< လူကး 21 >

1 အထ ဓနိလောကာ ဘာဏ္ဍာဂါရေ ဓနံ နိက္ၐိပန္တိ သ တဒေဝ ပၑျတိ,
পাছত তেওঁ চকু তুলি চাই, ধনী লোক সকলক দান পাত্ৰত ধন সুমুৱাই দিয়া দেখিলে।
2 ဧတရှိ ကာစိဒ္ဒီနာ ဝိဓဝါ ပဏဒွယံ နိက္ၐိပတိ တဒ် ဒဒရ္ၑ၊
কোনো এগৰাকী দুখীয়া বিধৱাই তাত দুই পইচা সুমুৱাই দিয়াও দেখিলে।
3 တတော ယီၑုရုဝါစ ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ဒရိဒြေယံ ဝိဓဝါ သရွွေဘျောဓိကံ နျက္ၐေပ္သီတ်,
তাতে তেওঁ ক’লে, “মই তোমালোকক সঁচাকৈ কওঁ, সেই লোক সকলতকৈ এই দুখীয়া বিধৱা গৰাকীয়ে অধিক দিলে।
4 ယတောနျေ သွပြာဇျဓနေဘျ ဤၑွရာယ ကိဉ္စိတ် နျက္ၐေပ္သုး, ကိန္တု ဒရိဒြေယံ ဝိဓဝါ ဒိနယာပနာရ္ထံ သွသျ ယတ် ကိဉ္စိတ် သ္ထိတံ တတ် သရွွံ နျက္ၐေပ္သီတ်၊
কিয়নো তেওঁলোক সকলোৱে নিজ নিজ অতিৰিক্ত সম্পত্তিৰ পৰা দান দিলে৷ কিন্তু তেওঁৰ ধনৰ নাটনি হোৱাতো, জীৱিকালৈ যি আছিল, সেই আটাইখিনিকে দিলে।”
5 အပရဉ္စ ဥတ္တမပြသ္တရဲရုတ္သၖၐ္ဋဝျဲၑ္စ မန္ဒိရံ သုၑောဘတေတရာံ ကဲၑ္စိဒိတျုက္တေ သ ပြတျုဝါစ
পাছত কোনো কোনোৱে ‘উত্তম শিল আৰু উৎসর্গ কৰা দ্রব্যেৰে যিৰূচালেম মন্দিৰ কেনে বিভূষিত’ বুলি কোৱাত, তেওঁ ক’লে,
6 ယူယံ ယဒိဒံ နိစယနံ ပၑျထ, အသျ ပါၐာဏဲကောပျနျပါၐာဏောပရိ န သ္ထာသျတိ, သရွွေ ဘူသာဒ္ဘဝိၐျန္တိ ကာလောယမာယာတိ၊
“এই যিবোৰ বস্তু দেখিছা; যেতিয়া সময় আহিব, ইয়াৰ এটা শিলৰ ওপৰত এটা শিল নাথাকিব, সকলোবোৰ পেলোৱা হ’ব।”
7 တဒါ တေ ပပြစ္ဆုး, ဟေ ဂုရော ဃဋနေဒၖၑီ ကဒါ ဘဝိၐျတိ? ဃဋနာယာ ဧတသျသၑ္စိဟ္နံ ဝါ ကိံ ဘဝိၐျတိ?
তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “হে গুৰু, তেনেহলে এইবোৰ কেতিয়া হ’ব? আৰু এইবোৰ ঘটিবলৈ উদ্যত হোৱাৰ চিন কি?”
8 တဒါ သ ဇဂါဒ, သာဝဓာနာ ဘဝတ ယထာ ယုၐ္မာကံ ဘြမံ ကောပိ န ဇနယတိ, ခီၐ္ဋောဟမိတျုက္တွာ မမ နာမြာ ဗဟဝ ဥပသ္ထာသျန္တိ သ ကာလး ပြာယေဏောပသ္ထိတး, တေၐာံ ပၑ္စာန္မာ ဂစ္ဆတ၊
তাতে যীচুৱে ক’লে, “তোমালোক যেন ভ্ৰান্ত নোহোৱা, এই কাৰণে সাৱধান হোৱা।কিয়নো অনেকে মোৰ নামেৰে আহি, ‘ময়েই সেই জন’ আৰু ‘কাল ওচৰ’, এই বুলি যেতিয়া ক’ব; তেতিয়া তোমালোকে তেওঁলোকৰ পাছত নাযাবা।
9 ယုဒ္ဓသျောပပ္လဝသျ စ ဝါရ္တ္တာံ ၑြုတွာ မာ ၑင်္ကဓွံ, ယတး ပြထမမ် ဧတာ ဃဋနာ အဝၑျံ ဘဝိၐျန္တိ ကိန္တု နာပါတေ ယုဂါန္တော ဘဝိၐျတိ၊
যেতিয়া তোমালোকে ৰণ আৰু হুৰামুৰাৰ বাৰ্তা শুনা, তেতিয়া ভয়াতুৰ নহ’বা; কিয়নো এই সকলোবোৰ ঘটিবই লাগিব; কিন্তু তেতিয়াই শেষ নহয়।”
10 အပရဉ္စ ကထယာမာသ, တဒါ ဒေၑသျ ဝိပက္ၐတွေန ဒေၑော ရာဇျသျ ဝိပက္ၐတွေန ရာဇျမ် ဥတ္ထာသျတိ,
১০তেতিয়া তেওঁ পুনৰ তেওঁলোকক ক’লে, “জাতিৰ বিৰুদ্ধে জাতি, ৰাজ্যৰ বিৰুদ্ধে ৰাজ্য উঠিব;
11 နာနာသ္ထာနေၐု မဟာဘူကမ္ပော ဒုရ္ဘိက္ၐံ မာရီ စ ဘဝိၐျန္တိ, တထာ ဝျောမမဏ္ဍလသျ ဘယင်္ကရဒရ္ၑနာနျၑ္စရျျလက္ၐဏာနိ စ ပြကာၑယိၐျန္တေ၊
১১আৰু বৰ বৰ ভূমিকম্প হ’ব, ঠায়ে ঠায়ে আকাল আৰু মহামাৰী হ’ব; আকাশৰ পৰা ভয়ঙ্কৰ লক্ষণ আৰু মহৎ চিন ওলাব।
12 ကိန္တု သရွွာသာမေတာသာံ ဃဋနာနာံ ပူရွွံ လောကာ ယုၐ္မာန် ဓၖတွာ တာဍယိၐျန္တိ, ဘဇနာလယေ ကာရာယာဉ္စ သမရ္ပယိၐျန္တိ မမ နာမကာရဏာဒ် ယုၐ္မာန် ဘူပါနာံ ၑာသကာနာဉ္စ သမ္မုခံ နေၐျန္တိ စ၊
১২কিন্তু এই সকলো ঘটনা ঘটাৰ পূৰ্বতে, মানুহে তোমালোকৰ ওপৰত হাত দি তোমালোকক তাড়না কৰিব; নাম-ঘৰ আৰু বন্দীশালত শোধাই দিব; আৰু মোৰ নামৰ কাৰণে তোমালোকক ৰজা আৰু দেশাধিপতিৰ আগলৈ নিয়া হ’ব।
13 သာက္ၐျာရ္ထမ် ဧတာနိ ယုၐ္မာန် ပြတိ ဃဋိၐျန္တေ၊
১৩সাক্ষ্যৰ অৰ্থে এটা সুযোগ পাবলৈ এই সকলো কথা তোমালোকলৈ ঘটিব।
14 တဒါ ကိမုတ္တရံ ဝက္တဝျမ် ဧတတ် န စိန္တယိၐျာမ ဣတိ မနးသု နိၑ္စိတနုတ၊
১৪এতেকে উত্তৰ দিবলৈ আগেয়ে চিন্তা নকৰিবলৈ, তোমালোকৰ মনত নিশ্চয় কৰা;
15 ဝိပက္ၐာ ယသ္မာတ် ကိမပျုတ္တရမ် အာပတ္တိဉ္စ ကရ္တ္တုံ န ၑက္ၐျန္တိ တာဒၖၑံ ဝါက္ပဋုတွံ ဇ္ဉာနဉ္စ ယုၐ္မဘျံ ဒါသျာမိ၊
১৫কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু জ্ঞান মই তোমালোকক দিম।
16 ကိဉ္စ ယူယံ ပိတြာ မာတြာ ဘြာတြာ ဗန္ဓုနာ ဇ္ဉာတျာ ကုဋုမ္ဗေန စ ပရကရေၐု သမရ္ပယိၐျဓွေ; တတသ္တေ ယုၐ္မာကံ ကဉ္စန ကဉ္စန ဃာတယိၐျန္တိ၊
১৬আৰু পিতৃ-মাতৃ, ভাই-ককাই, জ্ঞাতি-কুটুম্ব আৰু বন্ধু সকলৰ দ্বাৰাই তোমালোক শত্ৰুৰ হাতত সমৰ্পিত হ’বা, তাতে তোমালোকৰ কিছুমানক তেওঁলোকে বধ কৰাব।
17 မမ နာမ္နး ကာရဏာတ် သရွွဲ ရ္မနုၐျဲ ရျူယမ် ၒတီယိၐျဓွေ၊
১৭তোমালোক মোৰ নামৰ বাবে সকলোৰে ঘৃণাৰ পাত্ৰ হ’বা।
18 ကိန္တု ယုၐ္မာကံ ၑိရးကေၑဲကောပိ န ဝိနံက္ၐျတိ,
১৮কিন্তু তোমালোকৰ মূৰৰ এডালো চুলি নষ্ট নহ’ব।
19 တသ္မာဒေဝ ဓဲရျျမဝလမ္ဗျ သွသွပြာဏာန် ရက္ၐတ၊
১৯তোমালোকে নিজ ধৈৰ্যৰে, নিজ নিজ প্ৰাণ লাভ কৰিবা।
20 အပရဉ္စ ယိရူၑာလမ္ပုရံ သဲနျဝေၐ္ဋိတံ ဝိလောကျ တသျောစ္ဆိန္နတာယား သမယး သမီပ ဣတျဝဂမိၐျထ၊
২০যেতিয়া যিৰূচালেম সৈন্য সকলৰ দ্বাৰাই বেৰি ধৰা দেখিবা, তেতিয়া তাৰ ধ্বংস ওচৰ চাপিল বুলি জানিবা।
21 တဒါ ယိဟူဒါဒေၑသ္ထာ လောကား ပရွွတံ ပလာယန္တာံ, ယေ စ နဂရေ တိၐ္ဌန္တိ တေ ဒေၑာန္တရံ ပလာယန္တာ, ယေ စ ဂြာမေ တိၐ္ဌန္တိ တေ နဂရံ န ပြဝိၑန္တု,
২১তেতিয়া যিহুদীয়াত থকা লোক সকল পৰ্বতলৈ পলাই যাওঁক; আৰু নগৰ খনত থকা লোক সকল ওলাই যাওঁক; আৰু গাৱেঁ ভূৱেঁ থকা মানুহ নগৰৰ ভিতৰলৈ নোসোমাওক।
22 ယတသ္တဒါ သမုစိတဒဏ္ဍနာယ ဓရ္မ္မပုသ္တကေ ယာနိ သရွွာဏိ လိခိတာနိ တာနိ သဖလာနိ ဘဝိၐျန္တိ၊
২২এই দিনবোৰ হ’ল প্রতিশোধৰ দিন; শাস্ত্রৰ বাণী অনুসাৰে সিদ্ধ হবলৈ এইদৰে হ’ব।
23 ကိန္တု ယာ ယာသ္တဒါ ဂရ္ဘဝတျး သ္တနျဒါဝျၑ္စ တာမာံ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ, ယတ ဧတာလ္လောကာန် ပြတိ ကောပေါ ဒေၑေ စ ဝိၐမဒုရ္ဂတိ ရ္ဃဋိၐျတေ၊
২৩সেই সময়ত গৰ্ভৱতী আৰু পিয়াহ দিয়া তিৰোতা সকলৰ সন্তাপ হ’ব! কিয়নো দেশ খনত অতিশয় দুখ আৰু এই লোক সকলৰ ওপৰত ক্ৰোধ হ’ব।
24 ဝသ္တုတသ္တု တေ ခင်္ဂဓာရပရိဝွင်္ဂံ လပ္သျန္တေ ဗဒ္ဓါး သန္တး သရွွဒေၑေၐု နာယိၐျန္တေ စ ကိဉ္စာနျဒေၑီယာနာံ သမယောပသ္ထိတိပရျျန္တံ ယိရူၑာလမ္ပုရံ တဲး ပဒတလဲ ရ္ဒလယိၐျတေ၊
২৪তেওঁলোক তৰোৱালৰ আঘাতত পৰিব আৰু সকলো দেশলৈ বন্দী কৰি নিয়া হ’ব; আৰু অনা-ইহুদী মানুহৰ কাল সম্পূৰ্ণ নোহোৱালৈকে যিৰূচালেম অনা-ইহুদী মানুহৰ ভৰিৰে গচকা হ’ব।
25 သူရျျစန္ဒြနက္ၐတြေၐု လက္ၐဏာဒိ ဘဝိၐျန္တိ, ဘုဝိ သရွွဒေၑီယာနာံ ဒုးခံ စိန္တာ စ သိန္ဓော် ဝီစီနာံ တရ္ဇနံ ဂရ္ဇနဉ္စ ဘဝိၐျန္တိ၊
২৫তেতিয়া সূৰ্য, চন্দ্ৰ আৰু তৰাবোৰত নানা চিন ওলাব৷ পৃথিৱীতো, সাগৰ আৰু ঢৌৰ তৰ্জ্জন-গৰ্জ্জনৰ কাৰণে ব্যাকুল হোৱা জাতিবোৰৰ ক্লেশ হ’ব৷
26 ဘူဘော် ဘာဝိဃဋနာံ စိန္တယိတွာ မနုဇာ ဘိယာမၖတကလ္ပာ ဘဝိၐျန္တိ, ယတော ဝျောမမဏ္ဍလေ တေဇသွိနော ဒေါလာယမာနာ ဘဝိၐျန္တိ၊
২৬পৃথিৱীত যি যি ঘটিব, তাৰ চিন্তাত আৰু ভয়ত মানুহবোৰ বিমূৰ্চ্ছিত হ’ব; কিয়নো আকাশৰ পৰাক্ৰমবোৰ লৰোৱা হ’ব।
27 တဒါ ပရာကြမေဏာ မဟာတေဇသာ စ မေဃာရူဎံ မနုၐျပုတြမ် အာယာန္တံ ဒြက္ၐျန္တိ၊
২৭তেতিয়া পৰাক্ৰম আৰু মহা প্ৰতাপেৰে মানুহৰ পুত্ৰক মেঘত অহা দেখিব।
28 ကိန္တွေတာသာံ ဃဋနာနာမာရမ္ဘေ သတိ ယူယံ မသ္တကာနျုတ္တောလျ ဦရ္ဒဓွံ ဒြက္ၐျထ, ယတော ယုၐ္မာကံ မုက္တေး ကာလး သဝိဓော ဘဝိၐျတိ၊
২৮কিন্তু এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হ’লে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ পৰিত্ৰাণ ওচৰ চাপিছে।”
29 တတသ္တေနဲတဒၖၐ္ဋာန္တကထာ ကထိတာ, ပၑျတ ဥဍုမ္ဗရာဒိဝၖက္ၐာဏာံ
২৯পাছত যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “ডিমৰু আদি সকলো গছ চোৱা;
30 နဝီနပတြာဏိ ဇာတာနီတိ ဒၖၐ္ဋွာ နိဒါဝကာလ ဥပသ္ထိတ ဣတိ ယထာ ယူယံ ဇ္ဉာတုံ ၑက္နုထ,
৩০সেইবোৰ কুঁহিপাত মেলা দেখিলে, তেতিয়া জহকাল ওচৰ হৈছে বুলি তোমালোকে নিজে জানা।
31 တထာ သရွွာသာမာသာံ ဃဋနာနာမ် အာရမ္ဘေ ဒၖၐ္ဋေ သတီၑွရသျ ရာဇတွံ နိကဋမ် ဣတျပိ ဇ္ဉာသျထ၊
৩১সেইদৰে, যেতিয়া তোমালোকে এইবোৰ ঘটা দেখিবা, তেতিয়া ঈশ্বৰৰ ৰাজ্য ওচৰ হৈ আহিছে বুলি জানিবা।
32 ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ဝိဒျမာနလောကာနာမေၐာံ ဂမနာတ် ပူရွွမ် ဧတာနိ ဃဋိၐျန္တေ၊
৩২মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকল লুপ্ত হোৱাৰ আগেয়ে সকলো ঘটিব।
33 နဘောဘုဝေါရ္လောပေါ ဘဝိၐျတိ မမ ဝါက် တု ကဒါပိ လုပ္တာ န ဘဝိၐျတိ၊
৩৩স্বৰ্গ আৰু পৃথিৱী লুপ্ত হ’ব; কিন্তু মোৰ বাক্য লুপ্ত নহ’ব।
34 အတဧဝ ဝိၐမာၑနေန ပါနေန စ သာံမာရိကစိန္တာဘိၑ္စ ယုၐ္မာကံ စိတ္တေၐု မတ္တေၐု တဒ္ဒိနမ် အကသ္မာဒ် ယုၐ္မာန် ပြတိ ယထာ နောပတိၐ္ဌတိ တဒရ္ထံ သွေၐု သာဝဓာနာသ္တိၐ္ဌတ၊
৩৪কিন্তু এই জীৱনৰ চিন্তা, মত্ততা আৰু অপৰিমিত ভোজনৰ দ্বাৰাই তোমালোকৰ হৃদয় যেন ভাৰাগ্ৰস্ত নহয় আৰু ফান্দৰ নিচিনাসেইদিন যেন তোমালোকলৈ অকস্মাতে নাহে, এই কাৰণে তোমালোকে নিজে সাৱধানে থাকিবা।
35 ပၖထိဝီသ္ထသရွွလောကာန် ပြတိ တဒ္ဒိနမ် ဥန္မာထ ဣဝ ဥပသ္ထာသျတိ၊
৩৫কিয়নো সেইদিন পৃথিৱীত বসতি কৰা সকলো লোকৰ ওপৰলৈ আহিব।
36 ယထာ ယူယမ် ဧတဒ္ဘါဝိဃဋနာ ဥတ္တရ္တ္တုံ မနုဇသုတသျ သမ္မုခေ သံသ္ထာတုဉ္စ ယောဂျာ ဘဝထ ကာရဏာဒသ္မာတ် သာဝဓာနား သန္တော နိရန္တရံ ပြာရ္ထယဓွံ၊
৩৬কিন্তু এই সকলো ঘটিব লগা ঘটনাৰ পৰা তোমালোক সাৰিবৰ বাবে আৰু মানুহৰ পুত্ৰৰ আগত থিয় হবলৈ যেন সমৰ্থ হোৱা, এই কাৰণে সকলো সময়তে পৰ দি প্ৰাৰ্থনা কৰি থাকিবা৷”
37 အပရဉ္စ သ ဒိဝါ မန္ဒိရ ဥပဒိၑျ ရာစဲ ဇဲတုနာဒြိံ ဂတွာတိၐ္ဌတ်၊
৩৭সেই সময়ত তেওঁ দিনত মন্দিৰত গৈ উপদেশ দি আছিল; আৰু ৰাতি বাহিৰলৈ গৈ, জৈতুন নামেৰে পৰ্বতত কটাইছিল।
38 တတး ပြတျူၐေ လာကာသ္တတ္ကထာံ ၑြောတုံ မန္ဒိရေ တဒန္တိကမ် အာဂစ္ဆန်၊
৩৮সকলো মানুহে মন্দিৰত তেওঁৰ কথা শুনিবৰ বাবে ৰাতিপুৱা সোনকালে তেওঁৰ ওচৰলৈ আহিছিল।

< လူကး 21 >