< 1 కరిన్థినః 10 >
1 హే భ్రాతరః, అస్మత్పితృపురుషానధి యూయం యదజ్ఞాతా న తిష్ఠతేతి మమ వాఞ్ఛా, తే సర్వ్వే మేఘాధఃస్థితా బభూవుః సర్వ్వే సముద్రమధ్యేన వవ్రజుః,
১হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোকে নজনাকৈ থকা মোৰ ইচ্ছা নাই যে, আমাৰ পূৰ্বপুৰুষ সকল মেঘৰ তলত আছিল, আৰু সকলোৱেই সাগৰৰ মাজেদি পাৰ হৈছিল৷
2 సర్వ్వే మూసాముద్దిశ్య మేఘసముద్రయో ర్మజ్జితా బభూవుః
২মোচিৰ অনুকাৰী আৰু সমর্পিত হোৱাত সকলোৱে মেঘ আৰু সাগৰত বাপ্তাইজিত হ’ল৷
3 సర్వ్వ ఏకమ్ ఆత్మికం భక్ష్యం బుభుజిర ఏకమ్ ఆత్మికం పేయం పపుశ్చ
৩তেওঁলোক সকলোৱেই একে আত্মিক আহাৰ ভোজন কৰিছিল,
4 యతస్తేఽనుచరత ఆత్మికాద్ అచలాత్ లబ్ధం తోయం పపుః సోఽచలః ఖ్రీష్టఏవ|
৪সকলোৱেই একে আত্মিক জল পান কৰিছিল৷ কিয়নো যি শিল তেওঁলোকৰ লগত গৈছিল, তাৰ পৰাই তেওঁলোকে পানীয় পান কৰিছিল; সেই শিলেই খ্ৰীষ্ট।
5 తథా సత్యపి తేషాం మధ్యేఽధికేషు లోకేష్వీశ్వరో న సన్తుతోషేతి హేతోస్తే ప్రన్తరే నిపాతితాః|
৫তথাপি তেওঁলোকৰ অধিক ভাগ লোকৰ ওপৰত ঈশ্বৰ সন্তুষ্ট নহ’ল; কিয়নো তাৰ প্ৰমাণ এই যে, তেওঁলোকক অৰণ্যতে নিপাত কৰা হ’ল।
6 ఏతస్మిన్ తే ఽస్మాకం నిదర్శనస్వరూపా బభూవుః; అతస్తే యథా కుత్సితాభిలాషిణో బభూవురస్మాభిస్తథా కుత్సితాభిలాషిభి ర్న భవితవ్యం|
৬এই সকলো ঘটনা আমালৈ আর্হি স্বৰূপ হ’ল; তেওঁলোকে যেনেকৈ কামনা কৰিছিল, আমিও যেন তেনেকৈ মন্দ বিষয়ৰ কামনা নকৰোঁ৷
7 లిఖితమాస్తే, లోకా భోక్తుం పాతుఞ్చోపవివిశుస్తతః క్రీడితుముత్థితా ఇతయనేన ప్రకారేణ తేషాం కైశ్చిద్ యద్వద్ దేవపూజా కృతా యుష్మాభిస్తద్వత్ న క్రియతాం|
৭তেওঁলোকৰ মাজৰ কিছুমানে যেনেকৈ মূৰ্তিপূজক হৈছিল, আপোনালোক তেনে নহ’ব; সেই বিষয়ে এনেদৰে লিখা আছে; “মানুহবোৰে ভোজন-পান কৰিবলৈ বহিল আৰু পাছত যৌন কামনাৰে নাচিবলৈ উঠিল”।
8 అపరం తేషాం కైశ్చిద్ యద్వద్ వ్యభిచారః కృతస్తేన చైకస్మిన్ దినే త్రయోవింశతిసహస్రాణి లోకా నిపాతితాస్తద్వద్ అస్మాభి ర్వ్యభిచారో న కర్త్తవ్యః|
৮তেওঁলোকৰ কিছুমানে যেনেকৈ যৌনপাপ কৰাত; একেদিনাই একুৰি তিনি হাজাৰ মানুহ মৰা পৰিল, তেনেকৈ আমি ব্যভিচাৰ নকৰোঁহক।
9 తేషాం కేచిద్ యద్వత్ ఖ్రీష్టం పరీక్షితవన్తస్తస్మాద్ భుజఙ్గై ర్నష్టాశ్చ తద్వద్ అస్మాభిః ఖ్రీష్టో న పరీక్షితవ్యః|
৯তেওঁলোকৰ কিছুমানে যেনেকৈ ঈশ্বৰক পৰীক্ষা কৰাত, সাপৰ দ্বাৰাই বিনষ্ট হ’ল, তেনেকৈ আমি যেন খ্ৰীষ্টক পৰীক্ষা নকৰোঁ।
10 తేషాం కేచిద్ యథా వాక్కలహం కృతవన్తస్తత్కారణాత్ హన్త్రా వినాశితాశ్చ యుష్మాభిస్తద్వద్ వాక్కలహో న క్రియతాం|
১০তেওঁলোকৰ কিছুমান লোক অসন্তুষ্ট হৈ ধ্বংসকাৰী স্বর্গৰ দূতৰ কবলত পৰি মৃত্যু হ’ল, আপোনালোক তেনেকৈ অসন্তুষ্ট নহ’ব৷
11 తాన్ ప్రతి యాన్యేతాని జఘటిరే తాన్యస్మాకం నిదర్శనాని జగతః శేషయుగే వర్త్తమానానామ్ అస్మాకం శిక్షార్థం లిఖితాని చ బభూవుః| (aiōn )
১১তেওঁলোকলৈ আৰ্হি স্বৰূপে এইবোৰ ঘটিছিল; আৰু শেষৰ যুগৰ মানুহ যি আমি, আমাক চেতনা দিবলৈ এইবোৰ লিখা আছে। (aiōn )
12 అతఏవ యః కశ్చిద్ సుస్థిరంమన్యః స యన్న పతేత్ తత్ర సావధానో భవతు|
১২এই কাৰণে যি কোনোৱে স্থিৰ আছোঁ বুলি ভাবে, তেওঁ নপৰিবৰ বাবে সাৱধান হওক।
13 మానుషికపరీక్షాతిరిక్తా కాపి పరీక్షా యుష్మాన్ నాక్రామత్, ఈశ్వరశ్చ విశ్వాస్యః సోఽతిశక్త్యాం పరీక్షాయాం పతనాత్ యుష్మాన్ రక్షిష్యతి, పరీక్షా చ యద్ యుష్మాభిః సోఢుం శక్యతే తదర్థం తయా సహ నిస్తారస్య పన్థానం నిరూపయిష్యతి|
১৩যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে পৰীক্ষাৰ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
14 హే ప్రియభ్రాతరః, దేవపూజాతో దూరమ్ అపసరత|
১৪এই কাৰণে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল সকলো প্ৰকাৰৰ মূৰ্তিপূজাৰ পৰা দূৰৈত থাকক৷
15 అహం యుష్మాన్ విజ్ఞాన్ మత్వా ప్రభాషే మయా యత్ కథ్యతే తద్ యుష్మాభి ర్వివిచ్యతాం|
১৫মই আপোনালোকক বুদ্ধিমান যেন ভাবি কওঁ, আপোনালোকে নিজে মোৰ কথা বিবেচনা কৰি চাব৷
16 యద్ ధన్యవాదపాత్రమ్ అస్మాభి ర్ధన్యం గద్యతే తత్ కిం ఖ్రీష్టస్య శోణితస్య సహభాగిత్వం నహి? యశ్చ పూపోఽస్మాభి ర్భజ్యతే స కిం ఖ్రీష్టస్య వపుషః సహభాగిత్వం నహి?
১৬আমি যি আশীৰ্বাদৰ পানপাত্ৰক আশীৰ্বাদ কৰোঁ, সেয়ে খ্ৰীষ্টৰ তেজৰ সহভাগিতা নহয় নে? আৰু যি পিঠা ভাঙো, সেয়ে খ্ৰীষ্টৰ সহভাগিতা নহয় নে?
17 వయం బహవః సన్తోఽప్యేకపూపస్వరూపా ఏకవపుఃస్వరూపాశ్చ భవామః, యతో వయం సర్వ్వ ఏకపూపస్య సహభాగినః|
১৭কিয়নো অনেক যি আমি, সকলোৱেই এক পিঠাত অংশ গ্ৰহণ কৰাৰ যোগেদি আমি অনেক লোক হলেও এক শৰীৰৰ ভাগী হলোঁ৷
18 యూయం శారీరికమ్ ఇస్రాయేలీయవంశం నిరీక్షధ్వం| యే బలీనాం మాంసాని భుఞ్జతే తే కిం యజ్ఞవేద్యాః సహభాగినో న భవన్తి?
১৮ইস্ৰায়েল জাতিৰ কথা চিন্তা কৰক৷ চোৱা; যি লোকে উৎসৰ্গ কৰা বলিৰ মাংস খায়, তেওঁলোক বেদিৰ সহভাগী নহয় নে?
19 ఇత్యనేన మయా కిం కథ్యతే? దేవతా వాస్తవికీ దేవతాయై బలిదానం వా వాస్తవికం కిం భవేత్?
১৯তেনেহলে মই কি কথা কৈছোঁ? দেৱতালৈ উৎসৰ্গ কৰা প্ৰসাদৰ কোনো তাৎপর্য আছে নে? বা মূৰ্তিবোৰৰ কোনো বাস্তবতা আছে?
20 తన్నహి కిన్తు భిన్నజాతిభి ర్యే బలయో దీయన్తే త ఈశ్వరాయ తన్నహి భూతేభ్యఏవ దీయన్తే తస్మాద్ యూయం యద్ భూతానాం సహభాగినో భవథేత్యహం నాభిలషామి|
২০তেনে নহয়; কিন্তু অনা-ইহুদী লোকে যি যি বলিদান কৰে, তাক ঈশ্বৰৰ উদ্দেশ্যে নহয়, ভূত, পিশাচৰ উদ্দেশ্যেহে কৰে, ইয়াকেহে কৈছোঁ; আৰু আপোনালোক ভূত, পিশাচৰ সহভাগী হোৱা মোৰ ইচ্ছা নাই।
21 ప్రభోః కంసేన భూతానామపి కంసేన పానం యుష్మాభిరసాధ్యం; యూయం ప్రభో ర్భోజ్యస్య భూతానామపి భోజ్యస్య సహభాగినో భవితుం న శక్నుథ|
২১আপোনালোকে প্ৰভুৰ পান-পাত্ৰ আৰু ভূত, পিশাচৰ পান-পাত্ৰ, এই উভয়ত পান কৰিব নোৱাৰে; প্ৰভুৰ মেজ আৰু ভূত, পিশাচৰ মেজ এই উভয়ৰে ভাগীও হ’ব নোৱাৰে।
22 వయం కిం ప్రభుం స్పర్ద్ధిష్యామహే? వయం కిం తస్మాద్ బలవన్తః?
২২নতুবা, আমি প্ৰভুৰ ঈৰ্ষা জন্মাব খুজিছোঁ নে কি? আমি জানো তেওঁতকৈ বলৱন্ত?
23 మాం ప్రతి సర్వ్వం కర్మ్మాప్రతిషిద్ధం కిన్తు న సర్వ్వం హితజనకం సర్వ్వమ్ అప్రతిషిద్ధం కిన్తు న సర్వ్వం నిష్ఠాజనకం|
২৩সকলো বিধান সন্মত, কিন্তু সকলোৱেই হিতজনক নহয়; সকলো অবাধ কিন্তু সকলোৱেই ধৰ্মত বৃদ্ধি নকৰে।
24 ఆత్మహితః కేనాపి న చేష్టితవ్యః కిన్తు సర్వ్వైః పరహితశ్చేష్టితవ్యః|
২৪প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক।
25 ఆపణే యత్ క్రయ్యం తద్ యుష్మాభిః సంవేదస్యార్థం కిమపి న పృష్ట్వా భుజ్యతాం
২৫যি কোনো বস্তু বজাৰত বেচে, দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি সেইবোৰ ভোজন কৰিব;
26 యతః పృథివీ తన్మధ్యస్థఞ్చ సర్వ్వం పరమేశ్వరస్య|
২৬কিয়নো পৃথিৱী আৰু তাৰ পৰিপূৰ্ণতা প্ৰভুৰেই।
27 అపరమ్ అవిశ్వాసిలోకానాం కేనచిత్ నిమన్త్రితా యూయం యది తత్ర జిగమిషథ తర్హి తేన యద్ యద్ ఉపస్థాప్యతే తద్ యుష్మాభిః సంవేదస్యార్థం కిమపి న పృష్ట్వా భుజ్యతాం|
২৭খ্ৰীষ্টত বিশ্বাস নকৰা সকলৰ কোনোৱে আপোনালোকক নিমন্ত্ৰণ কৰিলে, আপোনালোক যদি যাবলৈ সন্মত হয়, তেনেহলে দোষাদোষ জ্ঞানৰ কাৰণে একো নুসুধি-নুপুচি, যি কোনো বস্তু আপোনালোকৰ আগত থোৱা হয়, সেই বস্তুকে ভোজন কৰিব।
28 కిన్తు తత్ర యది కశ్చిద్ యుష్మాన్ వదేత్ భక్ష్యమేతద్ దేవతాయాః ప్రసాద ఇతి తర్హి తస్య జ్ఞాపయితురనురోధాత్ సంవేదస్యార్థఞ్చ తద్ యుష్మాభి ర్న భోక్తవ్యం| పృథివీ తన్మధ్యస్థఞ్చ సర్వ్వం పరమేశ్వరస్య,
২৮কিন্তু কোনোৱে যদি আপোনালোকক, “এয়ে বলি দিয়া আহাৰ হয় বুলি কয়”, তেনেহলে সেই কথা জনোৱা জনৰ কাৰণে আৰু দোষাদোষ জ্ঞানৰ কাৰণে, সেই দ্ৰব্য ভোজন নকৰিব।
29 సత్యమేతత్, కిన్తు మయా యః సంవేదో నిర్ద్దిశ్యతే స తవ నహి పరస్యైవ|
২৯দোষাদোষ জ্ঞান বুলি যে কৈছোঁ, সেয়ে আপোনাৰ নহয়, আনৰহে; কিয়নো মোৰ স্বাধীনতা অন্যৰ দোষাদোষ জ্ঞানৰ দ্বাৰাই কিয় সোধ-বিচাৰ কৰা হয়?
30 అనుగ్రహపాత్రేణ మయా ధన్యవాదం కృత్వా యద్ భుజ్యతే తత్కారణాద్ అహం కుతో నిన్దిష్యే?
৩০মই যদি কৃতজ্ঞতাৰে ভোজন কৰোঁ, তেনেহলে যি বস্তুৰ কাৰণে ধন্যবাদ কৰোঁ, তাৰ কাৰণে মই নিন্দিত হওঁ কিয়?
31 తస్మాద్ భోజనం పానమ్ అన్యద్వా కర్మ్మ కుర్వ్వద్భి ర్యుష్మాభిః సర్వ్వమేవేశ్వరస్య మహిమ్నః ప్రకాశార్థం క్రియతాం|
৩১এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব।
32 యిహూదీయానాం భిన్నజాతీయానామ్ ఈశ్వరస్య సమాజస్య వా విఘ్నజనకై ర్యుష్మాభి ర్న భవితవ్యం|
৩২তেনেকৈ আপোনালোকো ইহুদী, কি গ্ৰীক বা ঈশ্বৰৰ মণ্ডলী কাৰো বিঘিনি জনক নহয়
33 అహమప్యాత్మహితమ్ అచేష్టమానో బహూనాం పరిత్రాణార్థం తేషాం హితం చేష్టమానః సర్వ్వవిషయే సర్వ్వేషాం తుష్టికరో భవామీత్యనేనాహం యద్వత్ ఖ్రీష్టస్యానుగామీ తద్వద్ యూయం మమానుగామినో భవత|
৩৩কিন্তু অনেকে পৰিত্ৰাণ পাবলৈ, মই নিজৰ হিত নিবিচাৰি আনৰ হিত বিচাৰি, সকলো বিষয়তে সকলোকে সন্তুষ্ট কৰোঁ৷ তাতে সকলোৱে পৰিত্ৰাণ পায়৷