< prakāśitaṁ 16 >
1 tataḥ paraṁ mandirāt tān saptadūtān sambhāṣamāṇa ēṣa mahāravō mayāśrāvi, yūyaṁ gatvā tēbhyaḥ saptakaṁsēbhya īśvarasya krōdhaṁ pr̥thivyāṁ srāvayata|
১পাছত পবিত্ৰ মন্দিৰৰ পৰা এটা মহা-বাণী কোৱা শুনিলো আৰু সেই সাত জন দূতলৈ এইদৰে কলে, “তোমালোকে যোৱা আৰু ঈশ্বৰৰ ক্ৰোধৰ সেই সাতোটা বাটি পৃথিৱীত বাকি দিয়া।”
2 tataḥ prathamō dūtō gatvā svakaṁsē yadyad avidyata tat pr̥thivyām asrāvayat tasmāt paśōḥ kalaṅkadhāriṇāṁ tatpratimāpūjakānāṁ mānavānāṁ śarīrēṣu vyathājanakā duṣṭavraṇā abhavan|
২তেতিয়া প্ৰথম জন দূতে গৈ পৃথিৱীত নিজৰ বাটি বাকি দিলে; তাতে সেই পশুৰ ছাব থকা আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা লোক সকলৰ গাত জঘন্য আৰু ক্লেশ-দায়ক বিষম ঘা হ’ল।
3 tataḥ paraṁ dvitīyō dūtaḥ svakaṁsē yadyad avidyata tat samudrē 'srāvayat tēna sa kuṇapasthaśōṇitarūpyabhavat samudrē sthitāśca sarvvē prāṇinō mr̥tyuṁ gatāḥ|
৩দ্বিতীয় জন দূতে সাগৰত নিজৰ বাটি বাকি দিলে; তাতে সেয়ে মৃত লোকৰ তেজৰ নিচিনা হ’ল; আৰু সাগৰত থকা আটাই জীৱিত প্ৰাণী মৰিল।
4 aparaṁ tr̥tīyō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ nadīṣu jalaprasravaṇēṣu cāsrāvayat tatastāni raktamayānyabhavan| aparaṁ tōyānām adhipasya dūtasya vāgiyaṁ mayā śrutā|
৪তৃতীয় জন দূতে নদী আৰু জলৰ ভুমুকবোৰত নিজৰ বাটি বাকি দিলে; তাতে সেয়ে তেজ হৈ বৈ গ’ল।
5 varttamānaśca bhūtaśca bhaviṣyaṁśca paramēśvaraḥ| tvamēva nyāyyakārī yad ētādr̥k tvaṁ vyacārayaḥ|
৫তেতিয়া জলৰ দূত জনক এই কথা কোৱা শুনিলোঁ, “তুমি ন্যায়ৱান, যি জন আছে আৰু যি জন আছিল, সেই জন পবিত্ৰ, কিয়নো তুমি এনে সোধ-বিচাৰ উপনিত কৰিলা।
6 bhaviṣyadvādisādhūnāṁ raktaṁ tairēva pātitaṁ| śōṇitaṁ tvantu tēbhyō 'dāstatpānaṁ tēṣu yujyatē||
৬যিহেতু তেওঁলোকে তোমাৰ পবিত্ৰ লোক আৰু ভাববাদী সকলৰ ৰক্তপাত কৰিলে, সেয়েহে তুমিও তেওঁলোকক পান কৰিবলৈ তেজ দিলা; তেওঁলোক ইয়াৰ যোগ্য৷”
7 anantaraṁ vēdītō bhāṣamāṇasya kasyacid ayaṁ ravō mayā śrutaḥ, hē paraśvara satyaṁ tat hē sarvvaśaktiman prabhō| satyā nyāyyāśca sarvvā hi vicārājñāstvadīyakāḥ||
৭পাছত মই বেদিয়ে এই কথা কোৱা শুনিলোঁ, “হয়, হে সকলোৰে ওপৰত শাসন কৰা প্ৰভু পৰমেশ্বৰ, তোমাৰ বিচাৰ-আজ্ঞাবোৰ সত্য আৰু ন্যায়।”
8 anantaraṁ caturthō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ sūryyē 'srāvayat tasmai ca vahninā mānavān dagdhuṁ sāmarthyam adāyi|
৮চতুৰ্থ দূত জনে সুৰ্য্যৰ ওপৰত নিজৰ বাটি বাকি দিলে; আৰু মানুহক জুইৰে তাপিত কৰিবলৈ তেওঁক ক্ষমতা দিয়া হ’ল।
9 tēna manuṣyā mahātāpēna tāpitāstēṣāṁ daṇḍānām ādhipatyaviśiṣṭasyēśvarasya nāmānindan tatpraśaṁsārthañca manaḥparivarttanaṁ nākurvvan|
৯তেতিয়া মানুহবোৰে বৰ তাপেৰে তাপিত হৈ, এইবোৰ উৎপাতৰ ওপৰত ক্ষমতা থকা ঈশ্বৰৰ নামক নিন্দা কৰিলে৷ সিহঁতে তেওঁৰ মহিমা স্বীকাৰ নকৰিলে আৰু মন-পালটন নকৰিলে।
10 tataḥ paraṁ pañcamō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ paśōḥ siṁhāsanē 'srāvayat tēna tasya rāṣṭraṁ timirācchannam abhavat lōkāśca vēdanākāraṇāt svarasanā adaṁdaśyata|
১০পঞ্চম দূত জনে পশুৰ সিংহাসনৰ ওপৰত নিজৰ বাটি বাকি দিলে; তাতে তাৰ ৰাজ্য অন্ধকাৰময় হ’ল; আৰু তেওঁলোকে মনোকষ্টত নিজ নিজ জিভা কামুৰিলে;
11 svakīyavyathāvraṇakāraṇācca svargastham anindan svakriyābhyaśca manāṁsi na parāvarttayan|
১১আৰু নিজ নিজ বেদনা আৰু ঘা বোৰৰ কাৰণে স্বৰ্গৰ ঈশ্বৰক নিন্দা কৰি নিজ নিজ কৰ্মৰ পৰা মন-পালটন নকৰিলে।
12 tataḥ paraṁ ṣaṣṭhō dūtaḥ svakaṁsē yadyad avidyata tat sarvvaṁ pharātākhyō mahānadē 'srāvayat tēna sūryyōdayadiśa āgamiṣyatāṁ rājñāṁ mārgasugamārthaṁ tasya tōyāni paryyaśuṣyan|
১২ষষ্ঠ দূত জনে ফৰাৎ মহা-নদীত নিজৰ বাটি বাকি দিলে; তাতে পূব দিশৰ পৰা অহা ৰজা সকলৰ পথ প্ৰস্তুত কৰিবলৈ, সেই নদীৰ পানী শুকাই গ’ল।
13 anantaraṁ nāgasya vadanāt paśō rvadanāt mithyābhaviṣyadvādinaśca vadanāt nirgacchantastrayō 'śucaya ātmānō mayā dr̥ṣṭāstē maṇḍūkākārāḥ|
১৩পাছত সেই ড্ৰেগনৰ মুখৰ পৰা, পশুৰ মুখৰ পৰা আৰু ভাঁৰিকোৱা ভাববাদীৰ মুখৰ পৰা, ভেকুলিৰ সদৃশ তিনটা অশুচি আত্মা ওলোৱা দেখিলোঁ।
14 ta āścaryyakarmmakāriṇō bhūtānām ātmānaḥ santi sarvvaśaktimata īśvarasya mahādinē yēna yuddhēna bhavitavyaṁ tatkr̥tē kr̥tsrajagatō rājñāḥ saṁgrahītuṁ tēṣāṁ sannidhiṁ nirgacchanti|
১৪কিয়নো সিহঁত ভূতবোৰৰ আত্মা, আচৰিত চিন দেখুৱাওঁতা; সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজা সকলক গোট খুৱাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ ওলাই গ’ল।
15 aparam ibribhāṣayā harmmagiddōnāmakasthanē tē saṅgr̥hītāḥ|
১৫(মন কৰিবা! মই চোৰৰনিচিনাকৈ আহিম। ধন্য এনে লোক যি জনে নিজ গাত বস্ত্ৰ ৰাখিজাগি থাকে, যাতে তেওঁ উলঙ্গ হৈ বাহিৰলৈ ওলাব নালাগে আৰু তেওঁৰ লাজ আন লোকে দেখা নাপায়।)
16 paśyāhaṁ cairavad āgacchāmi yō janaḥ prabuddhastiṣṭhati yathā ca nagnaḥ san na paryyaṭati tasya lajjā ca yathā dr̥śyā na bhavati tathā svavāsāṁsi rakṣati sa dhanyaḥ|
১৬পাছত সিহঁতে ইব্ৰী ভাষাত হৰমাগিদ্দোন বোলা এখন ঠাইত ৰজা সকলক গোট খোৱালে।
17 tataḥ paraṁ saptamō dūtaḥ svakaṁsē yadyad avidyata tat sarvvam ākāśē 'srāvayat tēna svargīyamandiramadhyasthasiṁhāsanāt mahāravō 'yaṁ nirgataḥ samāptirabhavaditi|
১৭সপ্তম দূত জনে আকাশত নিজৰ বাটি বাকি দিলে; তাতে সেই মন্দিৰ আৰু সিংহাসনৰ পৰা এই মহা-বাণী ওলাল, ‘এইটো কৰা হ’ল৷’
18 tadanantaraṁ taḍitō ravāḥ stanitāni cābhavan, yasmin kālē ca pr̥thivyāṁ manuṣyāḥ sr̥ṣṭāstam ārabhya yādr̥ṅmahābhūmikampaḥ kadāpi nābhavat tādr̥g bhūkampō 'bhavat|
১৮তেতিয়া বিজুলী, গুমগুমনি, মেঘ-গৰ্জ্জন আৰু মহা-ভুমিকম্প হ’ল, তেনে ভুমিকম্প পৃথিৱীত মনুষ্য সৃষ্টি হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল; এই ভুমিকম্প অতি ভয়ানক আছিল৷
19 tadānīṁ mahānagarī trikhaṇḍā jātā bhinnajātīyānāṁ nagarāṇi ca nyapatan mahābābil cēśvarēṇa svakīyapracaṇḍakōpamadirāpātradānārthaṁ saṁsmr̥tā|
১৯তাতে মহা-নগৰ খন তিনি ভাগত বিভক্ত হ’ল আৰু অনা-ইহুদী সকলৰ নগৰবোৰ পৰিল; আৰু ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসেৰে পৰিপূৰ্ণ পান-পাত্ৰ সেই মহান বাবিলক দিবলৈ, ঈশ্বৰৰ দৃষ্টিতে তাক সোঁৱৰণ কৰা গ’ল।
20 dvīpāśca palāyitā girayaścāntahitāḥ|
২০আৰু আটাই দ্বীপ নোহোৱা হ’ল, পৰ্বতবোৰো পুনৰ পোৱা নগ’ল।
21 gaganamaṇḍalācca manuṣyāṇām uparyyēkaikadrōṇaparimitaśilānāṁ mahāvr̥ṣṭirabhavat tacchilāvr̥ṣṭēḥ klēśāt manuṣyā īśvaram anindam yatastajjātaḥ klēśō 'tīva mahān|
২১আৰু মানুহৰ ওপৰত, আকাশৰ পৰা এমোন এমোন গধুৰৰ মহা-শিলাবৃষ্টি হ’ল; এই শিলা-বৃষ্টিৰূপ উৎপাতৰ কাৰণে মানুহে ঈশ্বৰক নিন্দা কৰিলে; কিয়নো সেই উৎপাত অতি ভয়ানক।