< မထိး 12 >

1 အနန္တရံ ယီၑု ရွိၑြာမဝါရေ ၑ္သျမဓျေန ဂစ္ဆတိ, တဒါ တစ္ဆိၐျာ ဗုဘုက္ၐိတား သန္တး ၑ္သျမဉ္ဇရီၑ္ဆတွာ ဆိတွာ ခါဒိတုမာရဘန္တ၊
এদিন বিশ্ৰামবাৰে শিষ্য সকলৰ সৈতে যীচু শস্যক্ষেত্ৰৰ মাজেদি গৈ আছিল। সেই সময়ত তেওঁৰ শিষ্য সকলৰ ভোক লাগিছিল বাবে তেওঁলোকে শস্যৰ থোক ছিঙি ছিঙি খাইছিল।
2 တဒ် ဝိလောကျ ဖိရူၑိနော ယီၑုံ ဇဂဒုး, ပၑျ ဝိၑြာမဝါရေ ယတ် ကရ္မ္မာကရ္တ္တဝျံ တဒေဝ တဝ ၑိၐျား ကုရွွန္တိ၊
ইয়াকে দেখি ফৰীচী সকলে তেওঁক ক’লে, “চাওক, বিধানৰ মতে বিশ্ৰামবাৰে যি কৰ্ম কৰিব নাপায়, সেই কৰ্ম আপোনাৰ শিষ্য সকলে কৰিছে।”
3 သ တာန် ပြတျာဝဒတ, ဒါယူဒ် တတ္သင်္ဂိနၑ္စ ဗုဘုက္ၐိတား သန္တော ယတ် ကရ္မ္မာကုရွွန် တတ် ကိံ ယုၐ္မာဘိ ရ္နာပါဌိ?
তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ সঙ্গী সকলৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁ যি কৰিছিল সেই বিষয়ে জানো আপোনালোকে পঢ়া নাই?
4 ယေ ဒရ္ၑနီယား ပူပါး ယာဇကာန် ဝိနာ တသျ တတ္သင်္ဂိမနုဇာနာဉ္စာဘောဇနီယာသ္တ ဤၑွရာဝါသံ ပြဝိၐ္ဋေန တေန ဘုက္တား၊
কেনেকৈ, তেওঁ ঈশ্বৰৰ গৃহত সোমাই উৎসর্গৰ পিঠা খাইছিল; সেই দর্শন পিঠা বিধানৰ মতে তেওঁ আৰু তেওঁৰ লগত থকা সকলে অৱশ্যেই খোৱা উচিত নাছিল৷ সেই পিঠা কেৱল পুৰোহিত সকলেহে খাব পাৰে।
5 အနျစ္စ ဝိၑြာမဝါရေ မဓျေမန္ဒိရံ ဝိၑြာမဝါရီယံ နိယမံ လငွန္တောပိ ယာဇကာ နိရ္ဒောၐာ ဘဝန္တိ, ၑာသ္တြမဓျေ ကိမိဒမပိ ယုၐ္မာဘိ ရ္န ပဌိတံ?
তাৰোপৰি আপোনালোকে মোচিৰ বিধান-শাস্ত্ৰত পঢ়া নাই নে, বিশ্রামবাৰে যে পুৰোহিত সকলে মন্দিৰত কাম কৰি বিশ্ৰামবাৰৰ নিয়ম উলঙ্ঘন কৰিলেও নিৰ্দোষী হয়?
6 ယုၐ္မာနဟံ ဝဒါမိ, အတြ သ္ထာနေ မန္ဒိရာဒပိ ဂရီယာန် ဧက အာသ္တေ၊
কিন্তু মই আপোনালোকক কওঁ, মন্দিৰতকৈয়ো মহান এজন ইয়াত আছে।
7 ကိန္တု ဒယာယာံ မေ ယထာ ပြီတိ ရ္န တထာ ယဇ္ဉကရ္မ္မဏိ၊ ဧတဒွစနသျာရ္ထံ ယဒိ ယုယမ် အဇ္ဉာသိၐ္ဋ တရှိ နိရ္ဒောၐာန် ဒေါၐိဏော နာကာရ္ၐ္ဋ၊
‘মই বলিদান নোখোজো, দয়াহে খোজো’শাস্ত্রৰ এই কথাৰ অৰ্থ আপোনালোকে জনা হ’লে, নিৰ্দ্দোষী সকলক দোষী নকৰিলেহেঁতেন।
8 အနျစ္စ မနုဇသုတော ဝိၑြာမဝါရသျာပိ ပတိရာသ္တေ၊
কিয়নো মানুহৰ পুত্ৰই বিশ্ৰামবাৰৰ অধিপতি।”
9 အနန္တရံ သ တတ္သ္ထာနာတ် ပြသ္ထာယ တေၐာံ ဘဇနဘဝနံ ပြဝိၐ္ဋဝါန်, တဒါနီမ် ဧကး ၑုၐ္ကကရာမယဝါန် ဥပသ္ထိတဝါန်၊
তাৰ পাছত যীচু সেই ঠাইৰ পৰা গ’ল আৰু তেওঁলোকৰ নাম-ঘৰত সোমাল।
10 တတော ယီၑုမ် အပဝဒိတုံ မာနုၐား ပပြစ္ဆုး, ဝိၑြာမဝါရေ နိရာမယတွံ ကရဏီယံ န ဝါ?
১০তাত এজন মানুহ আছিল, আৰু সেই মানুহ জনৰ এখন হাত শুকাই গৈছিল। যীচুক পাপ কৰাৰ অপৰাধত দোষ দিবৰ উদ্দেশ্যে ফৰীচী সকলে তেওঁক সুধিলে, “বিধান অনুসাৰে বিশ্ৰামবাৰে সুস্থ কৰিব পায় নে?”
11 တေန သ ပြတျုဝါစ, ဝိၑြာမဝါရေ ယဒိ ကသျစိဒ် အဝိ ရ္ဂရ္တ္တေ ပတတိ, တရှိ ယသ္တံ ဃၖတွာ န တောလယတိ, ဧတာဒၖၑော မနုဇော ယုၐ္မာကံ မဓျေ က အာသ္တေ?
১১তাতে তেওঁ তেওঁলোকক ক’লে, “আপোনালোকৰ মাজৰ কাৰোবাৰ যদি কেৱল এটা মেৰথাকে আৰু সেই মেষটোযদি বিশ্ৰামবাৰে গাতত পৰে, তেনেহলে তাক ধৰি তুলি আনিবলৈ নোযোৱা কোনোবা আছে নে?
12 အဝေ ရ္မာနဝး ကိံ နဟိ ၑြေယာန်? အတော ဝိၑြာမဝါရေ ဟိတကရ္မ္မ ကရ္တ္တဝျံ၊
১২তেনেহলে মেৰতকৈমানুহ কিমান বহুমূলীয়া! এই হেতুকে, বিশ্ৰামবাৰে ভাল কৰ্ম কৰা বিধানযুক্ত।”
13 အနန္တရံ သ တံ မာနဝံ ဂဒိတဝါန်, ကရံ ပြသာရယ; တေန ကရေ ပြသာရိတေ သောနျကရဝတ် သွသ္ထော'ဘဝတ်၊
১৩তাৰ পাছত যীচুৱে সেই মানুহ জনক ক’লে, “তোমাৰ হাত খন মেলি দিয়া।” তাতে মানুহ জনে নিজৰ হাত খন মেলি দিয়াত, সেই হাত খন সম্পূর্ণ সুস্থ হৈ আন খন হাতৰ নিচিনা হ’ল।
14 တဒါ ဖိရူၑိနော ဗဟိရ္ဘူယ ကထံ တံ ဟနိၐျာမ ဣတိ ကုမန္တြဏာံ တတ္ပြာတိကူလျေန စကြုး၊
১৪তেতিয়া ফৰীচী সকল বাহিৰলৈ ওলাই গ’ল আৰু যীচুক বধ কৰিবৰ কাৰণে তেওঁৰ বিৰুদ্ধে চক্রান্ত কৰিবলৈ ধৰিলে।
15 တတော ယီၑုသ္တဒ် ဝိဒိတွာ သ္ထနာန္တရံ ဂတဝါန်; အနျေၐု ဗဟုနရေၐု တတ္ပၑ္စာဒ် ဂတေၐု တာန် သ နိရာမယာန် ကၖတွာ ဣတျာဇ္ဉာပယတ်,
১৫যীচুৱে সেই বিষয়ে বুজি পোৱাত, তেওঁ তাৰ পৰা আতৰি গ’ল৷ তেতিয়া বহু মানুহ তেওঁৰ পাছে পাছে গ’ল আৰু সেই লোক সকলক তেওঁ সুস্থ কৰিলে।
16 ယူယံ မာံ န ပရိစာယယတ၊
১৬যীচুৱে তেওঁলোকক তেওঁৰ বিষয়ে আনৰ আগতকৈ নুফুৰিবলৈ সাৱধান কৰি দিলে।
17 တသ္မာတ် မမ ပြီယော မနောနီတော မနသသ္တုၐ္ဋိကာရကး၊ မဒီယး သေဝကော ယသ္တု ဝိဒျတေ တံ သမီက္ၐတာံ၊ တသျောပရိ သွကီယာတ္မာ မယာ သံသ္ထာပယိၐျတေ၊ တေနာနျဒေၑဇာတေၐု ဝျဝသ္ထာ သံပြကာၑျတေ၊
১৭এইদৰে যিচয়া ভাৱবাদীৰ যোগেদি কোৱা এই কথা পূর্ণ হ’ল; বোলে-
18 ကေနာပိ န ဝိရောဓံ သ ဝိဝါဒဉ္စ ကရိၐျတိ၊ န စ ရာဇပထေ တေန ဝစနံ ၑြာဝယိၐျတေ၊
১৮“চোৱা, তেওঁ মোৰ সেৱক, তেওঁক মই মনোনীত কৰিলোঁ। তেৱেঁই মোৰ প্ৰিয়জন, মোৰ প্রাণ তেওঁতেই পৰম সন্তুষ্ট হয়। মই তেওঁৰ ওপৰত মোৰ আত্মা দিম, তাতে তেওঁ অনা-ইহুদী সকলক ন্যায়-বিচাৰ ঘোষণা কৰিব।
19 ဝျဝသ္ထာ စလိတာ ယာဝတ် နဟိ တေန ကရိၐျတေ၊ တာဝတ် နလော ဝိဒီရ္ဏော'ပိ ဘံက္ၐျတေ နဟိ တေန စ၊ တထာ သဓူမဝရ္တ္တိဉ္စ န သ နိရွွာပယိၐျတေ၊
১৯তেওঁ দ্বন্দ্ব নকৰিব বা আটাহ নাপাৰিব; আলিবাটত কোনেও তেওঁৰ মাত নুশুনিব!
20 ပြတျာၑာဉ္စ ကရိၐျန္တိ တန္နာမ္နိ ဘိန္နဒေၑဇား၊
২০ন্যায়-বিচাৰ জয়যুক্তলৈ প্রচাৰ নকৰে মানে, তেওঁ থেতেলি যোৱা নল নাভাঙিব, ধোৱাঁই থকা শলিতাও নুনুমাব;
21 ယာနျေတာနိ ဝစနာနိ ယိၑယိယဘဝိၐျဒွါဒိနာ ပြောက္တာနျာသန်, တာနိ သဖလာနျဘဝန်၊
২১আৰু অনা-ইহুদী সকলে তেওঁৰ নামত আশা ৰাখিব।”
22 အနန္တရံ လောကဲ သ္တတ္သမီပမ် အာနီတော ဘူတဂြသ္တာန္ဓမူကဲကမနုဇသ္တေန သွသ္ထီကၖတး, တတး သော'န္ဓော မူကော ဒြၐ္ဋုံ ဝက္တုဉ္စာရဗ္ဓဝါန်၊
২২সেই সময়ত মানুহ কিছুমানে ভূতে পোৱা মানুহ এজনক যীচুৰ ওচৰলৈ লৈ আহিল। মানুহ জন অন্ধ আৰু বোবা আছিল। যীচুৱে তেওঁক সুস্থ কৰাত সেই বোবাই কথা ক’লে আৰু দৃষ্টিও পালে।
23 အနေန သရွွေ ဝိသ္မိတား ကထယာဉ္စကြုး, ဧၐး ကိံ ဒါယူဒး သန္တာနော နဟိ?
২৩তাতে সকলো লোকে বিস্ময় মানি ক’লে, “এই মানুহ দায়ুদৰ বংশধৰ হ’ব পাৰে নে?”
24 ကိန္တု ဖိရူၑိနသ္တတ် ၑြုတွာ ဂဒိတဝန္တး, ဗာလ္သိဗူဗ္နာမ္နော ဘူတရာဇသျ သာဟာယျံ ဝိနာ နာယံ ဘူတာန် တျာဇယတိ၊
২৪ফৰীচী সকলে যীচুৰ এই আচৰিত কার্যৰ কথা শুনি ক’লে, “এই মানুহে ভূতবোৰৰ ৰজা বেলচবূবৰ সহায় অবিহনে ভূতক নেখেদায়।”
25 တဒါနီံ ယီၑုသ္တေၐာမ် ဣတိ မာနသံ ဝိဇ္ဉာယ တာန် အဝဒတ် ကိဉ္စန ရာဇျံ ယဒိ သွဝိပက္ၐာဒ် ဘိဒျတေ, တရှိ တတ် ဥစ္ဆိဒျတေ; ယစ္စ ကိဉ္စန နဂရံ ဝါ ဂၖဟံ သွဝိပက္ၐာဒ် ဝိဘိဒျတေ, တတ် သ္ထာတုံ န ၑက္နောတိ၊
২৫কিন্তু যীচুৱে ফৰীচী সকলৰ মনৰ ভাব বুজিব পাৰি তেওঁলোকক ক’লে, “যি ৰাজ্য নিজৰ মাজতে বিবাদ কৰি ভাগ ভাগ হয়, সেই ৰাজ্য ধ্বংস হয় আৰু যি নগৰ বা পৰিয়াল নিজৰ মাজতে বিবাদত লিপ্ত হৈ বিভক্ত হয়, সেই নগৰ বা পৰিয়াল বর্তি নাথাকিব।
26 တဒွတ် ၑယတာနော ယဒိ ၑယတာနံ ဗဟိး ကၖတွာ သွဝိပက္ၐာတ် ပၖထက် ပၖထက် ဘဝတိ, တရှိ တသျ ရာဇျံ ကေန ပြကာရေဏ သ္ထာသျတိ?
২৬চয়তানে যদি চয়তানকে খেদায়, তেনেহলে সি নিজৰ মাজতে ভাগ ভাগ হয়; তেতিয়া তাৰ ৰাজ্য কেনেকৈ বর্তি থাকিব?
27 အဟဉ္စ ယဒိ ဗာလ္သိဗူဗာ ဘူတာန် တျာဇယာမိ, တရှိ ယုၐ္မာကံ သန္တာနား ကေန ဘူတာန် တျာဇယန္တိ? တသ္မာဒ် ယုၐ္မာကမ် ဧတဒွိစာရယိတာရသ္တ ဧဝ ဘဝိၐျန္တိ၊
২৭মই যদি বেলচবূবৰ শক্তিৰ সহায়ত ভূতৰ আত্মা খেদাও, তেনেহলে আপোনালোকৰ অনুগামী সকলে কি শক্তিৰ সহায়ত সিহঁতক খেদায়? গতিকে আপোনালোকৰ অনুগামী সকলে আপোনালোকক সঠিক কথা কৈছে নে নাই বিচাৰ কৰিব।
28 ကိန္တဝဟံ ယဒီၑွရာတ္မနာ ဘူတာန် တျာဇယာမိ, တရှီၑွရသျ ရာဇျံ ယုၐ္မာကံ သန္နိဓိမာဂတဝတ်၊
২৮কিন্তু মই যদি ঈশ্বৰৰ আত্মাৰ দ্বাৰাই ভূতৰ আত্মাবোৰক খেদাও, তেনেহলে জানিব যে, ঈশ্বৰৰ ৰাজ্য অৱশ্যেই আপোনালোকৰ ওচৰ আহি পালে।
29 အနျဉ္စ ကောပိ ဗလဝန္တ ဇနံ ပြထမတော န ဗဒွွာ ကေန ပြကာရေဏ တသျ ဂၖဟံ ပြဝိၑျ တဒ္ဒြဝျာဒိ လောဌယိတုံ ၑက္နောတိ? ကိန္တု တတ် ကၖတွာ တဒီယဂၖသျ ဒြဝျာဒိ လောဌယိတုံ ၑက္နောတိ၊
২৯বলৱান জনক প্ৰথমে নাবান্ধিলে কোনোবাই জানো তেওঁৰ ঘৰত সোমাই বস্তু লুট কৰিব পাৰে? বলৱান জনক বন্দী কৰাৰ পাছতহে তেওঁৰ ঘৰৰ সকলো বস্তু তেওঁ লুট কৰিব পাৰিব।
30 ယး ကၑ္စိတ် မမ သွပက္ၐီယော နဟိ သ ဝိပက္ၐီယ အာသ္တေ, ယၑ္စ မယာ သာကံ န သံဂၖဟ္လာတိ, သ ဝိကိရတိ၊
৩০যি জন মোৰ পক্ষত নহয়, তেওঁ মোৰ বিপক্ষ; আৰু যি জনে মোৰ সৈতে নচপায়, তেওঁ সিচিঁ পেলায়।
31 အတဧဝ ယုၐ္မာနဟံ ဝဒါမိ, မနုဇာနာံ သရွွပြကာရပါပါနာံ နိန္ဒာယာၑ္စ မရ္ၐဏံ ဘဝိတုံ ၑက္နောတိ, ကိန္တု ပဝိတြသျာတ္မနော ဝိရုဒ္ဓနိန္ဒာယာ မရ္ၐဏံ ဘဝိတုံ န ၑက္နောတိ၊
৩১এই হেতুকে মই আপোনালোকক কওঁ, মানুহৰ সকলো পাপ আৰু ঈশ্বৰক কৰা নিন্দা ক্ষমা হ’ব, কিন্তু পবিত্র আত্মাৰ বিৰুদ্ধে কোৱা কোনো নিন্দাজনক কথা ক্ষমা কৰা নহ’ব।
32 ယော မနုဇသုတသျ ဝိရုဒ္ဓါံ ကထာံ ကထယတိ, တသျာပရာဓသျ က္ၐမာ ဘဝိတုံ ၑက္နောတိ, ကိန္တု ယး ကၑ္စိတ် ပဝိတြသျာတ္မနော ဝိရုဒ္ဓါံ ကထာံ ကထယတိ နေဟလောကေ န ပြေတျ တသျာပရာဓသျ က္ၐမာ ဘဝိတုံ ၑက္နောတိ၊ (aiōn g165)
৩২মানুহৰ পুত্ৰৰ বিৰুদ্ধে কোনোৱে কথা ক’লে, তেওঁক ক্ষমা কৰা হ’ব, কিন্তু কোনোৱে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কথা ক’লে তেওঁক ইহলোকত বা পৰলোকতো ক্ষমা কৰা নহব। (aiōn g165)
33 ပါဒပံ ယဒိ ဘဒြံ ဝဒထ, တရှိ တသျ ဖလမပိ သာဓု ဝက္တဝျံ, ယဒိ စ ပါဒပံ အသာဓုံ ဝဒထ, တရှိ တသျ ဖလမပျသာဓု ဝက္တဝျံ; ယတး သွီယသွီယဖလေန ပါဒပး ပရိစီယတေ၊
৩৩গছ ভাল হ’লে ফল ভাল হয় আৰু গছ বেয়া হ’লে ফল বেয়া হয়। কিয়নো এজোপা গছক তাৰ ফল দেখি চিনিব পাৰি।
34 ရေ ဘုဇဂဝံၑာ ယူယမသာဓဝး သန္တး ကထံ သာဓု ဝါကျံ ဝက္တုံ ၑက္ၐျထ? ယသ္မာဒ် အန္တးကရဏသျ ပူရ္ဏဘာဝါနုသာရာဒ် ဝဒနာဒ် ဝစော နိရ္ဂစ္ဆတိ၊
৩৪সৰ্পৰ বংশধৰসকল! নিজে বেয়া হৈ কেনেকৈ আপোনালোকে ভাল কথা ক’ব পাৰিব? মানুহৰ মন যি কথাৰে পূর্ণ থাকে, মুখে সেই কথাকে কয়।
35 တေန သာဓုရ္မာနဝေါ'န္တးကရဏရူပါတ် သာဓုဘာဏ္ဍာဂါရာတ် သာဓု ဒြဝျံ နိရ္ဂမယတိ, အသာဓုရ္မာနုၐသ္တွသာဓုဘာဏ္ဍာဂါရာဒ် အသာဓုဝသ္တူနိ နိရ္ဂမယတိ၊
৩৫ভাল মানুহে তেওঁৰ অন্তৰত ভৰি থকা ভাল সঞ্চয়ৰ পৰা ভাল কথা উলিয়ায় আৰু বেয়া মানুহে তেওঁৰ অন্তৰত ভৰি থকা বেয়া সঞ্চয়ৰ পৰা বেয়া কথা উলিয়ায়।
36 ကိန္တွဟံ ယုၐ္မာန် ဝဒါမိ, မနုဇာ ယာဝန္တျာလသျဝစာံသိ ဝဒန္တိ, ဝိစာရဒိနေ တဒုတ္တရမဝၑျံ ဒါတဝျံ,
৩৬কিন্তু মই আপোনালোকক কওঁ, লোক সকলে যিবোৰ অনৰ্থক কথা কয়, সোধ-বিচাৰৰ দিনা প্রত্যেকটো কথাৰ হিচাব তেওঁলোকে দিব লাগিব।
37 ယတသ္တွံ သွီယဝစောဘိ ရ္နိရပရာဓး သွီယဝစောဘိၑ္စ သာပရာဓော ဂဏိၐျသေ၊
৩৭কিয়নো আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপুনি নিৰ্দ্দোষী বুলি প্ৰমাণিত হব আৰু আপোনাৰ নিজৰ কথাৰ দ্বাৰাই আপোনাক দোষী বুলি প্ৰমাণিত কৰা হব।
38 တဒါနီံ ကတိပယာ ဥပါဓျာယား ဖိရူၑိနၑ္စ ဇဂဒုး, ဟေ ဂုရော ဝယံ ဘဝတ္တး ကိဉ္စန လက္ၐ္မ ဒိဒၖက္ၐာမး၊
৩৮তাৰ পাছত কেইজনমান বিধানৰ অধ্যাপক আৰু ফৰীচীয়ে যীচুক উত্তৰ দি ক’লে, “হে গুৰু, আমি আপোনাৰ পৰা চিন হিচাপে এটা পৰাক্ৰম কাৰ্য চাবলৈ ইচ্ছা কৰোঁ।”
39 တဒါ သ ပြတျုက္တဝါန်, ဒုၐ္ဋော ဝျဘိစာရီ စ ဝံၑော လက္ၐ္မ မၖဂယတေ, ကိန္တု ဘဝိၐျဒွါဒိနော ယူနသော လက္ၐ္မ ဝိဟာယာနျတ် ကိမပိ လက္ၐ္မ တေ န ပြဒရ္ၑယိၐျန္တေ၊
৩৯কিন্তু যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “এই যুগৰ দুষ্ট আৰু ব্যভিচাৰীলোকসকলে পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে; কিন্তু যোনা ভাববাদীৰ চিনৰ বাহিৰে আন কোনো চিন তেওঁলোকক দেখুওৱা নহব।
40 ယတော ယူနမ် ယထာ တြျဟောရာတြံ ဗၖဟန္မီနသျ ကုက္ၐာဝါသီတ်, တထာ မနုဇပုတြောပိ တြျဟောရာတြံ မေဒိနျာ မဓျေ သ္ထာသျတိ၊
৪০যোনা যেনেকৈ তিনি দিন তিনি ৰাতি ডাঙৰ মাছৰ পেটৰ ভিতৰত আছিল, তেনেকৈ মানুহৰ পুত্ৰও তিনি দিন তিনি ৰাতি মাটিৰ তলত থাকিব।
41 အပရံ နီနိဝီယာ မာနဝါ ဝိစာရဒိန ဧတဒွံၑီယာနာံ ပြတိကူလမ် ဥတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျန္တိ, ယသ္မာတ္တေ ယူနသ ဥပဒေၑာတ် မနာံသိ ပရာဝရ္တ္တယာဉ္စကြိရေ, ကိန္တွတြ ယူနသောပိ ဂုရုတရ ဧက အာသ္တေ၊
৪১বিচাৰৰ দিনা এই কালৰ মানুহৰে সৈতে নীনবি নগৰৰ লোক সকল উঠি তেওঁলোকক দোষী কৰিব, কিয়নো নীনবিৰ লোক সকলে যোনাৰ প্রচাৰৰ ফলত মন-পালটন কৰিছিল। চাওক, ইয়াত যোনাতকৈয়ো অধিক মহান এজন আছে।
42 ပုနၑ္စ ဒက္ၐိဏဒေၑီယာ ရာဇ္ဉီ ဝိစာရဒိန ဧတဒွံၑီယာနာံ ပြတိကူလမုတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျတိ ယတး သာ ရာဇ္ဉီ သုလေမနော ဝိဒျာယား ကထာံ ၑြောတုံ မေဒိနျား သီမ္န အာဂစ္ဆတ်, ကိန္တု သုလေမနောပိ ဂုရုတရ ဧကော ဇနော'တြ အာသ္တေ၊
৪২বিচাৰৰ দিনা এই কালৰ মানুহেৰে সৈতে দক্ষিণ দেশৰ ৰাণীয়ে উঠি তেওঁলোকক দোষী কৰিব, কিয়নো চলোমন ৰজাৰ জ্ঞানৰ কথা শুনিবলৈ তেওঁ পৃথিৱীৰ শেষ সীমাৰ পৰা আহিছিল। চাওক, ইয়াত চলোমনতকৈয়ো অধিক মহান এজন আছে।
43 အပရံ မနုဇာဒ် ဗဟိရ္ဂတော 'ပဝိတြဘူတး ၑုၐ္ကသ္ထာနေန ဂတွာ ဝိၑြာမံ ဂဝေၐယတိ, ကိန္တု တဒလဘမာနး သ ဝက္တိ, ယသ္မာ; နိကေတနာဒ် အာဂမံ, တဒေဝ ဝေၑ္မ ပကာဝၖတျ ယာမိ၊
৪৩যেতিয়া কোনো অশুচি আত্মা কোনো মানুহৰ পৰা বাহিৰ ওলায়, তেতিয়া সি জিৰণি বিচাৰি পানী নথকা শুকান ঠাইবোৰত ঘুৰি ফুৰে। কিন্তু সি যেতিয়া সেই ঠাই নাপায়;
44 ပၑ္စာတ် သ တတ် သ္ထာနမ် ဥပသ္ထာယ တတ် ၑူနျံ မာရ္ဇ္ဇိတံ ၑောဘိတဉ္စ ဝိလောကျ ဝြဇန် သွတောပိ ဒုၐ္ဋတရာန် အနျသပ္တဘူတာန် သင်္ဂိနး ကရောတိ၊
৪৪তেতিয়া সি কয়, ‘যি ঘৰৰ পৰা ওলাই আহিলোঁ, পুনৰ মই সেই ঘৰলৈকে উলটি যাম।’ পাছত সি যেতিয়া ঘূৰি আহি দেখে, কোনোবাই সেই ঘৰ সৰাপোঁচা কৰি সকলো সজাই-পৰাই পৰিস্কাৰ কৰি থৈছে;
45 တတသ္တေ တတ် သ္ထာနံ ပြဝိၑျ နိဝသန္တိ, တေန တသျ မနုဇသျ ၑေၐဒၑာ ပူရွွဒၑာတောတီဝါၑုဘာ ဘဝတိ, ဧတေၐာံ ဒုၐ္ဋဝံၑျာနာမပိ တထဲဝ ဃဋိၐျတေ၊
৪৫তেতিয়া সেই অশুচি আত্মাই গৈ নিজতকৈয়ো দুষ্ট আন সাতোটা ভূতৰ আত্মাক লগত লৈ আনে আৰু তাতে সোমাই বাস কৰে। তাতে সেই মানুহৰ প্ৰথম অৱস্থাতকৈ শেষ অৱস্থা অধিক বেয়া হৈ যায়। এই কালৰ দুষ্ট লোক সকলৰ অৱস্থাও তেনে হ’ব।”
46 မာနဝေဘျ ဧတာသာံ ကထနာံ ကထနကာလေ တသျ မာတာ သဟဇာၑ္စ တေန သာကံ ကာဉ္စိတ် ကထာံ ကထယိတုံ ဝါဉ္ဆန္တော ဗဟိရေဝ သ္ထိတဝန္တး၊
৪৬যীচুৱে যেতিয়া লোক সকলৰ আগত কথা কৈ আছিল, তেতিয়া তেওঁৰ মাক আৰু ভায়েক সকলে আহি তেওঁৰ সৈতে কথা পাতিবৰ বাবে বাহিৰত থিয় হৈ অপেক্ষা কৰি আছিল।
47 တတး ကၑ္စိတ် တသ္မဲ ကထိတဝါန်, ပၑျ တဝ ဇနနီ သဟဇာၑ္စ တွယာ သာကံ ကာဉ္စန ကထာံ ကထယိတုံ ကာမယမာနာ ဗဟိသ္တိၐ္ဌန္တိ၊
৪৭তেনেতে কোনো এজন লোকে তেওঁক ক’লে, “চাওক, আপোনাৰ মা আৰু ভাই সকলে আপোনাৰ লগত কথা পাতিবৰ কাৰণে বাহিৰত থিয় হৈ আছে।”
48 ကိန္တု သ တံ ပြတျဝဒတ်, မမ ကာ ဇနနီ? ကေ ဝါ မမ သဟဇား?
৪৮যীচুৱে তেতিয়া সেই লোক জনক ক’লে, “কোন মোৰ মা নাইবা মোৰ ভাই সকলেই বা কোন?”
49 ပၑ္စာတ် ၑိၐျာန် ပြတိ ကရံ ပြသာရျျ ကထိတဝါန်, ပၑျ မမ ဇနနီ မမ သဟဇာၑ္စဲတေ;
৪৯তাৰ পাছত তেওঁ নিজৰ হাত খন মেলি শিষ্য সকলৰ ফালে দেখুৱাই ক’লে, “এয়া চাওক, এওঁলোকেই মোৰ মা আৰু মোৰ ভাই সকল!
50 ယး ကၑ္စိတ် မမ သွရ္ဂသ္ထသျ ပိတုရိၐ္ဋံ ကရ္မ္မ ကုရုတေ, သဧဝ မမ ဘြာတာ ဘဂိနီ ဇနနီ စ၊
৫০কাৰণ, যি কোনোৱে মোৰ স্বৰ্গত থকা পিতৃৰ ইচ্ছা পালন কৰে, তেওঁলোকেই মোৰ ভাই, ভনী আৰু মা।

< မထိး 12 >