< ဣဖိၐိဏး 6 >

1 ဟေ ဗာလကား, ယူယံ ပြဘုမ် ဥဒ္ဒိၑျ ပိတြောရာဇ္ဉာဂြာဟိဏော ဘဝတ ယတသ္တတ် နျာယျံ၊
হে সন্তান সকল, তোমালোক পিতৃ-মাতৃৰ আজ্ঞাধীন হোৱা; কিয়নো ঈশ্বৰৰ, দৃষ্টিত এয়ে উচিত।
2 တွံ နိဇပိတရံ မာတရဉ္စ သမ္မနျသွေတိ ယော ဝိဓိး သ ပြတိဇ္ဉာယုက္တး ပြထမော ဝိဓိး
“তোমালোকে নিজৰ পিতৃ-মাতৃক সন্মান কৰা” এয়ে প্ৰতিজ্ঞাযুক্ত প্ৰথম আজ্ঞা।
3 ဖလတသ္တသ္မာတ် တဝ ကလျာဏံ ဒေၑေ စ ဒီရ္ဃကာလမ် အာယု ရ္ဘဝိၐျတီတိ၊
তেতিয়াহে তোমালোকৰ কল্যাণ হব আৰু পৃথিৱীত দীৰ্ঘায়ুলৈ জীৱিত থাকিবা।”
4 အပရံ ဟေ ပိတရး, ယူယံ သွဗာလကာန် မာ ရောၐယတ ကိန္တု ပြဘော ရွိနီတျာဒေၑာဘျာံ တာန် ဝိနယတ၊
হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলৰ খং নোতোলোব; কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰক।
5 ဟေ ဒါသား, ယူယံ ခြီၐ္ဋမ် ဥဒ္ဒိၑျ သဘယား ကမ္ပာနွိတာၑ္စ ဘူတွာ သရလာန္တးကရဏဲရဲဟိကပြဘူနာမ် အာဇ္ဉာဂြာဟိဏော ဘဝတ၊
দাস সকল, তোমালোক যেনেকৈ খ্ৰীষ্টৰ, তেনেকৈ গভীৰ আন্তৰিক শ্ৰদ্ধা আৰু কম্পনেৰে সৈতে নিজ নিজ জগতৰ প্ৰভু সকলৰ আজ্ঞাধীন হোৱা;
6 ဒၖၐ္ဋိဂေါစရီယပရိစရျျယာ မာနုၐေဘျော ရောစိတုံ မာ ယတဓွံ ကိန္တု ခြီၐ္ဋသျ ဒါသာ ဣဝ နိဝိၐ္ဋမနောဘိရီၑ္စရသျေစ္ဆာံ သာဓယတ၊
কেৱল চকু-চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহৈ, বৰং নিজকে খ্ৰীষ্টৰ দাস ৰূপে আন্তৰিকতাৰে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰভু সকলৰ সেৱাকর্ম কৰা।
7 မာနဝါန် အနုဒ္ဒိၑျ ပြဘုမေဝေါဒ္ဒိၑျ သဒ္ဘါဝေန ဒါသျကရ္မ္မ ကုရုဓွံ၊
তোমালোকে আনন্দ মনেৰে এনেদৰে কাম কৰিবা যাতে মানুহক নহয় ঈশ্বৰৰহে সেৱা কৰিছা।
8 ဒါသမုက္တယော ရျေန ယတ် သတ္ကရ္မ္မ ကြိယတေ တေန တသျ ဖလံ ပြဘုတော လပ္သျတ ဣတိ ဇာနီတ စ၊
মনত ৰাখিবা, তোমালোক দাস বা স্বাধীন যিয়েই নহোৱা প্রতিজনে সকলো সৎকর্ম্মৰ কাৰণে নিজে প্ৰভুৰ পৰা পুৰস্কাৰ পাবা।
9 အပရံ ဟေ ပြဘဝး, ယုၐ္မာဘိ ရ္ဘရ္တ္သနံ ဝိဟာယ တာန် ပြတိ နျာယျာစရဏံ ကြိယတာံ ယၑ္စ ကသျာပိ ပက္ၐပါတံ န ကရောတိ ယုၐ္မာကမပိ တာဒၖၑ ဧကး ပြဘုး သွရ္ဂေ ဝိဒျတ ဣတိ ဇ္ဉာယတာံ၊
আপোনালোক যি সকল প্রভু, আপোনালোকেও আপোনালোকৰ দাস সকলক সেই একে ব্যৱহাৰ কৰক। তেওঁলোকক ভয় নেদেখুৱাই এৰি দিয়ক, কাৰণ আপোনালোকে জানে যে স্বৰ্গত তেওঁলোক আৰু আপোনালোকৰ একেই হব আৰু তেওঁত কোনো পক্ষপাত নাই।
10 အဓိကန္တု ဟေ ဘြာတရး, ယူယံ ပြဘုနာ တသျ ဝိကြမယုက္တၑက္တျာ စ ဗလဝန္တော ဘဝတ၊
১০অৱশেষত, প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হওক।
11 ယူယံ ယတ် ၑယတာနၑ္ဆလာနိ နိဝါရယိတုံ ၑက္နုထ တဒရ္ထမ် ဤၑွရီယသုသဇ္ဇာံ ပရိဓဒ္ဓွံ၊
১১ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ পিন্ধি লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে।
12 ယတး ကေဝလံ ရက္တမာံသာဘျာမ် ဣတိ နဟိ ကိန္တု ကရ္တၖတွပရာကြမယုက္တဲသ္တိမိရရာဇျသျေဟလောကသျာဓိပတိဘိး သွရ္ဂောဒ္ဘဝဲ ရ္ဒုၐ္ဋာတ္မဘိရေဝ သာရ္ဒ္ဓမ် အသ္မာဘိ ရျုဒ္ဓံ ကြိယတေ၊ (aiōn g165)
১২কিয়নো ৰক্ত আৰু মাংসৰ সৈতে আমাৰ মালযুদ্ধ হোৱা নাই; কিন্তু আধিপত্য, ক্ষমতা, এই অন্ধকাৰ যুগৰ শাসনকৰ্তা, আৰু স্বৰ্গীয় ঠাইবোৰৰ মন্দ শক্তিৰ দলবোৰৰ সৈতে হৈছে। (aiōn g165)
13 အတော ဟေတော ရျူယံ ယယာ သံကုလေ ဒိနေ'ဝသ္ထာတုံ သရွွာဏိ ပရာဇိတျ ဒၖဎား သ္ထာတုဉ္စ ၑက္ၐျထ တာမ် ဤၑွရီယသုသဇ္ဇာံ ဂၖဟ္လီတ၊
১৩এই হেতুকে, আপোনালোকে ঈশ্বৰৰ আটাই সাজ-পোছাক পিন্ধি লওঁক; মন্দ দিনত চয়তানক প্ৰতিৰোধ কৰিবলৈ সমর্থ হবৰ কাৰণে সকলোকে সিদ্ধ কৰি থিৰে থাকক।
14 ဝသ္တုတသ္တု သတျတွေန ၑၖင်္ခလေန ကဋိံ ဗဒ္ဓွာ ပုဏျေန ဝရ္မ္မဏာ ဝက္ၐ အာစ္ဆာဒျ
১৪এতেকে সত্যেৰে কঁকাল বান্ধি, ধাৰ্মিকতাৰ বুকুবৰি পিন্ধি,
15 ၑာန္တေး သုဝါရ္တ္တယာ ဇာတမ် ဥတ္သာဟံ ပါဒုကာယုဂလံ ပဒေ သမရ္ပျ တိၐ္ဌတ၊
১৫শান্তিৰ শুভবাৰ্তা ঘোষণাৰ কাৰণে প্ৰস্তুততাৰ ভৰিত জোতা পিন্ধি থিৰে থাকক।
16 ယေန စ ဒုၐ္ဋာတ္မနော'ဂ္နိဗာဏာန် သရွွာန် နိရွွာပယိတုံ ၑက္ၐျထ တာဒၖၑံ သရွွာစ္ဆာဒကံ ဖလကံ ဝိၑွာသံ ဓာရယတ၊
১৬যিহেৰে আপোনালোকে সকলো পাপ শক্তিৰ অগ্নিময় শৰ সমূহ নুমাব পাৰে, এনে বিশ্বাসৰ ঢাল লওঁক:
17 ၑိရသ္တြံ ပရိတြာဏမ် အာတ္မနး ခင်္ဂဉ္စေၑွရသျ ဝါကျံ ဓာရယတ၊
১৭পৰিত্রাণ শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱালৰূপ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰক।
18 သရွွသမယေ သရွွယာစနေန သရွွပြာရ္ထနေန စာတ္မနာ ပြာရ္ထနာံ ကုရုဓွံ တဒရ္ထံ ဒၖဎာကာင်္က္ၐယာ ဇာဂြတး သရွွေၐာံ ပဝိတြလောကာနာံ ကၖတေ သဒါ ပြာရ္ထနာံ ကုရုဓွံ၊
১৮সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰক; আৰু ইয়াৰ কাৰণে পৰ দি, ঈশ্বৰৰ সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকক।
19 အဟဉ္စ ယသျ သုသံဝါဒသျ ၑၖင်္ခလဗဒ္ဓး ပြစာရကဒူတော'သ္မိ တမ် ဥပယုက္တေနောတ္သာဟေန ပြစာရယိတုံ ယထာ ၑက္နုယာံ
১৯মোৰ কাৰণেও প্ৰার্থনা কৰিব, যাতে শুভবার্তাৰ নিগূঢ়-তত্ত্ব সাহসেৰে প্ৰচাৰ কৰিবলৈ মই মুখ মেলিবৰ সময়ত উপযুক্ত কথা মোক দিয়া হয়৷
20 တထာ နိရ္ဘယေန သွရေဏောတ္သာဟေန စ သုသံဝါဒသျ နိဂူဎဝါကျပြစာရာယ ဝက္တၖတာ ယတ် မဟျံ ဒီယတေ တဒရ္ထံ မမာပိ ကၖတေ ပြာရ္ထနာံ ကုရုဓွံ၊
২০কিয়নো মই শুভবার্তাৰ কাৰণে শিকলিৰে বন্ধা হৈও এজন ৰাজদূতৰ কাম কৰিছোঁ৷ প্ৰার্থনা কৰিব, বন্দীশালতো যিভাৱে শুভবার্তা কোৱা উচিত, মই সেইভাৱে যেন সাহসেৰে কবলৈ পাৰিম৷
21 အပရံ မမ ယာဝသ္ထာသ္တိ ယစ္စ မယာ ကြိယတေ တတ် သရွွံ ယဒ် ယုၐ္မာဘိ ရ္ဇ္ဉာယတေ တဒရ္ထံ ပြဘုနာ ပြိယဘြာတာ ဝိၑွာသျး ပရိစာရကၑ္စ တုခိကော ယုၐ္မာန် တတ် ဇ္ဉာပယိၐျတိ၊
২১মই কেনে আছোঁ, কি কৰিছোঁ, সেই বিষয়ে প্ৰিয় ভাই আৰু প্ৰভুৰ বিশ্বাসী সেৱক তুখিকৰ পৰা সকলো জানিব পাৰিব৷
22 ယူယံ ယဒ် အသ္မာကမ် အဝသ္ထာံ ဇာနီထ ယုၐ္မာကံ မနာံသိ စ ယတ် သာန္တွနာံ လဘန္တေ တဒရ္ထမေဝါဟံ ယုၐ္မာကံ သန္နိဓိံ တံ ပြေၐိတဝါန၊
২২আপোনালোকে যেন আমাৰ বিষয়ে জানিব পাৰে আৰু তেওঁ যেন আপোনালোকৰ হৃদয়ত আশ্বাস দিয়ে, এই আশয়েৰেই মই তেওঁক আপোনালোকৰ ওচৰলৈ পঠালোঁ।
23 အပရမ် ဤၑွရး ပြဘု ရျီၑုခြီၐ္ဋၑ္စ သရွွေဘျော ဘြာတၖဘျး ၑာန္တိံ ဝိၑွာသသဟိတံ ပြေမ စ ဒေယာတ်၊
২৩পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টই ভাই সকলক শান্তি আৰু বিশ্বাস সহিত প্ৰেম দান কৰক।
24 ယေ ကေစိတ် ပြဘော် ယီၑုခြီၐ္ဋေ'က္ၐယံ ပြေမ ကုရွွန္တိ တာန် ပြတိ ပြသာဒေါ ဘူယာတ်၊ တထာသ္တု၊
২৪আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ প্ৰতি যি সকলে অক্ষয় প্ৰেম কৰে, সেই সকলোৰে লগত অনুগ্ৰহ থাকক।

< ဣဖိၐိဏး 6 >