< ဣဗြိဏး 3 >

1 ဟေ သွရ္ဂီယသျာဟွာနသျ သဟဘာဂိနး ပဝိတြဘြာတရး, အသ္မာကံ ဓရ္မ္မပြတိဇ္ဉာယာ ဒူတော'ဂြသရၑ္စ ယော ယီၑုသ္တမ် အာလောစဓွံ၊
এই কাৰণে, হে স্বৰ্গীয় আমন্ত্ৰণৰ সহভাগী পবিত্ৰ ভাই সকল, আপোনালোকে যীচুলৈ মনোযোগ কৰক। তেওঁ আমি স্বীকাৰ কৰা ঈশ্বৰৰ পাঁচনি আৰু সেই মহা-পুৰোহিত।
2 မူသာ ယဒွတ် တသျ သရွွပရိဝါရမဓျေ ဝိၑွာသျ အာသီတ်, တဒွတ် အယမပိ သွနိယောဇကသျ သမီပေ ဝိၑွာသျော ဘဝတိ၊
ঈশ্বৰৰ পৰিয়ালৰ সমস্ত লোক সকলৰ প্রতি মোচি যেনেকৈ বিশ্বাসী আছিল, তেনেকৈ যীচু নিজেও তেওঁক নিযুক্ত কৰা ঈশ্বৰৰ প্রতি বিশ্বসী আছিল।
3 ပရိဝါရာစ္စ ယဒွတ် တတ္သ္ထာပယိတုရဓိကံ ဂေါ်ရဝံ ဘဝတိ တဒွတ် မူသသော'ယံ ဗဟုတရဂေါ်ရဝသျ ယောဂျော ဘဝတိ၊
কোনো লোকে যেতিয়া গৃহ নির্মাণ কৰে, তেতিয়া গৃহতকৈ গৃহ নির্মাতাৰ মৰ্যদা যেনেকৈ অধিক হয়, সেইদৰে, ঈশ্বৰে যীচুক মোচিতকৈ অধিক গৌৰৱৰ যোগ্যপাত্রৰূপে গণিত কৰিলে
4 ဧကဲကသျ နိဝေၑနသျ ပရိဇနာနာံ သ္ထာပယိတာ ကၑ္စိဒ် ဝိဒျတေ ယၑ္စ သရွွသ္ထာပယိတာ သ ဤၑွရ ဧဝ၊
কাৰণ প্ৰত্যেক গৃহ কোনো জনৰ দ্বাৰাই নির্মাণ কৰা হয়, কিন্তু যি জনে সকলোকে নির্মাণ কৰিলে, তেওঁ ঈশ্বৰ।
5 မူသာၑ္စ ဝက္ၐျမာဏာနာံ သာက္ၐီ ဘၖတျ ဣဝ တသျ သရွွပရိဇနမဓျေ ဝိၑွာသျော'ဘဝတ် ကိန္တု ခြီၐ္ဋသ္တသျ ပရိဇနာနာမဓျက္ၐ ဣဝ၊
মোচি সঁচাকৈয়ে ঈশ্বৰৰ সমস্ত গৃহৰ সেৱকৰূপে বিশ্বাসী আছিল। ভৱিষ্যতত যি যি কোৱা হ’ব, সেই সকলোৰে সম্বন্ধে মোচিয়ে সাক্ষ্য দি আছিল
6 ဝယံ တု ယဒိ ဝိၑွာသသျောတ္သာဟံ ၑ္လာဃနဉ္စ ၑေၐံ ယာဝဒ် ဓာရယာမသ္တရှိ တသျ ပရိဇနာ ဘဝါမး၊
কিন্তু পুত্র হিচাপে খ্রীষ্ট হৈছে ঈশ্বৰৰ সেই গৃহৰ কর্তা। যদিহে আমি আমাৰ নিশ্চিত আশাৰ সম্পর্কে সাহস আৰু গর্ব দৃঢ়কৈ ধৰি ৰাখো, তেনেহলে ঈশ্বৰৰ গৃহ আমি বিশ্বাসী সকলেই হওঁ।
7 အတော ဟေတေား ပဝိတြေဏာတ္မနာ ယဒွတ် ကထိတံ, တဒွတ်, "အဒျ ယူယံ ကထာံ တသျ ယဒိ သံၑြောတုမိစ္ဆထ၊
এই কাৰণে পবিত্ৰ আত্মাই যেনেকৈ কৈছে: “আজি যদি তোমালোকে ঈশ্বৰৰ মাত শুনিবলৈ পোৱা,
8 တရှိ ပုရာ ပရီက္ၐာယာ ဒိနေ ပြာန္တရမဓျတး၊ မဒါဇ္ဉာနိဂြဟသ္ထာနေ ယုၐ္မာဘိသ္တု ကၖတံ ယထာ၊ တထာ မာ ကုရုတေဒါနီံ ကဌိနာနိ မနာံသိ ဝး၊
তেনেহলে তোমালোকৰ হৃদয়বোৰ কঠিন নকৰিবা- যেনেকৈ ইস্ৰায়েলীয়া সকলে বিদ্রোহৰ দিনত কৰিছিল, মৰুপ্রান্তত সেই সময়ত পৰীক্ষা কৰাৰ দৰে নকৰিবা।
9 ယုၐ္မာကံ ပိတရသ္တတြ မတ္ပရီက္ၐာမ် အကုရွွတ၊ ကုရွွဒ္ဘိ ရ္မေ'နုသန္ဓာနံ တဲရဒၖၑျန္တ မတ္ကြိယား၊ စတွာရိံၑတ္သမာ ယာဝတ် ကြုဒ္ဓွာဟန္တု တဒနွယေ၊
তাত তোমালোকৰ ওপৰ-পুৰুষ সকলে চল্লিশ বছৰ ধৰি মোৰ কার্যবোৰ দেখিছিল, তথাপি তেওঁলোকে মোক পৰীক্ষা কৰাৰ দ্বাৰাই বিদ্রোহ কৰিছিল,
10 အဝါဒိၐမ် ဣမေ လောကာ ဘြာန္တာန္တးကရဏား သဒါ၊ မာမကီနာနိ ဝရ္တ္မာနိ ပရိဇာနန္တိ နော ဣမေ၊
১০গতিকে, মই এই জাতিত বিৰক্ত হ’লো, মই ক’লো, এওঁলোক সদায় ভ্ৰান্ত হৃদয়ৰ লোক; তেওঁলোকে মোৰ পথ নাজানিলে;
11 ဣတိ ဟေတောရဟံ ကောပါတ် ၑပထံ ကၖတဝါန် ဣမံ၊ ပြေဝေက္ၐျတေ ဇနဲရေတဲ ရ္န ဝိၑြာမသ္ထလံ မမ။ "
১১তাতে মই ক্রুদ্ধ হৈ এই শপত খালোঁ, ‘এওঁলোক মোৰ বিশ্ৰামত সোমাবলৈ নাপাব।”’
12 ဟေ ဘြာတရး သာဝဓာနာ ဘဝတ, အမရေၑွရာတ် နိဝရ္တ္တကော ယော'ဝိၑွာသသ္တဒျုက္တံ ဒုၐ္ဋာန္တးကရဏံ ယုၐ္မာကံ ကသျာပိ န ဘဝတု၊
১২ভাই সকল, আপোনালোকে সতর্কতাৰে চলিব যাতে, কেনেবাকৈ জীৱনময় ঈশ্বৰৰ পৰা খহি পৰিবলৈ আপোনালোকৰ মাজত কোনো এজনৰে অবিশ্বাসী দুষ্ট হৃদয় নহয়।
13 ကိန္တု ယာဝဒ် အဒျနာမာ သမယော ဝိဒျတေ တာဝဒ် ယုၐ္မန္မဓျေ ကော'ပိ ပါပသျ ဝဉ္စနယာ ယတ် ကဌောရီကၖတော န ဘဝေတ် တဒရ္ထံ ပြတိဒိနံ ပရသ္ပရမ် ဥပဒိၑတ၊
১৩যি সময়লৈকে ‘আজি’ বোলা সময় আছে, সেই সময়লৈ অাপোনালোকে প্রতিদিনে এজনে আন জনক উৎসাহ দিয়ক, তাতে আপোনালোকৰ কোনো এজনৰ হৃদয় পাপৰ ছলনাত পৰি কঠিন নহওক।
14 ယတော ဝယံ ခြီၐ္ဋသျာံၑိနော ဇာတား ကိန္တု ပြထမဝိၑွာသသျ ဒၖဎတွမ် အသ္မာဘိး ၑေၐံ ယာဝဒ် အမောဃံ ဓာရယိတဝျံ၊
১৪আৰম্ভণীতে খ্রীষ্টত আমাৰ যি বিশ্বাস আছিল, যদি শেষলৈকে আমি সেই বিশ্বাসত নিশ্চিত হৈ থাকো, তেনেহলে আমি খ্ৰীষ্টৰ সহভাগী;
15 အဒျ ယူယံ ကထာံ တသျ ယဒိ သံၑြောတုမိစ္ဆထ, တရှျာဇ္ဉာလင်္ဃနသ္ထာနေ ယုၐ္မာဘိသ္တု ကၖတံ ယထာ, တထာ မာ ကုရုတေဒါနီံ ကဌိနာနိ မနာံသိ ဝ ဣတိ တေန ယဒုက္တံ,
১৫এই বিষয়ে ইয়াকে কোৱা হৈছে, “আজি যদি তোমালোকে তেওঁৰ মাত শুনিবলৈ পোৱা, তেনেহলে তোমালোকৰ হৃদয় কঠিন নকৰিবা, যেনেকৈ ইস্ৰায়েলী সকলে সেই বিদ্ৰোহৰ দিনত কৰিছিল।”
16 တဒနုသာရာဒ် ယေ ၑြုတွာ တသျ ကထာံ န ဂၖဟီတဝန္တသ္တေ ကေ? ကိံ မူသသာ မိသရဒေၑာဒ် အာဂတား သရွွေ လောကာ နဟိ?
১৬কোনে ঈশ্বৰৰ মাত শুনাৰ পাছতো তেওঁৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল? তেওঁলোক সেই সকল লোকেই নহয় নে, যি সকলক মোচিয়ে মিচৰ দেশৰ পৰা বাহিৰ কৰি লৈ আহিছিল?
17 ကေဘျော ဝါ သ စတွာရိံၑဒွရ္ၐာဏိ ယာဝဒ် အကြုဓျတ်? ပါပံ ကုရွွတာံ ယေၐာံ ကုဏပါး ပြာန္တရေ 'ပတန် ကိံ တေဘျော နဟိ?
১৭ঈশ্বৰে চল্লিশ বছৰ ধৰি কাৰ ওপৰতেই বা ক্রুদ্ধ আছিল, সেই লোক সকলৰ ওপৰতে নহয় নে, যি সকলে পাপ কৰিছিল আৰু যি সকলৰ মৃতদেহ মৰুপ্রান্তত পৰি আছিল?
18 ပြဝေက္ၐျတေ ဇနဲရေတဲ ရ္န ဝိၑြာမသ္ထလံ မမေတိ ၑပထး ကေၐာံ ဝိရုဒ္ဓံ တေနာကာရိ? ကိမ် အဝိၑွာသိနာံ ဝိရုဒ္ဓံ နဟိ?
১৮ঈশ্বৰে কাৰ বিৰুদ্ধে বা শপত খাই কৈছিল, “এওঁলোকে মোৰ বিশ্ৰামত সোমাবলৈ নাপাব?” যি সকল অবাধ্য, তেওঁলোকৰ বিৰুদ্ধে নহয় নে?
19 အတသ္တေ တတ် သ္ထာနံ ပြဝေၐ္ဋုမ် အဝိၑွာသာတ် နာၑက္နုဝန် ဣတိ ဝယံ ဝီက္ၐာမဟေ၊
১৯ইয়াতে আমি দেখো যে, অবিশ্বাসৰ কাৰণেই তেওঁলোক সোমাব নোৱাৰিলে।

< ဣဗြိဏး 3 >