< ယောဟနး 2 >

1 အနန္တရံ တြုတီယဒိဝသေ ဂါလီလ် ပြဒေၑိယေ ကာန္နာနာမ္နိ နဂရေ ဝိဝါဟ အာသီတ် တတြ စ ယီၑောရ္မာတာ တိၐ္ဌတ်၊
তিন দিনৰ দিনা গালীল প্ৰদেশৰ কান্না নগৰত এখন বিয়া হৈছিল আৰু যীচুৰ মাক তাত আছিল।
2 တသ္မဲ ဝိဝါဟာယ ယီၑုသ္တသျ ၑိၐျာၑ္စ နိမန္တြိတာ အာသန်၊
সেই বিয়ালৈ যীচু আৰু তেওঁৰ শিষ্য সকলকো নিমন্ত্ৰণ কৰা হৈছিল।
3 တဒနန္တရံ ဒြာက္ၐာရသသျ နျူနတွာဒ် ယီၑောရ္မာတာ တမဝဒတ် ဧတေၐာံ ဒြာက္ၐာရသော နာသ္တိ၊
পাছত যেতিয়া দ্ৰাক্ষাৰস শেষ হৈ আহিল, তেতিয়া যীচুৰ মাকে আহি যীচুক ক’লে, “তেওঁলোকৰ দ্ৰাক্ষাৰস শেষ হ’ল।”
4 တဒါ သ တာမဝေါစတ် ဟေ နာရိ မယာ သဟ တဝ ကိံ ကာရျျံ? မမ သမယ ဣဒါနီံ နောပတိၐ္ဌတိ၊
যীচুৱে তেওঁক ক’লে, “হে নাৰী, এই কথাত মোৰ সৈতে কি কাম? মোৰ এতিয়াও সময় হোৱা নাই।”
5 တတသ္တသျ မာတာ ဒါသာနဝေါစဒ် အယံ ယဒ် ဝဒတိ တဒေဝ ကုရုတ၊
তেওঁৰ মাকে দাস সকলক ক’লে, “এওঁ তোমালোকক যিহকে কয়, তাকে কৰিবাহঁক।”
6 တသ္မိန် သ္ထာနေ ယိဟူဒီယာနာံ ၑုစိတွကရဏဝျဝဟာရာနုသာရေဏာဎကဲကဇလဓရာဏိ ပါၐာဏမယာနိ ၐဍွၖဟတ္ပာတြာဏိအာသန်၊
সেই ঠাইতে ইহুদী সকলৰ ৰীতি অনুসাৰে শুচি হবৰ কাৰণে পাথৰৰ ছয়টা পানী থোৱা শিলৰ পাত্র আছিল। সেইবোৰৰ প্রত্যেকতে প্ৰায় আশীৰ পৰা এশ বিশ লিটাৰ পানী ধৰে।
7 တဒါ ယီၑုသ္တာန် သရွွကလၑာန် ဇလဲး ပူရယိတုံ တာနာဇ္ဉာပယတ်, တတသ္တေ သရွွာန် ကုမ္ဘာနာကရ္ဏံ ဇလဲး ပရျျပူရယန်၊
যীচুৱে দাসবোৰক ক’লে, “এই পাত্রকেইটাত পানী ভৰাই দিয়া।” দাসবোৰে তেতিয়া সেই পাত্রকেইটাৰ কাণলৈকে পূৰ্ণ কৰি পানী ভৰাই দিলে।
8 အထ တေဘျး ကိဉ္စိဒုတ္တာရျျ ဘောဇျာဓိပါတေးသမီပံ နေတုံ သ တာနာဒိၑတ်, တေ တဒနယန်၊
তাৰ পাছত যীচুৱে সিহঁতক ক’লে, “এতিয়া তাৰ পৰা অলপ উলিয়াই ভোজৰ অধিকাৰীৰ ওচৰলৈ লৈ যোৱা।” তাতে দাসবোৰে সেইদৰে কৰিলে।
9 အပရဉ္စ တဇ္ဇလံ ကထံ ဒြာက္ၐာရသော'ဘဝတ် တဇ္ဇလဝါဟကာဒါသာ ဇ္ဉာတုံ ၑက္တား ကိန္တု တဒ္ဘေါဇျာဓိပေါ ဇ္ဉာတုံ နာၑက္နောတ် တဒဝလိဟျ ဝရံ သံမ္ဗောဒျာဝဒတ,
ভোজৰ অধিকাৰীয়ে পানীৰ পৰা হোৱা সেই দ্ৰাক্ষাৰস চাকি চালে; কিন্তু সেই ৰস ক’ৰ পৰা আহিল, তেওঁ নাজানিলে। যি দাসবোৰে পানী তুলিছিল, সিহঁতেহে জানিলে। তেতিয়া ভোজৰ অধিকাৰীয়ে দৰাক মাতি ক’লে,
10 လောကား ပြထမံ ဥတ္တမဒြာက္ၐာရသံ ဒဒတိ တၐု ယထေၐ္ဋံ ပိတဝတ္သု တသ္မာ ကိဉ္စိဒနုတ္တမဉ္စ ဒဒတိ ကိန္တု တွမိဒါနီံ ယာဝတ် ဥတ္တမဒြာက္ၐာရသံ သ္ထာပယသိ၊
১০“সাধাৰণতে সকলো মানুহে প্রথমে উত্তম দ্ৰাক্ষাৰস পৰিবেশন কৰে আৰু অতিথি সকলে সেয়া ইচ্ছামতে খোৱাৰ পাছত, তেওঁলোকক আগতকৈ নিম্নমানৰ দ্রাক্ষাৰস পৰিবেশন কৰে। কিন্তু তোমালোকে হ’লে এতিয়ালৈকে উত্তম দ্ৰাক্ষাৰস ৰাখি থৈছা।”
11 ဣတ္ထံ ယီၑုရ္ဂာလီလပြဒေၑေ အာၑ္စရျျကာရ္မ္မ ပြာရမ္ဘ နိဇမဟိမာနံ ပြာကာၑယတ် တတး ၑိၐျာသ္တသ္မိန် ဝျၑွသန်၊
১১গালীল প্ৰদেশৰ কান্না নগৰত এই প্রথম আচৰিত চিনৰ কার্য কৰি যীচুৱে নিজৰ মহিমা প্রকাশ কৰিলে। তাতে তেওঁৰ শিষ্য সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিলে।
12 တတး ပရမ် သ နိဇမာတြုဘြာတြုသ္ၑိၐျဲး သာရ္ဒ္ဓ္ံ ကဖရ္နာဟူမမ် အာဂမတ် ကိန္တု တတြ ဗဟူဒိနာနိ အာတိၐ္ဌတ်၊
১২তাৰ পাছত যীচুৱে তেওঁৰ মাক, ভায়েকহঁত আৰু শিষ্য সকলৰ সৈতে কফৰনাহূমলৈ গ’ল আৰু তাতে তেওঁলোক কিছুদিন থাকিল।
13 တဒနန္တရံ ယိဟူဒိယာနာံ နိသ္တာရောတ္သဝေ နိကဋမာဂတေ ယီၑု ရျိရူၑာလမ် နဂရမ် အာဂစ္ဆတ်၊
১৩ইহুদী সকলৰ নিস্তাৰ-পৰ্ব পালনৰ সময় ওচৰ হোৱাত যীচু যিৰূচালেমলৈ গ’ল।
14 တတော မန္ဒိရသျ မဓျေ ဂေါမေၐပါရာဝတဝိကြယိဏော ဝါဏိဇက္ၐ္စောပဝိၐ္ဋာန် ဝိလောကျ
১৪তেওঁ তাত গৈ দেখিলে যে মন্দিৰৰ মাজত লোক সকলে ষাঁড়-গৰু, মেৰ, কপৌ চৰাই বেচি আছে আৰু ধন সলোৱা লোক সকলো তাত বহি আছে।
15 ရဇ္ဇုဘိး ကၑာံ နိရ္မ္မာယ သရွွဂေါမေၐာဒိဘိး သာရ္ဒ္ဓံ တာန် မန္ဒိရာဒ် ဒူရီကၖတဝါန်၊
১৫তেতিয়া তেওঁ কিছুমান ৰছীৰে এডাল চাবুক বনাই ললে আৰু সেইডালেৰে ষাঁড়-গৰু, মেৰবোৰেৰে সৈতে সকলোকে মন্দিৰৰ পৰা খেদাই দিলে, আৰু ধন সলোৱা সকলৰ টকা-পইচা সকলো বাকি দি সিহঁতৰ মেজবোৰ লুটিয়াই পেলালে।
16 ဝဏိဇာံ မုဒြာဒိ ဝိကီရျျ အာသနာနိ နျူဗ္ဇီကၖတျ ပါရာဝတဝိကြယိဘျော'ကထယဒ် အသ္မာတ် သ္ထာနာတ် သရွာဏျေတာနိ နယတ, မမ ပိတုဂၖဟံ ဝါဏိဇျဂၖဟံ မာ ကာရ္ၐ္ဋ၊
১৬যি সকলে পাৰচৰাই বেচিছিল, তেওঁলোকক ক’লে, “ইয়াৰ পৰা এইবোৰ লৈ যোৱা! মোৰ পিতৃৰ গৃহক ব্যৱসায়ৰ গৃহ নকৰিবা।”
17 တသ္မာတ် တန္မန္ဒိရာရ္ထ ဥဒျောဂေါ ယသ္တု သ ဂြသတီဝ မာမ်၊ ဣမာံ ၑာသ္တြီယလိပိံ ၑိၐျားသမသ္မရန်၊
১৭ইয়াতে শাস্ত্রত লিখা এই কথা তেওঁৰ শিষ্য সকলৰ মনত পৰিল: “তোমাৰ গৃহৰ প্রতি মোৰ আগ্ৰহে মোক গ্ৰাস কৰিব।”
18 တတး ပရမ် ယိဟူဒီယလောကာ ယီၐိမဝဒန် တဝမိဒၖၑကရ္မ္မကရဏာတ် ကိံ စိဟ္နမသ္မာန် ဒရ္ၑယသိ?
১৮তেতিয়া ইহুদী নেতা সকলে যীচুক সুধিলে, “এইবোৰ আচৰিত কাৰ্য কৰিবলৈ তুমি যে অধিকাৰ পাইছা, তাৰে কি প্রমাণ তুমি আমাক দেখুৱাব পাৰিবা?”
19 တတော ယီၑုသ္တာနဝေါစဒ် ယုၐ္မာဘိရေ တသ္မိန် မန္ဒိရေ နာၑိတေ ဒိနတြယမဓျေ'ဟံ တဒ် ဥတ္ထာပယိၐျာမိ၊
১৯যীচুৱে তেওঁলোকক ক’লে, “তোমালোকে এই মন্দিৰ ভাঙি পেলোৱা, মই তিনি দিনত তাক তুলি ধৰিম।”
20 တဒါ ယိဟူဒိယာ ဝျာဟာရ္ၐုး, ဧတသျ မန္ဒိရသ နိရ္မ္မာဏေန ၐဋ္စတွာရိံၑဒ် ဝတ္သရာ ဂတား, တွံ ကိံ ဒိနတြယမဓျေ တဒ် ဥတ္ထာပယိၐျသိ?
২০তেতিয়া ইহুদী সকলে ক’লে, “এই মন্দিৰ নির্ম্মাণ কৰোঁতে ছয়চল্লিশ বছৰ লাগিছিল আৰু তুমি তাক তিন দিনতে তুলিবা নে?”
21 ကိန္တု သ နိဇဒေဟရူပမန္ဒိရေ ကထာမိမာံ ကထိတဝါန်၊
২১কিন্তু যীচুৱে মন্দিৰ বুলি নিজৰ দেহ-মন্দিৰৰ বিষয়লৈহে সেই কথা কৈছিল।
22 သ ယဒေတာဒၖၑံ ဂဒိတဝါန် တစ္ဆိၐျား ၑ္မၑာနာတ် တဒီယောတ္ထာနေ သတိ သ္မၖတွာ ဓရ္မ္မဂြန္ထေ ယီၑုနောက္တကထာယာံ စ ဝျၑွသိၐုး၊
২২সেয়ে, পাছত যেতিয়া যীচুক মৃত লোকৰ মাজৰ পৰা তোলা হ’ল, তেতিয়া তেওঁৰ শিষ্য সকলৰ মনত পৰিল যে তেওঁ এই কথাই কৈছিল। তেতিয়া তেওঁলোকে ধৰ্মশাস্ত্ৰৰ কথাত আৰু যীচুৰ এই কথাত বিশ্বাস কৰিলে।
23 အနန္တရံ နိသ္တာရောတ္သဝသျ ဘောဇျသမယေ ယိရူၑာလမ် နဂရေ တတ္ကြုတာၑ္စရျျကရ္မ္မာဏိ ဝိလောကျ ဗဟုဘိသ္တသျ နာမနိ ဝိၑွသိတံ၊
২৩নিস্তাৰ-পৰ্বৰ সময়ত যিৰূচালেমত থাকোতে যীচুৱে যিবোৰ আচৰিত কাম কৰি চিন দেখুৱালে, সেইবোৰ দেখি বহু মানুহে তেওঁৰ নামত বিশ্বাস কৰিলে।
24 ကိန္တု သ တေၐာံ ကရေၐု သွံ န သမရ္ပယတ်, ယတး သ သရွွာနဝဲတ်၊
২৪কিন্তু যীচুৱে হ’লে তেওঁলোকৰ ওপৰত নিজে কোনো বিশ্বাস স্থাপন নকৰিলে, কাৰণ তেওঁ সকলো লোককে জানিছিল।
25 သ မာနဝေၐု ကသျစိတ် ပြမာဏံ နာပေက္ၐတ ယတော မနုဇာနာံ မဓျေ ယဒျဒသ္တိ တတ္တတ် သောဇာနာတ်၊
২৫মানুহৰ সম্পর্কে কোনো লোকৰ সাক্ষ্যৰ প্ৰয়োজন তেওঁৰ নাছিল; কিয়নো মানুহৰ অন্তৰত কি আছে, তেওঁ নিজে তাক জানিছিল।

< ယောဟနး 2 >