< 1 tīmathiyaḥ 3 >
1 yadi kaścid adhyakṣapadam ākāṅkṣatē tarhi sa uttamaṁ karmma lipsata iti satyaṁ|
১কোনোৱে যদি অধ্যক্ষ পদৰ বাবে আকাংক্ষা কৰে, তেনেহলে তেওঁ উত্তম কৰ্মলৈ ইচ্ছা কৰে, এই কথা বিশ্বাসযোগ্য।
2 atō'dhyakṣēṇāninditēnaikasyā yōṣitō bhartrā parimitabhōgēna saṁyatamanasā sabhyēnātithisēvakēna śikṣaṇē nipuṇēna
২এতেকে অধ্যক্ষ নিৰ্দোষী, এজনী তিৰোতাৰ স্বামী, পৰিমিত ভোগী, বিবেচক, পৰিপাটি, অতিথি সেৱক, শিক্ষা দিয়াত নিপুন
3 na madyapēna na prahārakēṇa kintu mr̥dubhāvēna nirvvivādēna nirlōbhēna
৩আৰু মদপী বা প্ৰহাৰক নহৈ, ক্ষান্ত স্বভাৱী, নিৰ্ব্বিৰোধী, নিৰ্ল্লোভী, অৰ্থাৎ ধনক প্ৰেম নকৰা উচিত৷
4 svaparivārāṇām uttamaśāsakēna pūrṇavinītatvād vaśyānāṁ santānānāṁ niyantrā ca bhavitavyaṁ|
৪সেই লোক জনে যেন নিজৰ ঘৰৰ লোক সকলক উত্তমৰূপে শাসন কৰে আৰু তেওঁৰ সন্তানবোৰে যেন সকলো সন্মানেৰে তেওঁক মানি চলে৷
5 yata ātmaparivārān śāsituṁ yō na śaknōti tēnēśvarasya samitēstattvāvadhāraṇaṁ kathaṁ kāriṣyatē?
৫কিয়নো এজন লোকে যদি নিজৰ ঘৰৰ লোক সকলকেই শাসন কৰিব নোৱাৰে তেনেহলে তেওঁ কেনেকৈ ঈশ্ৱৰৰ মণ্ডলীৰ তত্ত্ৱাৱধান কৰিব?
6 aparaṁ sa garvvitō bhūtvā yat śayatāna iva daṇḍayōgyō na bhavēt tadarthaṁ tēna navaśiṣyēṇa na bhavitavyaṁ|
৬তেওঁ নতুন শিষ্য হব নালাগে, কিয়নো তেওঁ যেন গর্ব-অহংকাৰত নপৰে আৰু চয়তানৰ দ্ৱাৰা যেন দণ্ড পোৱা নহয়৷
7 yacca nindāyāṁ śayatānasya jālē ca na patēt tadarthaṁ tēna bahiḥsthalōkānāmapi madhyē sukhyātiyuktēna bhavitavyaṁ|
৭ইয়াৰ ওপৰিও তেওঁ বাহিৰত থকা লোক সকলৰ মাজত সুখ্যাতিযুক্ত হোৱা দৰকাৰ, যাতে তেওঁ নিন্দিত নহয় আৰু চয়তানৰ ফান্দত নপৰে; এই কাৰণে সুখ্যাতি থকা লোক হব লাগে৷
8 tadvat paricārakairapi vinītai rdvividhavākyarahitai rbahumadyapānē 'nāsaktai rnirlōbhaiśca bhavitavyaṁ,
৮সেইদৰে পৰিচাৰক সকল ধীৰ, শ্ৰদ্ধাৰ যোগ্য হব লাগে; তেওঁলোক দুতলীয়া, কথকী, দ্ৰাক্ষাৰসত অতি আসক্ত থকা আৰু কুচ্ছিত লাভ বিচৰা লোক হব নালাগে৷
9 nirmmalasaṁvēdēna ca viśvāsasya nigūḍhavākyaṁ dhātivyañca|
৯তেওঁলোকে সদায় নিৰ্মল বিবেকত বিশ্বাসৰ নিগূঢ়-তত্ত্ব সাঁচি ৰখা উচিত৷
10 agrē tēṣāṁ parīkṣā kriyatāṁ tataḥ param aninditā bhūtvā tē paricaryyāṁ kurvvantu|
১০প্ৰথমে তেওঁলোকে নিজকে পৰীক্ষা কৰক, পাছত নিৰ্দোষী হলেহে পৰিচাৰকৰ কাৰ্য কৰক।
11 aparaṁ yōṣidbhirapi vinītābhiranapavādikābhiḥ satarkābhiḥ sarvvatra viśvāsyābhiśca bhavitavyaṁ|
১১পৰিচাৰিকা মহিলা সকলো সন্মানৰ যোগ্য হব লাগে৷ তেওঁলোক যেন অপবাদ দিওতা নহয়, কিন্তু নিজক সংযম কৰি ৰখা, ধীৰ, আৰু সকলো বিষয়তে তেওঁলোক যেন বিশ্বাসযোগ্য হয়৷
12 paricārakā ēkaikayōṣitō bharttārō bhavēyuḥ, nijasantānānāṁ parijanānāñca suśāsanaṁ kuryyuśca|
১২পৰিচাৰক সকলে এগৰাকী মহিলাৰ স্বামী হৈ নিজ নিজ সন্তান আৰু নিজ ঘৰ খন উত্তমৰূপে শাসন কৰক।
13 yataḥ sā paricaryyā yai rbhadrarūpēṇa sādhyatē tē śrēṣṭhapadaṁ prāpnuvanti khrīṣṭē yīśau viśvāsēna mahōtsukā bhavanti ca|
১৩কিয়নো যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচাৰকৰ কাৰ্য কৰে, তেওঁলোকে নিজলৈ সুনাম অৰ্জন কৰে আৰু খ্ৰীষ্ট যীচুত তেওঁলোক বিশ্বাসত সাহসী হয়৷
14 tvāṁ pratyētatpatralēkhanasamayē śīghraṁ tvatsamīpagamanasya pratyāśā mama vidyatē|
১৪মই তোমাৰ বাবে এইবোৰ কথা লিখিলোঁ আৰু সোনকালে মই তোমাৰ তালৈ যাবলৈ আশা কৰি আছোঁ৷
15 yadi vā vilambēya tarhīśvarasya gr̥hē 'rthataḥ satyadharmmasya stambhabhittimūlasvarūpāyām amarēśvarasya samitau tvayā kīdr̥śa ācāraḥ karttavyastat jñātuṁ śakṣyatē|
১৫কিন্তু মই যদি পলমো কৰোঁ, তথাপি তুমি সত্যতাৰ স্তম্ভ আৰু ভিক্তিমুল স্ৱৰূপ যি ঈশ্বৰৰ গৃহ, অৰ্থাৎ জীৱনময় ঈশ্ৱৰৰ মণ্ডলীত কেনে আচাৰ-ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে জানিবৰ বাবে এইবোৰ কথা তোমালৈ লিখিলোঁ; কিয়নো মণ্ডলী হৈছে সত্যৰ স্তম্ভ আৰু ভিত্তিমুল৷
16 aparaṁ yasya mahattvaṁ sarvvasvīkr̥tam īśvarabhaktēstat nigūḍhavākyamidam īśvarō mānavadēhē prakāśita ātmanā sapuṇyīkr̥tō dūtaiḥ sandr̥ṣṭaḥ sarvvajātīyānāṁ nikaṭē ghōṣitō jagatō viśvāsapātrībhūtastējaḥprāptayē svargaṁ nītaścēti|
১৬আৰু একেলগে আমি একমত হৈ কওঁ যে, “ভক্তিৰ নিগূঢ় সত্য অতি মহান৷ তেওঁ মাংসত প্ৰকাশিত হ’ল, আত্মাত ধাৰ্মিক বুলি গণিত কৰা হ’ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল, অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল, জগতত বিশ্বাস কৰা হ’ল, প্ৰতাপত তুলি নিয়া হ’ল।”