gospod vojevao na neprijatelje Izrailjeve.
২৯যিহোৱাই ইস্ৰায়েলৰ শত্ৰুবোৰৰ বিৰুদ্ধে যুদ্ধ কৰা কথা আন আন দেশৰ সকলো লোকে শুনি, ঈশ্বৰৰ প্ৰতি ভয় পালে।
30 I tako se smiri carstvo Josafatovo, jer mu Bog njegov dade mir otsvuda.
৩০এইদৰে যিহোচাফটৰ ৰাজ্য সুস্থিৰ হ’ল; কিয়নো তেওঁৰ ঈশ্বৰে তেওঁক চাৰিওফালে শান্তি দিছিল।
31 I carovaše Josafat nad Judom; trideset i pet godina bijaše mu kad poèe carovati; i carova dvadeset i pet godina u Jerusalimu. Materi mu bješe ime Azuva, kæi Silejeva.
৩১যিহোচাফটে যিহূদাৰ ওপৰত ৰাজত্ব কৰিলে। তেওঁ পঁয়ত্ৰিশ বছৰ বয়সত ৰজা হৈ, যিৰূচালেমত পঁচিশ বছৰ ৰাজত্ব কৰিলে। তেওঁৰ মাতৃ চিলহীৰ জীয়েক অজুবা আছিল।
32 I hoðaše putem oca svojega Ase, niti zaðe s njega, èineæi što je pravo pred Gospodom.
৩২তেওঁ তেওঁৰ পিতৃ আচাৰ পথত চলিছিল, আৰু তেওঁৰ পৰা নুঘূৰি, যিহোৱাৰ সাক্ষাতে সদাচৰণ কৰিছিল।
33 Ali visine ne biše oborene, jer još ne bješe narod upravio srca svojega k Bogu otaca svojih.
৩৩তথাপি পবিত্ৰ ঠাইবোৰ গুচুউৱা নহ’ল আৰু তেওঁলোকে তেতিয়াও নিজৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰলৈ নিজ নিজ মন যুগুত নকৰিলে।
34 A ostala djela Josafatova prva i pošljednja, eno zapisana su u knjizi Juja sina Ananijeva, koja je stavljena u knjigu o carevima Izrailjevijem.
৩৪যিহোচাফটৰ অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বোৰ প্ৰথমৰে পৰা শেষলৈকে ইস্ৰায়েলৰ ৰজাসকলৰ বুৰঞ্জীৰ লগতে হনানীৰ পুত্ৰ যেহূৰ ইতিহাস-পুস্তকখনিত লিখা আছে।
35 Potom združi se Josafat car Judin s Ohozijom carem Izrailjevijem, koji èinjaše bezakonja.
৩৫ইয়াৰ পাছত যিহূদাৰ ৰজা যিহোচাফটে ইস্ৰায়েলৰ অতি দুৰাচাৰী অহজিয়া ৰজাৰ লগত যোগ দিলে।
36 A združi se s njim zato da naèine laðe da idu u Tarsis; i naèiniše laðe u Esion-Gaveru.
৩৬বিশেষকৈ তেওঁ সাগৰলৈ যাবৰ কাৰণে জাহাজ সজাৰ অৰ্থে, তেওঁৰ লগত যোগ দিলে৷ তেওঁলোকে ইচিয়োন-গেবৰত কেইবাখনো জাহাজ সাজিলে।
37 Tada prorokova Elijezer sin Dodavin iz Marise za Josafata govoreæi: što si se združio s Ohozijom, zato Gospod razmetnu djela tvoja. I razbiše se laðe i ne mogoše iæi u Tarsis.
৩৭তেতিয়া মাৰেচাৰ দোদাবাহুৰ পুত্ৰ ইলীয়েজৰে যিহোচাফটৰ বিৰুদ্ধে এই ভাববাণী প্ৰচাৰ কৰিলে; তেওঁ ক’লে, “কিয়নো তুমি অহজিয়াৰ লগত যোগ দিলা, এই কাৰণে যিহোৱাই তোমাৰ কাৰ্যবোৰ ধংস কৰিলে।” তাতে সেই জাহাজবোৰ ভগ্ন হ’ল যাতে তেওঁলোক অন্য দেশলৈ যাব নোৱাৰে।