< 1 Samuelova 9 >

1 A bješe jedan èovjek od plemena Venijaminova, kojemu ime bješe Kis, sin Avila, sina Serora, sina Vehorata, sina Afije, sina jednoga èovjeka od plemena Venijaminova, hrabar junak.
সেই সময়ত বিন্যামীন ফৈদত এজন প্ৰভাৱশালী ব্যক্তি আছিল, তেওঁৰ নাম আছিল কীচ, তেওঁ অবীয়েলৰ পুত্ৰ, অবীয়েল জেৰৰ পুত্ৰ, জেৰৰ বখোৰতৰ পুত্ৰ, বাখোৰত আফিয়াৰ পুত্ৰ আছিল, এওঁলোক বিন্যামীন ফৈদৰ লোক আছিল।
2 On imaše sina po imenu Saula, koji bješe mlad i lijep da ne bješe ljepšega od njega meðu sinovima Izrailjevijem, a glavom bješe viši od svega naroda.
কীচৰ এজন সুদৰ্শন পুত্ৰ আছিল, তেওঁৰ নাম আছিল চৌল, ইস্ৰায়েলৰ সন্তান সকলৰ মাজত তেওঁতকৈ সুদৰ্শন কোনো পুৰুষ নাছিল আৰু আন সকলো লোকতকৈ তেওঁ ওখ আছিল।
3 A Kisu ocu Saulovu nesta magarica, pa reèe Kis Saulu sinu svojemu: uzmi sa sobom jednoga momka, pa ustani i idi te traži magarice.
এদিন চৌলৰ পিতৃ কীচৰ গাধবোৰ হেৰাল। তেতিয়া কীচে নিজ পুত্ৰ চৌলক ক’লে, “তুমি দাস সকলৰ মাজৰ এজনক লগত লৈ গাধবোৰ বিচাৰি যোৱা।”
4 I on proðe goru Jefremovu, i proðe zemlju Salisku; ali ne naðoše; pa proðoše i zemlju Salimsku, i ne bješe ih; pa proðoše i zemlju Venijaminovu, i ne naðoše.
সেয়ে চৌলে পাহাৰীয়া দেশ ইফ্ৰয়িমৰ মাজেৰে পাৰ হৈ চালিচা প্ৰদেশৰ মাজেৰে গ’ল; কিন্তু গাধবোৰ তাত নাছিল। তাৰ পাছত তেওঁলোকে চালীম প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তাতো নাছিল, তাৰ পাছত বিন্যামীন প্ৰদেশৰ মাজেৰে গ’ল, কিন্তু তেওঁলোকে তাতো বিচাৰি নাপালে।
5 A kad doðoše u zemlju Sufsku, reèe Saul momku svojemu koji bijaše s njim: hajde da se vratimo, da se ne bi otac okanio magarica i zabrinuo se za nas.
যেতিয়া তেওঁলোক চুফ প্ৰদেশ পালে, চৌলে নিজৰ লগত যোৱা দাসক ক’লে, “আহাঁ, আমি উভটি যাওঁ, হয়তো মোৰ পিতৃয়ে গাধবোৰৰ চিন্তা কৰিবলৈ বাদ দি আমাৰ বাবেহে চিন্তা কৰিবলৈ আৰম্ভ কৰিব।”
6 A on mu reèe: evo, u ovom gradu ima èovjek Božji, kojega veoma poštuju; što god kaže sve se zbiva; hajdemo k njemu, može biti da æe nas uputiti kuda bismo išli.
কিন্তু দাস জনে তেওঁক ক’লে, “শুনক! এই নগৰত ঈশ্বৰ বিশ্বাসী এজন লোক আছে; তেওঁ সন্মানীয় ব্যক্তি, তেওঁ যি যি কয়, সকলো সিদ্ধ হয়; এতেকে আহক আমি এতিয়া সেই ঠাইলৈ যাওঁ; হয়তো আমি কোনবাটে যাব লাগে তেওঁ জনাব পাৰিব।”
7 A Saul reèe momku svojemu: hajde da idemo; ali šta æemo odnijeti èovjeku? jer nam je hljeba nestalo u torbama, a dara nemamo da odnesemo èovjeku Božijemu. Šta imamo?
তেতিয়া চৌলে তেওঁৰ দাসক ক’লে, “কিন্তু আমি যদি যাওঁ, তেন্তে সেই লোকৰ ওচৰলৈ কি লৈ যাম? কিয়নো আমাৰ পাত্ৰৰ পিঠা শেষ হ’ল; ঈশ্বৰৰ লোকৰ ওচৰলৈ উপহাৰস্বৰূপে আমি কি লৈ যাম? আমাৰ লগত কি আছে?”
8 A momak opet odgovarajuæi reèe Saulu: eto u mene èetvrt sikla srebra; to da dam èovjeku Božijemu da nas uputi.
তাতে দাস জনে চৌলক উত্তৰ দি ক’লে, “এয়া চাওকচোন, মোৰ হাতত এক চেকল ৰূপৰ চতুৰ্থ ভাগৰ এভাগ আছে; আমি কোন বাটে যাব লাগে, সেই কথা জনাবৰ কাৰণে মই ঈশ্বৰৰ লোকজনক ইয়াকে দিম।”
9 A u staro vrijeme ko bi išao da pita Boga govoraše: hajde da idemo k vidiocu. Jer ko se sada zove prorok u staro se vrijeme zvaše vidjelac.
(আগৰ সময়ত ইস্ৰায়েলত, যেতিয়া এজন লোকে ঈশ্বৰৰ ইচ্ছা কি জানিব বিচাৰে, তেওঁ কয়, “আহাঁ, আমি ভাববাদীৰ ওচৰলৈ যাওঁ”।’ কাৰণ বৰ্তমানত যাক ভবিষ্যত বক্তা বোলা হয়, আগৰ সময়ত তেওঁক ভাববাদী বোলা হৈছিল)।
10 I Saul reèe momku svojemu: dobro veliš; hajde da idemo. I poðoše u grad gdje bješe èovjek Božji.
১০তেতিয়া চৌলে নিজৰ দাসক ক’লে, “ঠিকেই কৈছা; ব’লা আমি যাওঁহক।” তাৰ পাছত তেওঁলোকে ঈশ্বৰৰ লোক য’ত আছিল সেই নগৰলৈ গ’ল।
11 I kad iðahu uz brdo gradsko, sretoše djevojke koje izlažahu da zahvataju vodu, pa im rekoše: je li tu vidjelac?
১১তেওঁলোকে নগৰৰ পাহাৰেদি উঠি যাওঁতে, পানী তুলিবলৈ অহা কেইগৰাকীমান যুৱতীক লগ পালে; তেওঁলোকক চৌল আৰু তেওঁৰ দাসে সুধিলে, “ইয়াত ভাববাদী আছেনে?”
12 A one odgovarajuæi rekoše: jest, eto pred tobom; pohitaj, jer je danas došao u grad, jer danas narod ima žrtvu na gori.
১২তেওঁলোকে উত্তৰ দি ক’লে, “তেওঁ আছে; চাওক, আপোনাৰ ঠিক সন্মুখতে আছে, সোনকাল কৰক, তেওঁ নগৰলৈ আজি আহিছে, কাৰণ আজি ওখ স্থানত লোকসকলে বলিদান কৰিব।
13 Kako uðete u grad, naæi æete ga prije nego poðe na goru da jede; jer narod neæe jesti dokle on ne doðe, jer on treba da blagoslovi žrtvu, pa onda æe zvanice jesti; zato idite, jer æete ga sada naæi.
১৩সেয়ে তেওঁ ওখ স্থানলৈ ভোজন কৰিবলৈ যোৱাৰ পূৰ্বে আপোনালোকে নগৰত সোমায়ে তেওঁক বিচাৰি পাব। কিয়নো তেওঁ গৈ নোপোৱালৈকে, লোকসকলে ভোজন নকৰে, কাৰণ তেওঁ বলিদানত আশীৰ্ব্বাদ কৰাৰ পাছতহে নিমন্ত্ৰিত সকলে ভোজন কৰিব। এতেকে আপোনালোক এতিয়াই যাওক; তেতিয়াহে তেওঁক লগ পাব।”
14 I otidoše u grad; a kad doðoše usred grada, gle, Samuilo polazeæi na goru srete ih.
১৪সেয়ে তেওঁলোক নগৰলৈ গ’ল। তেওঁলোক নগৰত সোমাওঁতেই দেখিলে যে, চমূৱেলে ওখ স্থানলৈ যাবৰ উদ্দেশে তেওঁলোকৰ ফালে আহি আছে।
15 A Gospod bješe objavio Samuilu dan prije nego doðe Saul, rekavši:
১৫চৌল আহি পোৱাৰ আগদিনা, যিহোৱাই চমূৱেলৰ আগত এই কথা প্ৰকাশ কৰিলে:
16 Sjutra u ovo doba poslaæu k tebi jednoga èovjeka iz zemlje Venijaminove, njega pomaži da bude voð narodu mojemu Izrailju, i on æe izbaviti moj narod iz ruku Filistejskih. Jer pogledah na narod svoj, jer vika njegova doðe do mene.
১৬“কাইলৈ এনে সময়তে মই বিন্যামীন প্ৰদেশৰ পৰা এজন মানুহ তোমাৰ ওচৰলৈ পঠাম; তেওঁক মোৰ প্ৰজা ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বলৈ তুমি তেওঁক অভিষেক কৰিবা, তাতে তেওঁ মোৰ প্ৰজাক পলেষ্টীয়াসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিব; কিয়নো, মোৰ প্ৰজাসকলৰ কাতৰোক্তিৰ শব্দ মোৰ কাণত পৰাত, মই তেওঁলোকলৈ দৃষ্টি কৰিলোঁ।”
17 I kad Samuilo ugleda Saula, reèe mu Gospod: eto èovjeka za kojega ti rekoh; taj æe vladati mojim narodom.
১৭যেতিয়া চমূৱেলে চৌলক দেখা পালে, যিহোৱাই তেওঁক ক’লে, “যাৰ বিষয়ে মই তোমাক কৈছিলোঁ, এইজনেই সেই ব্যক্তি; তেৱেঁই মোৰ প্ৰজাসকলৰ ওপৰত শাসন কৰিব।”
18 I Saul pristupi k Samuilu na vratima, i reèe: kaži mi, gdje je kuæa vidioèeva?
১৮তেতিয়া চৌলে দুৱাৰ মুখত চমূৱেলৰ ওচৰলৈ গৈ ক’লে, “মোক কওক, ভাববাদীৰ ঘৰ ক’ত?”
19 A Samuilo odgovori Saulu i reèe: ja sam vidjelac. Hajde preda mnom na goru, i danas æete sa mnom jesti; a sjutra æu te otpustiti, i što ti je god u srcu, kazaæu ti.
১৯চমূৱেলে চৌলক উত্তৰ দি ক’লে, “ময়েই সেই ভাববাদী, মই ওখ স্থানলৈ যোৱাৰ পূৰ্বে তুমি তালৈ যোৱা, কাৰণ তুমি আজি মোৰ লগত ভোজন কৰিবা, কাইলৈ ৰাতিপুৱা মই তোমাক যাবলৈ দিম আৰু তোমাৰ মনৰ সকলো কথা মই তোমাক জনাম।
20 A za magarice, kojih ti je nestalo prije tri dana, ne brini se; jer su se našle. I èije æe biti sve što je najbolje u Izrailju? eda li ne tvoje i svega doma oca tvojega?
২০আজি তিন দিন পূৰ্বে, তোমাৰ যি গাধবোৰ হেৰাইছিল, সেইবোৰৰ কাৰণে চিন্তা নকৰিবা; কিয়নো সেইবোৰ পোৱা যাব আৰু যাৰ কাৰণে ইস্ৰায়েলৰ সকলো ইচ্ছা জড়িত হৈ আছে; সেয়ে জানো তোমাৰ আৰু তোমাৰ সমূদায় পিতৃ-বংশৰ নহয়?”
21 A Saul odgovori i reèe: nijesam li od plemena Venijaminova, najmanjega plemena Izrailjeva, i dom moj najmanji izmeðu svijeh domova plemena Venijaminova? što mi dakle govoriš tako?
২১চৌলে উত্তৰ দি ক’লে, “ইস্ৰায়েলৰ সকলোতকৈ সৰু ফৈদ বিন্যামীন ফৈদৰ মই নহয় নে? আৰু বিন্যামীন ফৈদৰ আটাই গোষ্ঠীবিলাকৰ মাজত মোৰ গোষ্ঠী সকলোতকৈ সৰু নহয় নে? তেনেহ’লে আপুনি মোৰ আগত এই দৰে কিয় কৈছে?”
22 A Samuilo uze Saula i njegova momka, i odvede ih u sobu, i posadi ih u zaèelje meðu zvanicama kojih bješe do trideset ljudi.
২২তাৰ পাছত চমূৱেলে চৌলক আৰু তেওঁৰ দাসক ভোজনৰ কোঁঠালিটোলৈ লৈ গ’ল; আৰু ত্ৰিশ জনমান নিমন্ত্ৰিত অতিথিৰ সৈতে প্ৰধান ঠাইত বহুৱালে।
23 I Samuilo reèe kuharu: donesi dio koji ti dadoh i za koji ti rekoh: ostavi ga kod sebe.
২৩চমূৱেলে ৰান্ধনীক ক’লে, “মই তোমাক যিখিনি ‘বেলেগে ৰাখিব দিছিলোঁ’ তোমাক দিয়া সেই ভাগটো লৈ আনা।’
24 Tada donese kuhar pleæe i što bješe na njemu; a Samuilo ga metnu pred Saula, i reèe: evo što je ostalo, uzmi preda se, te jedi, jer je saèuvano doslije za tebe, kad rekoh: pozvao sam narod. Tako jede Saul sa Samuilom onaj dan.
২৪তাৰ পাছত ৰান্ধনীয়ে বলিদান দিয়া পিছ ভৰিৰ কৰঙণ আৰু তাৰ ওপৰত যি সকলো আছিল, সেইখিনি আনি চৌলৰ আগত থলে। তেতিয়া চমূৱেলে ক’লে, “চোৱা, তোমাৰ কাৰণে যি ৰখা হৈছিল! তাক ভোজন কৰা, কাৰণ নিৰূপিত সময়লৈকে তোমাৰ বাবে ইয়াক ৰখা হৈছিল। সেয়ে অতিথিসকলৰ সৈতে তুমি ভোজন কৰা।” চৌলে সেই দিনা চমূৱেলৰ লগত ভোজন কৰিলে।
25 Potom siðoše s gore u grad, i Samuilo se razgovara sa Saulom na krovu.
২৫যেতিয়া তেওঁলোক ওখ স্থানৰ পৰা নগৰলৈ নামি আহিল, তেতিয়া চমূৱেলে ঘৰৰ চালৰ ওপৰত চৌলৰ লগত কথোপকথন কৰিলে।
26 A ujutru uraniše, i kad svitaše, zovnu Samuilo Saula na krov, i reèe mu: digni se, da te otpustim. I kad se diže Saul, izidoše obojica, on i Samuilo.
২৬ৰাতিপুৱাতে চমূৱেলে চৌলক ঘৰৰ চালৰ ওপৰলৈ মাতি ক’লে, “উঠা, যাতে মই তোমাক তোমাৰ বাটে পঠিয়াব পাৰোঁ;” সেয়ে চৌল উঠিল আৰু চমূৱেলৰ সৈতে দুয়োজন বাটলৈ ওলাই গ’ল।
27 I kad doðoše na kraj grada, reèe Samuilo Saulu: reci momku neka ide naprijed i on proðe naprijed a ti stani malo da ti javim rijeè Božiju.
২৭তাৰ পাছত নগৰৰ বাহিৰলৈ যোৱাত, চমূৱেলে চৌলক ক’লে, “তোমাৰ দাসক আমাৰ আগে আগে যাবলৈ কোৱা, তাতে দাস আগ হৈ গ’ল কিন্তু তুমি অলপ সময় ইয়াতে ৰৈ থাকা, যাতে মই তোমাক ঈশ্বৰৰ বাক্য শুনাব পাৰোঁ।”

< 1 Samuelova 9 >