< ਲੂਕਃ 24 >

1 ਅਥ ਸਪ੍ਤਾਹਪ੍ਰਥਮਦਿਨੇ(ਅ)ਤਿਪ੍ਰਤ੍ਯੂਸ਼਼ੇ ਤਾ ਯੋਸ਼਼ਿਤਃ ਸਮ੍ਪਾਦਿਤੰ ਸੁਗਨ੍ਧਿਦ੍ਰਵ੍ਯੰ ਗ੍ਰੁʼਹੀਤ੍ਵਾ ਤਦਨ੍ਯਾਭਿਃ ਕਿਯਤੀਭਿਃ ਸ੍ਤ੍ਰੀਭਿਃ ਸਹ ਸ਼੍ਮਸ਼ਾਨੰ ਯਯੁਃ|
কিন্তু সপ্তাহৰ প্ৰথম দিনা অতি দোকমোকালিতে, তেওঁলোকে যুগুত কৰা সুগন্ধি দ্ৰব্য লগত লৈ মৈদামৰ ওচৰলৈ আহিল।
2 ਕਿਨ੍ਤੁ ਸ਼੍ਮਸ਼ਾਨਦ੍ਵਾਰਾਤ੍ ਪਾਸ਼਼ਾਣਮਪਸਾਰਿਤੰ ਦ੍ਰੁʼਸ਼਼੍ਟ੍ਵਾ
তেওঁলোকে মৈদামৰ মুখৰ পৰা শিলচটা বগৰাই থোৱা দেখিলে।
3 ਤਾਃ ਪ੍ਰਵਿਸ਼੍ਯ ਪ੍ਰਭੋ ਰ੍ਦੇਹਮਪ੍ਰਾਪ੍ਯ
পাছত তেওঁলোক মৈদামৰ ভিতৰলৈ সোমাই গ’ল কিন্তু তাত প্ৰভু যীচুৰ দেহ দেখা নাপালে।
4 ਵ੍ਯਾਕੁਲਾ ਭਵਨ੍ਤਿ ਏਤਰ੍ਹਿ ਤੇਜੋਮਯਵਸ੍ਤ੍ਰਾਨ੍ਵਿਤੌ ਦ੍ਵੌ ਪੁਰੁਸ਼਼ੌ ਤਾਸਾਂ ਸਮੀਪੇ ਸਮੁਪਸ੍ਥਿਤੌ
তাতে তেওঁলোকে এই বিষয়ে সংশয় কৰি থাকোতে, সেই ঠাইত চক্‌মকীয়া বস্ত্ৰ পিন্ধা দুজন পুৰুষ তেওঁলোকৰ ওচৰত আহি থিয় হ’ল।
5 ਤਸ੍ਮਾੱਤਾਃ ਸ਼ਙ੍ਕਾਯੁਕ੍ਤਾ ਭੂਮਾਵਧੋਮੁਖ੍ਯਸ੍ਯਸ੍ਥੁਃ| ਤਦਾ ਤੌ ਤਾ ਊਚਤੁ ਰ੍ਮ੍ਰੁʼਤਾਨਾਂ ਮਧ੍ਯੇ ਜੀਵਨ੍ਤੰ ਕੁਤੋ ਮ੍ਰੁʼਗਯਥ?
পাছত তিৰোতা সকলে ভয় পাই মাটিৰ ফালে মূৰ দোৱাই থাকোতে, সেই দূতে তেওঁলোকক কলে, “তোমালোকে মৃত লোকৰ মাজত জীৱিত জনক কিয় বিচাৰিছা?”
6 ਸੋਤ੍ਰ ਨਾਸ੍ਤਿ ਸ ਉਦਸ੍ਥਾਤ੍|
“তেওঁ ইয়াত নাই, কিন্তু তেওঁ উঠিল! তেওঁ গালীল প্ৰদেশত থাকোতেই, যি কথা কৈছিল, সেই কথা তোমালোকে সোঁৱৰণ কৰা,
7 ਪਾਪਿਨਾਂ ਕਰੇਸ਼਼ੁ ਸਮਰ੍ਪਿਤੇਨ ਕ੍ਰੁਸ਼ੇ ਹਤੇਨ ਚ ਮਨੁਸ਼਼੍ਯਪੁਤ੍ਰੇਣ ਤ੍ਰੁʼਤੀਯਦਿਵਸੇ ਸ਼੍ਮਸ਼ਾਨਾਦੁੱਥਾਤਵ੍ਯਮ੍ ਇਤਿ ਕਥਾਂ ਸ ਗਲੀਲਿ ਤਿਸ਼਼੍ਠਨ੍ ਯੁਸ਼਼੍ਮਭ੍ਯੰ ਕਥਿਤਵਾਨ੍ ਤਾਂ ਸ੍ਮਰਤ|
তেওঁ কৈছিল বোলে, মানুহৰ পুত্ৰ পাপী লোকৰ হাতত সমর্পিত হ’ব আৰু ক্রুচত হত হৈ, তৃতীয় দিনা পুনৰায় উঠিব লাগিব৷”
8 ਤਦਾ ਤਸ੍ਯ ਸਾ ਕਥਾ ਤਾਸਾਂ ਮਨਃਸੁ ਜਾਤਾ|
সেই সময়ত তেওঁ কোৱা কথাবোৰ তিৰোতা সকলৰ মনত পৰাত,
9 ਅਨਨ੍ਤਰੰ ਸ਼੍ਮਸ਼ਾਨਾਦ੍ ਗਤ੍ਵਾ ਤਾ ਏਕਾਦਸ਼ਸ਼ਿਸ਼਼੍ਯਾਦਿਭ੍ਯਃ ਸਰ੍ੱਵੇਭ੍ਯਸ੍ਤਾਂ ਵਾਰ੍ੱਤਾਂ ਕਥਯਾਮਾਸੁਃ|
তেওঁলোকে মৈদামৰ পৰা ঘূৰি গৈ, এঘাৰ জন পাচঁনিকে আদি কৰি সকলোকে এই সকলো কথাৰ সম্বাদ দিলে।
10 ਮਗ੍ਦਲੀਨੀਮਰਿਯਮ੍, ਯੋਹਨਾ, ਯਾਕੂਬੋ ਮਾਤਾ ਮਰਿਯਮ੍ ਤਦਨ੍ਯਾਃ ਸਙ੍ਗਿਨ੍ਯੋ ਯੋਸ਼਼ਿਤਸ਼੍ਚ ਪ੍ਰੇਰਿਤੇਭ੍ਯ ਏਤਾਃ ਸਰ੍ੱਵਾ ਵਾਰ੍ੱਤਾਃ ਕਥਯਾਮਾਸੁਃ
১০তেওঁলোকৰ মাজত মগ্দলীনী মৰিয়ম, যোহানা আৰু যাকোবৰ মাক মৰিয়ম আছিল; আৰু তেওঁলোকে সৈতে আন কেইজনীয়েও পাঁচনি সকলক এইবোৰ কথা ক’লে৷
11 ਕਿਨ੍ਤੁ ਤਾਸਾਂ ਕਥਾਮ੍ ਅਨਰ੍ਥਕਾਖ੍ਯਾਨਮਾਤ੍ਰੰ ਬੁੱਧ੍ਵਾ ਕੋਪਿ ਨ ਪ੍ਰਤ੍ਯੈਤ੍|
১১কিন্তু পাঁচনি সকলৰ দৃষ্টিত সেইবোৰ অনর্থক কথা যেন লগাত, তেওঁলোকে তিৰোতা সকলক অবিশ্বাস কৰিলে।
12 ਤਦਾ ਪਿਤਰ ਉੱਥਾਯ ਸ਼੍ਮਸ਼ਾਨਾਨ੍ਤਿਕੰ ਦਧਾਵ, ਤਤ੍ਰ ਚ ਪ੍ਰਹ੍ਵੋ ਭੂਤ੍ਵਾ ਪਾਰ੍ਸ਼੍ਵੈਕਸ੍ਥਾਪਿਤੰ ਕੇਵਲੰ ਵਸ੍ਤ੍ਰੰ ਦਦਰ੍ਸ਼; ਤਸ੍ਮਾਦਾਸ਼੍ਚਰ੍ੱਯੰ ਮਨ੍ਯਮਾਨੋ ਯਦਘਟਤ ਤਨ੍ਮਨਸਿ ਵਿਚਾਰਯਨ੍ ਪ੍ਰਤਸ੍ਥੇ|
১২তথাপি পিতৰে উঠি মৈদামলৈ লৰি গৈ, চাপৰি চাই কেৱল শণ সূতাৰ মিহি কাপোৰ কেইখন দেখিলে৷ পাছে যি ঘটিল তাতে তেওঁ বিস্ময় মানি নিজ ঘৰলৈ গুচি গ’ল।
13 ਤਸ੍ਮਿੰਨੇਵ ਦਿਨੇ ਦ੍ਵੌ ਸ਼ਿੱਯੌ ਯਿਰੂਸ਼ਾਲਮਸ਼੍ਚਤੁਸ਼਼੍ਕ੍ਰੋਸ਼ਾਨ੍ਤਰਿਤਮ੍ ਇੰਮਾਯੁਗ੍ਰਾਮੰ ਗੱਛਨ੍ਤੌ
১৩পাছত তেওঁলোকৰ মাজৰ দুজনে সেই দিনাই যিৰূচালেমৰ পৰা চাৰে সাত মাইল দূৰত থকা ইম্মায়ু নামৰ এখন গাঁৱলৈ গৈ আছিল।
14 ਤਾਸਾਂ ਘਟਨਾਨਾਂ ਕਥਾਮਕਥਯਤਾਂ
১৪তেওঁলোক দুয়োজনে এই সকলো ঘটনাৰ বিষয়ে কথোপকথন কৰি গৈ আছিল।
15 ਤਯੋਰਾਲਾਪਵਿਚਾਰਯੋਃ ਕਾਲੇ ਯੀਸ਼ੁਰਾਗਤ੍ਯ ਤਾਭ੍ਯਾਂ ਸਹ ਜਗਾਮ
১৫তেওঁলোকে কথোপকথন আৰু সোধা-সুধি কৰি থাকোতেই, যীচুৱে নিজে ওচৰলৈ আহি তেওঁলোকৰ সৈতে যাব ধৰিলে।
16 ਕਿਨ੍ਤੁ ਯਥਾ ਤੌ ਤੰ ਨ ਪਰਿਚਿਨੁਤਸ੍ਤਦਰ੍ਥੰ ਤਯੋ ਰ੍ਦ੍ਰੁʼਸ਼਼੍ਟਿਃ ਸੰਰੁੱਧਾ|
১৬কিন্তু তেওঁলোকে যেন তেওঁক চিনিব নোৱাৰে, এই কাৰণে তেওঁলোকৰ চকু বন্ধ হ’ল৷
17 ਸ ਤੌ ਪ੍ਰੁʼਸ਼਼੍ਟਵਾਨ੍ ਯੁਵਾਂ ਵਿਸ਼਼ੱਣੌ ਕਿੰ ਵਿਚਾਰਯਨ੍ਤੌ ਗੱਛਥਃ?
১৭যীচুৱে তেওঁলোকক সুধিলে, “তোমালোকে ইজনে সিজনে কি কথা পাতি গৈ আছা?” তাতে তেওঁলোক মলিন মুখেৰে থিয় হৈ ৰ’ল।
18 ਤਤਸ੍ਤਯੋਃ ਕ੍ਲਿਯਪਾਨਾਮਾ ਪ੍ਰਤ੍ਯੁਵਾਚ ਯਿਰੂਸ਼ਾਲਮਪੁਰੇ(ਅ)ਧੁਨਾ ਯਾਨ੍ਯਘਟਨ੍ਤ ਤ੍ਵੰ ਕੇਵਲਵਿਦੇਸ਼ੀ ਕਿੰ ਤਦ੍ਵ੍ਰੁʼੱਤਾਨ੍ਤੰ ਨ ਜਾਨਾਸਿ?
১৮তেতিয়া ক্লিয়পা নামৰ এজনে উত্তৰ দি ক’লে, “যি যি কথা এই কেইদিনত ঘটি আছে, সেইবোৰ কথা যিৰূচালেমত বাস কৰি কেৱল আপুনিয়ে নাজানে হ’বলা?”
19 ਸ ਪਪ੍ਰੱਛ ਕਾ ਘਟਨਾਃ? ਤਦਾ ਤੌ ਵਕ੍ਤੁਮਾਰੇਭਾਤੇ ਯੀਸ਼ੁਨਾਮਾ ਯੋ ਨਾਸਰਤੀਯੋ ਭਵਿਸ਼਼੍ਯਦ੍ਵਾਦੀ ਈਸ਼੍ਵਰਸ੍ਯ ਮਾਨੁਸ਼਼ਾਣਾਞ੍ਚ ਸਾਕ੍ਸ਼਼ਾਤ੍ ਵਾਕ੍ਯੇ ਕਰ੍ੰਮਣਿ ਚ ਸ਼ਕ੍ਤਿਮਾਨਾਸੀਤ੍
১৯যীচুৱে তেওঁলোকক সুধিলে, “কি কথা?” তেওঁলোকে তেওঁক ক’লে, যি নাচৰতীয়া যীচু, ঈশ্বৰ আৰু সকলো লোকৰ সাক্ষাতে কর্মত আৰু বাক্যত পৰাক্ৰমী ভাববাদী আছিল,
20 ਤਮ੍ ਅਸ੍ਮਾਕੰ ਪ੍ਰਧਾਨਯਾਜਕਾ ਵਿਚਾਰਕਾਸ਼੍ਚ ਕੇਨਾਪਿ ਪ੍ਰਕਾਰੇਣ ਕ੍ਰੁਸ਼ੇ ਵਿੱਧ੍ਵਾ ਤਸ੍ਯ ਪ੍ਰਾਣਾਨਨਾਸ਼ਯਨ੍ ਤਦੀਯਾ ਘਟਨਾਃ;
২০তেওঁক আমাৰ প্ৰধান পুৰোহিত আৰু শাসনকর্তা সকলে কেনেকৈ দোষী কৰি প্ৰাণদণ্ডৰ অর্থে শোধাই দি ক্রুচত দিলে৷
21 ਕਿਨ੍ਤੁ ਯ ਇਸ੍ਰਾਯੇਲੀਯਲੋਕਾਨ੍ ਉੱਧਾਰਯਿਸ਼਼੍ਯਤਿ ਸ ਏਵਾਯਮ੍ ਇਤ੍ਯਾਸ਼ਾਸ੍ਮਾਭਿਃ ਕ੍ਰੁʼਤਾ| ਤਦ੍ਯਥਾ ਤਥਾਸ੍ਤੁ ਤਸ੍ਯਾ ਘਟਨਾਯਾ ਅਦ੍ਯ ਦਿਨਤ੍ਰਯੰ ਗਤੰ|
২১কিন্তু যি জনে ইস্ৰায়েল লোকক মুক্ত কৰিব, তেৱেঁই সেই জন বুলি আমি আশা কৰিছিলোঁ। কিন্তু এই সকলোৰ উপৰি এই কথা ঘটা আজি তিনি দিন হৈছে।
22 ਅਧਿਕਨ੍ਤ੍ਵਸ੍ਮਾਕੰ ਸਙ੍ਗਿਨੀਨਾਂ ਕਿਯਤ੍ਸ੍ਤ੍ਰੀਣਾਂ ਮੁਖੇਭ੍ਯੋ(ਅ)ਸਮ੍ਭਵਵਾਕ੍ਯਮਿਦੰ ਸ਼੍ਰੁਤੰ;
২২ইয়াৰ উপৰি আমাৰ লগৰ কেইবাগৰাকী তিৰোতাইয়ো ৰাতিপুৱাই মৈদামলৈ গৈ আমাক বিস্ময় লগালে;
23 ਤਾਃ ਪ੍ਰਤ੍ਯੂਸ਼਼ੇ ਸ਼੍ਮਸ਼ਾਨੰ ਗਤ੍ਵਾ ਤਤ੍ਰ ਤਸ੍ਯ ਦੇਹਮ੍ ਅਪ੍ਰਾਪ੍ਯ ਵ੍ਯਾਘੁਟ੍ਯੇਤ੍ਵਾ ਪ੍ਰੋਕ੍ਤਵਤ੍ਯਃ ਸ੍ਵਰ੍ਗੀਸਦੂਤੌ ਦ੍ਰੁʼਸ਼਼੍ਟਾਵਸ੍ਮਾਭਿਸ੍ਤੌ ਚਾਵਾਦਿਸ਼਼੍ਟਾਂ ਸ ਜੀਵਿਤਵਾਨ੍|
২৩কিয়নো তেওঁৰ দেহ নাপাই উলটি আহি ক’লে যে, তেওঁলোকে দূত সকলক দেখা পালে আৰু তেওঁ জীয়াই উঠিল বুলি কোৱা শুনিলে।
24 ਤਤੋਸ੍ਮਾਕੰ ਕੈਸ਼੍ਚਿਤ੍ ਸ਼੍ਮਸ਼ਾਨਮਗਮ੍ਯਤ ਤੇ(ਅ)ਪਿ ਸ੍ਤ੍ਰੀਣਾਂ ਵਾਕ੍ਯਾਨੁਰੂਪੰ ਦ੍ਰੁʼਸ਼਼੍ਟਵਨ੍ਤਃ ਕਿਨ੍ਤੁ ਤੰ ਨਾਪਸ਼੍ਯਨ੍|
২৪পাছত আমাৰ লগৰ কেইজনমান মানুহ মৈদামলৈ গৈ তিৰোতা সকলে কোৱাৰ দৰেই দেখিলে; কিন্তু তেওঁক দেখা নাপালে।
25 ਤਦਾ ਸ ਤਾਵੁਵਾਚ, ਹੇ ਅਬੋਧੌ ਹੇ ਭਵਿਸ਼਼੍ਯਦ੍ਵਾਦਿਭਿਰੁਕ੍ਤਵਾਕ੍ਯੰ ਪ੍ਰਤ੍ਯੇਤੁੰ ਵਿਲਮ੍ਬਮਾਨੌ;
২৫যীচুৱে তেওঁলোকক ক’লে, “হে নির্ব্বোধ আৰু ভাববাদীয়ে কোৱা সকলো কথাত বিশ্বাস কৰিবলৈ ভোতোহা মনৰ মানুহ!
26 ਏਤਤ੍ਸਰ੍ੱਵਦੁਃਖੰ ਭੁਕ੍ਤ੍ਵਾ ਸ੍ਵਭੂਤਿਪ੍ਰਾਪ੍ਤਿਃ ਕਿੰ ਖ੍ਰੀਸ਼਼੍ਟਸ੍ਯ ਨ ਨ੍ਯਾੱਯਾ?
২৬খ্ৰীষ্টে দুখ ভোগ কৰি নিজৰ প্ৰতাপত সোমাব নেলাগিছিল নে?”
27 ਤਤਃ ਸ ਮੂਸਾਗ੍ਰਨ੍ਥਮਾਰਭ੍ਯ ਸਰ੍ੱਵਭਵਿਸ਼਼੍ਯਦ੍ਵਾਦਿਨਾਂ ਸਰ੍ੱਵਸ਼ਾਸ੍ਤ੍ਰੇ ਸ੍ਵਸ੍ਮਿਨ੍ ਲਿਖਿਤਾਖ੍ਯਾਨਾਭਿਪ੍ਰਾਯੰ ਬੋਧਯਾਮਾਸ|
২৭পাছত তেওঁ মোচিৰ পৰা আৰু সকলো ভাববাদীৰে পৰা আৰম্ভ কৰি গোটেই ধৰ্মশাস্ত্ৰত নিজৰ বিষয়ে লিখা কথা তেওঁলোকক বুজাই দিলে।
28 ਅਥ ਗਮ੍ਯਗ੍ਰਾਮਾਭ੍ਯਰ੍ਣੰ ਪ੍ਰਾਪ੍ਯ ਤੇਨਾਗ੍ਰੇ ਗਮਨਲਕ੍ਸ਼਼ਣੇ ਦਰ੍ਸ਼ਿਤੇ
২৮এনেদৰে তেওঁলোকে যাব বিচৰা গাঁৱৰ ওচৰ পোৱাত, যীচুৱে আৰু দুৰ পথ যাবলৈ থকা যেন দেখুৱালে।
29 ਤੌ ਸਾਧਯਿਤ੍ਵਾਵਦਤਾਂ ਸਹਾਵਾਭ੍ਯਾਂ ਤਿਸ਼਼੍ਠ ਦਿਨੇ ਗਤੇ ਸਤਿ ਰਾਤ੍ਰਿਰਭੂਤ੍; ਤਤਃ ਸ ਤਾਭ੍ਯਾਂ ਸਾਰ੍ੱਧੰ ਸ੍ਥਾਤੁੰ ਗ੍ਰੁʼਹੰ ਯਯੌ|
২৯কিন্তু তেওঁলোকে যীচুক বৰকৈ অনুৰোধ কৰি ক’লে, “চাওক, এতিয়া দিনৰ শেষ; প্রায় সন্ধিয়া হবলৈ হৈছে। আপুনি আমাৰ সৈতে থাকি যাওঁক৷”
30 ਪਸ਼੍ਚਾਦ੍ਭੋਜਨੋਪਵੇਸ਼ਕਾਲੇ ਸ ਪੂਪੰ ਗ੍ਰੁʼਹੀਤ੍ਵਾ ਈਸ਼੍ਵਰਗੁਣਾਨ੍ ਜਗਾਦ ਤਞ੍ਚ ਭੰਕ੍ਤ੍ਵਾ ਤਾਭ੍ਯਾਂ ਦਦੌ|
৩০তেতিয়া তেওঁ তেওঁলোকৰ সৈতে থাকিল। পাছত তেওঁ ভোজন কৰিবলৈ তেওঁলোকৰ লগত বহোঁতে পিঠা লৈ আশীৰ্বাদ কৰি ভাঙি তেওঁলোকক দিলে।
31 ਤਦਾ ਤਯੋ ਰ੍ਦ੍ਰੁʼਸ਼਼੍ਟੌ ਪ੍ਰਸੰਨਾਯਾਂ ਤੰ ਪ੍ਰਤ੍ਯਭਿਜ੍ਞਤੁਃ ਕਿਨ੍ਤੁ ਸ ਤਯੋਃ ਸਾਕ੍ਸ਼਼ਾਦਨ੍ਤਰ੍ਦਧੇ|
৩১এনেতে তেওঁলোকৰ চকু মুকলি হ’ল আৰু তেওঁক চিনি পালে; তেতিয়া তেওঁ তেওঁলোকৰ পৰা অদৃশ্য হ’ল।
32 ਤਤਸ੍ਤੌ ਮਿਥੋਭਿਧਾਤੁਮ੍ ਆਰਬ੍ਧਵਨ੍ਤੌ ਗਮਨਕਾਲੇ ਯਦਾ ਕਥਾਮਕਥਯਤ੍ ਸ਼ਾਸ੍ਤ੍ਰਾਰ੍ਥਞ੍ਚਬੋਧਯਤ੍ ਤਦਾਵਯੋ ਰ੍ਬੁੱਧਿਃ ਕਿੰ ਨ ਪ੍ਰਾਜ੍ਵਲਤ੍?
৩২পাছত তেওঁলোকে পৰস্পৰে কোৱা-কুই কৰি ক’লে, “বাটত আহি থাকোতে তেওঁ যেতিয়া আমাৰ সৈতে কথোপকথন কৰিছিল আৰু ধৰ্মশাস্ত্ৰৰ অর্থ বুজাই দিছিল, তেতিয়া আমাৰ হৃদয় প্ৰজ্বলিত নহৈছিল নে?”
33 ਤੌ ਤਤ੍ਕ੍ਸ਼਼ਣਾਦੁੱਥਾਯ ਯਿਰੂਸ਼ਾਲਮਪੁਰੰ ਪ੍ਰਤ੍ਯਾਯਯਤੁਃ, ਤਤ੍ਸ੍ਥਾਨੇ ਸ਼ਿਸ਼਼੍ਯਾਣਾਮ੍ ਏਕਾਦਸ਼ਾਨਾਂ ਸਙ੍ਗਿਨਾਞ੍ਚ ਦਰ੍ਸ਼ਨੰ ਜਾਤੰ|
৩৩সেই সময়তে তেওঁলোক দুজন উঠি, যিৰূচালেমলৈ উলটি আহিল; তাতে একে ঠাইতে গোট খোৱা এঘাৰ জন আৰু লগত থকা সকলক দেখা পাই,
34 ਤੇ ਪ੍ਰੋਚੁਃ ਪ੍ਰਭੁਰੁਦਤਿਸ਼਼੍ਠਦ੍ ਇਤਿ ਸਤ੍ਯੰ ਸ਼ਿਮੋਨੇ ਦਰ੍ਸ਼ਨਮਦਾੱਚ|
৩৪তেওঁলোকক ক’লে, “নিশ্চয় প্ৰভু উঠিল; আৰু চিমোনক দেখা দিলে।”
35 ਤਤਃ ਪਥਃ ਸਰ੍ੱਵਘਟਨਾਯਾਃ ਪੂਪਭਞ੍ਜਨੇਨ ਤਤ੍ਪਰਿਚਯਸ੍ਯ ਚ ਸਰ੍ੱਵਵ੍ਰੁʼੱਤਾਨ੍ਤੰ ਤੌ ਵਕ੍ਤੁਮਾਰੇਭਾਤੇ|
৩৫পাছত বাটত যি যি হ’ল আৰু পিঠা ভাঙোতে তেওঁক কেনেকৈ চিনি পালে, সেই সকলোবোৰ সেই দুজন লোকে তেওঁলোকক ক’লে।
36 ਇੱਥੰ ਤੇ ਪਰਸ੍ਪਰੰ ਵਦਨ੍ਤਿ ਤਤ੍ਕਾਲੇ ਯੀਸ਼ੁਃ ਸ੍ਵਯੰ ਤੇਸ਼਼ਾਂ ਮਧ੍ਯ ਪ੍ਰੋੱਥਯ ਯੁਸ਼਼੍ਮਾਕੰ ਕਲ੍ਯਾਣੰ ਭੂਯਾਦ੍ ਇਤ੍ਯੁਵਾਚ,
৩৬এইবোৰ কথা কৈ থাকোতেই যীচু নিজে তেওঁলোকৰ মাজত থিয় হৈ ক’লে, “তোমালোকৰ শান্তি হওক।”
37 ਕਿਨ੍ਤੁ ਭੂਤੰ ਪਸ਼੍ਯਾਮ ਇਤ੍ਯਨੁਮਾਯ ਤੇ ਸਮੁਦ੍ਵਿਵਿਜਿਰੇ ਤ੍ਰੇਸ਼਼ੁਸ਼੍ਚ|
৩৭কিন্তু ভূত দেখিছোঁ বুলি ভাবি, তেওঁলোক ভয়াতুৰ আৰু আতংকিত হ’ল।
38 ਸ ਉਵਾਚ, ਕੁਤੋ ਦੁਃਖਿਤਾ ਭਵਥ? ਯੁਸ਼਼੍ਮਾਕੰ ਮਨਃਸੁ ਸਨ੍ਦੇਹ ਉਦੇਤਿ ਚ ਕੁਤਃ?
৩৮তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মনত কিয় উগুল-থুগুল লাগিছে? আৰু তোমালোকৰ অন্তৰত কি কাৰণে প্ৰশ্ন জাগিছে?
39 ਏਸ਼਼ੋਹੰ, ਮਮ ਕਰੌ ਪਸ਼੍ਯਤ ਵਰੰ ਸ੍ਪ੍ਰੁʼਸ਼਼੍ਟ੍ਵਾ ਪਸ਼੍ਯਤ, ਮਮ ਯਾਦ੍ਰੁʼਸ਼ਾਨਿ ਪਸ਼੍ਯਥ ਤਾਦ੍ਰੁʼਸ਼ਾਨਿ ਭੂਤਸ੍ਯ ਮਾਂਸਾਸ੍ਥੀਨਿ ਨ ਸਨ੍ਤਿ|
৩৯মোৰ হাত আৰু ভৰি চাই জ্ঞাত হোৱা যে মইহে, মোক স্পৰ্শ কৰি চোৱা৷ যি দৰে মোক দেখিছা, সেইদৰে আত্মাৰ হ’লে হাড় আৰু মাংস নাই”;
40 ਇਤ੍ਯੁਕ੍ਤ੍ਵਾ ਸ ਹਸ੍ਤਪਾਦਾਨ੍ ਦਰ੍ਸ਼ਯਾਮਾਸ|
৪০ইয়াকে কৈ তেওঁ নিজৰ হাত-ভৰি তেওঁলোকক দেখুৱালে।
41 ਤੇ(ਅ)ਸਮ੍ਭਵੰ ਜ੍ਞਾਤ੍ਵਾ ਸਾਨਨ੍ਦਾ ਨ ਪ੍ਰਤ੍ਯਯਨ੍| ਤਤਃ ਸ ਤਾਨ੍ ਪਪ੍ਰੱਛ, ਅਤ੍ਰ ਯੁਸ਼਼੍ਮਾਕੰ ਸਮੀਪੇ ਖਾਦ੍ਯੰ ਕਿਞ੍ਚਿਦਸ੍ਤਿ?
৪১কিন্তু তেওঁলোক আনন্দিত হ’লেও, তেতিয়াও অবিশ্বাস কৰি বিস্ময় মানি থকা বাবে, যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ কিবা খোৱা বস্তু আছে নে?”
42 ਤਤਸ੍ਤੇ ਕਿਯੱਦਗ੍ਧਮਤ੍ਸ੍ਯੰ ਮਧੁ ਚ ਦਦੁਃ
৪২তেতিয়া তেওঁলোকে তেওঁক এডোখৰ ভজা মাছ দিলে।
43 ਸ ਤਦਾਦਾਯ ਤੇਸ਼਼ਾਂ ਸਾਕ੍ਸ਼਼ਾਦ੍ ਬੁਭੁਜੇ
৪৩যীচুৱে তাকে লৈ তেওঁলোকৰ আগত খালে;
44 ਕਥਯਾਮਾਸ ਚ ਮੂਸਾਵ੍ਯਵਸ੍ਥਾਯਾਂ ਭਵਿਸ਼਼੍ਯਦ੍ਵਾਦਿਨਾਂ ਗ੍ਰਨ੍ਥੇਸ਼਼ੁ ਗੀਤਪੁਸ੍ਤਕੇ ਚ ਮਯਿ ਯਾਨਿ ਸਰ੍ੱਵਾਣਿ ਵਚਨਾਨਿ ਲਿਖਿਤਾਨਿ ਤਦਨੁਰੂਪਾਣਿ ਘਟਿਸ਼਼੍ਯਨ੍ਤੇ ਯੁਸ਼਼੍ਮਾਭਿਃ ਸਾਰ੍ੱਧੰ ਸ੍ਥਿਤ੍ਵਾਹੰ ਯਦੇਤਦ੍ਵਾਕ੍ਯਮ੍ ਅਵਦੰ ਤਦਿਦਾਨੀਂ ਪ੍ਰਤ੍ਯਕ੍ਸ਼਼ਮਭੂਤ੍|
৪৪আৰু তেওঁ তেওঁলোকক ক’লে, “মোচিৰ বিধানত, ভাববাদী সকলৰ বিধান-শাস্ত্ৰত আৰু গীতমালাত মোৰ বিষয়ে যি যি বচন লিখা আছে, সেই সকলো সিদ্ধ হ’ব লাগে বুলি তোমালোকৰ লগত থাকোতেই, যি কথা মই কৈছিলোঁ, মোৰ সেই কথা এই।”
45 ਅਥ ਤੇਭ੍ਯਃ ਸ਼ਾਸ੍ਤ੍ਰਬੋਧਾਧਿਕਾਰੰ ਦਤ੍ਵਾਵਦਤ੍,
৪৫তেতিয়া তেওঁ ধৰ্মশাস্ত্ৰ বুজিবলৈ তেওঁলোকৰ হৃদয়ৰ চকু মুকলি কৰি দিলে;
46 ਖ੍ਰੀਸ਼਼੍ਟੇਨੇੱਥੰ ਮ੍ਰੁʼਤਿਯਾਤਨਾ ਭੋਕ੍ਤਵ੍ਯਾ ਤ੍ਰੁʼਤੀਯਦਿਨੇ ਚ ਸ਼੍ਮਸ਼ਾਨਾਦੁੱਥਾਤਵ੍ਯਞ੍ਚੇਤਿ ਲਿਪਿਰਸ੍ਤਿ;
৪৬আৰু তেওঁ তেওঁলোকক ক’লে, “এইদৰে লিখা আছে, যে খ্ৰীষ্টে দুখভোগ কৰি তৃতীয় দিনা মৃত লোকৰ মাজৰ পৰা পুনৰায় উঠিব৷
47 ਤੰਨਾਮ੍ਨਾ ਯਿਰੂਸ਼ਾਲਮਮਾਰਭ੍ਯ ਸਰ੍ੱਵਦੇਸ਼ੇ ਮਨਃਪਰਾਵਰ੍ੱਤਨਸ੍ਯ ਪਾਪਮੋਚਨਸ੍ਯ ਚ ਸੁਸੰਵਾਦਃ ਪ੍ਰਚਾਰਯਿਤਵ੍ਯਃ,
৪৭আৰু যিৰূচালেমৰ পৰা আৰম্ভ কৰি সকলো জাতিৰ আগত মন-পালটন আৰু পাপ মোচনৰ কথা তেওঁৰ নামেৰে ঘোষণা কৰা হ’ব।
48 ਏਸ਼਼ੁ ਸਰ੍ੱਵੇਸ਼਼ੁ ਯੂਯੰ ਸਾਕ੍ਸ਼਼ਿਣਃ|
৪৮তোমালোক এই সকলোৰে সাক্ষী আছা।
49 ਅਪਰਞ੍ਚ ਪਸ਼੍ਯਤ ਪਿਤ੍ਰਾ ਯਤ੍ ਪ੍ਰਤਿਜ੍ਞਾਤੰ ਤਤ੍ ਪ੍ਰੇਸ਼਼ਯਿਸ਼਼੍ਯਾਮਿ, ਅਤਏਵ ਯਾਵਤ੍ਕਾਲੰ ਯੂਯੰ ਸ੍ਵਰ੍ਗੀਯਾਂ ਸ਼ਕ੍ਤਿੰ ਨ ਪ੍ਰਾਪ੍ਸ੍ਯਥ ਤਾਵਤ੍ਕਾਲੰ ਯਿਰੂਸ਼ਾਲਮ੍ਨਗਰੇ ਤਿਸ਼਼੍ਠਤ|
৪৯চোৱা মোৰ পিতৃয়ে যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা তোমালোকলৈ পঠাই দিম৷ কিন্তু ওপৰৰ পৰা শক্তি নোপোৱালৈকে এই নগৰতে থাকা।”
50 ਅਥ ਸ ਤਾਨ੍ ਬੈਥਨੀਯਾਪਰ੍ੱਯਨ੍ਤੰ ਨੀਤ੍ਵਾ ਹਸ੍ਤਾਵੁੱਤੋਲ੍ਯ ਆਸ਼ਿਸ਼਼ ਵਕ੍ਤੁਮਾਰੇਭੇ
৫০পাছত যীচুৱে তেওঁলোকক বৈথনিয়া গাৱঁৰ সন্মূখলৈকে আগবঢ়াই আনি, তেওঁ হাত উঠাই তেওঁলোকক আশীর্বাদ কৰিলে।
51 ਆਸ਼ਿਸ਼਼ੰ ਵਦੰਨੇਵ ਚ ਤੇਭ੍ਯਃ ਪ੍ਰੁʼਥਗ੍ ਭੂਤ੍ਵਾ ਸ੍ਵਰ੍ਗਾਯ ਨੀਤੋ(ਅ)ਭਵਤ੍|
৫১এইদৰে তেওঁলোকক আশীর্বাদ কৰি থকা সময়ত, তেওঁ তেওঁলোকৰ পৰা পৃথক হ’ল আৰু তেওঁক স্বৰ্গলৈ নিয়া হ’ল।
52 ਤਦਾ ਤੇ ਤੰ ਭਜਮਾਨਾ ਮਹਾਨਨ੍ਦੇਨ ਯਿਰੂਸ਼ਾਲਮੰ ਪ੍ਰਤ੍ਯਾਜਗ੍ਮੁਃ|
৫২তেতিয়া তেওঁলোকে তেওঁক স্তুতি কৰি, অতি আনন্দেৰে যিৰূচালেমলৈ উলটি আহিল;
53 ਤਤੋ ਨਿਰਨ੍ਤਰੰ ਮਨ੍ਦਿਰੇ ਤਿਸ਼਼੍ਠਨ੍ਤ ਈਸ਼੍ਵਰਸ੍ਯ ਪ੍ਰਸ਼ੰਸਾਂ ਧਨ੍ਯਵਾਦਞ੍ਚ ਕਰ੍ੱਤਮ੍ ਆਰੇਭਿਰੇ| ਇਤਿ||
৫৩আৰু সদায় মন্দিৰত ঈশ্বৰৰ প্ৰশংসা কৰি থাকিল।

< ਲੂਕਃ 24 >