< ୨ ପିତରଃ 2 >
1 ଅପରଂ ପୂର୍ୱ୍ୱକାଲେ ଯଥା ଲୋକାନାଂ ମଧ୍ୟେ ମିଥ୍ୟାଭୱିଷ୍ୟଦ୍ୱାଦିନ ଉପାତିଷ୍ଠନ୍ ତଥା ଯୁଷ୍ମାକଂ ମଧ୍ୟେଽପି ମିଥ୍ୟାଶିକ୍ଷକା ଉପସ୍ଥାସ୍ୟନ୍ତି, ତେ ସ୍ୱେଷାଂ କ୍ରେତାରଂ ପ୍ରଭୁମ୍ ଅନଙ୍ଗୀକୃତ୍ୟ ସତ୍ୱରଂ ୱିନାଶଂ ସ୍ୱେଷୁ ୱର୍ତ୍ତଯନ୍ତି ୱିନାଶକୱୈଧର୍ମ୍ମ୍ୟଂ ଗୁପ୍ତଂ ଯୁଷ୍ମନ୍ମଧ୍ୟମ୍ ଆନେଷ୍ୟନ୍ତି|
১অতীতত ইস্ৰায়েলবাসীৰ মাজত যেনেদৰে মিছলীয়া ভাৱবাদী সকল আছিল, তেনেদৰে আপোনালোকৰ মাজলৈকো ভণ্ড শিক্ষক সকল আহিব। তেওঁলোকে মনে মনে এনেকুৱা কিছুমান বিৰোধী ভ্রান্ত মতবাদ লৈ আহিব যিয়ে লোক সকলক ধ্বংস কৰি দিব। এনে কি যি জনে তেওঁলোকক কিনি ললে, সেই প্ৰভুকো অস্বীকাৰ কৰিব; এইদৰে তেওঁলোকে শীঘ্রেই নিজলৈ ধ্বংস মাতি আনিব।
2 ତତୋ ଽନେକେଷୁ ତେଷାଂ ୱିନାଶକମାର୍ଗଂ ଗତେଷୁ ତେଭ୍ୟଃ ସତ୍ୟମାର୍ଗସ୍ୟ ନିନ୍ଦା ସମ୍ଭୱିଷ୍ୟତି|
২অনেকে সেই ভণ্ড শিক্ষক সকলৰ লম্পট আচৰণ অনুসৰণ কৰিব; তেওঁলোকৰ প্রৰোচনাত মানুহে সত্যৰ পথৰ বিষয়ে নিন্দা কৰিব।
3 ଅପରଞ୍ଚ ତେ ଲୋଭାତ୍ କାପଟ୍ୟୱାକ୍ୟୈ ର୍ୟୁଷ୍ମତ୍ତୋ ଲାଭଂ କରିଷ୍ୟନ୍ତେ କିନ୍ତୁ ତେଷାଂ ପୁରାତନଦଣ୍ଡାଜ୍ଞା ନ ୱିଲମ୍ବତେ ତେଷାଂ ୱିନାଶଶ୍ଚ ନ ନିଦ୍ରାତି|
৩তেওঁলোকে লোভৰ বশত ছলাহী কথাৰে আপোনালোকৰ পৰা অর্থ লাভ কৰিব। এই ভণ্ড শিক্ষক সকলৰ বিৰুদ্ধে বিচাৰৰ শাস্তি অনেক দিনলৈ অপেক্ষা কৰি নাথাকিব; তেওঁলোকৰ বিনাশ পলম কৰা নহয়।
4 ଈଶ୍ୱରଃ କୃତପାପାନ୍ ଦୂତାନ୍ ନ କ୍ଷମିତ୍ୱା ତିମିରଶୃଙ୍ଖଲୈଃ ପାତାଲେ ରୁଦ୍ଧ୍ୱା ୱିଚାରାର୍ଥଂ ସମର୍ପିତୱାନ୍| (Tartaroō )
৪স্বর্গৰ দূত সকলে যেতিয়া পাপ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁলোকক এৰি দিয়া নাছিল; বৰং বিচাৰৰ দিন পর্যন্ত অন্ধকূপৰ বন্ধনত ৰক্ষিত হবলৈ তেওঁ সেই সকলক নৰকত পেলাই দিলে। (Tartaroō )
5 ପୁରାତନଂ ସଂସାରମପି ନ କ୍ଷମିତ୍ୱା ତଂ ଦୁଷ୍ଟାନାଂ ସଂସାରଂ ଜଲାପ୍ଲାୱନେନ ମଜ୍ଜଯିତ୍ୱା ସପ୍ତଜନୈଃ ସହିତଂ ଧର୍ମ୍ମପ୍ରଚାରକଂ ନୋହଂ ରକ୍ଷିତୱାନ୍|
৫ঈশ্বৰে সেই পুৰণি জগতকো এৰি দিয়া নাছিল; ঈশ্বৰৰ প্রতি ভক্তিহীন লোক সকলৰ ওপৰলৈ তেওঁ জলপ্লাৱন আনিলে; কেৱল নোহ আৰু তেওঁৰ লগত আন সাত জনক তেওঁ ৰক্ষা কৰিলে। এই নোহে লোক সকলক ধাৰ্মিকতাৰ পথত চলাৰ সম্বন্ধে প্রচাৰ কৰিছিল।
6 ସିଦୋମମ୍ ଅମୋରା ଚେତିନାମକେ ନଗରେ ଭୱିଷ୍ୟତାଂ ଦୁଷ୍ଟାନାଂ ଦୃଷ୍ଟାନ୍ତଂ ୱିଧାଯ ଭସ୍ମୀକୃତ୍ୟ ୱିନାଶେନ ଦଣ୍ଡିତୱାନ୍;
৬চদোম আৰু ঘমোৰা নগৰ ভস্ম কৰি ঈশ্বৰে সেই নগৰৰ লোক সকলক বিচাৰ কৰি শাস্তি দিছিল। ইয়াৰ দ্বাৰা ঈশ্বৰে ভাবী কালত ঈশ্বৰৰ ভক্তিহীন লোকৰ শেষ অৱস্থা কি হ’ব তাকেই উদাহৰণ স্বৰূপে স্থাপন কৰিলে।
7 କିନ୍ତୁ ତୈଃ କୁତ୍ସିତୱ୍ୟଭିଚାରିଭି ର୍ଦୁଷ୍ଟାତ୍ମଭିଃ କ୍ଲିଷ୍ଟଂ ଧାର୍ମ୍ମିକଂ ଲୋଟଂ ରକ୍ଷିତୱାନ୍|
৭কিন্তু লোটক তেওঁ ৰক্ষা কৰিছিল। লোট ধাৰ্মিক লোক আছিল। সেই নগৰৰ বিধানহীন মানুহবোৰৰ অনৈতিক চাল-চলনত তেওঁ অতি ব্যথিত হৈছিল।
8 ସ ଧାର୍ମ୍ମିକୋ ଜନସ୍ତେଷାଂ ମଧ୍ୟେ ନିୱସନ୍ ସ୍ୱୀଯଦୃଷ୍ଟିଶ୍ରୋତ୍ରଗୋଚରେଭ୍ୟସ୍ତେଷାମ୍ ଅଧର୍ମ୍ମାଚାରେଭ୍ୟଃ ସ୍ୱକୀଯଧାର୍ମ୍ମିକମନସି ଦିନେ ଦିନେ ତପ୍ତୱାନ୍|
৮সেই ধাৰ্মিক লোক জনে বিধানহীন মানুহবোৰৰ মাজত বাস কৰিছিল আৰু তেওঁৰ ধার্মিক আত্মাই প্রতিদিনে এই লোক সকলৰ অধার্মিক কার্যবোৰ দেখি আৰু সেইবোৰৰ বিষয়ে শুনি যন্ত্রণা ভোগ কৰিছিল।
9 ପ୍ରଭୁ ର୍ଭକ୍ତାନ୍ ପରୀକ୍ଷାଦ୍ ଉଦ୍ଧର୍ତ୍ତୁଂ ୱିଚାରଦିନଞ୍ଚ ଯାୱଦ୍ ଦଣ୍ଡ୍ୟାମାନାନ୍ ଅଧାର୍ମ୍ମିକାନ୍ ରୋଦ୍ଧୁଂ ପାରଯତି,
৯গতিকে যি সকল ঈশ্বৰভক্ত লোক, তেওঁলোকক কেনেদৰে পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিব লাগে, প্রভুৱে জানে। যি সকলে ঈশ্বৰক ভক্তি নকৰে, অধার্মিক লোক; তেওঁলোকক কেনেদৰে বিচাৰৰ দিনা শাস্তি দিয়া হ’ব, সেই বিষয়েও প্রভুৱে জানে।
10 ୱିଶେଷତୋ ଯେ ଽମେଧ୍ୟାଭିଲାଷାତ୍ ଶାରୀରିକସୁଖମ୍ ଅନୁଗଚ୍ଛନ୍ତି କର୍ତୃତ୍ୱପଦାନି ଚାୱଜାନନ୍ତି ତାନେୱ (ରୋଦ୍ଧୁଂ ପାରଯତି| ) ତେ ଦୁଃସାହସିନଃ ପ୍ରଗଲ୍ଭାଶ୍ଚ|
১০এই দণ্ড বিশেষভাৱে তেওঁলোকৰ বাবে, যি সকলে অশুচিতাৰ মাংসিক অভিলাষবোৰত চলে আৰু প্রভুৰ কতৃত্বক হেয়জ্ঞান কৰে। এই ভণ্ড শিক্ষক সকল দু: সাহসী আৰু তেওঁলোকে নিজৰ ইচ্ছামতে চলে। তেওঁলোকে এনে কি স্বর্গৰ দূত সকলকো নিন্দা কৰিবলৈ ভয় নকৰে।
11 ଅପରଂ ବଲଗୌରୱାଭ୍ୟାଂ ଶ୍ରେଷ୍ଠା ଦିୱ୍ୟଦୂତାଃ ପ୍ରଭୋଃ ସନ୍ନିଧୌ ଯେଷାଂ ୱୈପରୀତ୍ୟେନ ନିନ୍ଦାସୂଚକଂ ୱିଚାରଂ ନ କୁର୍ୱ୍ୱନ୍ତି ତେଷାମ୍ ଉଚ୍ଚପଦସ୍ଥାନାଂ ନିନ୍ଦନାଦ୍ ଇମେ ନ ଭୀତାଃ|
১১সকলো মনুষ্যতকৈয়ো স্বর্গৰ দূত সকল অধিক শক্তিশালী আৰু ক্ষমতাশালী, তথাপি প্রভুৰ ওচৰত তেওঁলোকৰ সম্বন্ধে কোনো দোষ, অভিযোগ উপস্থাপন নকৰে।
12 କିନ୍ତୁ ଯେ ବୁଦ୍ଧିହୀନାଃ ପ୍ରକୃତା ଜନ୍ତୱୋ ଧର୍ତ୍ତୱ୍ୟତାଯୈ ୱିନାଶ୍ୟତାଯୈ ଚ ଜାଯନ୍ତେ ତତ୍ସଦୃଶା ଇମେ ଯନ୍ନ ବୁଧ୍ୟନ୍ତେ ତତ୍ ନିନ୍ଦନ୍ତଃ ସ୍ୱକୀଯୱିନାଶ୍ୟତଯା ୱିନଂକ୍ଷ୍ୟନ୍ତି ସ୍ୱୀଯାଧର୍ମ୍ମସ୍ୟ ଫଲଂ ପ୍ରାପ୍ସ୍ୟନ୍ତି ଚ|
১২কিন্তু জ্ঞানহীন, বুদ্ধিহীন পশুবোৰ নিজৰ স্বভাৱগত বাসনাৰ অধীন, যাৰ জন্ম মৰিবৰ বাবেই হৈছে; ভণ্ড শিক্ষক সকলো এনে বিচাৰ-বুদ্ধিহীন পশুৰ নিচিনা; তেওঁলোকে যি নাজানে, সেই বিষয়ে নিন্দা কৰে। নিজৰ মন্দতাতে সিহঁত ধ্বংস হৈ যাব।
13 ତେ ଦିୱା ପ୍ରକୃଷ୍ଟଭୋଜନଂ ସୁଖଂ ମନ୍ୟନ୍ତେ ନିଜଛଲୈଃ ସୁଖଭୋଗିନଃ ସନ୍ତୋ ଯୁଷ୍ମାଭିଃ ସାର୍ଦ୍ଧଂ ଭୋଜନଂ କୁର୍ୱ୍ୱନ୍ତଃ କଲଙ୍କିନୋ ଦୋଷିଣଶ୍ଚ ଭୱନ୍ତି|
১৩নিজৰ মন্দ কামৰ বেচ হিচাপে সিহঁতে কষ্টভোগ কৰিব। এই লোক সকলে দিনৰ বেলা অন্যায় কাম কৰি আনন্দ কৰে। সেই সকল আপোনালোকৰ মাজত অপৰিস্কাৰ দাগ আৰু কলঙ্ক স্বৰূপ। তেওঁলোকে আপোনালোকৰ লগত ভোজন-পান কৰি নিজৰ প্রতাৰণাপূর্ণ সুখ উপভোগ কৰে;
14 ତେଷାଂ ଲୋଚନାନି ପରଦାରାକାଙ୍କ୍ଷୀଣି ପାପେ ଚାଶ୍ରାନ୍ତାନି ତେ ଚଞ୍ଚଲାନି ମନାଂସି ମୋହଯନ୍ତି ଲୋଭେ ତତ୍ପରମନସଃ ସନ୍ତି ଚ|
১৪সকলো মহিলাৰ প্রতি তেওঁলোকৰ চকু ব্যভিচাৰেৰে ভৰা আৰু তেওঁলোকে পাপ কার্য কৰি কেতিয়াও সন্তুষ্ট নহয়; আৰু যি সকল চঞ্চলমনা, সেই সকলক ভুল পথত লৈ যায়৷ তেওঁলোকৰ মন কেৱল লোভ কৰাত অভ্যস্ত; তেওঁলোক অভিশপ্ত।
15 ତେ ଶାପଗ୍ରସ୍ତା ୱଂଶାଃ ସରଲମାର୍ଗଂ ୱିହାଯ ବିଯୋରପୁତ୍ରସ୍ୟ ବିଲିଯମସ୍ୟ ୱିପଥେନ ୱ୍ରଜନ୍ତୋ ଭ୍ରାନ୍ତା ଅଭୱନ୍| ସ ବିଲିଯମୋ ଽପ୍ୟଧର୍ମ୍ମାତ୍ ପ୍ରାପ୍ୟେ ପାରିତୋଷିକେଽପ୍ରୀଯତ,
১৫এই ভণ্ড শিক্ষক সকলে পোন পথ ত্যাগ কৰি অপথে গৈছে। তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মক অনুসৰণ কৰে; বিলিয়মে মন্দ কার্যক প্ৰেম কৰিলে আৰু তাৰে বেচ পাবলৈ উচিত দেখিছিল।
16 କିନ୍ତୁ ନିଜାପରାଧାଦ୍ ଭର୍ତ୍ସନାମ୍ ଅଲଭତ ଯତୋ ୱଚନଶକ୍ତିହୀନଂ ୱାହନଂ ମାନୁଷିକଗିରମ୍ ଉଚ୍ଚାର୍ୟ୍ୟ ଭୱିଷ୍ୟଦ୍ୱାଦିନ ଉନ୍ମତ୍ତତାମ୍ ଅବାଧତ|
১৬কিন্তু বিলিয়মে তেওঁৰ অপৰাধৰ কাৰণে এটা গাধৰ পৰা কঠোৰ ধমক পালে। গাধ পশু হোৱা বাবে কথা কব নোৱাৰে। কিন্তু সেই গাধই মানুহৰ মাতেৰে কথা কৈ ভাৱবাদীৰ মূর্খ কার্যত বাধা দিছিল।
17 ଇମେ ନିର୍ଜଲାନି ପ୍ରସ୍ରୱଣାନି ପ୍ରଚଣ୍ଡୱାଯୁନା ଚାଲିତା ମେଘାଶ୍ଚ ତେଷାଂ କୃତେ ନିତ୍ୟସ୍ଥାଯୀ ଘୋରତରାନ୍ଧକାରଃ ସଞ୍ଚିତୋ ଽସ୍ତି| ()
১৭এই লোক সকল পানী নথকা নাদৰ নিচিনা আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁলোকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।
18 ଯେ ଚ ଜନା ଭ୍ରାନ୍ତ୍ୟାଚାରିଗଣାତ୍ କୃଚ୍ଛ୍ରେଣୋଦ୍ଧୃତାସ୍ତାନ୍ ଇମେ ଽପରିମିତଦର୍ପକଥା ଭାଷମାଣାଃ ଶାରୀରିକସୁଖାଭିଲାଷୈଃ କାମକ୍ରୀଡାଭିଶ୍ଚ ମୋହଯନ୍ତି|
১৮কিয়নো তেওঁলোকে অসাৰতাৰ গর্ব কথা কয় আৰু মানুহক মাংসিক অভিলাষ পূর্ণ কৰাৰ বাসনা জগায়। যি সকলে ভুল পথত জীৱন-যাপন কৰা লোক সকলৰ সঙ্গৰ পৰা হাত সাৰি আহিবলৈ চেষ্টা কৰে, এনে লোক সকলক তেওঁলোকে পাপ স্বভাৱৰ মাংসিক অভিলাষলৈ প্রলুব্ধ কৰে।
19 ତେଭ୍ୟଃ ସ୍ୱାଧୀନତାଂ ପ୍ରତିଜ୍ଞାଯ ସ୍ୱଯଂ ୱିନାଶ୍ୟତାଯା ଦାସା ଭୱନ୍ତି, ଯତଃ, ଯୋ ଯେନୈୱ ପରାଜିଗ୍ୟେ ସ ଜାତସ୍ତସ୍ୟ କିଙ୍କରଃ|
১৯এই ভণ্ড শিক্ষক সকলে তেওঁলোকক স্বাধীনতা দিয়াৰ প্ৰতিজ্ঞা কৰে, কিন্তু নিজেই সেই সকলো নিন্দনীয় কামৰ দাস হৈ থাকে। কাৰণ যিহে এজন মানুহক জয় কৰি পৰিচালনা কৰে, তেওঁ তাৰে দাস হয়।
20 ତ୍ରାତୁଃ ପ୍ରଭୋ ର୍ୟୀଶୁଖ୍ରୀଷ୍ଟସ୍ୟ ଜ୍ଞାନେନ ସଂସାରସ୍ୟ ମଲେଭ୍ୟ ଉଦ୍ଧୃତା ଯେ ପୁନସ୍ତେଷୁ ନିମଜ୍ଜ୍ୟ ପରାଜୀଯନ୍ତେ ତେଷାଂ ପ୍ରଥମଦଶାତଃ ଶେଷଦଶା କୁତ୍ସିତା ଭୱତି|
২০কিয়নো প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টক গভীৰভাৱে জনাৰ ফলত জগতৰ মন্দতাৰ পৰা হাত সাৰি অহাৰ পাছতো যেতিয়া সেই একেই পাপৰ জীৱনলৈ পুণৰাই ঘূৰি যায়, তেনেহলে তেওঁলোকৰ প্রথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হব।
21 ତେଷାଂ ପକ୍ଷେ ଧର୍ମ୍ମପଥସ୍ୟ ଜ୍ଞାନାପ୍ରାପ୍ତି ର୍ୱରଂ ନ ଚ ନିର୍ଦ୍ଦିଷ୍ଟାତ୍ ପୱିତ୍ରୱିଧିମାର୍ଗାତ୍ ଜ୍ଞାନପ୍ରାପ୍ତାନାଂ ପରାୱର୍ତ୍ତନଂ|
২১কাৰণ যি পবিত্র বিধান তেওঁলোকে লাভ কৰিছিল, তাৰ পৰা যদি উলটি যায়, তেনেহলে তেওঁলোকৰ বাবে সেই ধাৰ্মিকতাৰ পথ নজনাই ভাল আছিল।
22 କିନ୍ତୁ ଯେଯଂ ସତ୍ୟା ଦୃଷ୍ଟାନ୍ତକଥା ସୈୱ ତେଷୁ ଫଲିତୱତୀ, ଯଥା, କୁକ୍କୁରଃ ସ୍ୱୀଯୱାନ୍ତାଯ ୱ୍ୟାୱର୍ତ୍ତତେ ପୁନଃ ପୁନଃ| ଲୁଠିତୁଂ କର୍ଦ୍ଦମେ ତଦ୍ୱତ୍ କ୍ଷାଲିତଶ୍ଚୈୱ ଶୂକରଃ||
২২তেওঁলোকৰ ক্ষেত্রত এই প্রবাদ সত্য হৈছে, “কুকুৰে নিজৰ বমিলৈ ঘূৰে আৰু গাহৰিক ধুউৱা হলেও সি বোকালৈকে আকৌ উলটি যায়।”