< រោមិណះ 3 >
1 អបរញ្ច យិហូទិនះ កិំ ឝ្រេឞ្ឋត្វំ? តថា ត្វក្ឆេទស្យ វា កិំ ផលំ?
১তেনেহ’লে ইহুদী সকলৰ এনে কি সুবিধা আছে, যি অন্য লোকৰ নাই? চুন্নতৰেই বা মূল্য কি?
2 សវ៌្វថា ពហូនិ ផលានិ សន្តិ, វិឝេឞត ឦឝ្វរស្យ ឝាស្ត្រំ តេភ្យោៜទីយត។
২সকলো ফালৰ পৰা ইহুদী সকলৰ বহুতো সুবিধা আছে; তাৰ মাজৰ গুৰুত্ৱপূর্ণ বিষয়টো হ’ল, ঈশ্ৱৰে তেওঁৰ শিক্ষা প্ৰথমে ইহুদী সকলকেই দিছিল৷
3 កៃឝ្ចិទ៑ អវិឝ្វសនេ ក្ឫតេ តេឞាម៑ អវិឝ្វសនាត៑ កិម៑ ឦឝ្វរស្យ វិឝ្វាស្យតាយា ហានិរុត្បត្ស្យតេ?
৩কাৰণ কোনো কোনো ইহুদী সকলে যদি অবিশ্বাস কৰে, তেতিয়া কি হ’ব? তেওঁলোকৰ অবিশ্বাসে ঈশ্বৰৰ বিশ্বাস যোগ্যতা বিফল কৰিব নে?
4 កេនាបិ ប្រការេណ នហិ។ យទ្យបិ សវ៌្វេ មនុឞ្យា មិថ្យាវាទិនស្តថាបីឝ្វរះ សត្យវាទី។ ឝាស្ត្រេ យថា លិខិតមាស្តេ, អតស្ត្វន្តុ ស្វវាក្យេន និទ៌្ទោឞោ ហិ ភវិឞ្យសិ។ វិចារេ ចៃវ និឞ្បាបោ ភវិឞ្យសិ ន សំឝយះ។
৪কোনো প্ৰকাৰে এনে নহব৷ সকলো মানুহ মিছলীয়া হ’লেও, ঈশ্বৰক সত্য বুলি মনা হওক; এই বিষয়ে লিখাও আছে, “তুমি যেন নিজৰ কথাত ধাৰ্মিক বুলি প্ৰমাণিত হ’বা, আৰু সকলো বিচাৰত জয়ী হ’বা।”
5 អស្មាកម៑ អន្យាយេន យទីឝ្វរស្យ ន្យាយះ ប្រកាឝតេ តហ៌ិ កិំ វទិឞ្យាមះ? អហំ មានុឞាណាំ កថាមិវ កថាំ កថយាមិ, ឦឝ្វរះ សមុចិតំ ទណ្ឌំ ទត្ត្វា កិម៑ អន្យាយី ភវិឞ្យតិ?
৫কিন্তু আমাৰ অধাৰ্মিকতাই যদি ঈশ্বৰৰ ধাৰ্মিকতা প্ৰকাশ কৰে, তেনেহলে আমি কি ক’ম? ক্ৰোধ সফলকাৰী ঈশ্বৰ অধাৰ্মিক নে? মই সাধাৰণ মানুহৰ যুক্তিৰে কৈছোঁ৷
6 ឥត្ថំ ន ភវតុ, តថា សតីឝ្វរះ កថំ ជគតោ វិចារយិតា ភវិឞ្យតិ?
৬এনে যেন কেতিয়াও নহওক৷ কিয়নো তেতিয়া ঈশ্বৰে কেনেকৈ জগতৰ সোধ-বিচাৰ কৰিব?
7 មម មិថ្យាវាក្យវទនាទ៑ យទីឝ្វរស្យ សត្យត្វេន តស្យ មហិមា វទ៌្ធតេ តហ៌ិ កស្មាទហំ វិចារេៜបរាធិត្វេន គណ្យោ ភវាមិ?
৭কিন্তু মোৰ মিছাৰ দ্বাৰাই যদি ঈশ্বৰৰ সত্যতা তেওঁৰ মহিমাৰ অৰ্থে উপচি পৰে, তেনেহলে আকৌ পাপী বুলি এতিয়াও মোৰ কিয় সোধ-বিচাৰ কৰা হয়?
8 មង្គលាត៌្ហំ បាបមបិ ករណីយមិតិ វាក្យំ ត្វយា កុតោ នោច្យតេ? កិន្តុ យៃរុច្យតេ តេ និតាន្តំ ទណ្ឌស្យ បាត្រាណិ ភវន្តិ; តថាបិ តទ្វាក្យម៑ អស្មាភិរប្យុច្យត ឥត្យស្មាកំ គ្លានិំ កុវ៌្វន្តះ កិយន្តោ លោកា វទន្តិ។
৮“ভালৰ অৰ্থে কুকৰ্ম কৰোঁহক,” এই কথাষাৰ আমি কৈছোঁ বুলি যেনেকৈ কোনো লোকে আনৰ আগত আমাৰ নিন্দা কৰি কয়, তেনেকৈ আমিও কিয় নকওঁ? এনে কথা কোৱা সকলৰ ন্যায় দণ্ডাজ্ঞাৰ যোগ্য।
9 អន្យលោកេភ្យោ វយំ កិំ ឝ្រេឞ្ឋាះ? កទាចន នហិ យតោ យិហូទិនោ ៜន្យទេឝិនឝ្ច សវ៌្វឯវ បាបស្យាយត្តា ឥត្យស្យ ប្រមាណំ វយំ បូវ៌្វម៑ អទទាម។
৯তেনেহলে কি? আমি আনতকৈ উত্তম নে? কোনোমতে নহওঁ; কিয়নো আমি আগেয়ে দুয়ো ইহুদী আৰু গ্ৰীক সকলক এই দায় দিলোঁ যে তেওঁলোক সকলোৱেই পাপৰ অধীন৷
10 លិបិ រ្យថាស្តេ, នៃកោបិ ធាម៌្មិកោ ជនះ។
১০এই বিষয়ে লিখাও আছে, “ধাৰ্মিক কোনো নাই; এজনো নাই৷
11 តថា ជ្ញានីឝ្វរជ្ញានី មានវះ កោបិ នាស្តិ ហិ។
১১বিবেচক কোনো নাই৷ ঈশ্বৰক বিচৰাও কোনো নাই৷
12 វិមាគ៌គាមិនះ សវ៌្វេ សវ៌្វេ ទុឞ្កម៌្មការិណះ។ ឯកោ ជនោបិ នោ តេឞាំ សាធុកម៌្ម ករោតិ ច។
১২সকলো অপথে গ’ল, একেবাৰে অকৰ্মন্য হ’ল; সদাচৰণকাৰী কোনো নাই, এজনো নাই।
13 តថា តេឞាន្តុ វៃ កណ្ឋា អនាវ្ឫតឝ្មឝានវត៑។ ស្តុតិវាទំ ប្រកុវ៌្វន្តិ ជិហ្វាភិស្តេ តុ កេវលំ។ តេឞាមោឞ្ឋស្យ និម្នេ តុ វិឞំ តិឞ្ឋតិ សប៌្បវត៑។
১৩সিহঁতৰ ডিঙিৰ নলী মুকলি মৈদামৰ নিচিনা৷ সিহঁতে জিভাৰে প্ৰতাৰণা কৰে৷ সিহঁতৰ ওঠৰ তলত কালসৰ্পৰ বিষ থাকে৷
14 មុខំ តេឞាំ ហិ ឝាបេន កបដេន ច បូយ៌្យតេ។
১৪সিহঁতৰ মুখ অভিশাপ আৰু কটুবাক্যৰে পৰিপূৰ্ণ৷
15 រក្តបាតាយ តេឞាំ តុ បទានិ ក្ឞិប្រគានិ ច។
১৫সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী৷
16 បថិ តេឞាំ មនុឞ្យាណាំ នាឝះ ក្លេឝឝ្ច កេវលះ។
১৬সিহঁতৰ সকলো পথত বিনাশ আৰু দূৰ্দশা হয়৷
17 តេ ជនា នហិ ជានន្តិ បន្ថានំ សុខទាយិនំ។
১৭সিহঁতে শান্তিৰ পথ নাজানিলে৷
18 បរមេឝាទ៑ ភយំ យត្តត៑ តច្ចក្ឞុឞោរគោចរំ។
১৮সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই৷”
19 វ្យវស្ថាយាំ យទ្យល្លិខតិ តទ៑ វ្យវស្ថាធីនាន៑ លោកាន៑ ឧទ្ទិឝ្យ លិខតីតិ វយំ ជានីមះ។ តតោ មនុឞ្យមាត្រោ និរុត្តរះ សន៑ ឦឝ្វរស្យ សាក្ឞាទ៑ អបរាធី ភវតិ។
১৯আমি জানো যে বিধানে যি যি কয়, বিধানৰ অধীনত থকা লোক সকলকহে কয়, যাতে তাৰ দ্বাৰাই সকলোৰে মুখ বন্ধ হয় আৰু গোটেই জগত ঈশ্বৰৰ আগত দণ্ডনীয় হয়৷
20 អតឯវ វ្យវស្ថានុរូបៃះ កម៌្មភិះ កឝ្ចិទបិ ប្រាណីឝ្វរស្យ សាក្ឞាត៑ សបុណ្យីក្ឫតោ ភវិតុំ ន ឝក្ឞ្យតិ យតោ វ្យវស្ថយា បាបជ្ញានមាត្រំ ជាយតេ។
২০কিয়নো বিধানৰ কৰ্মৰ দ্বাৰাই কোনো মানুহ তেওঁৰ আগত ধাৰ্মিক বুলি প্ৰমাণিত নহ’ব; কাৰণ বিধানৰ দ্বাৰাই পাপৰ বিষয়ে জ্ঞান জন্মে।
21 កិន្តុ វ្យវស្ថាយាះ ប្ឫថគ៑ ឦឝ្វរេណ ទេយំ យត៑ បុណ្យំ តទ៑ វ្យវស្ថាយា ភវិឞ្យទ្វាទិគណស្យ ច វចនៃះ ប្រមាណីក្ឫតំ សទ៑ ឥទានីំ ប្រកាឝតេ។
২১কিন্তু এতিয়া, যি বিষয়ত বিধান-শাস্ত্ৰ আৰু ভাববাদী সকলে সাক্ষ্য দিলে, ঈশ্বৰে এনে বিষয়ত ধাৰ্মিকতা বিনাবিধানে প্ৰকাশিত কৰিছে;
22 យីឝុខ្រីឞ្ដេ វិឝ្វាសករណាទ៑ ឦឝ្វរេណ ទត្តំ តត៑ បុណ្យំ សកលេឞុ ប្រកាឝិតំ សត៑ សវ៌្វាន៑ វិឝ្វាសិនះ ប្រតិ វត៌្តតេ។
২২ঈশ্বৰৰ সেই ধাৰ্মিকতা যীচু খ্ৰীষ্টত বিশ্বাস কৰাৰ দ্বাৰাই বিশ্বাস কৰা সকলোলৈ দিয়া হয়, কিয়নো ঈশ্ৱৰত কোনো প্ৰভেদ নাই৷
23 តេឞាំ កោបិ ប្រភេទោ នាស្តិ, យតះ សវ៌្វឯវ បាបិន ឦឝ្វរីយតេជោហីនាឝ្ច ជាតាះ។
২৩কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ’ল,
24 ត ឦឝ្វរស្យានុគ្រហាទ៑ មូល្យំ វិនា ខ្រីឞ្ដក្ឫតេន បរិត្រាណេន សបុណ្យីក្ឫតា ភវន្តិ។
২৪কিন্তু খ্ৰীষ্ট যীচুত যি মুক্তি, তাৰ দ্বাৰাই ঈশ্বৰৰ অনুগ্ৰহত বিনামূল্যে ধাৰ্মিক বুলি প্ৰমাণিত হ’ল।
25 យស្មាត៑ ស្វឝោណិតេន វិឝ្វាសាត៑ បាបនាឝកោ ពលី ភវិតុំ ស ឯវ បូវ៌្វម៑ ឦឝ្វរេណ និឝ្ចិតះ, ឥត្ថម៑ ឦឝ្វរីយសហិឞ្ណុត្វាត៑ បុរាក្ឫតបាបានាំ មាជ៌្ជនករណេ ស្វីយយាថាត៌្ហ្យំ តេន ប្រកាឝ្យតេ,
২৫কাৰণ ঈশ্বৰে যীচু খ্ৰীষ্টক তেওঁৰ তেজৰ দ্ৱাৰাই বিশ্বাসৰ প্ৰতিকাৰ স্ৱৰূপে, তেওঁৰ ধৈৰ্য-গুণত, পূৰ্বে কৰা নানা পাপৰ দণ্ড নিদিয়াকৈ থকাৰ কাৰণে, নিজ ধাৰ্মিকতা দেখুৱাবলৈ, তেওঁ যীচু খ্ৰীষ্টক দান কৰিলে৷
26 វត៌្តមានកាលីយមបិ ស្វយាថាត៌្ហ្យំ តេន ប្រកាឝ្យតេ, អបរំ យីឝៅ វិឝ្វាសិនំ សបុណ្យីកុវ៌្វន្នបិ ស យាថាត៌្ហិកស្តិឞ្ឋតិ។
২৬তেওঁ পুত্ৰ যীচুক দান কৰি আজিও দেখুৱাই যে, তেওঁ ন্যায়ৱান৷ ঈশ্বৰে এই কাৰ্য কৰিছে যাতে, তেওঁৰ ন্যায়পৰায়ণতা থাকে আৰু যদি কোনোৱে যীচুত বিশ্বাস কৰে, তেৱোঁ যেন ধাৰ্মিক ৰূপে প্ৰমাণিত হয়৷
27 តហ៌ិ កុត្រាត្មឝ្លាឃា? សា ទូរីក្ឫតា; កយា វ្យវស្ថយា? កិំ ក្រិយារូបវ្យវស្ថយា? ឥត្ថំ នហិ កិន្តុ តត៑ កេវលវិឝ្វាសរូបយា វ្យវស្ថយៃវ ភវតិ។
২৭তেনেহ’লে আত্ম-শ্লাঘা ক’ত? তাক দূৰ কৰা হ’ল। কেনেকুৱা বিধানেৰে? কৰ্মবোৰৰ দ্বাৰাই নে? নহয়; বিশ্বাসৰ বিধানেৰেহে।
28 អតឯវ វ្យវស្ថានុរូបាះ ក្រិយា វិនា កេវលេន វិឝ្វាសេន មានវះ សបុណ្យីក្ឫតោ ភវិតុំ ឝក្នោតីត្យស្យ រាទ្ធាន្តំ ទឝ៌យាមះ។
২৮এতেকে আমি সিদ্ধান্ত কৰিছোঁ যে, বিধানৰ কৰ্মৰ দ্বাৰা নহয়, বিশ্বাসেৰেহে মানুহ ধাৰ্মিক বুলি প্ৰমাণিত হয়৷
29 ស កិំ កេវលយិហូទិនាម៑ ឦឝ្វរោ ភវតិ? ភិន្នទេឝិនាម៑ ឦឝ្វរោ ន ភវតិ? ភិន្នទេឝិនាមបិ ភវតិ;
২৯ঈশ্বৰ অকল ইহুদী সকলৰ ঈশ্বৰ নে? তেওঁ অনা-ইহুদী সকলৰো ঈশ্ৱৰ নহয় জনো? অৱশ্যে, অনা-ইহুদী সকলৰো ঈশ্বৰ হয়৷
30 យស្មាទ៑ ឯក ឦឝ្វរោ វិឝ្វាសាត៑ ត្វក្ឆេទិនោ វិឝ្វាសេនាត្វក្ឆេទិនឝ្ច សបុណ្យីករិឞ្យតិ។
৩০প্ৰকৃততে ঈশ্ৱৰ যদি এজন, চুন্নৎ হোৱা সকলক বিশ্বাসৰ কাৰণে আৰু অচুন্নৎ সকলক বিশ্বাসৰ দ্বাৰাইহে ধাৰ্মিক বুলি প্ৰমাণিত কৰিব।
31 តហ៌ិ វិឝ្វាសេន វយំ កិំ វ្យវស្ថាំ លុម្បាម? ឥត្ថំ ន ភវតុ វយំ វ្យវស្ថាំ សំស្ថាបយាម ឯវ។
৩১তেনেহলে আমি বিশ্বাসৰ দ্বাৰাই বিধান লুপ্ত কৰিছোঁ নে? এনে যেন কেতিয়াও নহওক; ইয়াৰ পৰিৱর্তে অামি বিধান স্থিৰহে কৰিছোঁ।