< ឥព្រិណះ 9 >
1 ស ប្រថមោ និយម អារាធនាយា វិវិធរីតិភិរៃហិកបវិត្រស្ថានេន ច វិឝិឞ្ដ អាសីត៑។
১সেই প্ৰথম ব্যৱস্থাত এই জগতত সেৱা উপাসনা কৰিবলৈ নানা বিধান দিয়া হৈছিল আৰু উপাসনাৰ বাবে এটি বিশেষ মহা-পবিত্ৰ স্থান আছিল৷
2 យតោ ទូឞ្យមេកំ និរមីយត តស្យ ប្រថមកោឞ្ឋស្យ នាម បវិត្រស្ថានមិត្យាសីត៑ តត្រ ទីបវ្ឫក្ឞោ ភោជនាសនំ ទឝ៌នីយបូបានាំ ឝ្រេណី ចាសីត៑។
২সেই অনুসাৰে এটা তম্বু নির্ম্মাণ কৰা হৈছিল আৰু তাৰ ভিতৰত এটা কোঠালি যুগুত কৰিছিল৷ সেই তম্বুৰ প্ৰথম অংশক ‘অতি পবিত্ৰ স্থান’ বোলা হয়, তাতে দীপাধাৰ, মেজ আৰু ঈশ্বৰলৈ উৎসৰ্গ কৰা বিশেষ পিঠা থাকে।
3 តត្បឝ្ចាទ៑ ទ្វិតីយាយាស្តិរឞ្ករិណ្យា អភ្យន្តរេ ៜតិបវិត្រស្ថានមិតិនាមកំ កោឞ្ឋមាសីត៑,
৩আৰু দ্বিতীয় আঁৰ-কাপোৰৰ পাছফালে আন এটা অংশ আছিল, সেই অংশক ‘মহা-পবিত্ৰ স্থান’ বোলা হৈছিল৷
4 តត្រ ច សុវណ៌មយោ ធូបាធារះ បរិតះ សុវណ៌មណ្ឌិតា និយមមញ្ជូឞា ចាសីត៑ តន្មធ្យេ មាន្នាយាះ សុវណ៌ឃដោ ហារោណស្យ មញ្ជរិតទណ្ឌស្តក្ឞិតៅ និយមប្រស្តរៅ,
৪এই অংশত ধুপ জ্বলোৱাৰ কাৰণে সোণৰ বেদি অাৰু ব্যৱস্থাৰ নিয়ম-চন্দুক আছিল; ইয়াৰ চাৰিওফালে সোণৰ পতা মৰা আছিল আৰু তাৰ ভিতৰত আছিল মান্না থকা সোণৰ ঘট, হাৰোণৰ লাখুটি আৰু বিধান থকা দুখন শিলৰ ফলি।
5 តទុបរិ ច ករុណាសនេ ឆាយាការិណៅ តេជោមយៅ កិរូពាវាស្តាម៑, ឯតេឞាំ វិឝេឞវ្ឫត្តាន្តកថនាយ នាយំ សមយះ។
৫সেই চন্দুকৰ ওপৰত প্ৰতাপৰ দুটা সোণৰ কৰূব আছিল, সিহঁতৰ পাখিবোৰে সেই চন্দুকৰ ঢাকনিৰ ওপৰত ছাঁ দি ৰাখিছিল৷ এই সকলোৰ বিষয়ে আমি এতিয়া ভাঙি পাতি ক’বলৈ নোৱাৰিম।
6 ឯតេឞ្វីទ្ឫក៑ និម៌្មិតេឞុ យាជកា ឦឝ្វរសេវាម៑ អនុតិឞ្ឋនតោ ទូឞ្យស្យ ប្រថមកោឞ្ឋំ និត្យំ ប្រវិឝន្តិ។
৬এইদৰে সেইবোৰ নিৰ্ম্মিত হোৱাত পুৰোহিত সকলে উপাসনাৰ কাৰ্য সিদ্ধ কৰিবলৈ প্ৰথম কোঁঠালিত সদায় সোমায়;
7 កិន្តុ ទ្វិតីយំ កោឞ្ឋំ ប្រតិវឞ៌ម៑ ឯកក្ឫត្វ ឯកាកិនា មហាយាជកេន ប្រវិឝ្យតេ កិន្ត្វាត្មនិមិត្តំ លោកានាម៑ អជ្ញានក្ឫតបាបានាញ្ច និមិត្តម៑ ឧត្សជ៌្ជនីយំ រុធិរម៑ អនាទាយ តេន ន ប្រវិឝ្យតេ។
৭কিন্তু দ্বিতীয়টোত হ’লে, কেৱল মহা-পুৰোহিতে অকলে বছেৰেকত এবাৰ সোমায়; তেওঁ নিজৰ পাপৰ কাৰণে আৰু মানুহবোৰে নাজানি কৰা পাপৰ কাৰণে উৎসৰ্গ কৰা পশুৰ তেজ নোলোৱাকৈ নোসোমায়।
8 ឥត្យនេន បវិត្រ អាត្មា យត៑ ជ្ញាបយតិ តទិទំ តត៑ ប្រថមំ ទូឞ្យំ យាវត៑ តិឞ្ឋតិ តាវត៑ មហាបវិត្រស្ថានគាមី បន្ថា អប្រកាឝិតស្តិឞ្ឋតិ។
৮ইয়াতে পবিত্ৰ আত্মাই জনাইছে যে যিমান দিন এই প্ৰথম উপাসনাৰ তম্বু থাকিব সিমান দিনলৈ সেই মহা-পবিত্ৰ স্থানত সোমোৱা প্ৰৱেশৰ পথ খোলা নহব।
9 តច្ច ទូឞ្យំ វត៌្តមានសមយស្យ ទ្ឫឞ្ដាន្តះ, យតោ ហេតោះ សាម្ប្រតំ សំឝោធនកាលំ យាវទ៑ យន្និរូបិតំ តទនុសារាត៑ សេវាការិណោ មានសិកសិទ្ធិករណេៜសមត៌្ហាភិះ
৯ই আজিৰ কাৰণে এটা দৃষ্টান্ত স্বৰূপ; উৎসৰ্গিত বলি আৰু উপহাৰে উপাসনাকাৰীৰ বিবেকক সর্ম্পূণ ৰূপে নিখুঁত কৰিব পৰা নাই৷
10 កេវលំ ខាទ្យបេយេឞុ វិវិធមជ្ជនេឞុ ច ឝារីរិករីតិភិ រ្យុក្តានិ នៃវេទ្យានិ ពលិទានានិ ច ភវន្តិ។
১০এইবোৰ কেৱল আহাৰ, পানীয় আৰু নানা বিধ বাহ্যিক শুচিতাৰ স্নান; এই সকলো নতুন আদেশ নহালৈকে মাংসিক ধর্ম-বিধি মাত্ৰ৷
11 អបរំ ភាវិមង្គលានាំ មហាយាជកះ ខ្រីឞ្ដ ឧបស្ថាយាហស្តនិម៌្មិតេនាត៌្ហត ឯតត្ស្ឫឞ្ដេ រ្ពហិព៌្ហូតេន ឝ្រេឞ្ឋេន សិទ្ធេន ច ទូឞ្យេណ គត្វា
১১ভৱিষ্যত মঙ্গলৰ মহা-পুৰোহিত স্বৰূপে খ্ৰীষ্ট আহিল, তেওঁ অধিক মহত্ত্ব আৰু অধিক সিদ্ধতাৰ পবিত্ৰ তম্বুৱেদি আহিল, এই তম্বু মানুহৰ হাতেৰে বনোৱা নহয়, এই জগতৰ কোনো বস্তুৱেদিও নহয়৷
12 ឆាគានាំ គោវត្សានាំ វា រុធិរម៑ អនាទាយ ស្វីយរុធិរម៑ អាទាយៃកក្ឫត្វ ឯវ មហាបវិត្រស្ថានំ ប្រវិឝ្យានន្តកាលិកាំ មុក្តិំ ប្រាប្តវាន៑។ (aiōnios )
১২ছাগলীৰ আৰু দামুৰিৰ তেজৰ গুণে নহয়, কিন্তু তেওঁ নিজৰ তেজৰ গুণে খ্ৰীষ্ট একেবাৰতে সকলোৰে কাৰণে অতি পবিত্ৰ স্থানত সোমাই আমাৰ বাবে অনন্তকাল স্থায়ী মুক্তি উপাৰ্জ্জন কৰিলে। (aiōnios )
13 វ្ឫឞឆាគានាំ រុធិរេណ គវីភស្មនះ ប្រក្ឞេបេណ ច យទ្យឝុចិលោកាះ ឝារីរិឝុចិត្វាយ បូយន្តេ,
১৩ছাগ বা ভতৰাৰ তেজ আৰু চেঁউৰীৰ ভস্ম, এই সকলো অশুচি মানুহৰ ওপৰত চতিয়াই তেওঁলোকৰ শৰীৰৰ শুচিতাৰ কাৰণে পবিত্ৰ কৰে৷
14 តហ៌ិ កិំ មន្យធ្វេ យះ សទាតនេនាត្មនា និឞ្កលង្កពលិមិវ ស្វមេវេឝ្វរាយ ទត្តវាន៑, តស្យ ខ្រីឞ្ដស្យ រុធិរេណ យុឞ្មាកំ មនាំស្យមរេឝ្វរស្យ សេវាយៃ កិំ ម្ឫត្យុជនកេភ្យះ កម៌្មភ្យោ ន បវិត្រីការិឞ្យន្តេ? (aiōnios )
১৪তেনেহলে যি জনে অনন্ত আত্মাৰে ঈশ্বৰৰ উদ্দেশ্যে নিৰ্দোষী বলি স্বৰূপে নিজকে উৎসৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে আমাৰ বিবেকক মৃত কর্মৰ পৰা কিমান অধিক গুণে শুচি কৰিব! যাতে আমি জীৱনময় ঈশ্বৰৰ সেৱা কৰিব পাৰোঁ৷ (aiōnios )
15 ស នូតននិយមស្យ មធ្យស្ថោៜភវត៑ តស្យាភិប្រាយោៜយំ យត៑ ប្រថមនិយមលង្ឃនរូបបាបេភ្យោ ម្ឫត្យុនា មុក្តៅ ជាតាយាម៑ អាហូតលោកា អនន្តកាលីយសម្បទះ ប្រតិជ្ញាផលំ លភេរន៑។ (aiōnios )
১৫ঈশ্বৰে যি সকলক আমন্ত্ৰণ কৰি অনন্ত কালৰ অধিকাৰ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল, তেওঁলোকে যেন তাক পায়, সেই কাৰণে খ্ৰীষ্টে নতুন নিয়মৰ মধ্যস্থ হ’ল৷ তেওঁলোক সেইবোৰৰ অধিকাৰী হ’ব, কাৰণ প্ৰথম বিধান চলি থকাৰ সময়ত তেওঁলোকে যি পাপ কৰিলে, সেই পাপৰ পৰা তেওঁলোকক মুক্তি দিবলৈ খ্ৰীষ্টই আপোন প্ৰাণ দিলে৷ (aiōnios )
16 យត្រ និយមោ ភវតិ តត្រ និយមសាធកស្យ ពលេ រ្ម្ឫត្យុនា ភវិតវ្យំ។
১৬কোনোবাই নিয়ম-পত্ৰ কৰি গ’লে, যি জনে নিয়ম কৰিছে তেওঁৰ মৃত্যুৰ প্ৰমাণ পোৱা আৱশ্যক।
17 យតោ ហតេន ពលិនា និយមះ ស្ថិរីភវតិ កិន្តុ និយមសាធកោ ពលិ រ្យាវត៑ ជីវតិ តាវត៑ និយមោ និរត៌្ហកស្តិឞ្ឋតិ។
১৭মৃত্যু ঘটিলেহে নিয়ম-পত্ৰ কাৰ্যকৰী হয়; কাৰণ নিয়ম কৰা জন জীয়াই থাকে মানে সেই নিয়ম-পত্ৰ কাৰ্যকৰী নহয়৷
18 តស្មាត៑ ស បូវ៌្វនិយមោៜបិ រុធិរបាតំ វិនា ន សាធិតះ។
১৮ঠিক সেইদৰে সেই প্ৰথম বিধান তেজৰ বিনে স্থাপন নহ’ল।
19 ផលតះ សវ៌្វលោកាន៑ ប្រតិ វ្យវស្ថានុសារេណ សវ៌្វា អាជ្ញាះ កថយិត្វា មូសា ជលេន សិន្ទូរវណ៌លោម្នា ឯឞោវត្ឫណេន ច សាទ៌្ធំ គោវត្សានាំ ឆាគានាញ្ច រុធិរំ គ្ឫហីត្វា គ្រន្ថេ សវ៌្វលោកេឞុ ច ប្រក្ឞិប្យ ពភាឞេ,
১৯সকলো লোকৰ ওচৰত বিধানৰ প্ৰতিটো আদেশ ঘোষণা কৰাৰ পাছত মোচিয়ে দামুৰি আৰু ছাগৰ তেজ লৈ তাৰ লগত পানী মিহলাই উজ্বল ৰঙা বৰণীয়া মেষৰ নোম আৰু এচোব বনেৰে সৈতে বিধান পুস্তক আৰু সকলো মানুহৰ ওপৰত চতিয়াই দিছিল৷
20 យុឞ្មាន៑ អធីឝ្វរោ យំ និយមំ និរូបិតវាន៑ តស្យ រុធិរមេតត៑។
২০তেতিয়া তেওঁ কৈছিল “ঈশ্বৰে তোমালোকৰ উদ্দেশ্যে দিয়া যি বিধানৰ আজ্ঞা, এয়ে সেই নিয়মৰ তেজ।”
21 តទ្វត៑ ស ទូឞ្យេៜបិ សេវាត៌្ហកេឞុ សវ៌្វបាត្រេឞុ ច រុធិរំ ប្រក្ឞិប្តវាន៑។
২১উপাসনা তম্বু আৰু উপাসনাৰ কামত ব্যৱহৃত সকলো পাত্ৰৰ ওপৰত মোচিয়ে সেইদৰে তেজ ছটিয়াই দিছিল৷
22 អបរំ វ្យវស្ថានុសារេណ ប្រាយឝះ សវ៌្វាណិ រុធិរេណ បរិឞ្ក្រិយន្តេ រុធិរបាតំ វិនា បាបមោចនំ ន ភវតិ ច។
২২বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয়; তেজ উলিওৱা নহ’লে পাপ-মোচন নহয়।
23 អបរំ យានិ ស្វគ៌ីយវស្តូនាំ ទ្ឫឞ្ដាន្តាស្តេឞាម៑ ឯតៃះ បាវនម៑ អាវឝ្យកម៑ អាសីត៑ កិន្តុ សាក្ឞាត៑ ស្វគ៌ីយវស្តូនាម៑ ឯតេភ្យះ ឝ្រេឞ្ឋេ រ្ពលិទានៃះ បាវនមាវឝ្យកំ។
২৩এতেকে যি স্বৰ্গীয় বিষয়ৰ নকল মাত্ৰ, সেইবোৰ এই উপায়েৰে শুচি কৰা হোৱা আৱশ্যক; কিন্তু আচল যি স্বৰ্গীয় বিষয়, সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই শুচি কৰা হোৱা আৱশ্যক।
24 យតះ ខ្រីឞ្ដះ សត្យបវិត្រស្ថានស្យ ទ្ឫឞ្ដាន្តរូបំ ហស្តក្ឫតំ បវិត្រស្ថានំ ន ប្រវិឞ្ដវាន៑ កិន្ត្វស្មន្និមិត្តម៑ ឥទានីម៑ ឦឝ្វរស្យ សាក្ឞាទ៑ ឧបស្ថាតុំ ស្វគ៌មេវ ប្រវិឞ្ដះ។
২৪কিয়নো প্ৰকৃতিৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান, সেয়া সত্যৰ নকলহে মাত্র। খ্ৰীষ্ট সেই ঠাইত নোসোমাল; কিন্তু সম্প্ৰতি আমাৰ কাৰণে তেওঁ ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’বলৈ স্বৰ্গতহে সোমাল।
25 យថា ច មហាយាជកះ ប្រតិវឞ៌ំ បរឝោណិតមាទាយ មហាបវិត្រស្ថានំ ប្រវិឝតិ តថា ខ្រីឞ្ដេន បុនះ បុនរាត្មោត្សគ៌ោ ន កត៌្តវ្យះ,
২৫কিন্তু মহা-পুৰোহিতে যেনেকৈ পৰৰ তেজ লৈ বছৰে বছেৰে পবিত্ৰ স্থানত সোমায়, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উৎসৰ্গ কৰিবলৈ যে সোমাল, এনে নহয়;
26 កត៌្តវ្យេ សតិ ជគតះ ស្ឫឞ្ដិកាលមារភ្យ ពហុវារំ តស្យ ម្ឫត្យុភោគ អាវឝ្យកោៜភវត៑; កិន្ត្វិទានីំ ស អាត្មោត្សគ៌េណ បាបនាឝាត៌្ហម៑ ឯកក្ឫត្វោ ជគតះ ឝេឞកាលេ ប្រចកាឝេ។ (aiōn )
২৬সেয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখভোগ কৰিব লাগিলহেঁতেন; কিন্তু এতিয়া তেওঁ আত্ম-বলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ’ল। (aiōn )
27 អបរំ យថា មានុឞស្យៃកក្ឫត្វោ មរណំ តត៑ បឝ្ចាទ៑ វិចារោ និរូបិតោៜស្តិ,
২৭আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সোধ-বিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে,
28 តទ្វត៑ ខ្រីឞ្ដោៜបិ ពហូនាំ បាបវហនាត៌្ហំ ពលិរូបេណៃកក្ឫត្វ ឧត្សស្ឫជេ, អបរំ ទ្វិតីយវារំ បាបាទ៑ ភិន្នះ សន៑ យេ តំ ប្រតីក្ឞន្តេ តេឞាំ បរិត្រាណាត៌្ហំ ទឝ៌នំ ទាស្យតិ។
২৮তেনেকৈ খ্ৰীষ্টও অনেকৰ পাপৰ ভাৰ ববৰ কাৰণে এবাৰ উৎসৃ্ষ্ট হ’লত; দ্বিতীয় বাৰ বিনাপাপে তেওঁলৈ অপেক্ষা কৰি থকা সকলক তেওঁ পৰিত্রাণৰ অৰ্থে দৰ্শন দিব।