< ဣဗြိဏး 6 >

1 ဝယံ မၖတိဇနကကရ္မ္မဘျော မနးပရာဝရ္တ္တနမ် ဤၑွရေ ဝိၑွာသော မဇ္ဇနၑိက္ၐဏံ ဟသ္တာရ္ပဏံ မၖတလောကာနာမ် ဥတ္ထာနမ္
এতেকে, খ্ৰীষ্টৰ বিষয়ে আমি যি প্রাথমিক শিক্ষা পালোঁ, তাক পাছ পেলাই, আহক আমি পৰিপূর্ণতাৰ ফালে আগবাঢ়ি যাওঁ। পুনৰায় যেন আমি মৃত কৰ্মৰ পৰা মন-পৰিৱর্তন আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস,
2 အနန္တကာလသ္ထာယိဝိစာရာဇ္ဉာ စဲတဲး ပုနရ္ဘိတ္တိမူလံ န သ္ထာပယန္တး ခြီၐ္ဋဝိၐယကံ ပြထမောပဒေၑံ ပၑ္စာတ္ကၖတျ သိဒ္ဓိံ ယာဝဒ် အဂြသရာ ဘဝါမ၊ (aiōnios g166)
নানা বাপ্তিস্ম আৰু হাত দিয়াৰ বিষয়ে শিক্ষা, মৃত লোকৰ পুনৰুত্থান আৰু স্থায়ী অনন্ত দণ্ডৰ বিষয়ে নতুনকৈ ভিত্তিমূল স্থাপন নকৰোঁ। (aiōnios g166)
3 ဤၑွရသျာနုမတျာ စ တဒ် အသ္မာဘိး ကာရိၐျတေ၊
অৱশ্যে, ঈশ্বৰে অনুমতি দিলে আমি তাকেই কৰিম।
4 ယ ဧကကၖတွော ဒီပ္တိမယာ ဘူတွာ သွရ္ဂီယဝရရသမ် အာသွဒိတဝန္တး ပဝိတြသျာတ္မနော'ံၑိနော ဇာတာ
কিয়নো যি সকলে এবাৰ পোহৰ প্রাপ্ত হৈছে, তেওঁলোকেই স্বৰ্গীয় দানৰ আস্বাদ পালে আৰু পবিত্ৰ আত্মাৰ সহভাগী হ’ল৷
5 ဤၑွရသျ သုဝါကျံ ဘာဝိကာလသျ ၑက္တိဉ္စာသွဒိတဝန္တၑ္စ တေ ဘြၐ္ဋွာ ယဒိ (aiōn g165)
কিন্তু যি সকলে ঈশ্বৰৰ মঙ্গলবাক্যৰ আস্বাদ পালে, ভাবী যুগৰ নানা পৰাক্ৰমৰ বিষয়ে জানিলে (aiōn g165)
6 သွမနောဘိရီၑွရသျ ပုတြံ ပုနး ကြုၑေ ဃ္နန္တိ လဇ္ဇာသ္ပဒံ ကုရွွတေ စ တရှိ မနးပရာဝရ္တ္တနာယ ပုနသ္တာန် နဝီနီကရ္တ္တုံ ကော'ပိ န ၑက္နောတိ၊
আৰু তাৰ পাছত ধৰ্ম ভ্ৰষ্ট হ’ল, তেওঁলোকক নতুনকৈ মন-পৰিৱর্তনৰ অর্থে পুণৰায় গঢ় দিয়া অসাধ্য; কাৰণ তেওঁলোকে নিজৰ অর্থে ঈশ্বৰৰ পুত্ৰক পুণৰ ক্ৰুচত দিলে আৰু প্ৰকাশ্যৰূপে মানুহৰ আগত তেওঁক নিন্দাৰ পাত্ৰ কৰিলে।
7 ယတော ယာ ဘူမိး သွောပရိ ဘူယး ပတိတံ ဝၖၐ္ဋိံ ပိဝတီ တတ္ဖလာဓိကာရိဏာံ နိမိတ္တမ် ဣၐ္ဋာနိ ၑာကာဒီနျုတ္ပာဒယတိ သာ ဤၑွရာဒ် အာၑိၐံ ပြာပ္တာ၊
যি মাটিয়ে তাৰ ওপৰত ঘনে ঘনে পৰা বৰষুণ শুহি লয় আৰু সেই মাটি চহাই কাম কৰা সকলৰ কাৰণে সেই মাটিয়ে প্রয়োজনীয় শাক-পাচলি আদি উৎপন্ন কৰে, সেই মাটিয়ে ঈশ্বৰৰ আশীৰ্বাদ পায়।
8 ကိန္တု ယာ ဘူမိ ရ္ဂောက္ၐုရကဏ္ဋကဝၖက္ၐာန် ဥတ္ပာဒယတိ သာ န ဂြာဟျာ ၑာပါရှာ စ ၑေၐေ တသျာ ဒါဟော ဘဝိၐျတိ၊
কিন্তু সেই মাটিয়ে যদি কাঁইট গছ আৰু পুলি কাঁইট উৎপন্ন কৰে, তেনেহলে ই অকামিলা হৈ যায় আৰু সেই মাটি অভিশপ্ত হোৱাৰ ভয় থাকে। তাৰ শেষগতি জ্বলন।
9 ဟေ ပြိယတမား, ယဒျပိ ဝယမ် ဧတာဒၖၑံ ဝါကျံ ဘာၐာမဟေ တထာပိ ယူယံ တတ ဥတ္ကၖၐ္ဋား ပရိတြာဏပထသျ ပထိကာၑ္စာဓွ ဣတိ ဝိၑွသာမး၊
প্ৰিয় বন্ধু সকল, যদিও আমি এইবোৰ কথা কৈছোঁ, তথাপি অাপোনালোকৰ বিষয়ে হ’লে আমাৰ এনে দৃঢ় বিশ্বাস আছে যে, আপোনালোকৰ অৱস্থা ইয়াতকৈয়ো ভাল আৰু আপোনালোকে যি কৰি আছে, সেয়া পৰিত্রাণ লাভৰে পদক্ষেপ।
10 ယတော ယုၐ္မာဘိး ပဝိတြလောကာနာံ ယ ဥပကာရော 'ကာရိ ကြိယတေ စ တေနေၑွရသျ နာမ္နေ ပြကာၑိတံ ပြေမ ၑြမဉ္စ ဝိသ္မရ္တ္တုမ် ဤၑွရော'နျာယကာရီ န ဘဝတိ၊
১০কিয়নো ঈশ্বৰ এনে অন্যায় বিচাৰক নহয় যে, আপোনালোকৰ পৰিশ্রম আৰু তেওঁৰ নামৰ বাবে পবিত্ৰ লোক সকলৰ প্রতি আপোনালোকে যি সেৱা যত্ন কৰিলে আৰু এতিয়াও একে সেৱা যত্ন কৰি প্রেম দেখুৱাই আছে; ঈশ্বৰে এইবোৰ কেতিয়াও নাপাহৰে।
11 အပရံ ယုၐ္မာကမ် ဧကဲကော ဇနော ယတ် ပြတျာၑာပူရဏာရ္ထံ ၑေၐံ ယာဝတ် တမေဝ ယတ္နံ ပြကာၑယေဒိတျဟမ် ဣစ္ဆာမိ၊
১১আমি বিচাৰো, আপোনালোক প্রত্যেক জনে যেন শেষ পর্যন্ত একেই ধৰণৰ আগ্রহ দেখুওৱা লোক হয়। তাতে আপোনালোকে সম্পূর্ণকৈ নিশ্চিত হব যে, আপোনালোকৰ আশা পূর্ণ হব।
12 အတး ၑိထိလာ န ဘဝတ ကိန္တု ယေ ဝိၑွာသေန သဟိၐ္ဏုတယာ စ ပြတိဇ္ဉာနာံ ဖလာဓိကာရိဏော ဇာတာသ္တေၐာမ် အနုဂါမိနော ဘဝတ၊
১২আপোনালোক এলেহুৱা হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰো, যি সকলে বিশ্বাস আৰু ধৈর্যৰ দ্বাৰাই ঈশ্বৰৰ বিধান সমূহ লাভ কৰে, আপোনালোক তেওঁলোকৰ অনুকাৰী হওক।
13 ဤၑွရော ယဒါ ဣဗြာဟီမေ ပြတျဇာနာတ် တဒါ ၑြေၐ္ဌသျ ကသျာပျပရသျ နာမ္နာ ၑပထံ ကရ္တ္တုံ နာၑက္နောတ်, အတော ဟေတေား သွနာမ္နာ ၑပထံ ကၖတွာ တေနောက္တံ ယထာ,
১৩ঈশ্বৰে যেতিয়া অব্ৰাহামলৈ এটি প্ৰতিজ্ঞা কৰিছিল, তেতিয়া ঈশ্বৰতকৈ মহান কোনো নথকাত তেওঁ নিজৰ নামেৰেই শপত খাইছিল।
14 "သတျမ် အဟံ တွာမ် အာၑိၐံ ဂဒိၐျာမိ တဝါနွယံ ဝရ္ဒ္ဓယိၐျာမိ စ၊ "
১৪তেওঁ কৈছিল, “মই অৱশ্যেই তোমাক আশীৰ্বাদ কৰিম আৰু অতিশয়ৰূপে তোমাৰ বংশও বৃদ্ধি কৰিম।”
15 အနေန ပြကာရေဏ သ သဟိၐ္ဏုတာံ ဝိဓာယ တသျား ပြတျာၑာယား ဖလံ လဗ္ဓဝါန်၊
১৫তাতে অব্রাহামে ধৈর্যেৰে অপেক্ষা কৰিলে আৰু পাছত তেওঁ সেই প্ৰতিজ্ঞাৰ ফল পালে।
16 အထ မာနဝါး ၑြေၐ္ဌသျ ကသျစိတ် နာမ္နာ ၑပန္တေ, ၑပထၑ္စ ပြမာဏာရ္ထံ တေၐာံ သရွွဝိဝါဒါန္တကော ဘဝတိ၊
১৬মানুহে নিজতকৈ মহান কোনো ব্যক্তিৰ নামেৰেহে শপত খায়। শপতৰ দ্বাৰা নিজৰ প্রতিজ্ঞা ৰক্ষাৰ নিশ্চয়তা দান কৰিলে তেওঁলোকৰ সকলো বিবাদৰ অৱসান হয়।
17 ဣတျသ္မိန် ဤၑွရး ပြတိဇ္ဉာယား ဖလာဓိကာရိဏး သွီယမန္တြဏာယာ အမောဃတာံ ဗာဟုလျတော ဒရ္ၑယိတုမိစ္ဆန် ၑပထေန သွပြတိဇ္ဉာံ သ္ထိရီကၖတဝါန်၊
১৭সেইদৰে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞাৰ উত্তৰাধিকাৰী সকলক শপতৰ মাধ্যমেদি নিশ্চয়তা দি অধিক স্পষ্টৰূপে দেখুৱাব বিচাৰিলে যে তেওঁৰ সেই উদ্দেশ্য অপৰিবর্তনীয়।
18 အတဧဝ ယသ္မိန် အနၖတကထနမ် ဤၑွရသျ န သာဓျံ တာဒၖၑေနာစလေန ဝိၐယဒွယေန သမ္မုခသ္ထရက္ၐာသ္ထလသျ ပြာပ္တယေ ပလာယိတာနာမ် အသ္မာကံ သုဒၖဎာ သာန္တွနာ ဇာယတေ၊
১৮ঈশ্বৰে এই কার্য দুটা অপৰিবর্তনীয় বিষয়ৰ দ্বাৰাই কৰিছিল, যি বিষয়ত ঈশ্বৰে মিছা-কোৱা অসাধ্য। আমি যি সকলে ঈশ্বৰৰ ওচৰত আশ্রয় বিচাৰি পলাই গলো, আমি আমাৰ আগত থকা আশাক যেন দৃঢ়তাৰে ধৰিবলৈ প্রচুৰ উৎসাহ পাওঁ, তাৰ কাৰণে কৰিলে।
19 သာ ပြတျာၑာသ္မာကံ မနောနော်ကာယာ အစလော လင်္ဂရော ဘူတွာ ဝိစ္ဆေဒကဝသ္တြသျာဘျန္တရံ ပြဝိၐ္ဋာ၊
১৯আমাৰ যি আশা আছে, সেই আশা আমাৰ আত্মাৰ লঙ্গৰ স্বৰূপ; সেয়ে নিশ্চিত আৰু দৃঢ়। সেই আশাই আঁৰ-কাপোৰৰ ভিতৰ ফালে মন্দিৰৰ মহা পবিত্র স্থানত আমাক প্রৱেশ কৰায়।
20 တတြဲဝါသ္မာကမ် အဂြသရော ယီၑုး ပြဝိၑျ မလ္ကီၐေဒကး ၑြေဏျာံ နိတျသ္ထာယီ ယာဇကော'ဘဝတ်၊ (aiōn g165)
২০যীচু, যি জন মল্কিচেদকৰ ৰীতি অনুযায়ী চিৰকালৰ বাবে মহা-পুৰোহিত হ’ল, তেওঁ আমাৰ কাৰণে অগ্রগামী হৈ সেই ঠাইত প্রৱেশ কৰিলে। (aiōn g165)

< ဣဗြိဏး 6 >