< လူကး 4 >

1 တတး ပရံ ယီၑုး ပဝိတြေဏာတ္မနာ ပူရ္ဏး သန် ယရ္ဒ္ဒနနဒျား ပရာဝၖတျာတ္မနာ ပြာန္တရံ နီတး သန် စတွာရိံၑဒ္ဒိနာနိ ယာဝတ် ၑဲတာနာ ပရီက္ၐိတော'ဘူတ်,
ইয়াৰ পাছত যীচু পবিত্ৰ আত্মাৰে পৰিপূর্ণ হৈ যৰ্দ্দন নদীৰ পৰা উলটি আহিল আৰু আত্মাৰ দ্বাৰা পৰিচালিত হৈ মৰুপ্ৰান্তলৈ গ’ল।।
2 ကိဉ္စ တာနိ သရွွဒိနာနိ ဘောဇနံ ဝိနာ သ္ထိတတွာတ် ကာလေ ပူရ္ဏေ သ က္ၐုဓိတဝါန်၊
তাত চল্লিশ দিন ধৰি চয়তানে তেওঁক প্রলোভনত পেলাব বিচাৰিলে। এই চল্লিশ দিন যীচুৱে একোকে নাখালে; সেয়ে, এই সময় পাৰ হোৱাৰ পাছত তেওঁৰ ভোক লাগিল।
3 တတး ၑဲတာနာဂတျ တမဝဒတ် တွံ စေဒီၑွရသျ ပုတြသ္တရှိ ပြသ္တရာနေတာန် အာဇ္ဉယာ ပူပါန် ကုရု၊
তেতিয়া চয়তানে যীচুক ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে এই শিলবোৰ পিঠা হবলৈ দিয়ক।”
4 တဒါ ယီၑုရုဝါစ, လိပိရီဒၖၑီ ဝိဒျတေ မနုဇး ကေဝလေန ပူပေန န ဇီဝတိ ကိန္တွီၑွရသျ သရွွာဘိရာဇ္ဉာဘိ ရ္ဇီဝတိ၊
যীচুৱে তাক উত্তৰ দিলে, “শাস্ত্রত লিখা আছে, মানুহ কেৱল পিঠাৰে জীয়াই নাথাকে।”
5 တဒါ ၑဲတာန် တမုစ္စံ ပရွွတံ နီတွာ နိမိၐဲကမဓျေ ဇဂတး သရွွရာဇျာနိ ဒရ္ၑိတဝါန်၊
তাৰ পাছত চয়তানে যীচুক এক ওখ ঠাইলৈ লৈ গ’ল আৰু মুহূর্ততে জগতৰ সকলো ৰাজ্য তেওঁক দেখুৱালে।
6 ပၑ္စာတ် တမဝါဒီတ် သရွွမ် ဧတဒ် ဝိဘဝံ ပြတာပဉ္စ တုဘျံ ဒါသျာမိ တန် မယိ သမရ္ပိတမာသ္တေ ယံ ပြတိ မမေစ္ဆာ ဇာယတေ တသ္မဲ ဒါတုံ ၑက္နောမိ,
চয়তানে তেওঁক ক’লে, “এই সকলো ৰাজ্যৰ ক্ষমতা আৰু সেইবোৰৰ ঐশ্বর্য মই আপোনাক দিম, কাৰণ এই সকলো মোক দিয়া হৈছে আৰু মই যি জনকে ইচ্ছা কৰোঁ, তেওঁকে এইবোৰ দিব পাৰোঁ।
7 တွံ စေန္မာံ ဘဇသေ တရှိ သရွွမေတတ် တဝဲဝ ဘဝိၐျတိ၊
এই হেতুকে আপুনি যদি মোৰ আগত প্ৰণিপাত কৰি মোৰ আৰাধনা কৰে, তেনেহলে এই সকলো আপোনাৰেই হব।”
8 တဒါ ယီၑုသ္တံ ပြတျုက္တဝါန် ဒူရီ ဘဝ ၑဲတာန် လိပိရာသ္တေ, နိဇံ ပြဘုံ ပရမေၑွရံ ဘဇသွ ကေဝလံ တမေဝ သေဝသွ စ၊
তেতিয়া যীচুৱে উত্তৰ দি তাক ক’লে, “শাস্ত্রত লিখা আছে: ‘তুমি কেৱল তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰণিপাত কৰিবা, আৰু তেওঁৰেই কেৱল সেৱা কৰিবা।’”
9 အထ ၑဲတာန် တံ ယိရူၑာလမံ နီတွာ မန္ဒိရသျ စူဍာယာ ဥပရိ သမုပဝေၑျ ဇဂါဒ တွံ စေဒီၑွရသျ ပုတြသ္တရှိ သ္ထာနာဒိတော လမ္ဖိတွာဓး
তাৰ পাছত চয়তানে যীচুক যিৰূচালেমলৈ লৈ গ’ল আৰু মন্দিৰৰ সুউচ্চ চূড়াৰ ওপৰত থিয় কৰাই ক’লে, “আপুনি যদি ঈশ্বৰৰ পুত্ৰ হয়, তেনেহলে ইয়াৰ পৰা তললৈ নিজক পেলাই দিয়ক।
10 ပတ ယတော လိပိရာသ္တေ, အာဇ္ဉာပယိၐျတိ သွီယာန် ဒူတာန် သ ပရမေၑွရး၊
১০কিয়নো শাস্ত্রত এনেদৰে লিখা আছে: ‘তোমাক ৰক্ষা কৰিবলৈ তেওঁ নিজৰ দূত সকলক তোমাৰ অর্থে আজ্ঞা দিব’ আৰু
11 ရက္ၐိတုံ သရွွမာရ္ဂေ တွာံ တေန တွစ္စရဏေ ယထာ၊ န လဂေတ် ပြသ္တရာဃာတသ္တွာံ ဓရိၐျန္တိ တေ တထာ၊
১১‘তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই কাৰণে তেওঁলোকে তোমাক হাতেৰে দাঙি ধৰিব’।”
12 တဒါ ယီၑုနာ ပြတျုက္တမ် ဣဒမပျုက္တမသ္တိ တွံ သွပြဘုံ ပရေၑံ မာ ပရီက္ၐသွ၊
১২তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “‘তোমাৰ প্ৰভু পৰমেশ্বৰক পৰীক্ষা নকৰিবা’ এনেকৈয়ো লিখা আছে।”
13 ပၑ္စာတ် ၑဲတာန် သရွွပရီက္ၐာံ သမာပျ က္ၐဏာတ္တံ တျက္တွာ ယယော်၊
১৩এইদৰে চয়তানে যীচুক পৰীক্ষা কৰাৰ পাছত আন সময়ত সুযোগ পোৱাৰ অপেক্ষাৰে যীচুক এৰি থৈ আতৰি গ’ল।
14 တဒါ ယီၑုရာတ္မပြဘာဝါတ် ပုနရ္ဂာလီလ္ပြဒေၑံ ဂတသ္တဒါ တတ္သုချာတိၑ္စတုရ္ဒိၑံ ဝျာနၑေ၊
১৪তাৰ পাছত যীচু আত্মাৰ শক্তিৰে গালীল প্রদেশলৈ উলটি গ’ল আৰু এই সংবাদ সেই অঞ্চলৰ চাৰিওদিশে বিয়পি পৰিল।
15 သ တေၐာံ ဘဇနဂၖဟေၐု ဥပဒိၑျ သရွွဲး ပြၑံသိတော ဗဘူဝ၊
১৫তেওঁ তেওঁলোকৰ নাম-ঘৰবোৰত শিক্ষা দিব ধৰিলে, আৰু সকলোৱে তেওঁৰ প্রশংসা কৰিলে।
16 အထ သ သွပါလနသ္ထာနံ နာသရတ္ပုရမေတျ ဝိၑြာမဝါရေ သွာစာရာဒ် ဘဇနဂေဟံ ပြဝိၑျ ပဌိတုမုတ္တသ္ထော်၊
১৬এদিন যীচু নাচৰতলৈ গ’ল। এই ঠাইতে তেওঁ ডাঙৰ-দীঘল হৈছিল। তেওঁ নিজৰ নিয়ম অনুসাৰে বিশ্ৰামবাৰে নাম-ঘৰত সোমাই শাস্ত্রপাঠ কৰিবলৈ থিয় হ’ল।
17 တတော ယိၑယိယဘဝိၐျဒွါဒိနး ပုသ္တကေ တသျ ကရဒတ္တေ သတိ သ တတ် ပုသ္တကံ ဝိသ္တာရျျ ယတြ ဝက္ၐျမာဏာနိ ဝစနာနိ သန္တိ တတ် သ္ထာနံ ပြာပျ ပပါဌ၊
১৭তেওঁৰ হাতত ভাৱবাদী যিচয়াই লিখা পুস্তক খন দিয়া হ’ল। তেওঁ সেই পুস্তক মেলোতে এই অংশটো পালে, য’ত লিখা আছে:
18 အာတ္မာ တု ပရမေၑသျ မဒီယောပရိ ဝိဒျတေ၊ ဒရိဒြေၐု သုသံဝါဒံ ဝက္တုံ မာံ သောဘိၐိက္တဝါန်၊ ဘဂ္နာန္တး ကရဏာလ္လောကာန် သုသွသ္ထာန် ကရ္တ္တုမေဝ စ၊ ဗန္ဒီကၖတေၐု လောကေၐု မုက္တေ ရ္ဃောၐယိတုံ ဝစး၊ နေတြာဏိ ဒါတုမန္ဓေဘျသ္တြာတုံ ဗဒ္ဓဇနာနပိ၊
১৮“প্ৰভুৰ আত্মা মোৰ ওপৰত আছে, কিয়নো দৰিদ্ৰ সকলৰ আগত শুভবার্তা প্ৰচাৰ কৰিবলৈ, তেওঁ মোক অভিষিক্ত কৰিলে। তেওঁ মোক বন্দীয়াৰ সকলৰ আগত মুক্তিৰ কথা আৰু অন্ধৰ আগত পুনৰায় দৃষ্টি পোৱাৰ কথা ঘোষণা কৰিবলৈ পঠালে। চেপা খোৱা সকলক মুকলি কৰিবলৈ পঠালে।
19 ပရေၑာနုဂြဟေ ကာလံ ပြစာရယိတုမေဝ စ၊ သရွွဲတတ္ကရဏာရ္ထာယ မာမေဝ ပြဟိဏောတိ သး။
১৯ইয়াৰ উপৰি প্ৰভুৰ গ্ৰাহ্য বছৰ ঘোষণা কৰিবলৈ মোক পঠালে।”
20 တတး ပုသ္တကံ ဗဒွွာ ပရိစာရကသျ ဟသ္တေ သမရ္ပျ စာသနေ သမုပဝိၐ္ဋး, တတော ဘဇနဂၖဟေ ယာဝန္တော လောကာ အာသန် တေ သရွွေ'နနျဒၖၐ္ဋျာ တံ ဝိလုလောကိရေ၊
২০পাছত যীচুৱে পুস্তক খন জপাই পৰিচাৰকৰ হাতত দিলে আৰু তেওঁ বহিল। সেই সময়ত নাম-ঘৰত উপস্থিত থকা লোক সকলৰ দৃষ্টি তেওঁৰ ওপৰত আছিল।
21 အနန္တရမ် အဒျဲတာနိ သရွွာဏိ လိခိတဝစနာနိ ယုၐ္မာကံ မဓျေ သိဒ္ဓါနိ သ ဣမာံ ကထာံ တေဘျး ကထယိတုမာရေဘေ၊
২১তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে, “ধৰ্মশাস্ত্ৰৰ এই যি বচন আপোনালোকে শুনিলে, সেয়া আজি পূর্ণ হ’ল।”
22 တတး သရွွေ တသ္မိန် အနွရဇျန္တ, ကိဉ္စ တသျ မုခါန္နိရ္ဂတာဘိရနုဂြဟသျ ကထာဘိၑ္စမတ္ကၖတျ ကထယာမာသုး ကိမယံ ယူၐဖး ပုတြော န?
২২তেওঁ কোৱা কথাৰ পক্ষে সকলোৱে সাক্ষ্য দিলে আৰু তেওঁৰ মুখৰ পৰা ওলোৱা অনুগ্ৰহৰ কথাত বিস্মিত হ’ল। তেওঁলোকে ক’লে, “এওঁ যোচেফৰ পুতেক নহয় জানো?”
23 တဒါ သော'ဝါဒီဒ် ဟေ စိကိတ္သက သွမေဝ သွသ္ထံ ကုရု ကဖရ္နာဟူမိ ယဒျတ် ကၖတဝါန် တဒၑြော်ၐ္မ တား သရွား ကြိယာ အတြ သွဒေၑေ ကုရု ကထာမေတာံ ယူယမေဝါဝၑျံ မာံ ဝဒိၐျထ၊
২৩যীচুৱে তেওঁলোকক ক’লে, “অৱশ্যেই আপোনালোকে প্রচলিত এই দৃষ্টান্তটো মোক কব, ‘বেজ, আগেয়ে নিজকে সুস্থ কৰা’। কফৰনাহূমত তুমি যি যি কার্য কৰিছা বুলি আমি শুনিছো, সেই সকলো ইয়াত নিজৰ গাওঁটো কৰা।”
24 ပုနး သောဝါဒီဒ် ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ကောပိ ဘဝိၐျဒွါဒီ သွဒေၑေ သတ္ကာရံ န ပြာပ္နောတိ၊
২৪তেওঁ পুনৰ ক’লে, “মই সঠিক ভাবে আপোনালোকক কওঁ, কোনো ভাৱবাদী তেওঁৰ নিজৰ গাৱঁত গ্ৰাহ্য নহয়।
25 အပရဉ္စ ယထာရ္ထံ ဝစ္မိ, ဧလိယသျ ဇီဝနကာလေ ယဒါ သာရ္ဒ္ဓတြိတယဝရ္ၐာဏိ ယာဝတ် ဇလဒပြတိဗန္ဓာတ် သရွွသ္မိန် ဒေၑေ မဟာဒုရ္ဘိက္ၐမ် အဇနိၐ္ဋ တဒါနီမ် ဣသြာယေလော ဒေၑသျ မဓျေ ဗဟွျော ဝိဓဝါ အာသန်,
২৫মই সত্যতাৰে আপোনালোকক কওঁ যে, এলিয়াৰ দিনত যেতিয়া চাৰে তিনি বছৰ ধৰি বৰষুণ নোহোৱাকৈ আকাশ বন্ধ আছিল আৰু গোটেই দেশত বৰ আকাল হৈছিল, সেই সময়ত ইস্ৰায়েল দেশত অনেক বিধৱা আছিল;
26 ကိန္တု သီဒေါန္ပြဒေၑီယသာရိဖတ္ပုရနိဝါသိနီမ် ဧကာံ ဝိဓဝါံ ဝိနာ ကသျာၑ္စိဒပိ သမီပေ ဧလိယး ပြေရိတော နာဘူတ်၊
২৬কিন্তু তেওঁলোকৰ কোনো এজনীৰ ওচৰলৈকে এলিয়াক পঠোৱা হোৱা নাছিল, কেৱল চীদোন এলেকাৰ চাৰিফতত বাস কৰা অনা-ইহুদী বিধৱা এগৰাকীৰ কাষলৈহে পঠোৱা হৈছিল।
27 အပရဉ္စ ဣလီၑာယဘဝိၐျဒွါဒိဝိဒျမာနတာကာလေ ဣသြာယေလ္ဒေၑေ ဗဟဝး ကုၐ္ဌိန အာသန် ကိန္တု သုရီယဒေၑီယံ နာမာန္ကုၐ္ဌိနံ ဝိနာ ကောပျနျး ပရိၐ္ကၖတော နာဘူတ်၊
২৭পুণৰ ইলীচা ভাববাদীৰ দিনত ইস্ৰায়েলৰ মাজত অনেক কুষ্ঠ ৰোগী আছিল, কিন্তু তেওঁলোকৰ কোনো এজনকে সুস্থ কৰা হোৱা নাছিল, কেৱল চিৰিয়া দেশৰ নামানকহে সুস্থ কৰি শুচি কৰা হৈছিল।”
28 ဣမာံ ကထာံ ၑြုတွာ ဘဇနဂေဟသ္ထိတာ လောကား သကြောဓမ် ဥတ္ထာယ
২৮এইবোৰ কথা শুনি নাম-ঘৰৰ লোক সকল খঙত জ্বলি-পকি উঠিল।
29 နဂရာတ္တံ ဗဟိၐ္ကၖတျ ယသျ ၑိခရိဏ ဥပရိ တေၐာံ နဂရံ သ္ထာပိတမာသ္တေ တသ္မာန္နိက္ၐေပ္တုံ တသျ ၑိခရံ တံ နိနျုး
২৯তেওঁলোকে উঠি যীচুক বলেৰে নগৰৰ বাহিৰলৈ লৈ গ’ল আৰু তেওঁলোকে পাহাৰৰ চূড়াৰ পৰা তেওঁক ঠেলি তললৈ পেলাই দিয়াৰ মনোভাবেৰে তেওঁলোকৰ নগৰ খন যি পাহাৰৰ ওপৰত আছিল, সেই পাহাৰ খনৰ শেষ প্রান্তলৈকে তেওঁক লৈ গ’ল।
30 ကိန္တု သ တေၐာံ မဓျာဒပသၖတျ သ္ထာနာန္တရံ ဇဂါမ၊
৩০কিন্তু তেওঁ সেই লোক সকলৰ মাজেদিয়েই ওলাই আহিল আৰু তেওঁৰ পথত গুচি গ’ল।
31 တတး ပရံ ယီၑုရ္ဂာလီလ္ပြဒေၑီယကဖရ္နာဟူမ္နဂရ ဥပသ္ထာယ ဝိၑြာမဝါရေ လောကာနုပဒေၐ္ဋုမ် အာရဗ္ဓဝါန်၊
৩১তাৰ পাছত যীচু গালীল প্ৰদেশৰ কফৰনাহূম চহৰলৈ গ’ল। তাত এদিন বিশ্ৰামবাৰে তেওঁ লোক সকলক নাম-ঘৰত উপদেশ দি আছিল।
32 တဒုပဒေၑာတ် သရွွေ စမစ္စကြု ရျတသ္တသျ ကထာ ဂုရုတရာ အာသန်၊
৩২তেওঁৰ উপদেশত তেওঁলোকে বিস্ময় মানিলে; কিয়নো তেওঁ ক্ষমতাৰে সৈতে শিক্ষা দিছিল।
33 တဒါနီံ တဒ္ဘဇနဂေဟသ္ထိတော'မေဓျဘူတဂြသ္တ ဧကော ဇန ဥစ္စဲး ကထယာမာသ,
৩৩নাম-ঘৰত সেইদিনা অশুচি আত্মাৰ ভূতে পোৱা এজন মানুহ আছিল। তেওঁ বৰ মাতেৰে চিঞৰি কৈছিল,
34 ဟေ နာသရတီယယီၑော'သ္မာန် တျဇ, တွယာ သဟာသ္မာကံ ကး သမ္ဗန္ဓး? ကိမသ္မာန် ဝိနာၑယိတုမာယာသိ? တွမီၑွရသျ ပဝိတြော ဇန ဧတဒဟံ ဇာနာမိ၊
৩৪“হে, নাচৰতীয়া যীচু! আপোনাৰ লগত আমাৰ কি প্রয়োজন? আপুনি আমাক ধ্বংস কৰিবলৈ আহিছে নেকি? মই জানো আপুনি কোন, আপুনি ঈশ্বৰৰ পবিত্ৰ জন।”
35 တဒါ ယီၑုသ္တံ တရ္ဇယိတွာဝဒတ် မော်နီ ဘဝ ဣတော ဗဟိရ္ဘဝ; တတး သောမေဓျဘူတသ္တံ မဓျသ္ထာနေ ပါတယိတွာ ကိဉ္စိဒပျဟိံသိတွာ တသ္မာဒ် ဗဟိရ္ဂတဝါန်၊
৩৫যীচুৱে তাক ডবিয়াই কলে, “মনে মনে থাক আৰু তাৰ পৰা বাহিৰ ওলা!” তেতিয়া সেই ভূতৰ আত্মাই মানুহ জনক সকলোৰে মাজতে আচাৰি পেলালে আৰু তেওঁৰ একো ক্ষতি নকৰাকৈ তেওঁৰ ভিতৰৰ পৰা বাহিৰ ওলাই গ’ল।
36 တတး သရွွေ လောကာၑ္စမတ္ကၖတျ ပရသ္ပရံ ဝက္တုမာရေဘိရေ ကောယံ စမတ္ကာရး၊ ဧၐ ပြဘာဝေဏ ပရာကြမေဏ စာမေဓျဘူတာန် အာဇ္ဉာပယတိ တေနဲဝ တေ ဗဟိရ္ဂစ္ဆန္တိ၊
৩৬ইয়াকে দেখি সকলোৱে অবাক হৈ নিজৰ মাজতে কোৱা-কুই কৰিবলৈ ধৰিলে, “ই কেনেকুৱা কথা? ক্ষমতা আৰু পৰাক্ৰমেৰে এওঁ দেখোন অশুচি আত্মাবোৰকো আজ্ঞা দিয়ে আৰু সিহঁত বাহিৰ ওলাই যায়?”
37 အနန္တရံ စတုရ္ဒိက္သ္ထဒေၑာန် တသျ သုချာတိရွျာပ္နောတ်၊
৩৭পাছত তেওঁৰ বিষয়ে সকলো কথা সেই অঞ্চলৰ চাৰিওফালে থকা সকলো ঠাইতে বিয়পি গ’ল।
38 တဒနန္တရံ သ ဘဇနဂေဟာဒ် ဗဟိရာဂတျ ၑိမောနော နိဝေၑနံ ပြဝိဝေၑ တဒါ တသျ ၑွၑြူရ္ဇွရေဏာတျန္တံ ပီဍိတာသီတ် ၑိၐျာသ္တဒရ္ထံ တသ္မိန် ဝိနယံ စကြုး၊
৩৮যীচু নাম-ঘৰৰ পৰা ওলাই চিমোনৰ ঘৰলৈ গ’ল। তাতে চিমোনৰ শাহুয়েক ভীষণ জ্বৰত কষ্ট পাই আছিল। তেওঁক সুস্থ কৰিবৰ কাৰণে তেওঁলোকে যীচুক অনুৰোধ কৰিলে।
39 တတး သ တသျား သမီပေ သ္ထိတွာ ဇွရံ တရ္ဇယာမာသ တေနဲဝ တာံ ဇွရော'တျာက္ၐီတ် တတး သာ တတ္က္ၐဏမ် ဥတ္ထာယ တာန် သိၐေဝေ၊
৩৯তেতিয়া যীচুৱে চিমোনৰ শাহুয়েকৰ ওচৰত থিয় হৈ জ্বৰক ডবিয়ালে। তেতিয়া তেওঁৰ পৰা জ্বৰ এৰিলে আৰু তেওঁ উঠি তেওঁলোকৰ সেৱা শুশ্ৰূষা কৰিব ধৰিলে।
40 အထ သူရျျာသ္တကာလေ သွေၐာံ ယေ ယေ ဇနာ နာနာရောဂဲး ပီဍိတာ အာသန် လောကာသ္တာန် ယီၑေား သမီပမ် အာနိနျုး, တဒါ သ ဧကဲကသျ ဂါတြေ ကရမရ္ပယိတွာ တာနရောဂါန် စကာရ၊
৪০সূর্য অস্ত যোৱাৰ সময়ত লোক সকলে নানা ধৰণৰ ৰোগত আক্রান্ত সকলো ৰোগীকে যীচুৰ ওচৰলৈ লৈ আনিলে। তেওঁ তেওঁলোকৰ প্রত্যেকৰে ওপৰত হাত ৰাখি সুস্থ কৰিলে।
41 တတော ဘူတာ ဗဟုဘျော နိရ္ဂတျ စီတ္ၑဗ္ဒံ ကၖတွာ စ ဗဘာၐိရေ တွမီၑွရသျ ပုတြော'ဘိၐိက္တတြာတာ; ကိန္တု သောဘိၐိက္တတြာတေတိ တေ ဝိဝိဒုရေတသ္မာတ် ကာရဏာတ် တာန် တရ္ဇယိတွာ တဒွက္တုံ နိၐိၐေဓ၊
৪১তেওঁলোকৰ মাজৰ অনেকৰ পৰা ভূতবোৰ ওলাই আহিল। সিহঁতে আটাহ পাৰি কবলৈ ধৰিলে, “আপুনি ঈশ্বৰৰ পুত্ৰ!” কিন্তু তেওঁ সিহঁতক ডবিয়াই মুখ বন্ধ কৰি দিলে; কাৰণ সিহঁতে জানিছিল যে, তেৱেঁই খ্ৰীষ্ট।
42 အပရဉ္စ ပြဘာတေ သတိ သ ဝိဇနသ္ထာနံ ပြတသ္ထေ ပၑ္စာတ် ဇနာသ္တမနွိစ္ဆန္တသ္တန္နိကဋံ ဂတွာ သ္ထာနာန္တရဂမနာရ္ထံ တမနွရုန္ဓန်၊
৪২যেতিয়া ৰাতিপুৱা হ’ল, যীচু ওলাই আহি এক নির্জন ঠাইলৈ গ’ল। তাতে জনতাৰ এটা বৃহৎ দলে তেওঁক বিচাৰি আহি তেওঁৰ ওচৰ পালে আৰু তেওঁলোকৰ ওচৰৰ পৰা তেওঁ আতৰি নাযাবৰ বাবে তেওঁক ধৰি ৰাখিবলৈ চেষ্টা কৰিলে।
43 ကိန္တု သ တာန် ဇဂါဒ, ဤၑွရီယရာဇျသျ သုသံဝါဒံ ပြစာရယိတုမ် အနျာနိ ပုရာဏျပိ မယာ ယာတဝျာနိ ယတသ္တဒရ္ထမေဝ ပြေရိတောဟံ၊
৪৩কিন্তু তেওঁ তেওঁলোকক ক’লে, “মই আন নগৰতো ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শুভবার্তা ঘোষণা কৰিব লাগে, কাৰণ এই বাবেই মোক পঠোৱা হৈছে।”
44 အထ ဂါလီလော ဘဇနဂေဟေၐု သ ဥပဒိဒေၑ၊
৪৪তাৰ পাছত তেওঁ সমগ্র যিহূদা ৰাজ্যৰ নাম-ঘৰবোৰত প্রচাৰ কৰি ফুৰিলে।

< လူကး 4 >