< ယောဟနး 16 >
1 ယုၐ္မာကံ ယထာ ဝါဓာ န ဇာယတေ တဒရ္ထံ ယုၐ္မာန် ဧတာနိ သရွွဝါကျာနိ ဝျာဟရံ၊
১“মই তোমালোকক এই সকলোবোৰ কথা এই কাৰণে কলোঁ, যাতে তোমালোকৰ নিজৰ বিশ্বাসত বিঘিনি নজন্মে৷
2 လောကာ ယုၐ္မာန် ဘဇနဂၖဟေဘျော ဒူရီကရိၐျန္တိ တထာ ယသ္မိန် သမယေ ယုၐ္မာန် ဟတွာ ဤၑွရသျ တုၐ္ဋိ ဇနကံ ကရ္မ္မာကုရ္မ္မ ဣတိ မံသျန္တေ သ သမယ အာဂစ္ဆန္တိ၊
২মানুহবোৰে নাম-ঘৰৰ পৰা তোমালোকক বাহিৰ কৰিব, সেই কালত তোমালোকক বধ কৰোঁতা প্ৰতিজনে ঈশ্বৰৰ সেৱা কৰিছোঁ বুলি ভাবিব, এনে কাল আহি আছে।
3 တေ ပိတရံ မာဉ္စ န ဇာနန္တိ, တသ္မာဒ် ယုၐ္မာန် ပြတီဒၖၑမ် အာစရိၐျန္တိ၊
৩তেওঁলোকে মোৰ পিতৃক আৰু মোক নজনাৰ কাৰণে এনে কর্মবোৰ কৰিব।
4 အတော ဟေတား သမယေ သမုပသ္ထိတေ ယထာ မမ ကထာ ယုၐ္မာကံ မနးသုး သမုပတိၐ္ဌတိ တဒရ္ထံ ယုၐ္မာဘျမ် ဧတာံ ကထာံ ကထယာမိ ယုၐ္မာဘိး သာရ္ဒ္ဓမ် အဟံ တိၐ္ဌန် ပြထမံ တာံ ယုၐ္မဘျံ နာကထယံ၊
৪কিন্তু যেতিয়া সেই সময় আহিব, তেতিয়া মই কোৱা কথাবোৰ তোমালোকে যেন সোঁৱৰিবা, এই কাৰণে মই এইবোৰ কথা এতিয়া তোমালোকক ক’লোঁ। মই তোমালোকৰ লগত থকাৰ কাৰণে, এইবোৰ কথা আৰম্ভণিৰে পৰা কোৱা নাছিলোঁ।
5 သာမ္ပြတံ သွသျ ပြေရယိတုး သမီပံ ဂစ္ဆာမိ တထာပိ တွံ က္က ဂစ္ဆသိ ကထာမေတာံ ယုၐ္မာကံ ကောပိ မာံ န ပၖစ္ဆတိ၊
৫কিন্তু যি জনে মোক পঠিয়াইছে, এতিয়া মই তেওঁৰ ওচৰলৈ ঘুৰি যাওঁ; তথাপি তোমালোকৰ কোনেও মোক এইদৰে সুধিব নিবিচৰা, ‘তুমি নো কলৈ গৈ আছা’?
6 ကိန္တု မယောက္တာဘိရာဘိး ကထာဘိ ရျူၐ္မာကမ် အန္တးကရဏာနိ ဒုးခေန ပူရ္ဏာနျဘဝန်၊
৬কিন্তু মই তোমালোকক এইবোৰ কথা কোৱা কাৰণে, তোমালোকৰ হৃদয় বেজাৰৰে ভৰি পৰিছে।
7 တထာပျဟံ ယထာရ္ထံ ကထယာမိ မမ ဂမနံ ယုၐ္မာကံ ဟိတာရ္ထမေဝ, ယတော ဟေတော ရ္ဂမနေ န ကၖတေ သဟာယော ယုၐ္မာကံ သမီပံ နာဂမိၐျတိ ကိန္တု ယဒိ ဂစ္ဆာမိ တရှိ ယုၐ္မာကံ သမီပေ တံ ပြေၐယိၐျာမိ၊
৭তথাপি, মই তোমালোকক সঁচাকৈ কৈছোঁ; মই যোৱাই তোমালোকৰ পক্ষে ভাল, কিয়নো মই নগ’লে, তোমালোকৰ ওচৰলৈ সেই সহায়কর্তা নাহিব; কিন্তু মই গ’লে তোমালোকৰ ওচৰলৈ তেওঁক পঠিয়াই দিম।
8 တတး သ အာဂတျ ပါပပုဏျဒဏ္ဍေၐု ဇဂတော လောကာနာံ ပြဗောဓံ ဇနယိၐျတိ၊
৮তেওঁ যেতিয়া আহিব, তেওঁ পাপৰ বিষয়ে, ধাৰ্মিকতাৰ বিষয়ে আৰু সোধ-বিচাৰৰ বিষয়ে, জগতক দোষৰ প্ৰমাণ দিব।
9 တေ မယိ န ဝိၑွသန္တိ တသ္မာဒ္ဓေတေား ပါပပြဗောဓံ ဇနယိၐျတိ၊
৯তেওঁ পাপৰ সম্পর্কত চেতনা দিব, কিয়নো তেওঁলোকে মোক বিশ্বাস নকৰে;
10 ယုၐ္မာကမ် အဒၖၑျး သန္နဟံ ပိတုး သမီပံ ဂစ္ဆာမိ တသ္မာဒ် ပုဏျေ ပြဗောဓံ ဇနယိၐျတိ၊
১০ধাৰ্মিকতাৰ বিষয়ে বুজাব, কিয়নো মই এতিয়া পিতৃৰ ওচৰলৈ যাওঁ, তোমালোকে মোক এতিয়া দেখিবলৈ নাপাবা;
11 ဧတဇ္ဇဂတော'ဓိပတိ ရ္ဒဏ္ဍာဇ္ဉာံ ပြာပ္နောတိ တသ္မာဒ် ဒဏ္ဍေ ပြဗောဓံ ဇနယိၐျတိ၊
১১আৰু সোধ-বিচাৰৰ বিষয়ে চেতনা দিব, কিয়নো এই জগতৰ অধিকাৰীৰ সোধ-বিচাৰ কৰা হ’ল।
12 ယုၐ္မဘျံ ကထယိတုံ မမာနေကား ကထာ အာသတေ, တား ကထာ ဣဒါနီံ ယူယံ သောဎုံ န ၑက္နုထ;
১২তোমালোকক ক’বলৈ মোৰ অনেক কথা আছে, কিন্তু সেই কথা এতিয়া গ্ৰহণ কৰিবলৈ অতিৰিক্ত হব।
13 ကိန္တု သတျမယ အာတ္မာ ယဒါ သမာဂမိၐျတိ တဒါ သရွွံ သတျံ ယုၐ္မာန် နေၐျတိ, သ သွတး ကိမပိ န ဝဒိၐျတိ ကိန္တု ယစ္ဆြောၐျတိ တဒေဝ ကထယိတွာ ဘာဝိကာရျျံ ယုၐ္မာန် ဇ္ဉာပယိၐျတိ၊
১৩কিন্তু সেই সত্যৰ আত্মা যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
14 မမ မဟိမာနံ ပြကာၑယိၐျတိ ယတော မဒီယာံ ကထာံ ဂၖဟီတွာ ယုၐ္မာန် ဗောဓယိၐျတိ၊
১৪তেওঁ মোক মহিমান্বিত কৰিব; কিয়নো মোৰ যি আছে, তেওঁ তাৰ পৰা লৈ, তোমালোকক জনাব।
15 ပိတု ရျဒျဒ် အာသ္တေ တတ် သရွွံ မမ တသ္မာဒ် ကာရဏာဒ် အဝါဒိၐံ သ မဒီယာံ ကထာံ ဂၖဟီတွာ ယုၐ္မာန် ဗောဓယိၐျတိ၊
১৫পিতৃৰ যি যি আছে, সেই সকলো মোৰ; এই হেতুকে মই ক’লোঁ, সত্যৰ আত্মাই মোৰ পৰা সকলো গ্ৰহণ কৰি তোমালোকৰ আগত ঘোষণা কৰিব।
16 ကိယတ္ကာလာတ် ပရံ ယူယံ မာံ ဒြၐ္ဋုံ န လပ္သျဓွေ ကိန္တု ကိယတ္ကာလာတ် ပရံ ပုန ရ္ဒြၐ္ဋုံ လပ္သျဓွေ ယတောဟံ ပိတုး သမီပံ ဂစ္ဆာမိ၊
১৬কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত, মোক দেখিবলৈ পাবা।”
17 တတး ၑိၐျာဏာံ ကိယန္တော ဇနား ပရသ္ပရံ ဝဒိတုမ် အာရဘန္တ, ကိယတ္ကာလာတ် ပရံ မာံ ဒြၐ္ဋုံ န လပ္သျဓွေ ကိန္တု ကိယတ္ကာလာတ် ပရံ ပုန ရ္ဒြၐ္ဋုံ လပ္သျဓွေ ယတောဟံ ပိတုး သမီပံ ဂစ္ဆာမိ, ဣတိ ယဒ် ဝါကျမ် အယံ ဝဒတိ တတ် ကိံ?
১৭তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ কোনো কোনোৱে পৰস্পৰৰ মাজত আলোচনা কৰি ক’লে, “তেওঁ আমাক কি কবলৈ বিচাৰিছে, কিছু সময়ৰ পাছত মোক দেখিবলৈ নোপোৱা; কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা; ‘কাৰণ মই পিতৃৰ ওচৰলৈ যাওঁ’? তেওঁ এই কথা কিয় কলে আমি বুজি পোৱা নাই৷”
18 တတး ကိယတ္ကာလာတ် ပရမ် ဣတိ တသျ ဝါကျံ ကိံ? တသျ ဝါကျသျာဘိပြာယံ ဝယံ ဗောဒ္ဓုံ န ၑက္နုမသ္တဲရိတိ
১৮এতেকে তেওঁলোকে ক’লে, “তেওঁনো এইটো কি কৈছে, ‘অলপ সময়’? তেওঁ কি কথা কৈ আছে আমি নাজানো।”
19 နိဂဒိတေ ယီၑုသ္တေၐာံ ပြၑ္နေစ္ဆာံ ဇ္ဉာတွာ တေဘျော'ကထယတ် ကိယတ္ကာလာတ် ပရံ မာံ ဒြၐ္ဋုံ န လပ္သျဓွေ, ကိန္တု ကိယတ္ကာလာတ် ပရံ ပူန ရ္ဒြၐ္ဋုံ လပ္သျဓွေ, ယာမိမာံ ကထာမကထယံ တသျာ အဘိပြာယံ ကိံ ယူယံ ပရသ္ပရံ မၖဂယဓွေ?
১৯যীচুৱে দেখিলে যে তেওঁলোকে তেওঁক সুধিবৰ বাবে আগ্ৰহী, সেয়েহে মনৰ ভাব বুজি পাই তেওঁলোকক ক’লে, “মই যে তোমালোকক কলোঁ, ‘কিছু সময়ৰ পাছত তোমালোকে মোক দেখিবলৈ নোপোৱা, কিন্তু আকৌ অলপ সময়ৰ পাছত মোক দেখিবলৈ পাবা’, এই কথাৰ ওপৰতে তোমালোকে আলোচনা কৰি আছা নে?”
20 ယုၐ္မာနဟမ် အတိယထာရ္ထံ ဝဒါမိ ယူယံ ကြန္ဒိၐျထ ဝိလပိၐျထ စ, ကိန္တု ဇဂတော လောကာ အာနန္ဒိၐျန္တိ; ယူယံ ၑောကာကုလာ ဘဝိၐျထ ကိန္တု ၑောကာတ် ပရံ အာနန္ဒယုက္တာ ဘဝိၐျထ၊
২০মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে ক্ৰন্দন আৰু বিলাপ কৰিবা, কিন্তু জগতে আনন্দ কৰিব; তেতিয়া তোমালোকে শোক কৰিবা; কিন্তু পাছত তোমালোকৰ সেই শোক আনন্দ হৈ যাব।
21 ပြသဝကာလ ဥပသ္ထိတေ နာရီ ယထာ ပြသဝဝေဒနယာ ဝျာကုလာ ဘဝတိ ကိန္တု ပုတြေ ဘူမိၐ္ဌေ သတိ မနုၐျဲကော ဇန္မနာ နရလောကေ ပြဝိၐ္ဋ ဣတျာနန္ဒာတ် တသျာသ္တတ္သရွွံ ဒုးခံ မနသိ န တိၐ္ဌတိ,
২১প্ৰসৱৰ সময়ত উপস্থিত হোৱাত মহিলাই প্ৰসৱৰ বেদনাত দুখ পায়; কিন্তু সন্তান ওপজিলেই, জগতলৈ এটি শিশু জন্ম হোৱাৰ আনন্দত, বেছি সময়লৈ সেই বেদনা তেওঁৰ মনত নাথাকে।
22 တထာ ယူယမပိ သာမ္ပြတံ ၑောကာကုလာ ဘဝထ ကိန္တု ပုနရပိ ယုၐ္မဘျံ ဒရ္ၑနံ ဒါသျာမိ တေန ယုၐ္မာကမ် အန္တးကရဏာနိ သာနန္ဒာနိ ဘဝိၐျန္တိ, ယုၐ္မာကံ တမ် အာနန္ဒဉ္စ ကောပိ ဟရ္တ္တုံ န ၑက္ၐျတိ၊
২২ঠিক সেইদৰে তোমালোকেও এতিয়া দুখত আছা; কিন্তু মই আকৌ তোমালোকক দেখা দিম; তেতিয়া তোমালোকৰ হৃদয় আনন্দিত হ’ব আৰু তোমালোকৰ সেই আনন্দ কোনেও তোমালোকৰ পৰা কাঢ়ি নিব নোৱাৰিব।
23 တသ္မိန် ဒိဝသေ ကာမပိ ကထာံ မာံ န ပြက္ၐျထ၊ ယုၐ္မာနဟမ် အတိယထာရ္ထံ ဝဒါမိ, မမ နာမ္နာ ယတ် ကိဉ္စိဒ် ပိတရံ ယာစိၐျဓွေ တဒေဝ သ ဒါသျတိ၊
২৩সেইদিনা মোক একো প্ৰশ্ন নুসুধিবা৷ মই তোমালোকক সঁচাকৈ কওঁ, তোমালোকে মোৰ নামেৰে পিতৃৰ আগত যদি কিবা খোজা, তেনেহলে তেওঁ তোমালোকক দিব।
24 ပူရွွေ မမ နာမ္နာ ကိမပိ နာယာစဓွံ, ယာစဓွံ တတး ပြာပ္သျထ တသ္မာဒ် ယုၐ္မာကံ သမ္ပူရ္ဏာနန္ဒော ဇနိၐျတေ၊
২৪এতিয়ালৈকে মোৰ নামেৰে তোমালোকে একো খোজা নাই; খোজা, তেতিয়াহে পাবা, তেতিয়া তোমালোকৰ আনন্দ পৰিপূর্ণ হব।
25 ဥပမာကထာဘိး သရွွာဏျေတာနိ ယုၐ္မာန် ဇ္ဉာပိတဝါန် ကိန္တု ယသ္မိန် သမယေ ဥပမယာ နောက္တွာ ပိတုး ကထာံ သ္ပၐ္ဋံ ဇ္ဉာပယိၐျာမိ သမယ ဧတာဒၖၑ အာဂစ္ဆတိ၊
২৫এইবোৰ কথা উপমাৰে মই তোমালোকক ক’লো, যি সময়ত মই তোমালোকক উপমা দিব নোৱাৰিম, প্ৰকাশকৈ পিতৃৰ কথা জনাম, এনে সময় আহিছে।
26 တဒါ မမ နာမ္နာ ပြာရ္ထယိၐျဓွေ 'ဟံ ယုၐ္မန္နိမိတ္တံ ပိတရံ ဝိနေၐျေ ကထာမိမာံ န ဝဒါမိ;
২৬সেইদিনা যি খোজা, মোৰ নামেৰে খুজিবা; আৰু মই তোমালোকক কোৱা নাই যে, মই তোমালোকৰ হৈ পিতৃ ওচৰত প্ৰাৰ্থনা কৰিম;
27 ယတော ယူယံ မယိ ပြေမ ကုရုထ, တထာဟမ် ဤၑွရသျ သမီပါဒ် အာဂတဝါန် ဣတျပိ ပြတီထ, တသ္မာဒ် ကာရဏာတ် ကာရဏာတ် ပိတာ သွယံ ယုၐ္မာသု ပြီယတေ၊
২৭কিয়নো পিতৃয়ে নিজেই তোমালোকক প্রেম কৰে; কাৰণ তোমালোকে মোক প্ৰেম কৰিলা আৰু মই যে পিতৃৰ পৰা আহিছোঁ, ইয়াকো বিশ্বাস কৰিলা।
28 ပိတုး သမီပါဇ္ဇဇဒ် အာဂတောသ္မိ ဇဂတ် ပရိတျဇျ စ ပုနရပိ ပိတုး သမီပံ ဂစ္ဆာမိ၊
২৮মই পিতৃৰ ওচৰৰ পৰা জগতলৈ আহিলোঁ; আকৌ জগতক এৰি এতিয়া মই পিতৃৰ ওচৰলৈ যাওঁ।”
29 တဒါ ၑိၐျာ အဝဒန်, ဟေ ပြဘော ဘဝါန် ဥပမယာ နောက္တွာဓုနာ သ္ပၐ္ဋံ ဝဒတိ၊
২৯তেতিয়া তেওঁৰ শিষ্য সকলে ক’লে, “চাওক, আপুনি এতিয়া স্পষ্টকৈ কব ধৰিছে; আপুনি কোনো কথা অস্পষ্টকৈ কৈ থকা নাই।
30 ဘဝါန် သရွွဇ္ဉး ကေနစိတ် ပၖၐ္ဋော ဘဝိတုမပိ ဘဝတး ပြယောဇနံ နာသ္တီတျဓုနာသ္မာကံ သ္ထိရဇ္ဉာနံ ဇာတံ တသ္မာဒ် ဘဝါန် ဤၑွရသျ သမီပါဒ် အာဂတဝါန် ဣတျတြ ဝယံ ဝိၑွသိမး၊
৩০এতিয়া আমি বুজি পালোঁ যে আপুনি সকলো জানে, কোনো ব্যক্তিয়ে আপোনাক সুধাৰ আগতেই আপুনি তাৰ উত্তৰ দিব পাৰে, আপুনি যে ঈশ্বৰৰ পৰা আহিছে, ইয়াকে আমি বিশ্বাস কৰিছোঁ।
31 တတော ယီၑုး ပြတျဝါဒီဒ် ဣဒါနီံ ကိံ ယူယံ ဝိၑွသိထ?
৩১যীচুৱে তেওঁলোকক ক’লে, “এতিয়া বিশ্বাস কৰিছা নে?”
32 ပၑျတ သရွွေ ယူယံ ဝိကီရ္ဏား သန္တော မာမ် ဧကာကိနံ ပီရတျဇျ သွံ သွံ သ္ထာနံ ဂမိၐျထ, ဧတာဒၖၑး သမယ အာဂစ္ဆတိ ဝရံ ပြာယေဏောပသ္ထိတဝါန်; တထာပျဟံ နဲကာကီ ဘဝါမိ ယတး ပိတာ မယာ သာရ္ဒ္ဓမ် အာသ္တေ၊
৩২চোৱা, এনে সময় আহিছে, আৰু প্রকৃতে এনে সময় আহিব, যেতিয়া তোমালোকে নিজ নিজ সা-সম্পত্তিত গোট গোট হৈ থাকিবা আৰু মোক অকলশৰীয়াকৈ এৰি যাবা, তথাপি মই অকলশৰীয়া নহওঁ, কিয়নো পিতৃ মোৰ লগত আছে।
33 ယထာ မယာ ယုၐ္မာကံ ၑာန္တိ ရ္ဇာယတေ တဒရ္ထမ် ဧတား ကထာ ယုၐ္မဘျမ် အစကထံ; အသ္မိန် ဇဂတိ ယုၐ္မာကံ က္လေၑော ဃဋိၐျတေ ကိန္တွက္ၐောဘာ ဘဝတ ယတော မယာ ဇဂဇ္ဇိတံ၊
৩৩এই কাৰণে মই তোমালোকক এইবোৰ কথা ক’লোঁ, যাতে তোমালোকে মোৰ শান্তি পোৱা৷ জগতত তোমালোকে কষ্ট পাবা; কিন্তু নিৰ্ভয় হোৱা; মই জগতৰ ওপৰত জয় কৰিলোঁ।”