< ယောဟနး 6 >

1 တတး ပရံ ယီၑု ရ္ဂာလီလ် ပြဒေၑီယသျ တိဝိရိယာနာမ္နး သိန္ဓေား ပါရံ ဂတဝါန်၊
ইয়াৰ পাছত যীচু গালীল সাগৰৰ সিপাৰলৈ গ’ল। এই সাগৰক তিবিৰিয়া সাগৰো কোৱা হয়।
2 တတော ဝျာဓိမလ္လောကသွာသ္ထျကရဏရူပါဏိ တသျာၑ္စရျျာဏိ ကရ္မ္မာဏိ ဒၖၐ္ဋွာ ဗဟဝေါ ဇနာသ္တတ္ပၑ္စာဒ် အဂစ္ဆန်၊
তেতিয়া বহু মানুহৰ এটা দল যীচুৰ পাছে পাছে গ’ল, কাৰণ যীচুৱে ৰোগী সকললৈ যি যি কৰিছিল, সেই সকলো আচৰিত কার্যৰ চিনবোৰ তেওঁলোকে দেখা পাইছিল।
3 တတော ယီၑုး ပရွွတမာရုဟျ တတြ ၑိၐျဲး သာကမ်၊
পাছত যীচু আৰু তেওঁৰ শিষ্য সকল পাহাৰৰ ওপৰলৈ উঠি গৈ বহিল।
4 တသ္မိန် သမယ နိသ္တာရောတ္သဝနာမ္နိ ယိဟူဒီယာနာမ ဥတ္သဝ ဥပသ္ထိတေ
সেই সময়ত ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ দিন ওচৰ চাপি আহিছিল।
5 ယီၑု ရ္နေတြေ ဥတ္တောလျ ဗဟုလောကာန် သွသမီပါဂတာန် ဝိလောကျ ဖိလိပံ ပၖၐ္ဋဝါန် ဧတေၐာံ ဘောဇနာယ ဘောဇဒြဝျာဏိ ဝယံ ကုတြ ကြေတုံ ၑကြုမး?
যীচুৱে ওপৰৰ ফালে চাই দেখিলে যে এক বৃহৎ মানুহৰ দল তেওঁৰ ওচৰলৈ আহি আছে। তেতিয়া তেওঁ ফিলিপক সুধিলে, “এওঁলোকক খোৱাবৰ কাৰণে আমি ক’ৰ পৰা পিঠা কিনিবলৈ পাম?”
6 ဝါကျမိဒံ တသျ ပရီက္ၐာရ္ထမ် အဝါဒီတ် ကိန္တု ယတ် ကရိၐျတိ တတ် သွယမ် အဇာနာတ်၊
ফিলিপক পৰীক্ষা কৰিবলৈকে যীচুৱে এই কথা ক’লে, কাৰণ যীচুৱে কি কৰিব তাক তেওঁ নিজে জানিছিল।
7 ဖိလိပး ပြတျဝေါစတ် ဧတေၐာမ် ဧကဲကော ယဒျလ္ပမ် အလ္ပံ ပြာပ္နောတိ တရှိ မုဒြာပါဒဒွိၑတေန ကြီတပူပါ အပိ နျူနာ ဘဝိၐျန္တိ၊
ফিলিপে উত্তৰ দিলে, “এওঁলোক প্রত্যেকে যদি অলপকৈয়ো পায়, তথাপি দুশ আধলিৰ পিঠা কিনিলেও যথেষ্ট নহ’ব।”
8 ၑိမောန် ပိတရသျ ဘြာတာ အာန္ဒြိယာချး ၑိၐျာဏာမေကော ဝျာဟၖတဝါန္
যীচুৰ শিষ্য সকলৰ মাজত এজনৰ নাম আছিল আন্দ্রিয়। তেওঁ চিমোন পিতৰৰ ভায়েক। তেওঁ যীচুক ক’লে,
9 အတြ ကသျစိဒ် ဗာလကသျ သမီပေ ပဉ္စ ယာဝပူပါး က္ၐုဒြမတ္သျဒွယဉ္စ သန္တိ ကိန္တု လောကာနာံ ဧတာဝါတာံ မဓျေ တဲး ကိံ ဘဝိၐျတိ?
“ইয়াত এজন সৰু ল’ৰা আছে আৰু তেওঁৰ ওচৰত পাঁচোটা যৱৰ পিঠা আৰু দুটা সৰু মাছ আছে; কিন্তু ইমান মানুহৰ মাজত তাৰে কি হ’ব?”
10 ပၑ္စာဒ် ယီၑုရဝဒတ် လောကာနုပဝေၑယတ တတြ ဗဟုယဝသသတ္တွာတ် ပဉ္စသဟသ္တြေဘျော နျူနာ အဓိကာ ဝါ ပုရုၐာ ဘူမျာမ် ဥပါဝိၑန်၊
১০যীচুৱে ক’লে, “লোক সকলক বহিবলৈ দিয়া।” সেই ঠাইতে ভালেমান বন আছিল। তেতিয়া সকলো লোক তাৰ ওপৰতে বহিল। তাত পুৰুষৰ সংখ্যাই প্রায় পাঁচ হাজাৰ আছিল।
11 တတော ယီၑုသ္တာန် ပူပါနာဒါယ ဤၑွရသျ ဂုဏာန် ကီရ္တ္တယိတွာ ၑိၐျေၐု သမာရ္ပယတ် တတသ္တေ တေဘျ ဥပဝိၐ္ဋလောကေဘျး ပူပါန် ယထေၐ္ဋမတ္သျဉ္စ ပြာဒုး၊
১১তাৰ পাছত যীচুৱে সেই পিঠাকেইখন লৈ ঈশ্বৰক ধন্যবাদ দি বহি থকা সকলৰ মাজত ভগাই দিলে। তেনেদৰে তেওঁ পাছত মাছো ভগাই দিলে। যেয়ে যিমান বিচাৰিলে সিমানকৈ পালে।
12 တေၐု တၖပ္တေၐု သ တာနဝေါစဒ် ဧတေၐာံ ကိဉ္စိဒပိ ယထာ နာပစီယတေ တထာ သရွွာဏျဝၑိၐ္ဋာနိ သံဂၖဟ္လီတ၊
১২তেনেকৈ তেওঁলোক পৰিতৃপ্ত হোৱাৰ পাছত যীচুৱে শিষ্য সকলক ক’লে, “যি টুকুৰাবোৰ বাকী থাকিল, তাৰ একোৱেই যেন নষ্ট নহয়; সেইবোৰ একেলগে গোটাই লোৱা।”
13 တတး သရွွေၐာံ ဘောဇနာတ် ပရံ တေ တေၐာံ ပဉ္စာနာံ ယာဝပူပါနာံ အဝၑိၐ္ဋာနျခိလာနိ သံဂၖဟျ ဒွါဒၑဍလ္လကာန် အပူရယန်၊
১৩তেতিয়া শিষ্য সকলে সেইবোৰ গোটালে আৰু লোক সকলে খোৱাৰ পাছত সেই পাঁচোটা যৱৰ পিঠাৰ যি টুকুৰাবোৰ বাকী থাকিল, সেইবোৰ গোটাই তেওঁলোকে বাৰটা পাচি পূৰ কৰিলে।
14 အပရံ ယီၑောရေတာဒၖၑီမ် အာၑ္စရျျကြိယာံ ဒၖၐ္ဋွာ လောကာ မိထော ဝက္တုမာရေဘိရေ ဇဂတိ ယသျာဂမနံ ဘဝိၐျတိ သ ဧဝါယမ် အဝၑျံ ဘဝိၐျဒွက္တ္တာ၊
১৪যীচুৰ এই আচৰিত কার্য দেখি লোক সকলে কবলৈ ধৰিলে, “জগতলৈ যি জন ভাৱবাদী অহাৰ কথা আছে, এওঁ নিশ্চয়ে সেই ভাৱবাদী।”
15 အတဧဝ လောကာ အာဂတျ တမာကြမျ ရာဇာနံ ကရိၐျန္တိ ယီၑုသ္တေၐာမ် ဤဒၖၑံ မာနသံ ဝိဇ္ဉာယ ပုနၑ္စ ပရွွတမ် ဧကာကီ ဂတဝါန်၊
১৫যেতিয়া যীচুৱে বুজিলে যে লোক সকলে তেওঁক জোৰ কৰি তেওঁলোকৰ ৰজা পাতিবৰ কাৰণে ধৰি নিবলৈ উদ্যত হৈছে; তেতিয়া তেওঁ আতৰি অকলে সেই পাহাৰলৈ পুণৰ উঠি গ’ল।
16 သာယံကာလ ဥပသ္ထိတေ ၑိၐျာ ဇလဓိတဋံ ဝြဇိတွာ နာဝမာရုဟျ နဂရဒိၑိ သိန္ဓော် ဝါဟယိတွာဂမန်၊
১৬যেতিয়া সন্ধিয়া নামি আহিল, যীচুৰ শিষ্য সকল সাগৰৰ তীৰলৈ নামি গ’ল।
17 တသ္မိန် သမယေ တိမိရ ဥပါတိၐ္ဌတ် ကိန္တု ယီၐုသ္တေၐာံ သမီပံ နာဂစ္ဆတ်၊
১৭তেওঁলোকে গৈ এখন নাৱত উঠিল আৰু কফৰনাহূম নগৰৰ ফালে সাগৰ পাৰ হৈ যাবলৈ ধৰিলে। ইতিমধ্যে আন্ধাৰ হৈ গৈছিল, কিন্তু যীচু তেতিয়াও তেওঁলোকৰ ওচৰ আহি নাপালে।
18 တဒါ ပြဗလပဝနဝဟနာတ် သာဂရေ မဟာတရင်္ဂေါ ဘဝိတုမ် အာရေဘေ၊
১৮বৰ জোৰেৰে বতাহ বলাত সাগৰত ঢৌ উঠিছিল।
19 တတသ္တေ ဝါဟယိတွာ ဒွိတြာန် ကြောၑာန် ဂတား ပၑ္စာဒ် ယီၑုံ ဇလဓေရုပရိ ပဒ္ဘျာံ ဝြဇန္တံ နော်ကာန္တိကမ် အာဂစ္ဆန္တံ ဝိလောကျ တြာသယုက္တာ အဘဝန္
১৯শিষ্য সকলে নাও বাই প্রায় পাঁচ ছয় কিলোমিটাৰমান যোৱাৰ পাছত দেখিলে, যীচু সাগৰৰ ওপৰেদি খোজকাঢ়ি নাৱঁৰ ওচৰলৈ আহি আছে। তাকে দেখি তেওঁলোকে অতিশয় ভয় খালে।
20 ကိန္တု သ တာနုက္တ္တဝါန် အယမဟံ မာ ဘဲၐ္ဋ၊
২০তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “এয়া মইহে! ভয় নকৰিবা।”
21 တဒါ တေ တံ သွဲရံ နာဝိ ဂၖဟီတဝန္တး တဒါ တတ္က္ၐဏာဒ် ဥဒ္ဒိၐ္ဋသ္ထာနေ နော်ရုပါသ္ထာတ်၊
২১শিষ্য সকলে যীচুক নাৱত তুলি লবলৈ বিচাৰিলে আৰু তেওঁলোক যি ঠাইলৈ গৈ আছিল, নাও খন তেতিয়াই সেই ঠাই পালেগৈ।
22 ယယာ နာဝါ ၑိၐျာ အဂစ္ဆန် တဒနျာ ကာပိ နော်ကာ တသ္မိန် သ္ထာနေ နာသီတ် တတော ယီၑုး ၑိၐျဲး သာကံ နာဂမတ် ကေဝလား ၑိၐျာ အဂမန် ဧတတ် ပါရသ္ထာ လောကာ ဇ္ဉာတဝန္တး၊
২২পিছদিনা খনৰ কথা। যি সকল লোক সাগৰৰ আন পাৰত থিয় হৈ আছিল, তেওঁলোকে দেখিছিল যে কেৱল মাত্র এখন নাৱৰ বাহিৰে সেই ঠাইত আন এখনো নাও নাছিল আৰু যীচু তেওঁৰ শিষ্য সকলৰ সৈতে তাত নুঠিল, অকল শিষ্য সকলহে আতৰি গৈছিল।
23 ကိန္တု တတး ပရံ ပြဘု ရျတြ ဤၑွရသျ ဂုဏာန် အနုကီရ္တ္တျ လောကာန် ပူပါန် အဘောဇယတ် တတ္သ္ထာနသျ သမီပသ္ထတိဝိရိယာယာ အပရာသ္တရဏယ အာဂမန်၊
২৩কিন্তু, প্রভুৱে ধন্যবাদ দিয়াৰ পাছত লোক সকলে যি ঠাইত পিঠা খাইছিল, সেই ঠাইৰ ওচৰতে তিবিৰিয়াৰ পৰা অহা কিছুমান নাও আছিল।
24 ယီၑုသ္တတြ နာသ္တိ ၑိၐျာ အပိ တတြ နာ သန္တိ လောကာ ဣတိ ဝိဇ္ဉာယ ယီၑုံ ဂဝေၐယိတုံ တရဏိဘိး ကဖရ္နာဟူမ် ပုရံ ဂတား၊
২৪সেয়ে, লোক সকলে যেতিয়া জানিলে যে যীচু আৰু তেওঁৰ শিষ্য সকল সেই ঠাইত নাই, তেতিয়া তেওঁলোকে সেই নাওবোৰত উঠি যীচুক বিচাৰি কফৰনাহূমলৈ গ’ল।
25 တတသ္တေ သရိတ္ပတေး ပါရေ တံ သာက္ၐာတ် ပြာပျ ပြာဝေါစန် ဟေ ဂုရော ဘဝါန် အတြ သ္ထာနေ ကဒါဂမတ်?
২৫সাগৰৰ সিটো পাৰত তেওঁলোকে যীচুক দেখা পাই ক’লে, “ৰব্বি, আপুনি ইয়ালৈ কেতিয়া আহিল?”
26 တဒါ ယီၑုသ္တာန် ပြတျဝါဒီဒ် ယုၐ္မာနဟံ ယထာရ္ထတရံ ဝဒါမိ အာၑ္စရျျကရ္မ္မဒရ္ၑနာဒ္ဓေတော ရ္န ကိန္တု ပူပဘောဇနာတ် တေန တၖပ္တတွာဉ္စ မာံ ဂဝေၐယထ၊
২৬যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “মই আপোনালোকক অতি সত্যৰূপে কওঁ, আপোনালোকে আচৰিত চিন দেখিছে কাৰণে নহয়, বৰং পিঠা খাই তৃপ্ত হোৱাৰ কাৰণেহে মোক বিচাৰিছে।
27 က္ၐယဏီယဘက္ၐျာရ္ထံ မာ ၑြာမိၐ္ဋ ကိန္တွန္တာယုရ္ဘက္ၐျာရ္ထံ ၑြာမျတ, တသ္မာတ် တာဒၖၑံ ဘက္ၐျံ မနုဇပုတြော ယုၐ္မာဘျံ ဒါသျတိ; တသ္မိန် တာတ ဤၑွရး ပြမာဏံ ပြာဒါတ်၊ (aiōnios g166)
২৭ক্ষয়ণীয় আহাৰৰকাৰণে শ্ৰম কৰিবলৈ এৰক; কিন্তু অনন্ত জীৱনলৈকে যি আহাৰ থাকে তাৰ কাৰণে শ্ৰম কৰক। সেই আহাৰ মানুহৰ পুত্ৰই আপোনালোকক দিব; কিয়নো পিতৃ ঈশ্বৰে তেওঁৰ ওপৰত নিজৰ মোহৰমাৰিলে।” (aiōnios g166)
28 တဒါ တေ'ပၖစ္ဆန် ဤၑွရာဘိမတံ ကရ္မ္မ ကရ္တ္တုမ် အသ္မာဘိး ကိံ ကရ္တ္တဝျံ?
২৮লোক সকলে তেওঁক সুধিলে, “তেনেহলে ঈশ্বৰৰ কৰ্ম কৰিবলৈ আমি কি কৰিব লাগে?”
29 တတော ယီၑုရဝဒဒ် ဤၑွရော ယံ ပြဲရယတ် တသ္မိန် ဝိၑွသနမ် ဤၑွရာဘိမတံ ကရ္မ္မ၊
২৯যীচুৱে উত্তৰ দিলে, “ঈশ্বৰে যি জনক পঠালে, আপোনালোকে তেওঁত বিশ্বাস কৰাই হৈছে ঈশ্বৰৰ মনোনীত কৰ্ম।”
30 တဒါ တေ ဝျာဟရန် ဘဝတာ ကိံ လက္ၐဏံ ဒရ္ၑိတံ ယဒ္ဒၖၐ္ဋွာ ဘဝတိ ဝိၑွသိၐျာမး? တွယာ ကိံ ကရ္မ္မ ကၖတံ?
৩০তেতিয়া তেওঁলোকে তেওঁক সুধিলে, “আমি দেখি বিশ্বাস কৰিবলৈ আপুনি কি এনে কার্য কৰি আচৰিত চিন দেখুৱাব? আপুনি কি কৰ্ম কৰিব?
31 အသ္မာကံ ပူရွွပုရုၐာ မဟာပြာန္တရေ မာန္နာံ ဘောက္တ္တုံ ပြာပုး ယထာ လိပိရာသ္တေ၊ သွရ္ဂီယာဏိ တု ဘက္ၐျာဏိ ပြဒဒေါ် ပရမေၑွရး၊
৩১আমাৰ পূর্বপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল; যেনেকৈ শাস্ত্রত লিখা আছে, ‘তেওঁ তেওঁলোকক খাবলৈ স্বৰ্গৰ পৰা পিঠা দিলে’।”
32 တဒါ ယီၑုရဝဒဒ် အဟံ ယုၐ္မာနတိယထာရ္ထံ ဝဒါမိ မူသာ ယုၐ္မာဘျံ သွရ္ဂီယံ ဘက္ၐျံ နာဒါတ် ကိန္တု မမ ပိတာ ယုၐ္မာဘျံ သွရ္ဂီယံ ပရမံ ဘက္ၐျံ ဒဒါတိ၊
৩২যীচুৱে তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাকৈয়ে কওঁ, স্বর্গৰ পৰা সেই পিঠা মোচিয়ে আপোনালোকক দিয়া নাছিল, কিন্তু মোৰ পিতৃয়েহে আপোনালোকক স্বৰ্গৰ পৰা প্রকৃত পিঠা দিয়ে
33 ယး သွရ္ဂာဒဝရုဟျ ဇဂတေ ဇီဝနံ ဒဒါတိ သ ဤၑွရဒတ္တဘက္ၐျရူပး၊
৩৩কিয়নো স্বৰ্গৰ পৰা নামি আহি যিহে জগতক জীৱন দান কৰে, সেয়ে ঈশ্বৰে দিয়া পিঠা।”
34 တဒါ တေ ပြာဝေါစန် ဟေ ပြဘော ဘက္ၐျမိဒံ နိတျမသ္မဘျံ ဒဒါတု၊
৩৪লোক সকলে ক’লে, “তেনেহলে প্ৰভু, সেই পিঠা আমাক সকলো সময়তে দিয়ক।”
35 ယီၑုရဝဒဒ် အဟမေဝ ဇီဝနရူပံ ဘက္ၐျံ ယော ဇနော မမ သန္နိဓိမ် အာဂစ္ဆတိ သ ဇာတု က္ၐုဓာရ္တ္တော န ဘဝိၐျတိ, တထာ ယော ဇနော မာံ ပြတျေတိ သ ဇာတု တၖၐာရ္တ္တော န ဘဝိၐျတိ၊
৩৫যীচুৱে তেওঁ তেওঁলোকক ক’লে, “জীৱন দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
36 မာံ ဒၖၐ္ဋွာပိ ယူယံ န ဝိၑွသိထ ယုၐ္မာနဟမ် ဣတျဝေါစံ၊
৩৬মই আপোনালোকক কৈছোঁ যে, আপোনালোকে মোক দেখিছে, কিন্তু আপোনালোকে বিশ্বাস নকৰে।
37 ပိတာ မဟျံ ယာဝတော လောကာနဒဒါတ် တေ သရွွ ဧဝ မမာန္တိကမ် အာဂမိၐျန္တိ ယး ကၑ္စိစ္စ မမ သန္နိဓိမ် အာယာသျတိ တံ ကေနာပိ ပြကာရေဏ န ဒူရီကရိၐျာမိ၊
৩৭পিতৃয়ে মোক যি সকলক দিছে, তেওঁলোক সকলোৱেই মোৰ ওচৰলৈ আহিব; আৰু মোৰ ওচৰলৈ অহা জনক মই কেতিয়াও বাহিৰ কৰি নিদিম।
38 နိဇာဘိမတံ သာဓယိတုံ န ဟိ ကိန္တု ပြေရယိတုရဘိမတံ သာဓယိတုံ သွရ္ဂာဒ် အာဂတောသ္မိ၊
৩৮কিয়নো মই মোৰ নিজৰ ইচ্ছা পূৰ কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা নাই, কিন্তু মোক পঠোৱা জনৰ ইচ্ছা পূৰ কৰিবলৈহে নামি আহিছোঁ।
39 သ ယာန် ယာန် လောကာန် မဟျမဒဒါတ် တေၐာမေကမပိ န ဟာရယိတွာ ၑေၐဒိနေ သရွွာနဟမ် ဥတ္ထာပယာမိ ဣဒံ မတ္ပြေရယိတုး ပိတုရဘိမတံ၊
৩৯মোক পঠোৱা জনৰ ইচ্ছা এই যে, তেওঁ মোক যি সকলক দিলে, তেওঁলোকৰ এজনকো যেন মই নেহেৰুৱাও, কিন্তু শেষৰ দিনা তেওঁলোক সকলোকে যেন মই উঠাও।
40 ယး ကၑ္စိန် မာနဝသုတံ ဝိလောကျ ဝိၑွသိတိ သ ၑေၐဒိနေ မယောတ္ထာပိတး သန် အနန္တာယုး ပြာပ္သျတိ ဣတိ မတ္ပြေရကသျာဘိမတံ၊ (aiōnios g166)
৪০মোৰ পিতৃৰ ইচ্ছা এই- যি কোনোৱে পুত্ৰক দেখি তেওঁত বিশ্বাস কৰে, তেওঁ যেন অনন্ত জীৱন পায়; আৰু শেষৰ দিনা মই তেওঁক তুলিম।” (aiōnios g166)
41 တဒါ သွရ္ဂာဒ် ယဒ် ဘက္ၐျမ် အဝါရောဟတ် တဒ် ဘက္ၐျမ် အဟမေဝ ယိဟူဒီယလောကာသ္တသျဲတဒ် ဝါကျေ ဝိဝဒမာနာ ဝက္တ္တုမာရေဘိရေ
৪১পাছত ইহুদী নেতা সকলে যীচুৰ বিষয়ে ভোৰভোৰনি আৰম্ভ কৰিলে; যিহেতু তেওঁ কৈছিল, “স্বৰ্গৰ পৰা নমা আহাৰ ময়েই;”
42 ယူၐဖး ပုတြော ယီၑု ရျသျ မာတာပိတရော် ဝယံ ဇာနီမ ဧၐ ကိံ သဧဝ န? တရှိ သွရ္ဂာဒ် အဝါရောဟမ် ဣတိ ဝါကျံ ကထံ ဝက္တ္တိ?
৪২সেই নেতা সকলে কৈছিল, “এওঁ যোচেফৰ পুতেক যীচু, যাৰ বাপেক-মাকক আমি জানো, সেই জনেই নহয় নে? তেনেহলে ‘মই স্বৰ্গৰ পৰা নামি আহিছোঁ’ এই কথা এতিয়া তেওঁ কেনেকৈ কৈছে?”
43 တဒါ ယီၑုသ္တာန် ပြတျဝဒတ် ပရသ္ပရံ မာ ဝိဝဒဓွံ
৪৩যীচুৱে তেওঁলোকক উত্তৰ দি ক’লে, “আপোনালোকে নিজৰ মাজত সেই ভোৰভোৰনি বন্ধ কৰক।
44 မတ္ပြေရကေဏ ပိတြာ နာကၖၐ္ဋး ကောပိ ဇနော မမာန္တိကမ် အာယာတုံ န ၑက္နောတိ ကိန္တွာဂတံ ဇနံ စရမေ'ဟ္နိ ပြောတ္ထာပယိၐျာမိ၊
৪৪যি জনে মোক পঠাইছে, সেই পিতৃয়ে চপাই নললে, কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে; আৰু মই শেষৰ দিনা তেওঁক তুলিম।
45 တေ သရွွ ဤၑွရေဏ ၑိက္ၐိတာ ဘဝိၐျန္တိ ဘဝိၐျဒွါဒိနာံ ဂြန္ထေၐု လိပိရိတ္ထမာသ္တေ အတော ယး ကၑ္စိတ် ပိတုး သကာၑာတ် ၑြုတွာ ၑိက္ၐတေ သ ဧဝ မမ သမီပမ် အာဂမိၐျတိ၊
৪৫ভাববাদী সকলৰ পুস্তকত এই বুলি লিখা আছে, ‘তেওঁলোক সকলোৱে ঈশ্বৰৰ পৰা শিক্ষা লাভ কৰিব।’যি জনে পিতৃৰ পৰা শুনি শিক্ষা পাইছে, তেৱেঁই মোৰ ওচৰলৈ আহে।
46 ယ ဤၑွရာဒ် အဇာယတ တံ ဝိနာ ကောပိ မနုၐျော ဇနကံ နာဒရ္ၑတ် ကေဝလး သဧဝ တာတမ် အဒြာက္ၐီတ်၊
৪৬কোনোৱে যে পিতৃক দেখিলে, এনে নহয়, কেৱল যি জন ঈশ্বৰৰ পৰা হয়, তেৱেঁই পিতৃক দেখিলে।
47 အဟံ ယုၐ္မာန် ယထာရ္ထတရံ ဝဒါမိ ယော ဇနော မယိ ဝိၑွာသံ ကရောတိ သောနန္တာယုး ပြာပ္နောတိ၊ (aiōnios g166)
৪৭মই সঁচাকৈয়ে কৈছোঁ, যি জনে বিশ্বাস কৰে, সেই জনৰ অনন্ত জীৱন আছে। (aiōnios g166)
48 အဟမေဝ တဇ္ဇီဝနဘက္ၐျံ၊
৪৮জীৱন দিওঁতা আহাৰ (পিঠা) ময়েই।
49 ယုၐ္မာကံ ပူရွွပုရုၐာ မဟာပြာန္တရေ မန္နာဘက္ၐျံ ဘူက္တ္တာပိ မၖတား
৪৯আপোনালোকৰ পিতৃপুৰুষ সকলে মৰুপ্রান্তত মান্না খাইছিল আৰু তেওঁলোক মৰিল৷
50 ကိန္တု ယဒ္ဘက္ၐျံ သွရ္ဂာဒါဂစ္ဆတ် တဒ် ယဒိ ကၑ္စိဒ် ဘုင်္က္တ္တေ တရှိ သ န မြိယတေ၊
৫০স্বৰ্গৰ পৰা নামি অহা আহাৰ এয়ে; যি মানুহে ইয়াক খায়, তেওঁ পুনৰ নমৰে।
51 ယဇ္ဇီဝနဘက္ၐျံ သွရ္ဂာဒါဂစ္ဆတ် သောဟမေဝ ဣဒံ ဘက္ၐျံ ယော ဇနော ဘုင်္က္တ္တေ သ နိတျဇီဝီ ဘဝိၐျတိ၊ ပုနၑ္စ ဇဂတော ဇီဝနာရ္ထမဟံ ယတ် သွကီယပိၑိတံ ဒါသျာမိ တဒေဝ မယာ ဝိတရိတံ ဘက္ၐျမ်၊ (aiōn g165)
৫১স্বৰ্গৰ পৰা নমা জীৱনময় আহাৰ ময়েই। যদি কোনোৱে এই আহাৰ খায়, তেনেহলে তেওঁ চিৰকাল জীৱ; আৰু জগতৰ জীৱনৰ কাৰণে মই যি আহাৰ দিম, সেয়ে মোৰ মাংস।” (aiōn g165)
52 တသ္မာဒ် ယိဟူဒီယား ပရသ္ပရံ ဝိဝဒမာနာ ဝက္တ္တုမာရေဘိရေ ဧၐ ဘောဇနာရ္ထံ သွီယံ ပလလံ ကထမ် အသ္မဘျံ ဒါသျတိ?
৫২এই কথাত ইহুদী সকল খঙত জ্বলি উঠি পৰস্পৰে বাকযুদ্ধত লিপ্ত হৈ ক’লে, “কেনেকৈ এই মানুহ জনে তেওঁৰ দেহৰ মাংস আমাক খাবলৈ দিব পাৰে?”
53 တဒါ ယီၑုသ္တာန် အာဝေါစဒ် ယုၐ္မာနဟံ ယထာရ္ထတရံ ဝဒါမိ မနုၐျပုတြသျာမိၐေ ယုၐ္မာဘိ ရ္န ဘုက္တ္တေ တသျ ရုဓိရေ စ န ပီတေ ဇီဝနေန သာရ္ဒ္ဓံ ယုၐ္မာကံ သမ္ဗန္ဓော နာသ္တိ၊
৫৩যীচুৱে তেওঁলোকক ক’লে, “সঁচাকৈয়ে মই আপোনালোকক কওঁ, মানুহৰ পুত্ৰৰ মাংস নাখালে আৰু তেওঁৰ তেজ পান নকৰিলে, আপোনালোকৰ ভিতৰত জীৱন নাই।
54 ယော မမာမိၐံ သွာဒတိ မမ သုဓိရဉ္စ ပိဝတိ သောနန္တာယုး ပြာပ္နောတိ တတး ၑေၐေ'ဟ္နိ တမဟမ် ဥတ္ထာပယိၐျာမိ၊ (aiōnios g166)
৫৪যি কোনোৱে মোৰ মাংস খায়, আৰু মোৰ তেজ পান কৰে, তেওঁৰ অনন্ত জীৱন আছে; আৰু শেষৰ দিনা মই তেওঁক তুলিম। (aiōnios g166)
55 ယတော မဒီယမာမိၐံ ပရမံ ဘက္ၐျံ တထာ မဒီယံ ၑောဏိတံ ပရမံ ပေယံ၊
৫৫কিয়নো মোৰ মাংসই প্রকৃত ভক্ষ্য আৰু মোৰ তেজেই প্রকৃত পানীয়।
56 ယော ဇနော မဒီယံ ပလလံ သွာဒတိ မဒီယံ ရုဓိရဉ္စ ပိဝတိ သ မယိ ဝသတိ တသ္မိန္နဟဉ္စ ဝသာမိ၊
৫৬যি জনে মোৰ মাংস খায় আৰু মোৰ তেজ পান কৰে, সেই জন মোত থাকে, ময়ো তেওঁত থাকোঁ।
57 မတ္ပြေရယိတြာ ဇီဝတာ တာတေန ယထာဟံ ဇီဝါမိ တဒွဒ် ယး ကၑ္စိန် မာမတ္တိ သောပိ မယာ ဇီဝိၐျတိ၊
৫৭যেনেকৈ জীৱিত পিতৃয়ে মোক পঠালে আৰু পিতৃৰ কাৰণে মই জীৱিত আছোঁ, তেনেকৈ যি কোনোৱে মোক ভোজন কৰে, তেৱোঁ মোৰ দ্বাৰাই জীয়াই থাকিব।
58 ယဒ္ဘက္ၐျံ သွရ္ဂာဒါဂစ္ဆတ် တဒိဒံ ယန္မာန္နာံ သွာဒိတွာ ယုၐ္မာကံ ပိတရော'မြိယန္တ တာဒၖၑမ် ဣဒံ ဘက္ၐျံ န ဘဝတိ ဣဒံ ဘက္ၐျံ ယော ဘက္ၐတိ သ နိတျံ ဇီဝိၐျတိ၊ (aiōn g165)
৫৮স্বৰ্গৰ পৰা নমা আহাৰ এয়েই। পিতৃপুৰুষ সকলে যেনেকৈ খায়ো মৰিল, তাৰ নিচিনা নহয়; যি জনে এই আহাৰ খায়, সেই জন চিৰকাল জীৱ।” (aiōn g165)
59 ယဒါ ကဖရ္နာဟူမ် ပုရျျာံ ဘဇနဂေဟေ ဥပါဒိၑတ် တဒါ ကထာ ဧတာ အကထယတ်၊
৫৯এই সকলো কথা যীচুৱে কফৰনাহূমত উপদেশ দিয়াৰ সময়ত নাম-ঘৰত ক’লে।
60 တဒေတ္ထံ ၑြုတွာ တသျ ၑိၐျာဏာမ် အနေကေ ပရသ္ပရမ် အကထယန် ဣဒံ ဂါဎံ ဝါကျံ ဝါကျမီဒၖၑံ ကး ၑြောတုံ ၑကြုယာတ်?
৬০যীচুৰ শিষ্য সকলৰ মাজৰ অনেকে এই কথা শুনি ক’লে, “ই বৰ কঠিন শিক্ষা; কোনে ইয়াক গ্রহণ কৰিব পাৰে?”
61 ကိန္တု ယီၑုး ၑိၐျာဏာမ် ဣတ္ထံ ဝိဝါဒံ သွစိတ္တေ ဝိဇ္ဉာယ ကထိတဝါန် ဣဒံ ဝါကျံ ကိံ ယုၐ္မာကံ ဝိဃ္နံ ဇနယတိ?
৬১যীচুৱে নিজৰ মনতে জানিব পাৰিছিল যে তেওঁৰ শিষ্য সকলে এই বিষয়ত বু বু বা বা কৰি আছে; সেয়ে তেওঁ শিষ্য সকলক সুধিলে, “এই কথাত তোমালোকে মনত বিঘিনি পাইছা নেকি?
62 ယဒိ မနုဇသုတံ ပူရွွဝါသသ္ထာနမ် ဦရ္ဒွွံ ဂစ္ဆန္တံ ပၑျထ တရှိ ကိံ ဘဝိၐျတိ?
৬২মানুহৰ পুত্ৰক যেতিয়া উর্দ্ধত তেওঁৰ আগৰ থকা ঠাইলৈ উঠা দেখিবা, তেতিয়া তোমালোকে কি ভাবিবা?
63 အာတ္မဲဝ ဇီဝနဒါယကး ဝပု ရ္နိၐ္ဖလံ ယုၐ္မဘျမဟံ ယာနိ ဝစာံသိ ကထယာမိ တာနျာတ္မာ ဇီဝနဉ္စ၊
৬৩আত্মাইহে জীৱন দিয়ে। মাংস একো উপকাৰত নাহে; মই তোমালোকক যিবোৰ কথা কৈছোঁ, সেই কথাই আত্মা আৰু জীৱন।
64 ကိန္တု ယုၐ္မာကံ မဓျေ ကေစန အဝိၑွာသိနး သန္တိ ကေ ကေ န ဝိၑွသန္တိ ကော ဝါ တံ ပရကရေၐု သမရ္ပယိၐျတိ တာန် ယီၑုရာပြထမာဒ် ဝေတ္တိ၊
৬৪কিন্তু তোমালোকৰ মাজত এনে কিছুমান আছে, যি সকলে বিশ্বাস নকৰে।” কিয়নো যীচুৱে আদিৰে পৰা জানিছিল, কোনে কোনে বিশ্বাস নকৰে আৰু কোনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব।
65 အပရမပိ ကထိတဝါန် အသ္မာတ် ကာရဏာဒ် အကထယံ ပိတုး သကာၑာတ် ၑက္တ္တိမပြာပျ ကောပိ မမာန္တိကမ် အာဂန္တုံ န ၑက္နောတိ၊
৬৫তেওঁ পুনৰ ক’লে, “এই কাৰণে মই তোমালোকক কৈছিলোঁ যে, পিতৃয়ে ইচ্ছা নকৰিলে কোনেও মোৰ ওচৰলৈ আহিব নোৱাৰে।”
66 တတ္ကာလေ'နေကေ ၑိၐျာ ဝျာဃုဋျ တေန သာရ္ဒ္ဓံ ပုန ရ္နာဂစ္ဆန်၊
৬৬ইয়াৰ পাছতে তেওঁৰ শিষ্য সকলৰ মাজৰ অনেক উলটি গ’ল; তেওঁৰ লগত পুনৰ অহা-যোৱা নকৰিলে।
67 တဒါ ယီၑု ရ္ဒွါဒၑၑိၐျာန် ဥက္တ္တဝါန် ယူယမပိ ကိံ ယာသျထ?
৬৭যীচুৱে তেতিয়া সেই বাৰ জন পাঁচনিক ক’লে, “তোমালোকেও যাবলৈ ইচ্ছা কৰা নে?”
68 တတး ၑိမောန် ပိတရး ပြတျဝေါစတ် ဟေ ပြဘော ကသျာဘျရ္ဏံ ဂမိၐျာမး? (aiōnios g166)
৬৮চিমোন পিতৰে তেওঁক উত্তৰ দিলে, “প্ৰভু, আমি কাৰ ওচৰলৈ যাম? অনন্ত জীৱনৰ কথা আপোনাৰ ওচৰতহে আছে। (aiōnios g166)
69 အနန္တဇီဝနဒါယိနျော ယား ကထာသ္တာသ္တဝဲဝ၊ ဘဝါန် အမရေၑွရသျာဘိၐိက္တ္တပုတြ ဣတိ ဝိၑွသျ နိၑ္စိတံ ဇာနီမး၊
৬৯আমি বিশ্বাস কৰিছোঁ আৰু জানিছোঁ যে আপুনিয়েই ঈশ্বৰৰ পবিত্ৰ জন।”
70 တဒါ ယီၑုရဝဒတ် ကိမဟံ ယုၐ္မာကံ ဒွါဒၑဇနာန် မနောနီတာန် န ကၖတဝါန်? ကိန္တု ယုၐ္မာကံ မဓျေပိ ကၑ္စိဒေကော ဝိဃ္နကာရီ ဝိဒျတေ၊
৭০যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোক বাৰ জনক মনোনীত কৰা নাই নে? কিন্তু তোমালোকৰ মাজতো এজন দিয়াবলআছে।”
71 ဣမာံ ကထံ သ ၑိမောနး ပုတြမ် ဤၐ္ကရီယောတီယံ ယိဟူဒါမ် ဥဒ္ဒိၑျ ကထိတဝါန် ယတော ဒွါဒၑာနာံ မဓျေ ဂဏိတး သ တံ ပရကရေၐု သမရ္ပယိၐျတိ၊
৭১ইয়াত ঈষ্কৰিয়োতীয়া চিমোনৰ পুত্ৰ যিহূদাৰ বিষয়ে কৈছিল; কিয়নো যদিও তেওঁ বাৰ জনৰ মাজৰ এজন আছিল, তথাপি তেৱেঁ পাছত যীচুক শত্ৰুৰ হাতত শোধাই দিছিল।

< ယောဟနး 6 >